সদস্য:বাস্তৱ বড়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাৰী সৱলীকৰণ তথা সমাজ সংগঠক হিচাপে বিশাল ব্যক্তিত্বৰ গৰাকী টিংখাং, ডিব্ৰুগড়ৰ অণিমা চুতীয়া

বাস্তৱ বড়া ,যোৰহাট


"সমাজৰ হিতৰ বাবে কাম কৰিবলৈ হ'লে মানুহৰ কথা শুনিবই লাগিব | মই সেইবোৰ কেৰেপ কৰা নাছিলোঁ | প্ৰত্যুত্তৰ দিহে উলটি আহিছিলোঁ | সেই স্বভাৱৰ বাবে মোক বহুতেই বিভিন্ন ধৰণেৰে কটাক্ষ কৰিছিল... মই কিন্তু মোৰ শাহুৰ পৰা বহুখিনি সমৰ্থন পাইছিলোঁ |" অণিমা চুতীয়া"

১৯৫৯ চনৰ নৱেম্বৰ মাহৰ ২৭ তাৰিখে অণিমা চুতীয়াৰ মৰাণৰ খুমটাইৰ আমগুৰি গাঁৱত  জন্ম হয় | বাগানৰ এক সুন্দৰ সেউজীয়া পৰিৱেশ ত লালিত-পালিত হোৱা চুতীয়া বাইদেউৰ সৰুৰে পৰা খেলা-ধুলাৰ প্ৰতি ৰাপ আছিল | সকলো ধৰণৰ খেলতেই তেওঁ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল |

    অণিমা বাইদেউৰ সেই গাভৰু কালছোৱা অৰ্থাৎ ৬০-৭০ দশকত তেতিয়াও নাৰীসকলৰ ওপৰত পুৰুষতান্ত্ৰিক সমাজখনৰ প্ৰভাৱ আছিল | স্বেচ্ছাই ওলাই আহি কোনো সিদ্ধান্ত ল'ব পৰা নাছিল | শিক্ষাৰ প্ৰচাৰ -প্ৰসাৰ হৈছিল যদিও খেলা-ধুলা, অভিনয়, বিহু নচা আদিত সক্ৰিয়ভাৱে নাৰীৰ অংশগ্ৰহণ দেখিবলৈ পোৱা নগৈছিল ; কিন্তু এই ক্ষেত্ৰত বাইদেউৰ দেউতাক-মাকৰ সহযোগিতাই তেওঁলোকৰ মুকলি মনটোৰ পৰিচয় বহন কৰিছিল | দেউতাকে বাইদেউক বিহু নাচিবলৈ অনুমতি প্ৰদান কৰা,  নাৰী হৈও ভাওনাত নাৰী চৰিত্ৰ ৰূপায়ন কৰা ( নাটঃ মান্ধাতাৰ ধৰ্ম পৰীক্ষা ,মৰাণ | সেই অঞ্চলৰ প্ৰথম গৰাকী মহিলা ভাৱৰীয়া, ১৯৭৬) আদি কাৰ্যই বাইদেউৰ সাহসী ব্যক্তিত্বটোক প্ৰতিফলিত কৰিছে | সদৌ অসম একাংকিকা নাট সমাৰোহ - ১৯৭৬ ত শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বিবেচিত হোৱা বাইদেৱে সাহিত্য চৰ্চাৰ জৰিয়তেও নিজৰ প্ৰতিভা বিকশাই আহিছে | ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী বাইদেউৱে ১৯৮৩ চনত টিংখাং মহাবিদ্যালয় ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰূপে কৰ্মজীৱনৰ পাতনি মেলিছিল | টিংখাংৰ আঢ্যৱন্ত পৰিয়ালৰ কেশৱ শইকীয়াৰ লগত ১৯৮৪ চনত বিবাহ পাশত আৱদ্ধ হোৱা বাইদেৱে সেই বৰ্ষতে সমাজ কল্যাণ দপ্তৰৰ পৰিদৰ্শক হিচাপে কাৰ্বি - আংলংত চাকৰিত যোগদান কৰে | তাত দুবছৰ চাকৰি কৰি তেওঁ ঘৰলৈ ঘূৰি আহি নিজকে বিভিন্ন ধৰণৰ সামাজিক কামত নিয়োজিত কৰে |

      ১৯৮৬ চনৰ অসমীয়া সমাজত এগৰাকী বোৱাৰীৰ বাবে বহুখিনি প্ৰত্যাহ্বান আহিছিল ; কিন্তু সেইবোৰ হেলাৰঙে নেওচি গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি বিভিন্ন গঠনমূলক কাম হাতত লৈ তাক বাস্তৱত ৰূপায়ন কৰিবলৈ তেওঁ বহুদূৰ চেষ্টা কৰিছিল | এইক্ষেত্ৰত বহুখিনি প্ৰত্যাহ্বান যেনে - খেলৰ বাবে মহিলাসকল কিছু সংখ্যকে ঘৰৰ শাসন নীতিৰ ফলত ওলাই আহিব পৰা নাছিল তাত সংঘাতৰো মুখা মুখি হ'ব লগা হৈছিল | অন্ধবিশ্বাস দূৰ কৰি বৈজ্ঞানিক ভাৱে চিন্তা কৰিবৰ বাবে সেই বিষয়ক বাটৰ নাট প্ৰদৰ্শন কৰাৰ বাবে তেওঁ পুলিচৰ ৰোষৰ বলিও হ'ব লগা হৈছিল |

           আনুস্থানিক শিক্ষা অন্ত কৰাৰ ১৫ বছৰৰ পাছত ১৯৯৯-২০০০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম বাৰ্ষিকৰ আটাইতকৈ বয়োজ্যেষ্ঠ ছাত্ৰী হিচাপে গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগত ডিগ্ৰী লাভ কৰা বাইদেৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ  ১৯৭৯-৮০ আৰু ১৯৮০-৮১ বৰ্ষৰ ক্ৰীড়া সমাৰোহত দুবাৰকৈ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰিছিল | ১৯৮০-৮১ শিক্ষা বৰ্ষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ ছাত্ৰী জিৰণি কোঠাৰ সম্পাদক হিচাপেও তেওঁ নিজৰ দায়িত্ব সুচাৰু ৰূপে পালন কৰিছিল |

       দুটা সন্তানৰ মাতৃ চুতীয়া বাইদেৱে সংসাৰ,  চাকৰি, সমাজ সকলোকে একেলগে সুচাৰুৰূপে পৰিচালনা কৰাৰ লগতে ২০০২ চনতে মাষ্টাৰ্চ এথলেটিকচ্ ৰ দল গঠন কৰি মহিলাসকলক খেলিবৰ বাবে বিভিন্ন ঠাইলৈ নেতৃত্ব প্ৰদান কৰি লৈ গৈছিল আৰু নিজেও খেলি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল | টিংখাংত এই মাষ্টাৰ্চ দল গঠন কৰোঁতে তেওঁ কিছুসংখ্যক ব্যক্তিৰ সহায় লাভ কৰিছিল | তেওঁলোকৰ ভিতৰত ক্ৰমে টিংখাংৰে জগত বকলিয়াল, পানীবিলৰ ইন্দ্ৰ গগৈ আৰু টিংখাংৰ স্বাস্থ্য কৰ্মী মনোৰঞ্জন বৰশইকীয়া |

      কলেজৰ সহকাৰী গ্ৰন্থাগাৰিক চাকৰি কৰি থকাৰ সমান্তৰালকৈ বাইদেৱে বিভিন্ন নাৰীকেন্দ্ৰিক অনুষ্ঠান ( টিংখাং লেখিকা সংস্থাৰ অনুষ্ঠান, নাৰী দিৱস উদযাপন, জয়া উৎসৱ আদি) আয়োজন কৰাৰ লগতে গ্ৰাম্যাঞ্চলৰ ল'ৰা-ছোৱালীৰ খেলৰ প্ৰতি থকা অনুৰাগ বৃদ্ধিৰ বাবে লিটল মাষ্টাৰচ্ ক্লাব গঠন কৰি ভলীবল, কাৰাটে,  এথলেটিকচ্ ৰ প্ৰশিক্ষণ  প্ৰদান কৰি টিংখাংৰ লগতে আশে পাশে থকা গাঁওসমূহৰ শিশুসকলক ক্ৰীড়াৰ দিশত আগুৱাই নিবৰ বাবে প্ৰচেষ্টা চলাই আহিছে |

          টিংখাং ৰাইডঙীয়াৰ প্ৰাথমিক বিদ্যালয়খন অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান আছিল ; কিন্তু বিভিন্ন কাৰণত বিদ্যালয়খন বন্ধ হৈ পৰাৰ দৰে হৈছিল যদিও বাইদেউৰ নিজা আপ্ৰাণ প্ৰচেষ্টাত বিদ্যালয়খন পুনৰ ঠন ধৰি উঠিল আৰু এতিয়া কেইবাটাও ছাত্ৰ-ছাত্ৰীৰে বিদ্যালয়খন পূৰ্ণ্যোদ্যমে চলি আছে |

   খেলৰ লগতে বাইদেৱে  নিৰুপমা বৰগোঁহাঞিৰ সাহিত্য অকাডেমী বঁটা লাভ কৰা উপন্যাস 'অভিযাত্ৰী'-ৰ পূৰ্ণাংগ নাট্যৰূপ দি একে নামেৰে প্ৰকাশ কৰিছিল। সদৌ অসম লেখিকা সংস্থাৰ টিংখাং অধিবেশনত স্বনামধন্য সাহিত্যিক শুচিব্ৰতা ৰায়চৌধুৰীয়ে পুথিখন উন্মোচন কৰিছিল। লগতে নাৰী চৰিত্ৰ প্ৰধান এখন একাংকিকা 'য়া দেৱী সৰ্বভূতেষু' আৰু শিশু নাটিকা ' অ' মোৰ ওপজা ঠাই'-ৰ  একত্ৰ সংকলনে তেখেতৰ সাহিত্যিক দিশটোও উজ্বলাই ৰাখিছে।

         ২০২০বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চাকৰি জীৱনৰ পৰা অৱসৰ লোৱা অণিমা চুতীয়া বাইদেৱে এই বয়সতো খেল আৰু সাংস্কৃতিক পথাৰখনত পূৰ্ণোদ্যমে আগুৱাই আছে। লগতে নাৰী সৱলীকৰণ, শিশুৰ সৰ্বাত্মক বিকাশ আদিৰ বাবে আজিও তেওঁ পূৰ্ণ্যোদ্যমে কাম কৰি এগৰাকী সফল নাৰী হিচাপে টিংখাং অঞ্চলৰ লোকসকলে শলাগ লয় | বাইদেউৰ এই বিশাল ব্যক্তিত্বক ওচৰৰ পৰা লগ পাই নিজকে ধন্য মানিছোঁ | বহু  নাৰী বাইদেউৰ কামৰ পৰা অনুপ্ৰাণিত তথা নিজকে  সমাজত প্ৰতিষ্ঠা কৰি আগুৱাই যোৱাও পৰিলক্ষিত হৈছে |