সদস্য:বৰষা বড়া
== উপন্যাসৰ আলোচনা ==
[সম্পাদনা কৰক]নৈখনে কথা কয়"এনে এটি বাক্যৰে আৰম্ভ হোৱা অসমীয়া উপন্যাস সাহিত্যৰ এখন কালজয়ী উপন্যাস হ'ল চৈয়দ আব্দুল মালিকৰ 'সূৰুযমুখীৰ স্বপ্ন'।১৯৬০চনত প্ৰকাশিত মালিকৰ উপন্যাসখন নিঃসন্দেহে মালিকৰ উপন্যাসসমূহৰ ভিতৰতো শ্ৰেষ্ঠ।অসমৰ গ্ৰাম্য সমাজৰ পটভূমিত ৰচিত উপন্যাসখনিৰ কাহিনীভাগ অতি নিটোল,ধাৰাবাহিক তথা ৰসোত্তীৰ্ণ।কাহিনী,পটভূমি,চৰিত্ৰ আদি সকলো দিশৰ পৰাই উপন্যাসখন সফল।
'সূৰুযমুখীৰ স্বপ্ন' উপন্যাসৰ কাহিনীটোৰ পটভূমি হৈছে ধনশিৰী নদী আৰু সেই নদীৰ পাৰত অৱস্থিত ডালিম নামৰ এখনি গাঁও।কাহিনীৰ আৰম্ভণিতে ধনশিৰী নদী আৰু ডালিম গাঁৱৰ যি বৰ্ণনা দাঙি ধৰিছে,সেইয়া অতি জীৱন্ত।ঔপন্যাসিকে ধনশিৰীৰ বৰ্ণনা দাঙি ধৰিছে এইদৰে "ধনশিৰীয়ে পৰ্বতৰ কথা জানে,ভৈয়ামৰ কথা জানে,ভৰপূৰ গাঁৱৰ কথা জানে ,এৰাবাৰীৰ কথা জানে ,বাৰিষাৰ কথাা জানে,খৰালিৰ কথা জানে।"ডালিম গাঁৱৰ অতীত,বৰ্তমান আৰু ভৱিষ্য সকলোৰে সাক্ষী এই ধনশিৰী ।এই পটভূমিতে নিৰ্মিত হৈছে উপন্যাসখনৰ কাহিনীভাগ।ডালিম গাঁৱৰ চফল ডেকা গুলচ উপন্যাসখনৰ কেন্দ্ৰীয় পুৰুষ চৰিত্ৰ আৰু কপাহী,তৰা,গুলচৰ মাক,চেনীমাই আদি নাৰী চৰিত্ৰই গুলচৰ চৌপাশে বিচৰণ কৰিছে।