সদস্য:মমী দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ মুখা বা কুঁহিলা শিল্প

       অসমৰ লোক সংস্কৃতিত মুখা শিল্পৰ ভূমিকা উল্লেখনীয়। পূজা পাতল আৰু উৎসৱ অনুষ্ঠানত অতি প্ৰাচীন কালৰে পৰাই অসমত বাঁহ,বেত,কাঠ ,কুঁহিলা ,পাটীদৈ আদিৰ সহায়ত অসমৰ লোক শিল্পীয়ে মুখা তৈয়াৰ কৰি আহিছে। ৰামায়ণ, মহাভাৰত , পুৰাণ আদিৰ পৌৰাণিক কাহিনী লৈ ৰচনা কৰা নাট , ভাওনা,ৰাস উৎসৱ আদিত নানান মুখাৰ ব্যৱহাৰ হৈ আহিছে। এইবোৰ মুখা আমাৰ গ্ৰাম্য শিল্পী সকলৰ অনন্য লোক কলা বুলি ক'ব পাৰি। এনেবোৰ লোক কলা কেৱল অসমতেই নহয়,ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ,মধ্য প্ৰদেশ আদি ঠাইতো প্ৰাচীন কালৰে পৰাই প্ৰচলন হৈ আহিছে।

       মুখাৰ উপৰিও কুঁহিলাৰে পুতলা নিৰ্মান অসমৰ এটি প্ৰাচীন পৰম্পৰা। অসমত প্ৰাচীন কালৰে পৰা পুতলা নাচৰ পৰম্পৰা চলি আহিছে আৰু লোক শিল্পীসকলে কুঁহিলাৰে অসংখ্য পুতলা নিৰ্মান কৰি আহিছে।

       বিশেষকৈ অসমৰ দৰং ,পচৰীয়া কামৰূপ, পাঠশালা আদি ঠাইত পুতলা নাচৰ পৰম্পৰা চলি আহিছে।

       মুখা বোৰৰ ভিতৰত গৰুড় পক্ষীৰ মুখা,বকাসুৰৰ মুখা ,দহমূৰীয়া ৰাৱণৰ মুখা, গণেশৰ মুখা আৰু বিভিন্ন মুখা ভাওনা, অংকীয়া নাট আদিত ব্যৱহৃত মুখা অন্যতম। এইবোৰ প্ৰায়ে নামঘৰ,সত্ৰ আদি অনুষ্ঠানত সজতনে ৰখা হয়।

       মুখা আৰু পুতলা বোৰে নান্দনিক সৌন্দৰ্য প্ৰকাশ কৰি মানুহক আনন্দ দিয়াৰ লগতে লোক সংস্কৃতিৰ বাৰ্তা বহন কৰি আহিছে।

তথ্য সংগ্ৰহ:- "অসমৰ লোক সংস্কৃতিৰ ৰূপৰেখা",উমেশ চেতিয়া।