সদস্য:মিৰ আঃ ৰহিম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বালাৰপাথাৰ

অসমৰ ঐতিহ্যমণ্ডিত বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত এখন সৰু গাঁও হৈছে বালাৰপাথাৰ ৷ বালাৰপাথাৰ গাঁওখন কলগাছিয়াৰ অতি নিকটৱৰ্তী সংখ্যালঘু মুছলমান জনবসতি অধ্যুষিত অঞ্চল ৷ কলগাছিয়া চ’কৰ পৰা ২ কিঃমিঃ দক্ষিণ- পশ্চিমে ই অৱস্থিত ৷ গাঁৱখনৰ মুল খনিকৰ হৈছে ৺আব্দুল বেপাৰী, ৺মীৰ মজিবৰ ৰহমান, ৺মহম্মদ আলী গাঁওবুঢ়া, ৺মিয়া মজিবৰ ৰহমান, হামিদ খান, ৺মীৰ সিৰাজুল হক আদি লোকসকল ৷ গাঁওখন শিক্ষা- দীক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ ৷ মাত্ৰ ৫০ শতাংশ লোক শিক্ষিত ৷ গাঁৱখনৰ শিক্ষানুৰাগী ব্যক্তিৰ আপ্ৰাণ চেষ্টাত ১৯৩৬ চনত এখন প্ৰাথমিক বিদ্যালয়, ১৯৭৮ চনত এখন এম. ই. মাদ্ৰাছা আৰু ১৯৮০ চনত এখন হাইস্কুল স্থাপিত হয় ৷ বালাৰপাথাৰৰ অধিকাংশ লোক কৃষিজীৱী ৷ অতি নগন্য সংখ্যক চাকৰীজীৱী ; ইয়াৰ ভিতৰত এম. শ্বাৰফান আলী, মহঃ ছিদ্দিকুৰ ৰহমান, মিৰ্জা মহিদুল ইছলাম, মিৰ্জা ছোহৰাব আলী, শুকুৰ মাহমুদ, আবু বক্কাৰ ছিদ্দিক, নুৰুল ইছলাম, মীৰ খায়েৰ উদ্দিন, আতোৱাৰ ৰহমান, মিৰ্জা আঃ হামিদ, শামচুল হক, আজগৰ আলী, ডাঃ মীৰ মহিবুৰ ৰহমান, আৰশ্বাদ আহমেদ, এম. মহচিন আলী খান, শ্বহিদুল ইছলাম খান আদিৰ নাম লব পাৰি ৷ এইসকল ব্যক্তিৰ তৎপৰতাত বৰ্তমান গাঁৱখন যথেষ্ট উন্নতিমুখী হৈছে ৷