সদস্য:লক্ষীমণি গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দেৱকান্ত বৰুৱা

অসমীয়া সাহিত্য জগতৰ এজন উল্লেখযোগ্য কবি হ'ল দেৱকান্ত বৰুৱা। তেওঁক দোমোজাৰ কবি আৰু সন্ধিক্ষণৰ কবি বুলি জনা যায়। অসমীয়া ৰোমান্তিক কবিতাৰ আৰম্ভণি ঘটিছিল ঊনবিংশ শতিকাৰ শেষ দশকত চন্দ্ৰকুমাৰ আগৰৱালাৰ 'বনকুৱৰী' কবিতাৰ জড়িয়তে। এনেদৰে অসমীয়া ৰোমান্তিক কবিতাই বিকাশ লাভ কৰি ৰামধেনু যুগত আধুনিক কবিতাৰ প্ৰৱেশ ঘটে। দেৱকান্ত বৰুৱা আছিল এই সন্ধিক্ষণৰ কবি। যাৰ ফলত তেওঁৰ কবিতাত ৰোমান্তিক আৰু আধুনিক দুয়োধৰণৰ লক্ষণ দেখিবলৈ পোৱা যায়।