সদস্য:লিচা বৰগোহাঁই

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ অন্যতম শিল্প স্বৰ্ণ শিল্প ‌‌: কুটীৰ শিল্প ৰূপে প্ৰসিদ্ধি লাভ কৰা অসমৰ এক শিল্প হল স্বৰ্ণ শিল্প।সূক্ষ্ম,শৈল্পিক আৰু জাতীয় চৰিত্ৰ এটাৰে পুষ্ট সোণ -ৰূপৰ অলংকাৰ নিৰ্মাণত অসমৰ এক বিশেষ স্থান আছে।অসমত আজিও পৰম্পৰাগত ৰীতিত নিভাঁজ অলংকাৰ গঢ়া অসমীয়া সোণাৰি আছে, যিসকলে অলংকাৰ মিনা কৰা, বাখৰ খটোৱা আদি কামত বিশেষ পাৰদৰ্শিতাৰ পৰিচয় দি আহিছে। অসমীয়া স্বৰ্ণ শিল্প অাৰু শিল্পীসকলৰ বিষয়ে কোনো ধাৰাবাহিক লিখিত বুৰঞ্জী নাই যদিও ইয়াৰ ঐতিহ্য তথা পৰম্পৰা অতি পুৰণি বুলি কব পাৰি। অসম বুৰঞ্জীত কোনো কোনোৱে সোণৰ কাম জনা লোকক, অৰ্থাৎ, সোণাৰিসকলক আহোম স্বৰ্গদেউ সিংহৰ দিনত কনৌজৰ পৰা অনা হৈছিল বুলি কয়।

বুৰঞ্জীৰ পৰা জনা যায় যে, আহোম ৰজাৰ দিনৰে পৰা অসমীয়া মানুহে সোণৰ অলংকাৰ পৰিধান কৰিছিল অাৰু আহোম যুগতেই ই ৰজঘৰীয়া শিল্প ৰূপে স্বীকৃতি লাভ কৰিছিল। অসমত সোণৰ খনি নাছিল যদিও ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ প্ৰায়বোৰ উপনদীয়েই আছিল সোণবাহী। সোৱণশিৰি, ভৰলী, দিহিং, জাঁজী,দিক্ৰং আদি সোণ কমোৱাৰ (সোণ ধোৱা)কাৰণে বিখ্যাত আছিল।এই সোণ উৎপাদনৰ কামত নিয়োজিত লোকসকলক সোণোৱাল বোলা হৈছিল আৰু সেই সময়ত কেইবাহাজাৰো সোণোৱাল এই শিল্পটোৰ লগত জড়িত হৈ আছিল।

বিভিন্ন উৎসৰ পৰা জনা যায় যে স্বৰ্গদেউ ৰুদ্ৰ সিংহই কনৌজত প্ৰশিক্ষণ দিয়াই অনা দুজন স্বৰ্ণ শিল্পীক 'ৰাজশাল' দি তেওঁলোকক প্ৰথমতে বৰদলৈ উপাধি দিছিল। এওঁলোকৰ ঘৰ যোৰহাটৰ ওচৰৰ চাৰিগাঁৱত আছিল।ৰাজশালত ৰুপমৰা বৰদলৈয়ে সোণ-ৰূপৰ টকা,আৱৰি,বিকি,আদমহীয়া,চৰটীয়া আদি বিভিন্ন ‌‌আকাৰৰ আৰু ওজনৰ মুদ্ৰা সাঁচত গঢ়িছিল।এইবোৰক ৰাজ ৰূপ বুলিও জনা যায়।

সেই সময়ত সোণৰ গহনা কেৱল আহোম ৰাজপৰিয়ালৰ লোকেহে পিন্ধিছিল আৰু তেতিয়াৰ গহনা আজিতকৈ কিছু বেলেগ আছিল।স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনলৈ এই শিল্পই অধিক জনপ্ৰিয়তা লাভ কৰে আৰু ১৭৯৪ চনত যোৰহাটলৈ আহোমৰ ৰাজধানী উঠি অহাৰ পাছত মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পৃষ্ঠপোষকতাত অসমীয়া সোণাৰি শিল্পই যোৰহাট আৰু ইয়াৰ আশে-পাশে গা কৰি উঠে। বৰ্তমানেও অসমৰ যোৰহাট আৰু বৰপেটা অঞ্চলতহে এই শিল্পৰ ঘাই শিপাডাল আছে।

অসমৰ যোৰহাট, ঢেকিয়াজুলি, বৰপেটা, নগাঁও, গুৱাহাটী আদি ঠাইত সোণাৰি গাঁওসমূহ আছে। ইয়াৰে যোৰহাটত প্ৰায় শতকৰা ৫০ ভাগ অসমীয়া সোণাৰি আছে। নানান অসুবিধা সত্ত্বেও এই সোণাৰিসকলে অতি উৎকৃষ্টমানৰ নিভাঁজ অসমীয়া অলংকাৰ গঢ়ি আছে। বৰ্তমান অৱশ্যে অসমীয়া অলংকাৰৰ প্ৰতি মানুহৰ আগ্ৰহ অাৰু আকৰ্ষণ বাঢ়িছে। অসমীয়া সম্ভ্ৰান্ত পৰিয়ালত ইয়াৰ জনপ্ৰিয়তা সৰ্বাধিক। অসমীয়া সম্ভ্ৰান্ত পৰিয়ালৰ বিয়াত আজিকালি একোটা অসমীয়া অলংকাৰৰ ছেট অপৰিহাৰ্য্য যেনেই হৈ পৰিছে।

ভাৰতৰ আন ঠাইৰ তুলনাত সৰহভাগ অসমীয়া অলংকাৰ বহুল্যবৰ্জিত আৰু সৰল।সেয়ে অসমীয়া সম্ভ্ৰান্ত পৰিয়ালৰ উপৰি অনা অসমীয়া আৰু বিদেশী পৰ্যটকৰ মাজতো অসমীয়া অলংকাৰ আকৰ্ষণৰ বস্তু।তদুপৰি বিদেশত থকা প্ৰবাসী অসমীয়াসকলৰ যোগেদিও অসমীয়া অলঙ্কাৰে বিদেশত জনপ্ৰিয়তা অৰ্জন কৰিছে।