সদস্য:শিৱানী ৰাজকুমাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চলা পথাৰ শ্যাম গাওঁ[সম্পাদনা কৰক]

চৰাইদেউ জিলাৰ শিলাকুটি মৌজাৰ অন্তৰ্গত চলাপথাৰ শ্যাম গাওঁ এখন টাই খাময়াং সম্প্ৰদায়ৰ গাওঁ । চৰাইদেউ জিলাৰ সোণাৰি চহৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ১৫ কি.মি. । আনহাতে শিৱসাগৰ জিলাৰ সদৰ শিৱসাগৰ চহৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ২৫ কি.মি । চলাপথাৰ শ্যাম গাওঁৰ মুঠ মাটিকালি প্ৰায় ২ বৰ্গ কি.মি. । চলাপথাৰৰ উপৰে বৈ গৈছে অসমৰ অন্যতম উপনদী দিচাং । গাওঁখনৰ পূব দিশে সমান্তৰালভাৱে বৈ গৈছে চফাই নদী , পশ্চিম দিশত আছে চলা চাংমাই গাওঁ , লাকুৱা চাহ বাগিচা ইত্যাদি । গাওঁখনৰ সোঁ মাজেদি পাৰ হৈ গৈছে আহোম ৰাজবিষয়া পিকচাই হলৌ ফুকনে বন্ধোৱা হৰিহদ আলি ।

জনসংখ্যা[সম্পাদনা কৰক]

বৃহত্তৰ চলাপথাৰ শ্যাম গাওঁৰ পৰিয়ালৰ মুঠ সংখ্যা ১২৭ ঘৰ । মুঠ জনসংখ্যা প্ৰায় ৮০০ জন । ইয়াৰে পুৰুষৰ সংখ্যা ৪০.৫৪ শতাংশ । আনহাতে মহিলাৰ সংখ্যা ৪৩.৪৫ শতাংশ আৰু শিশুৰ সংখ্যা প্ৰায় ১৮ শতাংশ ।

শিক্ষা[সম্পাদনা কৰক]

চলাপথাৰ শ্যাম গাওঁৰ ৮০% লোকেই শিক্ষিত । তেওঁলোকে কৃষি কাৰ্য , বেপাৰ বাণিজ্য , শিক্ষা সংস্কৃতি , খেলা ধূলা আদি সকলো দিশতে আগবাঢ়ি গৈছে । চলাপথাৰ শ্যাম গাওঁত তিনিখন প্ৰাথমিক বিদ্যালয় আৰু এখন উচ্চ মাধ্যমিক বিদ্যালয় আছে ।

*প্ৰাথমিক বিদ্যালয়

১/ ১৫৫ নং চলাপথাৰ প্ৰাথমিক বিদ্যালয়�।

২/ ৬০৭ নং চলাচাংমাই প্ৰাথমিক বিদ্যালয় ।

৩/ চলাগড়মূৰ প্ৰাথমিক বিদ্যালয়

*উচচ মাধ্যমিক বিদ্যালয়

১/ চলা উচচ মাধ্যমিক বিদ্যালয় ।

সামাজিক উৎসৱ[সম্পাদনা কৰক]

চলাপথাৰ শ্যাম গাওঁৰ লোকসকলৰ সমাজ জীৱনত বৌদ্ধ ধৰ্মই গভীৰ প্ৰভাৱ পেলাইছে । তেওঁলোকৰ সমাজত বৌদ্ধ ধৰ্মীয় উৎসৱৰ বাহিৰে অন্য সামাজিক উৎসৱ নাই বুলিবও পাৰি । তেওঁলোকে পালন কৰা উৎসৱসমূহৰ ভিতৰত বৌদ্ধ পূৰ্ণিমা , বৰ্ষা বাস তিথি , মধু পূৰ্ণিমা , চীৱ দান উৎসৱ আদিয়ে প্ৰধান ।

সাজপাৰ[সম্পাদনা কৰক]

বৰ্তমান শ্যাম গাওঁৰ লোকসকলে সময়ৰ সোঁতত বিভিন্ন আধুনিক সাজপাৰ যেনে- ছাৰ্ট, পেণ্ট , চুৰিডাৰ, কুৰ্টি আদি পিন্ধিবলৈ লৈছে যদিও তেওঁলোকে পৰম্পৰাগত সাজপাৰক পাহৰি যোৱা নাই। তেওঁলোকে বিভিন্ন উৎসৱ পাৰ্বণত পৰম্পৰাগত সাজপাৰ পৰিধান কৰা দেখা যায় । তেওঁলোকৰ পৰম্পৰাগত সাজপাৰসমূহ যেনে- ফা-ছিন(মেখেলা), লাংকাট(ৰিহা), ছা-ইকাপ(পোট), ফা-মাই(চাদৰ),চ্যু (চোলা), ফা-চেত(গামোচা),ফা-ল্যুং(লুঙি) ইত্যাদি ।

খাদ্যাভাস[সম্পাদনা কৰক]

চলাপথাৰ শ্যাম গাওঁৰ লোকসকল প্ৰধানকৈ আমিষভোজী । তেওঁলোকে সৰ্বসাধাৰণে খোৱা সেউজীয়া শাক-পাচলিৰ উপৰিও হাবি জংঘলত পোৱা নেফাফু , মেজেঙা , ছেংমৰা , টিকনিবৰুৱা লতাৰ আগ , বাহঁগাজ , ছেৱাগছৰ মজা , খেবৌ গুটি আদি আঞ্জা কৰি খায় । অসমৰ কোনো জনগোষ্ঠীৰ মাজত প্ৰচলন নথকা প-ফই-হম নামৰ মছলা জাতীয় পাত আৰু মাকাত নামৰ এবিধ গুটি তেওঁলোকে মছলা হিচাপে ব্যৱহাৰ কৰে । ভাপত সিজোৱা বৰা লাহী চাউলৰ ভাত তেওঁলোকৰ সচৰাচৰ ব্যৱহাৰিক খাদ্য । তদুপৰি খাওলাম , খাওটেক , খাওপুক , ফা-টাম আদি পিঠা-পনা উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰে ।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

ক্ষেত্ৰভিত্তিক অধ্যয়ন