সদস্য:সুজাতা হাতীবৰুৱা/অজয়ন ভিনচেন্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অজয়ন ভিনচেন্ট হৈছে ভাৰতৰ এগৰাকী উল্লেখযোগ্য চিনেমাটোগ্ৰাফাৰ আছিল। তামিলনাডুত জন্মগ্ৰহণ কৰা ভিনচেন্ট হায়দৰাবাদৰ বাসিন্দা আছিল। তেখেতৰ দেউতাক অলপতে পৰলোকপ্ৰাপ্তি হোৱা (১৪ জুন, ১৯২৮-২৫ ফেব্ৰুৱাৰী, ২০১৫) এ.ভিনচেন্টো ভাৰতৰ এগৰাকী আগশাৰীৰ চিনেমাটোগ্ৰাফাৰ আছিল। দেউতাকৰ দৰেই অজয়ন ভিনচেন্টেও তামিল, তেলুগু, হিন্দী, মালয়ালম আদি বিবিধ ভাষাৰ চলচিত্ৰ,তথ্যচিত্ৰ আদিৰ চিত্ৰগ্ৰহণ কৰিছে । পৰম্পৰাগত চলচিত্ৰৰ উপৰিও তেওঁ ৩ডি চলচিত্ৰৰো দৃশ্যগ্ৰহণ কৰিছে । অসমীয়া ভাষাত কৰা তেঁওৰ এতিয়ালৈকে একমাত্ৰ ছবি হৈছে ৰজনী বসুমতাৰীৰ দ্বাৰা পৰিচালিত ৰাগ: দ্য ৰিডম অৱ লাভ ।