সদস্য:ৰুণালী গগৈ/ওম্ ফা পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ওম্ ফা পূজা

আহোমসকলৰ পৰম্পৰাগত বিশ্বাসমতে উপৰিপুৰুষৰ দেৱতাসকলৰ সন্তুষ্টিৰ অৰ্থে যিবোৰ পূজা-অনুষ্ঠানৰ পালন কৰা হয় তাৰ ভিতৰত সবাতোকৈ ৰাজকীয় পূজাটোৱেই হ'ল ওম্ ফা পূজা।তেওঁলোকে দেশ আৰু জাতিৰ মংগলৰ অৰ্থে দেৱতাৰ আশীৰ্বাদ বিচাৰি আৰু লগতে দেৱতাসকলৰ সন্তুষ্টিৰ অৰ্থে এই পূজা আয়োজন কৰে। পৰম্পৰাগতভাৱে এই পূজা সাধাৰণতে চ'ত মাহত অনুষ্ঠিত কৰা হয়।
           ওম্ ফা শব্দৰ অৰ্থ হৈছে-'ওম' মানে উচৰ্গা কৰা আৰু 'ফ্ৰা' বা 'ফা' মানে দেৱতা,অৰ্থাৎ লেঙডন প্ৰমুখ্যে স্বৰ্গৰ দেৱতাসকলৰ প্ৰতি বিশ্বাসেৰে পূজা আগবঢ়োৱাকে বুজায়।ওম্ ফা পূজাৰ প্ৰধান উপাস্য দেৱতা হৈছে টাই চাওফা সকলৰ প্ৰধান উপাস্য পুৰুষ 'লেঙডন'।লেঙডনে টাইসকলৰ উপাস্য দেৱতা 'লাওখ্ৰী' আৰু 'জাছিংফা'ৰ সৈতে আলোচনা কৰি খুনলুঙ্ আৰু খুন্ লাইক ম্যুঙৰি ম্যুঙৰামলৈ নমাই পঠাওতে যি বাৰ্ষিক উৎসৱ অনুষ্ঠিত কৰা হৈছিল সেই উৎসৱেই কালক্ৰমত 'ওম্ ফা পূজা' নামেৰে জনাজাত হ'ল।এই পূজাত সম্পূৰ্ণ বলি-বিধান পদ্ধতিৰে উপৰিপুৰুষ দেৱতাসকললৈ পূজা আগবঢ়োৱা হয়।
       ওম্ ফা পূজা উপলক্ষ্যে এটা আঠকোণীয়া বেদী বা দেওঘৰ নিৰ্মাণ কৰা হয়।কেন্দ্ৰীয় বেদীত সাতজন প্ৰধান টাইসকলৰ উপৰিপুৰুষলৈ নৈবেদ্য আগবঢ়োৱা হয়।এই সাতোজন উপৰিপুৰুষ প্ৰাকৃতিক শক্তিৰ আধাৰস্বৰূপ।ইয়াৰ উপৰিও এই পূজাত চন্দ্ৰ,সূৰ্য আৰু জাছিংফাক পূজা কৰা হয়।
        ওম্ ফা পূজাৰ থলী তিনি শাখাত বিভক্ত।পূবফালে কেন্দ্ৰীয় বেদীৰ সন্মুখত 'বৰদেওশাল'ত অন্তৰীক্ষৰ আঠজন প্ৰধান আহোমসকলৰ উপৰিপুৰুষ দেৱতাৰ পাঙ্ পতা হয়।মূল দেওশালৰ‌ দক্ষিণ দিশত থাকে ভূমি উপৰিপুৰুষৰ দেৱতাসকল অৰ্থাৎ 'হিন্দুশাল'।পশ্চিমফালে পতা 'হাবিদেওশাল'ত লাংকুৰি প্ৰমুখ্যে পৃথিৱীৰ সীমান্তৱৰ্তী উপৰিপুৰুষ দেৱতাসকলক পূজা দিয়া হয়।প্ৰতিখন দেওশালতে বহুজন দেৱ-দেৱীক বিভিন্ন বিধিৰে নৈবেদ্য আগবঢ়োৱা হয়।
       অসমত চ্যুকাফাই ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতি  পোনপ্ৰথমে ওম্ ফা পূজা আৰম্ভ কৰে।আৰু তেতিয়াৰ পৰাই এই পূজা আহোমসকলে পালন কৰি আহিছে।নিয়ম অনুসৰি প্ৰতি বাৰ বছৰৰ মূৰে মূৰে এই পূজা অনুষ্ঠিত কৰা হয়।শেহতীয়াকৈ ২০১৬ চনত লাকুৱাৰ ৰঙাগড় আমলখি দেওশালত ওম্ ফা পূজা অনুষ্ঠিত কৰা হ'য়।

পূজাৰ সামগ্ৰিক বিধি-

    ওম্ ফা পূজা আৰম্ভ হোৱাৰ প্ৰায় এক সপ্তাহৰ পূৰ্বে পূজাৰ দায়িত্বত থকা মলুঙ্ সকলৰ ঘৰত জ্ঞানৰ গুৰু জাছিংফালৈ পূজা যাতে ভালদৰে পৰিচালনা কৰিব পাৰে তাৰ বাবে সেৱা আগবঢ়োৱা হয়।ইয়াৰ উপৰিও পূজাৰ প্ৰায় তিনিদিন পূৰ্বে পুনৰ উপৰিপুৰুষৰ পৰা পূজা কৰিবৰ বাবে আশীষ আৰু আজ্ঞা বিচাৰে।এই কাৰ্য মলুঙ্ সকলৰ ঘৰত অতি পবিত্ৰ বুলি জ্ঞান কৰা আৰু পূৰ্বাপৰ ৰীতি অনুসৰি উপৰিপুৰুষক পূজি অহা 'ডামচুক'ত সম্পন্ন কৰা হয়।অন্যহাতেদি প্ৰায় দহদিনমান আগৰে পৰা ওম্ ফা পূজালৈ নিমন্ত্ৰণ পোৱা মলুঙ্ সকলে আত্মস্থ হৈ ঘৰৰ ভিতৰতে সাধনাৰ মনোভাৱেৰে খোৱা-লোৱা আদি সকলো নিয়ম মানি এক সংযমীৰূপত সময় অতিবাহিত কৰাৰ নিয়ম।এই একেবোৰ নিয়মকে ওম্ ফা লৈ আমন্ত্ৰণ পোৱা দেউৰীসকলেও মানি চলিব লাগে।ওম্ ফা পূজাৰ তিনিওখন শালতে তিনিজন দেউৰী থাকে।ইয়াৰ লগতে এজন ঘাই পুৰোহিত বা বৰদেউৰী থাকে।বৰদেউৰীয়ে পূজাৰ সাতদিন আগৰ পৰা ব্ৰত পালন কৰে।বাকী তিনিজনে তিনিদিন আগৰপৰা ব্ৰত পালন কৰে।পূজাস্থলীলৈ যাওঁতে তেওঁলোকে গাড়ী বা অন্য কোনো বাহনত যাব নোৱাৰে,খোজকাঢ়ি পূজাস্থলীলৈ যায় আৰু যাওঁতে বাটত এক অস্বাভাৱিক উকি মাৰি মাৰি যায়।উল্লেখ্যযোগ্য যে বাটত নদী থাকিলেও নাৱেৰে পাৰ নহৈ সাঁতুৰি পাৰ হোৱাহে নিয়ম।পুৰোহিত বা দেউৰীয়ে এখন বগাঢাৰিৰ চুৰীয়া,মূৰত কলপটুৱাৰ টুপি আৰু হাতত কলপটূৱাৰে বনোৱা গামখাৰু পিন্ধে।ওম্ ফা পূজাত প্ৰতিটো কাৰ্যতে কলপাতৰ ব্যৱহাৰ অপৰিহাৰ্য।পূজাৰ থলীত কোনো ৰঙচঙীয়া কাপোৰ পৰিধান নকৰে আৰু মহিলাসকলে সেইকেইদিন শিৰত আৰু কপালত সেন্দুৰ নলয়।
         পূজাৰ আগদিনা পুৰোহিত সকলে তিনিওখন দেওশালৰ বাবে মটঘৰ তৈয়াৰ কৰে।কলপটুৱা আৰু মধুনাৰে মটঘৰ সজা,পাত-পটুৱা কটা,তামোল-পাণ কটা,বাঁহৰ কাঠিৰে বিভিন্ন উপচাৰ দিবৰ বাবে মেহেঙা বা ফুন সজা আদি সকলো কাম প্ৰায় ৬০-৭০ গৰাকী মুলুঙে নিশাটোৰ ভিতৰতে শেষ কৰে।সকলো যাৱতীয় কাম কৰাৰ পূৰ্বে এটা ডাঙৰ মতা কুকুৰা মাৰি কৰাইগুড়ি আৰু পচলাৰ ভাজি 'খহনি খোৱা' বুলি নামলাও খায় আৰু পূজাৰ দিনটোৰ সৰ্বতোপ্ৰকাৰৰ মংগলৰ বাবে ফুৰা অৰ্থাৎ ইশ্বৰক প্ৰাৰ্থনা জনায়।মলুঙ্ সকলে সভক্তিৰে দেৱতাসকলক পিছদিনাৰ সেৱাৰ থলীলৈ নামি আহিবলৈ আহ্বান জনায়।ইয়াক 'দেও নমুৱা' বোলা হয়।
        বৰদেওশাল আৰু হিন্দুশাল স্থাপন‌ কৰোঁতে ওপৰত চালি দিয়া হয়,কিন্তু হাবিদেওশাল এজোপা ডাঙৰ বৰগছৰ তলত পতা‌ হয় আৰু ওপৰত চালি নাথাকে।
        পূজাৰ দিনা দেউৰীয়ে কাহিলী পুৱাতে গা ধুই,ধূপ-ধূনা জ্বলাই আনুষ্ঠানিকভাৱে পূজাৰ শুভাৰম্ভ কৰে।বৰদেউৰীয়ে মন্ত্ৰ উচ্চাৰণ কৰাৰ লগে লগে মাদলিয়ালে মাদল বজায়।বৰদেউৰীয়ে বৰদেওশালত সম্পূৰ্ণ টাই আহোম ভাষাত মন্ত্ৰ মাতি উপৰিপুৰুষ দেৱতাসকলক আহ্বান জনোৱাৰ লগে লগে হিন্দুশাল আৰু হাবিদেওশালতো উপৰিপুৰুষ দেৱতাসকলক প্ৰাৰ্থনা জনাই পূজা গ্ৰহণ কৰিবলৈ আহ্বান জনাই।মাদলিয়ালে মাদলি বজোৱাৰ লগে লগে তিনিখন দেওশালতে দেউৰীৰ গাত চেঙ্ উঠে(দেও লম্ভে)।ওম্ ফা পূজাত বিভিন্ন জীৱ-জন্তু বলি দিয়া হয়।আৰু সেই বলি দিয়া জীৱ-জন্তুৰ তেজ পান কৰি দেও উঠা দেউৰীকেইজনে অস্বাভাৱিক আচৰণ কৰে।দেউৰীৰ গাত দেও উঠি থকাৰ সময়ত ৰাইজে ব্যক্তিগত শুভাশুভ সম্পৰ্কে প্ৰশ্ন সুধি নিজৰ,সমাজৰ, দেশৰ মংগল অমংগলৰ কথা জানিব বিচাৰে।ইয়াৰ পাছত মন্ত্ৰ মাতি পানী ধৰা কাৰ্য শেষ কৰি ঞাপুলক পানী(শান্তিয়নী পানী) পুৰোহিতে বেদীসমূহত ছটিয়ায়।এই জৰা পানী পণ্ডিতসকলেও মূৰত লয় আৰু খায়।এজনে ৰাইজৰ মাজত গৈও উক্ত জৰা পানী ছটিয়ায়।ইয়াকে টাই আহোম ভাষাত 'নাম-জাৰিও জাৰাই কৰা' বোলে ।এই নাম জাৰিও জাৰাই কৰোঁতে টাই ভাষাৰ এক মন্ত্ৰ উচ্চাৰণ কৰা হয়।
      সকলোৰে মংগলাৰ্থে অপায়-অমংগল,মহামাৰী আদিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এই দেৱ-দেৱীসকলক পূজা দি ওম্ ফা পূজা সম্পন্ন কৰা হয়।
              ৰুণালী গগৈ
        ‌    ডিব্ৰুগড় বিশ্ববিদ্যালয় 

সহায়ক গ্ৰন্থ:- 'ওম্ ফা',লেখক-মন্দিৰা গগৈ,প্ৰকাশক-বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয় প্ৰকাশন কোষ। প্ৰথম প্ৰকাশ-চেপ্তেম্বৰ,২০২০

ওম্ ফা পূজা[সম্পাদনা কৰক]

Article ৰুণালী গগৈ (বাৰ্তা) 19:23, 12 February 2022 (ইউ.টি.চি.)

ওম্-ফা পূজা[সম্পাদনা কৰক]

ওম্ ফা পূজা

আহোমসকলৰ পৰম্পৰাগত বিশ্বাসমতে উপৰিপুৰুষৰ দেৱতাসকলৰ সন্তুষ্টিৰ অৰ্থে যিবোৰ পূজা-অনুষ্ঠানৰ পালন কৰা হয় তাৰ ভিতৰত সবাতোকৈ ৰাজকীয় পূজাটোৱেই হ'ল ওম্ ফা পূজা।তেওঁলোকে দেশ আৰু জাতিৰ মংগলৰ অৰ্থে দেৱতাৰ আশীৰ্বাদ বিচাৰি আৰু লগতে দেৱতাসকলৰ সন্তুষ্টিৰ অৰ্থে এই পূজা আয়োজন কৰে। পৰম্পৰাগতভাৱে এই পূজা সাধাৰণতে চ'ত মাহত অনুষ্ঠিত কৰা হয়।
           ওম্ ফা শব্দৰ অৰ্থ হৈছে-'ওম' মানে উচৰ্গা কৰা আৰু 'ফ্ৰা' বা 'ফা' মানে দেৱতা,অৰ্থাৎ লেঙডন প্ৰমুখ্যে স্বৰ্গৰ দেৱতাসকলৰ প্ৰতি বিশ্বাসেৰে পূজা আগবঢ়োৱাকে বুজায়।ওম্ ফা পূজাৰ প্ৰধান উপাস্য দেৱতা হৈছে টাই চাওফা সকলৰ প্ৰধান উপাস্য পুৰুষ 'লেঙডন'।লেঙডনে টাইসকলৰ উপাস্য দেৱতা 'লাওখ্ৰী' আৰু 'জাছিংফা'ৰ সৈতে আলোচনা কৰি খুনলুঙ্ আৰু খুন্ লাইক ম্যুঙৰি ম্যুঙৰামলৈ নমাই পঠাওতে যি বাৰ্ষিক উৎসৱ অনুষ্ঠিত কৰা হৈছিল সেই উৎসৱেই কালক্ৰমত 'ওম্ ফা পূজা' নামেৰে জনাজাত হ'ল।এই পূজাত সম্পূৰ্ণ বলি-বিধান পদ্ধতিৰে উপৰিপুৰুষ দেৱতাসকললৈ পূজা আগবঢ়োৱা হয়।
       ওম্ ফা পূজা উপলক্ষ্যে এটা আঠকোণীয়া বেদী বা দেওঘৰ নিৰ্মাণ কৰা হয়।কেন্দ্ৰীয় বেদীত সাতজন প্ৰধান টাইসকলৰ উপৰিপুৰুষলৈ নৈবেদ্য আগবঢ়োৱা হয়।এই সাতোজন উপৰিপুৰুষ প্ৰাকৃতিক শক্তিৰ আধাৰস্বৰূপ।ইয়াৰ উপৰিও এই পূজাত চন্দ্ৰ,সূৰ্য আৰু জাছিংফাক পূজা কৰা হয়।
        ওম্ ফা পূজাৰ থলী তিনি শাখাত বিভক্ত।পূবফালে কেন্দ্ৰীয় বেদীৰ সন্মুখত 'বৰদেওশাল'ত অন্তৰীক্ষৰ আঠজন প্ৰধান আহোমসকলৰ উপৰিপুৰুষ দেৱতাৰ পাঙ্ পতা হয়।মূল দেওশালৰ‌ দক্ষিণ দিশত থাকে ভূমি উপৰিপুৰুষৰ দেৱতাসকল অৰ্থাৎ 'হিন্দুশাল'।পশ্চিমফালে পতা 'হাবিদেওশাল'ত লাংকুৰি প্ৰমুখ্যে পৃথিৱীৰ সীমান্তৱৰ্তী উপৰিপুৰুষ দেৱতাসকলক পূজা দিয়া হয়।প্ৰতিখন দেওশালতে বহুজন দেৱ-দেৱীক বিভিন্ন বিধিৰে নৈবেদ্য আগবঢ়োৱা হয়।
       অসমত চ্যুকাফাই ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতি  পোনপ্ৰথমে ওম্ ফা পূজা আৰম্ভ কৰে।আৰু তেতিয়াৰ পৰাই এই পূজা আহোমসকলে পালন কৰি আহিছে।নিয়ম অনুসৰি প্ৰতি বাৰ বছৰৰ মূৰে মূৰে এই পূজা অনুষ্ঠিত কৰা হয়।শেহতীয়াকৈ ২০১৬ চনত লাকুৱাৰ ৰঙাগড় আমলখি দেওশালত ওম্ ফা পূজা অনুষ্ঠিত কৰা হৈছিল। 

পূজাৰ সামগ্ৰিক বিধি-

    ওম্ ফা পূজা আৰম্ভ হোৱাৰ প্ৰায় এক সপ্তাহৰ পূৰ্বে পূজাৰ দায়িত্বত থকা মলুঙ্ সকলৰ ঘৰত জ্ঞানৰ গুৰু জাছিংফালৈ পূজা যাতে ভালদৰে পৰিচালনা কৰিব পাৰে তাৰ বাবে সেৱা আগবঢ়োৱা হয়।ইয়াৰ উপৰিও পূজাৰ প্ৰায় তিনিদিন পূৰ্বে পুনৰ উপৰিপুৰুষৰ পৰা পূজা কৰিবৰ বাবে আশীষ আৰু আজ্ঞা বিচাৰে।এই কাৰ্য মলুঙ্ সকলৰ ঘৰত অতি পবিত্ৰ বুলি জ্ঞান কৰা আৰু পূৰ্বাপৰ ৰীতি অনুসৰি উপৰিপুৰুষক পূজি অহা 'ডামচুক'ত সম্পন্ন কৰা হয়।অন্যহাতেদি প্ৰায় দহদিনমান আগৰে পৰা ওম্ ফা পূজালৈ নিমন্ত্ৰণ পোৱা মলুঙ্ সকলে আত্মস্থ হৈ ঘৰৰ ভিতৰতে সাধনাৰ মনোভাৱেৰে খোৱা-লোৱা আদি সকলো নিয়ম মানি এক সংযমীৰূপত সময় অতিবাহিত কৰাৰ নিয়ম।এই একেবোৰ নিয়মকে ওম্ ফা লৈ আমন্ত্ৰণ পোৱা দেউৰীসকলেও মানি চলিব লাগে।ওম্ ফা পূজাৰ তিনিওখন শালতে তিনিজন দেউৰী থাকে।ইয়াৰ লগতে এজন ঘাই পুৰোহিত বা বৰদেউৰী থাকে।বৰদেউৰীয়ে পূজাৰ সাতদিন আগৰ পৰা ব্ৰত পালন কৰে।বাকী তিনিজনে তিনিদিন আগৰপৰা ব্ৰত পালন কৰে।পূজাস্থলীলৈ যাওঁতে তেওঁলোকে গাড়ী বা অন্য কোনো বাহনত যাব নোৱাৰে,খোজকাঢ়ি পূজাস্থলীলৈ যায় আৰু যাওঁতে বাটত এক অস্বাভাৱিক উকি মাৰি মাৰি যায়।উল্লেখ্যযোগ্য যে বাটত নদী থাকিলেও নাৱেৰে পাৰ নহৈ সাঁতুৰি পাৰ হোৱাহে নিয়ম।পুৰোহিত বা দেউৰীয়ে এখন বগাঢাৰিৰ চুৰীয়া,মূৰত কলপটুৱাৰ টুপি আৰু হাতত কলপটূৱাৰে বনোৱা গামখাৰু পিন্ধে।ওম্ ফা পূজাত প্ৰতিটো কাৰ্যতে কলপাতৰ ব্যৱহাৰ অপৰিহাৰ্য।পূজাৰ থলীত কোনো ৰঙচঙীয়া কাপোৰ পৰিধান নকৰে আৰু মহিলাসকলে সেইকেইদিন শিৰত আৰু কপালত সেন্দুৰ নলয়।
         পূজাৰ আগদিনা পুৰোহিত সকলে তিনিওখন দেওশালৰ বাবে মটঘৰ তৈয়াৰ কৰে।কলপটুৱা আৰু মধুনাৰে মটঘৰ সজা,পাত-পটুৱা কটা,তামোল-পাণ কটা,বাঁহৰ কাঠিৰে বিভিন্ন উপচাৰ দিবৰ বাবে মেহেঙা বা ফুন সজা আদি সকলো কাম প্ৰায় ৬০-৭০ গৰাকী মুলুঙে নিশাটোৰ ভিতৰতে শেষ কৰে।সকলো যাৱতীয় কাম কৰাৰ পূৰ্বে এটা ডাঙৰ মতা কুকুৰা মাৰি কৰাইগুড়ি আৰু পচলাৰ ভাজি 'খহনি খোৱা' বুলি নামলাও খায় আৰু পূজাৰ দিনটোৰ সৰ্বতোপ্ৰকাৰৰ মংগলৰ বাবে ফুৰা অৰ্থাৎ ইশ্বৰক প্ৰাৰ্থনা জনায়।মলুঙ্ সকলে সভক্তিৰে দেৱতাসকলক পিছদিনাৰ সেৱাৰ থলীলৈ নামি আহিবলৈ আহ্বান জনায়।ইয়াক 'দেও নমুৱা' বোলা হয়।
        বৰদেওশাল আৰু হিন্দুশাল স্থাপন‌ কৰোঁতে ওপৰত চালি দিয়া হয়,কিন্তু হাবিদেওশাল এজোপা ডাঙৰ বৰগছৰ তলত পতা‌ হয় আৰু ওপৰত চালি নাথাকে।
        পূজাৰ দিনা দেউৰীয়ে কাহিলী পুৱাতে গা ধুই,ধূপ-ধূনা জ্বলাই আনুষ্ঠানিকভাৱে পূজাৰ শুভাৰম্ভ কৰে।বৰদেউৰীয়ে মন্ত্ৰ উচ্চাৰণ কৰাৰ লগে লগে মাদলিয়ালে মাদল বজায়।বৰদেউৰীয়ে বৰদেওশালত সম্পূৰ্ণ টাই আহোম ভাষাত মন্ত্ৰ মাতি উপৰিপুৰুষ দেৱতাসকলক আহ্বান জনোৱাৰ লগে লগে হিন্দুশাল আৰু হাবিদেওশালতো উপৰিপুৰুষ দেৱতাসকলক প্ৰাৰ্থনা জনাই পূজা গ্ৰহণ কৰিবলৈ আহ্বান জনাই।মাদলিয়ালে মাদলি বজোৱাৰ লগে লগে তিনিখন দেওশালতে দেউৰীৰ গাত চেঙ্ উঠে(দেও লম্ভে)।ওম্ ফা পূজাত বিভিন্ন জীৱ-জন্তু বলি দিয়া হয়।আৰু সেই বলি দিয়া জীৱ-জন্তুৰ তেজ পান কৰি দেও উঠা দেউৰীকেইজনে অস্বাভাৱিক আচৰণ কৰে।দেউৰীৰ গাত দেও উঠি থকাৰ সময়ত ৰাইজে ব্যক্তিগত শুভাশুভ সম্পৰ্কে প্ৰশ্ন সুধি নিজৰ,সমাজৰ, দেশৰ মংগল অমংগলৰ কথা জানিব বিচাৰে।ইয়াৰ পাছত মন্ত্ৰ মাতি পানী ধৰা কাৰ্য শেষ কৰি ঞাপুলক পানী(শান্তিয়নী পানী) পুৰোহিতে বেদীসমূহত ছটিয়ায়।এই জৰা পানী পণ্ডিতসকলেও মূৰত লয় আৰু খায়।এজনে ৰাইজৰ মাজত গৈও উক্ত জৰা পানী ছটিয়ায়।ইয়াকে টাই আহোম ভাষাত 'নাম-জাৰিও জাৰাই কৰা' বোলে ।এই নাম জাৰিও জাৰাই কৰোঁতে টাই ভাষাৰ এক মন্ত্ৰ উচ্চাৰণ কৰা হয়।
      সকলোৰে মংগলাৰ্থে অপায়-অমংগল,মহামাৰী আদিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এই দেৱ-দেৱীসকলক পূজা দি ওম্ ফা পূজা সম্পন্ন কৰা হয়।
                             ৰুণালী গগৈ
                 ডিব্ৰুগড় বিশ্ববিদ্যালয়


সহায়ক গ্ৰন্থ:- 'ওম্ ফা', মন্দিৰা গগৈ, প্ৰকাশক-বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয় প্ৰকাশন কোষ । প্ৰথম প্ৰকাশ-চেপ্তেম্বৰ,২০২০