সদস্য:Aagjpd

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঘাঁহিগাওঁ ।

বিশ্বনাথ জিলাৰ ন-দুৱাৰ ৰাজহ চক্ৰ এলেকাৰ চতিয়া মৌজা আৰু থানাৰ অন্তৰ্গত গৰীয়া জনগোষ্ঠীয় লোকৰ বসতি প্ৰধান এখন ৰাজহ গাওঁ । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ পাৰে এই গাওঁ অৱস্থিত । গাওঁ খনৰ মুঠ জনসংখ্যা প্ৰায় ৮০০০ হাজাৰ । ঘাঁহিগাওঁৰ উত্তৰে চলাহোলা আৰু হোকাজান, পশ্চিমে কুমাৰকুৰি, দক্ষিনে চৰাইজনীয়া, বাৰভুঞা আৰু খনাগুৰি আৰু পূৱে পতিয়া গাওঁ, মাগুৰমৰা, বুঢাচুক আদি গাঁৱ অৱস্থিত ।

ঘাঁহিগাওঁৰ খনৰ অন্তৰ্গত মুঠ ছখন সৰু সৰু গাঁৱ আছে । সেই কেইখন হল ক্ৰমে নুৰপুৰ, ঘাঁহি নগাওঁ, তাঁতিপাৰা, বনুৱা বস্তি, হাতীশাল আৰু ঘাঁহিগাওঁৰ প্ৰধান অংশ । ইয়াৰ ভিতৰত ঘাঁহি নগাওঁ আৰু বনুৱা বস্তিৰ লোক খিনি হিন্দু আৰু খ্ৰীষ্টান ধৰ্মী । ঘাঁহিগাওঁ খন স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনতে প্ৰতিষ্ঠা হোৱা এখন গাঁও । প্ৰাচীন কালত এই গাওঁখন বৰ্তমান পশ্চিম দিশৰ বুঢ়াচুক গাওঁৰ দিশে আছিল । এই গাওঁৰ অৱস্থিত ঘাঁহিগাওঁ চৰকাৰী নিন্ম বুনিয়াদি বিদ্যালয় নামৰ প্ৰাথমিক বিদ্যালয় খন ১৮৮৯ চনতে প্ৰতিষ্ঠা হোৱা । তাৰোপৰি এই গাওঁখনত মুঠ ৭ মছজিদ, এটি নামঘৰ, নদুৱাৰ এম ই স্কুল, নদুৱাৰ হাইস্কুল আৰু ছয়পুৰ প্ৰাথমিক বিদ্যালয় নামেৰে কেইবাখনো বিদ্যালয় আছে ।