সমললৈ যাওক

সদস্য:Anup Assamese Saikia

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসম কেশৰী খ্যাত অম্বিকাগিৰী ৰায়চৌধুৰীৰ "বৃটিছৰ পণ্য বৰ্জন"নামৰ প্ৰবন্ধটোৰ এটি আলোচনা।

বেলি মাৰ নোযোৱা সাম্ৰাজ্যৰ অধিপতি ইংৰাজে ভাৰতভূমিত প্ৰায় ২০০ বছৰ কাল ৰাজত্ব কৰিছিল।তেওঁলোকৰ শোষণ আৰু নিষ্পেষণত অতিষ্ট হৈ পৰা ভাৰতীয় প্ৰজা সাধাৰণে জাতীয়তাবাদী ভাবধাৰাৰে উদ্ধুদ্ধ হৈ সৰ্বভাৰতীয় পৰ্যায়ৰ গণ হত্যাগ্ৰহ গঢ়ি তুলিছিল ।মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অহিংস আন্দোলনৰ এটা প্ৰধান কাৰ্য্যসূচী আছিল "বৃটিছৰ পণ্য বৰ্জন"অৰ্থাৎ ইংলেণ্ডৰ কলত ভাৰতীয় কেচা মালেৰে উৎপাদিত হোৱা পণ্য সামগ্ৰী বৰ্জন কৰা।উক্ত ঘটনাটোকে "অসম কেশৰী খ্যাত"অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সংশ্লিষ্ট পাঠটোত বৰ্ণনা কৰিছে।

                 ভাৰতীয় স্বাধীনতা আন্দোলনৰ পৃষ্ঠপোষক আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ ।কংগ্ৰেছৰ তৎপৰতাত "বৃটিছ পণ্য বৰ্জন"কায্যসূচী জনসাধাৰণৰ মাজলৈ লৈ যোৱা হৈছিল।এই কায্যসূচী পৰিচালনাৰ বাবে কংগ্ৰেছৰ দিল্লী অধিৱেশনত এখন কমিটও গঠন কৰা হৈছিল।যিখন কমিটিয়ে ভাৰতীয় মানুহে থলুৱা খাদৰ আৰু দেশী কলত তৈয়াৰী কাপোৰ ব্যৱহাৰৰ পোষকতা কৰিছিল।তাৰ বিপৰীতে চামৰাৰ বস্তু ,চাইকেল,মটৰ-কাৰ,বিলাতী খাদ্য,কাচৰ বাচন,মণিহাৰী বস্তু আদি প্ৰায় ২৭ ৰকমৰ বিলাতী পণ্যৰ লগতে মদ-ফটিকা-ধপাত আদি নিচা জাতীয় সামগ্ৰী বৰ্জন কৰিবলৈ ভাৰতীয় মানুহক আহ্বান জনাইছিল।কিন্তু জন্মৰে পৰা দাসত্বৰ বোজা কঢ়িয়াই ফুৰা গোলাম ভাৰতীয়ই কংগ্ৰেছৰ এই হিতোপদেশৰ মমাৰ্থ উপলদ্ধি কৰিব নোৱাৰিলে।এই কথাষাৰকে লৈ অম্বিকাগিৰী ৰায় চৌধুৰীয়ে ব্যংগ কৰি পাঠটোত কৈছে "কাৰণ ঘৃণনীয় গোলামি ভাব ভৰতীয় চৈধ্যপুৰুষৰ ভিতৰেদি আহি,তাৰ আজিৰ সন্তানসকলত সেই গোলামী স্বাভাৱিক হৈ পৰিছে -আত্মসন্মানৰ সম্পূৰ্ণ স্বৰূপ ভাৰতীয়ই চিনি নোপোৱাতো হৈছেই ,কোনোৱে চিনাই দিলেও নিচিনাত পৰিছে ………"।
                     ৰায়চৌধৰীয়ে প্ৰত্যক্ষ কৰিছে যে ভাৰতীয় মানুহ ইংৰাজৰ এনেকুৱা দূৰ্ঘোৰ গোলামীত পৰিণত হৈছে যে তেওঁলোকৰ চিন্তা চেতনা আৰু মন-মানসিকতাই ইংৰাজৰ সমুখত বৈশ্যতা স্বীকাৰ কৰিছে ।ইংৰাজে দিয়াবোৰকেই সৰ্বাত্মক সুন্দৰ বুলি গ্ৰহণ কৰিবলৈ গৈ নিজৰ জাতীয় সম্পদক এলাগী কৰিছে ।এই প্ৰসংগত ৰায় চৌধুৰীয়ে উল্লেখ কৰিছে "সেইবাবে দুই বছৰৰ আগৰ খদৰৰ দোকান-পোহাৰ বিলাক আজি বিদেশী কাপোৰেৰে ভৰি গৈছে ।খদৰৰ ঠাইত বিদেশী কাপোৰৰ গোলামী নিচান লগাই ভাৰতীয় গোলামী চেহেৰা বিলাকৰে বাট-পথ বিলাক ভৰি উঠিছে"।
                  ভাৰতীয় জাতীয় কংগ্ৰেছৰ বৃটিছ সাম্ৰাজ্য বিৰোধী অবস্থান গ্ৰহণে স্বাভিমানী আৰু দূৰদৰ্শী জাতী ৰূপে বিশ্ব বিদীত ইংৰাজসকলক ভবাই তোলিছিল ।কিন্ত তাৰ বিপৰীতে "চিৰ গোলাম" ভাৰতীয় সকলৰ কংগ্ৰেছৰ এনে দূৰদৰ্শী কাযপন্থাৰ প্ৰতি দৃষ্টিভংগী আৰু সহাৰি দুয়োটা আছিল শোচনীয়ভাৱে উদাৰ ।এয়াই প্ৰমাণ কৰে "স্বাধীন আৰু জীৱিত জাতিৰ গাত বা স্বাৰ্থত হাত পৰিলে সি মূৰ দাঙি উঠে আত্মৰক্ষাৰ উাবে সজাগ হোৱা"ৰ বিপৰীতে" গোলাম ভাৰতীয়ৰ লাজৰ নোম এডালো শিঁয়ৰি উঠা নাই,কাৰণ ,গোলাম ভাৰত,চিৰ গোলাম,গতিকে গোলাম আৰু মৰা-শএক বস্তু"
                       হাৰে হিমজুৱে গোলামীৰ গ্লানিত নিমজ্জিত হোৱা ভাৰতীয়ই "বৃটিছ পণ্য বৰ্জন"কৰিবলৈ ওলোৱা দেখি লৰ্ড ইনস্কেপ আদি ইংৰাজ বিষয়াই বৃটিছ পণ্য বৰ্জনৰ চেষ্টাত ভ্ৰমাত্মক বুলি চেষ্টা কৰিছিল।এনে চৰম অপমানৰ মুখা-মুখি হৈও ভাৰতীয়ৰ গাত স্বাভিমানী-চেতনাৰ ভাব সঞ্চাৰ নোহোৱাত ককোনা দাত অনুষ্ঠিত হোৱা নিখিল ভাৰত খদ্দত প্ৰদৰ্শনীত সভাপতি আচাৰ্য প্ৰফুল্ল চন্দ ৰায়ে কোৱা কথাষাৰ ৰায় চৌধুৰীয়ে স্মৰণ কৰিছে ।আচাৰ্য ৰায়ে কৈছিল যে ভাৰতীয় মনৰ গোলামী ভাবৰ পৰিবৰ্তন নোহোৱালৈকে কোনো ৰকমৰ মুক্তিৰ আশা কৰিব নোৱাৰি।মানসিক জড়তা অৰ্থাৎ ব্যক্তি স্বাৰ্থ পৰিত্যাগ কৰি দেশৰ সামগ্ৰীক স্বাৰ্থৰ কথা ভাবিব নোৱাৰিলে গোলামী বৃত্তিৰ পৰা হাত সাৰিব নোৱাৰি।
                        শেহত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ভাৰতীয় মানুহে গোলামীৰ সকলো নিস্বতা,সীনতা পৰিহাৰ কৰি মনুষ্যত্ব প্ৰাপ্তিৰ দিশে অগ্ৰহৰ হবলৈ এই পাঠটোৰ জৰিয়তে আহ্বান জনাইছে।

অনুপ শইকীয়া স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিক ডিব্ৰুগড় বিশ্ববিদ্যালয়