সদস্য:Bikram98/খনিজ তেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা


খনিজ তেল বা পেট্ৰলিয়াম হ`ল প্ৰকৃতিত পোৱা এবিধ জুলীয়া দাহ্য পদাৰ্থ৷ ইয়াৰ প্ৰধান ৰাসায়নিক উপাদানসমূহ হ’ল কাৰ্বন, অক্সিজেন আৰু হাইড্ৰজেন৷ ইয়াৰ পৰা শুধিত কৰি উলিওয়া বিভিন্ন ইন্ধন যেনে কেৰাচিন তেল, পেট্ৰল, ডিজেল আদি আমি নিতৌ ব্যৱহাৰ কৰো৷ ই ভূগৰ্ভৰ গেদীয় শীলাস্তৰৰ মাজত জমা হোৱা মৃত জৈৱ পদাৰ্থৰ পৰা ভূগৰ্ভৰ উচ্চ তাপ আৰু উচ্চ চাপৰ ফলত সৃষ্টি হৈছিল বুলি বৈজ্ঞানিক সকলে ধাৰণা কৰে৷

খনিজ তেল সাধাৰণতে তৈল খাদ ব্যধন কৰি ভুগৰ্ভৰ পৰা নিষ্কাসন কৰা হয়৷ খনিজ তেল পোৱা অঞ্চলবোৰক 'তৈলক্ষেত্ৰ' বোলা হয়৷ উজনি অসমত বহু তৈলক্ষেত্ৰ আছে৷ ডিগবৈ তৈলক্ষেত্ৰ পৃথিবীৰ সবাতোকৈ পুৰণি তৈলক্ষেত্ৰবোৰৰ ভিতৰত অন্যতম৷ বৰ্তমান অসমৰ উৎপাদনৰত তৈলক্ষেত্ৰসমূহৰ ভিতৰত নাহৰকতীয়া, মৰাণ, ডিকম, গেলেকি আদি প্ৰধান৷