সদস্য:Bldutta/মহালয়া
মহালয়াৰ তাৎপৰ্য:
'মহা' মানে 'পৰম' আৰু 'লয়' মানে বিলীন হোৱা। আন এটা দাৰ্শনিক মত অনুসৰি 'লয়' মানে তৰংগ(wave) অৰ্থাৎ য'ৰ পৰা আকৰ্ষণ-বিকৰ্ষণ শক্তিৰ সৃষ্টি হয়। তাৎপৰ্যটো হ'ল যি পৰম-তত্ত্বৰ পৰা সকলো তত্ত্বৰ জন্ম হয় আৰু য'ত সকলো বিলীন হৈ যায় সেয়ে মহালয়া। হয়টো সেইবাবেই কোৱা হয় যে মহালয়াত মৃত্যু বৰণ কৰা লোকে পৰম-গতি পায়। সেই মৃত-ব্যক্তিৰ শ্ৰাদ্ধ নকৰিলেও শ্ৰাদ্ধৰ ফল-ভাগী হয়।
পবিত্ৰ মহালয়া । প্ৰবাদ অনুসৰি, মহালয়াৰ এই বিশেষ দিনটোতেই ধৰালৈ শুভ শক্তিৰ আগমন ঘটে আৰু মহালয়াৰ পুৱাৰপবিত্ৰ বতাহজাকে সুস্থ কৰি তোলে সকলোৰে শৰীৰ-মন-আত্মা।
মহালয়াৰ দিনটোত দেৱীৰ সংস্পৰ্শ লাভ কৰিলে সকলো অপায়-অমংগলৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে বুলি আছেজনবিশ্বাস ৷ সাধাৰণৰ লোকসকলৰ বাবে এই মহালয়া দুৰ্গা পূজাৰ আৰম্ভণি বুলি ধৰা হয় যদিও জ্যোতিষ শাস্ত্ৰত ইয়াৰআছে আন এক তাৎপৰ্য(Significance of Mahalaya) ৷ দেৱী দুর্গাৰ আগমণ আৰু গমনৰ ওপৰত ভিত্তি কৰিয়েই হিন্দুধর্মাৱলম্বী লোকসকলে দেশৰ ভৱিষ্যক পুৰ্বানুমান কৰে ।
জ্যোতিষ শাস্ত্ৰৰ মতে, মহালয়া হ’ল পিতৃ পক্ষৰ সমাপ্তি আৰু দেৱী পক্ষৰ শুভ আৰম্ভণি । এই দিনটোতে হিন্দু ধর্মাৱলম্বীলোকসকলৰ বহুতেই তেওঁলোকৰ পূৰ্ব পুৰুষসকলক স্মৰণ তথা তৰ্পণ কৰে(Mahalaya rituals and Tarpan) । তৰ্পণৰঅৰ্থ হৈছে সন্তুষ্ট কৰা । এই তৰ্পনৰ ফলত নৰকত থকা পূৰ্ব পুৰুষে মুক্তি লাভ কৰে বুলি জনবিশ্বাস আছে ৷ আনকি পূৰ্বপুৰুষে মুক্তি লাভ কৰিলে তেওঁলোকৰ আত্মাই সন্তুষ্টি লাভ কৰাৰ লগতে ধৰাত থকা কনিষ্ঠজনক আৰ্শীবাদ প্ৰদান কৰে বুলিলোকবিশ্বাস আছে ৷ সেয়েহে পূৰ্ব পুৰুষসকলৰ আত্মাক সন্তুষ্ট কৰিবলৈ এই বিশেষ দিনটোত কৰা হয় তৰ্পণ ।
প্ৰবাদ অনুসৰি, মহালয়াৰ দিনটোতে ভগৱান ৰামচন্দ্ৰই তেওঁৰ পূৰ্ব পুৰুষসকলক আগবঢ়াইছিল তৰ্পণ । যাৰ ফলস্বৰূপেৰামচন্দ্ৰই পূৰ্ব পুৰুষৰ কৃপা দৃষ্টি লাভ কৰিছিল ৷
তাৰোপৰি, হিন্দু ধৰ্মৰ পৌৰাণিক কাহিনী অনুসৰি, মহালয়াৰ এই দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে অসুৰ মহিষাসুৰক বধকৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয় । মহালয়াক নৱৰাত্ৰিৰ আৰম্ভণি বুলিও আছে জনবিশ্বাস ৷ মা দুৰ্গাৰনামত উৎসৰ্গিত এই দিনকেইটাত মাৰ ভক্তসকলে ন দিন উপবাসে থাকি তেওঁৰ নটা ৰূপক পূজা আগবঢ়ায় ।
লোক বিশ্বাস অনুসৰি, মহালয়াৰ এই দিনটোতে মা দুৰ্গাই তেওঁৰ সন্তান ক্ৰমে লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতেনাও, হাতী, ঘোঁৰা অথবা দোলাত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ আহিছিল(Devi Durga arrival) । সেইসময়তে মা দুৰ্গাই অসুৰ মহিষাসুৰক বধ কৰি পৃথিৱীত থকা তেওঁৰ ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰিছিল । মহালয়াৰদিনটোত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে । মহালয়াৰ দিনটোৰ পৰা সপ্তম দিনা মা দুৰ্গাৰ পূজা আৰম্ভ হয়আৰু দশম দিনা এই পূজা সমাপ্ত হয় (Mahalaya and Durga Puja) ।
আনকি এই মহালয়াৰ আৰম্ভ হোৱাৰ লগে লগে মৃন্ময় শিল্পীসকলেও দেৱী দুৰ্গাৰ প্ৰতিমাৰ চকুত ৰঙৰ প্ৰলেপ সানিবলৈআৰম্ভ কৰে আৰু ইয়াৰ পিছতেই এই নিৰ্জীৱ মূৰ্তিটোয়ে জাগ্ৰত ৰূপ লয় বুলি জনবিশ্বাস আছে ৷
দুৰ্গা দেৱীৰ বাহন সিংহ যদিও প্ৰত্যেকবাৰে মা মৰ্ত্যলৈ আহে বেলেগ বেলেগ বাহনত ।