সদস্য:Borsha Dutta
আজীৱন লগত থকাৰ কথা কোৱা মানুহবোৰ সময়তকৈ আগত সলনি হৈ যায় । সময় খিনি ৰৈ যোৱা হলে, হেঁপাহ পলুৱাই জীৱনটো জীয়াই ললো হেতেন , এতিয়াটো সলনি হল ভাল লগা বেয়াবোৰৰ সংজ্ঞা। মোৰ চহৰত এতিয়াও গধূলি হয়, শৰতৰ পৰশ পৰে অথচ বুকুৰ গভীৰত এতিয়া জোনাক নানামে..। বহু কথাই সলনি হ'ল হয়টো নিজৰ অজ্ঞাতেই পলাই ফুৰো আজিকালি। বন্ধু মহলত আজিও বহুতেই কয় তহঁতটো আজীৱন লগত থকাৰ কথা আছিল, উত্তৰত মৌনতা কেৱল..। শূন্যৰ পৰাই লগ দিলেও বহুতেই নাজানে একেলগে কেনেকৈ আগুৱাব লাগে.., নতুন অথবা ভাল কাৰোবাৰ আশাত সলনি হয় ঠিকনা.., স্বগতুক্তি সকলো মানুহেইটো আৰু বুকুৰ ঘাঁ বোৰ শুকুৱাব নোৱাৰে..।