সদস্য:Chayashree bharali

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বৃন্দাবনী নাম

বৃন্দাবনী নাম অসমীয়া লোকসাহিত্যৰে এটা ভাগ।শ্ৰীকৃষ্ণই বৃন্দাবনত কৰা লীলা খেলাৰ পটভূমিতে এই নাম বা গীত ৰচনা কৰা হৈছে।শ্ৰীকৃষ্ণৰ লৌকিক চৰিত্ৰৰ মাহাত্ম্য সংযোজিত হোৱাৰ বাবে ইয়াক গোঁহাই নাম বোলা হয় কিন্ত কিছু লোকে বৃন্দাবনৰ লীলাই প্ৰাধান্য লাভ কৰা বাবে ইয়াক বৃন্দাবনী নাম বোলে। শ্ৰীকৃষ্ণৰ লগতে বৈষ্ণৱ আদৰ্শত বৰ্জনীয় ৰাধা চৰিত্ৰ এইবিধ নামত ফুটি উঠিছে।

ৰাধা-কৃষ্ণৰ প্ৰীতি এই নামবোৰৰ বহু ঠাইতে প্ৰকাশ পাইছে।

যমুনাৰ তীৰতে কানাই ধেনু চাৰে

মাথাতে মুকলি চুলি ;

সিপাৰৰে পৰা ৰাধাই ডাকে দিয়ে

মোকে পাৰে কৰা বুলি।

কেনেকৈ পাৰ কৰিম ৰাধিকা সুন্দৰী

ঘাটত নাইকীয়া নাও; 

যেন তেন কৰি দিয়া পাৰ কৰি

মথুৰা হাটলৈ যাওঁ (১)

লৌকিকতাৰ প্ৰভাব পৰা হেতুকে এই নামৰ শেষলৈ যৌনচিত্ৰ দেখা যায়।এইফাকি নাম বনঘোষাগন্ধী

কেঁচা শ্ৰীফলে লাহৰি লুহুৰা

চেপিলে নোলায় ৰস;

তুমিযে ৰাধিকা ৰৃপহী গাভৰু

আমাৰে অলপ বয়স।।(২)

হুচৰি গীতৰ ঘোষা হিচাপে গোৱা গীতটো কৃষ্ণ চৰিত্ৰ ফুটি উঠিছে

কৃষ্ণাইৰ মূৰতে বকুল ফুল এপাহি

নিয়ৰ পাই মুকলি হ'ল ঐ

গোবিন্দাই ৰাম।।(৩)

অসমৰ বৈষ্ণৱ আদৰ্শত চৈতন্য-পন্থী আদৰ্শৰ দৰে ৰাধা-কৃষ্ণৰ আদি ৰসাত্মক প্ৰীতিৰ স্থান নাই।কিন্ত লৌকিক চিন্তাধাৰাৰ প্ৰভাবতেই নে পিছৰ সময়ৰ চৈতন্য-পন্থী প্ৰভাবৰ ফলতো ৰাধা-কৃষ্ণৰ প্ৰেম এই নাম বোৰত ফুটি উঠিছে।

শীঘ্ৰে নদী পাৰ কৰা দধি নষ্ট যায়।

ভাঙিলে মথুৰা হাট আৰু কৈত পায়।।

কৃষ্ণে বোলে প্ৰিয়া লজ্জা পৰিহৰা

আগে আলিংগন দিয়া পাছে নদী তৰা।।(৪)

বৃন্দাবনী নামত কিছুমান সৰু ক'লি আছে।সেইবোৰতো কৃষ্ণৰ বৃন্দাবনৰ খেল-ধেমালি,গোপ-গোপিনীৰ কৃষ্ণ প্ৰেম,কৃষ্ণৰ মাহাত্ম্য আদি ফুটি ওলাইছে।

বৃন্দাবনৰ মাজে প্ৰভু আছিলা লুকাই।

ভালেতো গোপিনী কান্দে বিচাৰি নাপায়।।(৫)

** ** ** **

মেঘ বৰণীয়া চিকণ মুৰুলী শ্যাম,

কালি শিৰে চৰি নাচে কি ঐ ৰাম।(৬)

** ** ** **

বৃন্দাবনী নামৰ কাব্যিক সৌন্দৰ্য অতি মনোমোহা-

গোসাঁইৰ নামে ঘৰত কাৱৈ ফুল ফুলিছে

গুটিয়ে ধৰিছে চাটি;

হিমে হিমে কৰি অমৃত বৰষিছে

গ'ল কোন সতে এৰি।(৭)

এনেদৰেই লোকসাহিত্যৰ ভাগ বৃন্দাবনী নামৰ বিষয়ে আলোচনা কৰিব পাৰি।কৃষ্ণ-চৰিত্ৰক বুকুত লৈ বৃন্দাবনী নামে লোক-সাহিত্যত কদম্ব হ'ব নোৱাৰিলেও দুবৰি হৈ সত্তা ৰক্ষা কৰিছে সেয়া সত্য।


তথ্য সংগ্ৰহ:

১/অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা,লীলা গগৈ,বনলতা,পৃষ্ঠা নং-১২১

২/অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা,লীলা গগৈ,বনলতা,পৃষ্ঠা নং-১২২

৩/অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা,লীলা গগৈ,বনলতা,পৃষ্ঠা নং-১২২

৪/অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা,লীলা গগৈ,বনলতা,পৃষ্ঠা নং-১২৪

৫/অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা,লীলা গগৈ,বনলতা,পৃষ্ঠা নং-১২৫

৬/অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা,লীলা গগৈ,বনলতা,পৃষ্ঠা নং-১২৫

৭/অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা,লীলা গগৈ,বনলতা,পৃষ্ঠা নং-১২৭