সদস্য:DR DIPUL CH HALOI/জাপানীজ এনকেলাইটিছ
ৱিকিপিডিয়ালৈ আদৰিছোঁ। ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈ চেষ্টা কৰাৰ বাবে আপোনাৰ প্ৰতি আমি চিৰকৃতজ্ঞ। আশাকৰোঁ আগলৈকো আপুনি ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ থাকিব। আপুনি সৃষ্টি কৰা এই প্ৰবন্ধটোৱে হয়তো ৱিকিপিডিয়াৰ নীতি-নিয়ম ঠিকমতে মানি চলা নাছিল। সেয়ে এই প্ৰবন্ধটোক আপোনাৰ সদস্যপৃষ্ঠালৈ স্থানান্তৰ কৰা হ’ল। আলোচনা পৃষ্ঠাত এই সম্পৰ্কে আৰু অধিক তথ্য থাকিব পাৰে, অনুগ্ৰহ কৰি সেয়া চাই লয় যেন। এই কামৰ বাবে আপুনি নিৰাশ নহ'ব। সদস্য পৃষ্ঠাত থাকিলেও আপুনি প্ৰবন্ধটো সম্পাদনাৰ কাম চলাই যাব পাৰে আৰু ইয়াৰ অলপ বিকাশ সাধন হোৱাৰ পাছত প্ৰবন্ধটো পুনৰ মুখ্য স্থানলৈ "স্থানান্তৰ" কৰি দিব পাৰিব। এইক্ষেত্ৰত আপুনি কিবা অসুবিধাৰ সম্মুখীন হ’লে আমি আপোনাক সহায় কৰিবলৈ সদায় প্ৰস্তুত। |
জাপানীজ এনকেলাইটিছ জাপানীজ এনকেলাইটিছ মহৰ দ্বাৰা সংক্ৰমিত এবিধ ভাইৰাছজনীত ৰোগ | কিউলিছিন মহে এই ৰোগ বিয়পায় | এই ৰোগৰ কাৰক ভাইৰাছ বিধৰ নাম হ’ল গ্ৰুপ বি আৰব’ভাইৰাছ | ই এটা প্ৰাণীজনীত ৰোগ(Zoonotic disease) | আক্ৰান্ত মহে কামোৰাৰ ৫-১০দিনৰ ভিতৰত লক্ষন দেখা যায় | বহু ক্ষেত্ৰত কোনো লক্ষন নাথাকে | ২৫০ জনৰ ভিতৰত এজনহে এই ৰোগৰ লক্ষণ দেখা যায় | প্ৰথমে জাপানত চিনাক্ত হৈছিল বাবে এই ৰোগক জাপানিজ এনকেফেলাইটিছ বুলি নামাকৰণ কৰা হৈছিল | কেনেকৈ বিয়পে : বনৰীয়া এবিধ চৰাইৰ দেহত (herons) এই ৰোগৰ বিজাণু থাকে(Reservoir)| হাঁহত এই ভাইৰাচ পোৱা গৈছে | আৰু কিউলেক্স মহে চৰাইবিধক কামুৰিলে ভাইৰাছ মহৰ দেহলৈ সংক্ৰমিত হয় | তাৰপাছত এই মহে গাহৰিৰ দেহলৈ ভাইৰাছটো বিয়পায় | মহে গাহৰিৰ পৰা মানুহক কামুৰিলে মানুহৰ শৰীৰলৈ ভাইৰাছটো তেজলৈ সংক্ৰমিত হয় | গতিকে : হেৰন > মহ > গাহৰি > মহ > মানুহ গাহৰিৰ দেহত ভাইৰাছবিধৰ দ্ৰুত বৰ্ধণ হয় | কি হয় : আক্ৰান্ত ব্যক্তিৰ কপনি জ্বৰ হ’ব পাৰে , মূৰৰ বিষ, গা ভাল নলগা, বা সাধাৰণ পানীলগা জ্বৰ হৈ আৰম্ভ হ’ব পাৰে | ১ পৰা ৬ দিনলৈ এই লক্ষণ সমূহ থাকে | জ্বৰ ১০০ ৰ পৰা ১০৪ ডিগ্ৰী ফাৰেইনহাইট পৰ্য্যন্ত হব পাৰে | কিছুমান আক্ৰান্ত লোকৰ কোনো লক্ষণেই নাথাকে | এনেকেফেলাইটিছ স্তৰত ডিঙিৰ জঠৰতা, গাৰ বিষ, দেহৰ এটা অংশ অসাৰ বা অতিশয় কপনি হোৱা দেখা যায় | মানসিক বাধাগ্ৰস্ততাৰ পৰা ক’মা অবস্থালৈ গতি কৰিব পাৰে | চিকিত্সা : এই ৰোগৰ কোনো নিৰ্দিষ্ট চিকিত্সা নাই | সহায়ক চিকিত্সা(Supportive treatment) হে কৰা হয় | নলীৰ সহায়ত খাদ্য দিয়া, চেলাইন, মেনিটল, জ্বৰ কমোৱা দৰব আদি দিয়া হয় | নহবলৈ কি কৰিব : • ঘৰৰ চাৰিও ফালে চিকুনকৈ ৰাখিব, • পানী জমা হবলৈ নিদিব, বন্ধ পানীত মহে কণী পাৰি বংশ বৃদ্ধি কৰে, • ডিডিটি ছটিওৱা কৰ্মীক ছটিওৱাত সহযোগিতা কৰক, ঘৰৰ ভিতৰতো , • কেতিয়া গাহৰিৰ গৰাল ঘৰৰ ওচৰত নাৰাখিব কাৰণ গাহৰিৰ পৰাহে মানুহলৈ মহে জেই ভাইৰাছ বিয়পায়, • সকলোৱে জাপানিজ এনাকেফেলাইটিছৰ টিকা লওক , • সাধাৰণ জ্বৰ হলেও চিকিত্সকৰ পৰামৰ্শ লওঁক |