সদস্য:Debokon gohain

অসমীয়া ৱিকিপিডিয়াৰ পৰা


দেৱকণ গোহাঁইৰ কবিতা আৰু কিছু চিন্তা[সম্পাদনা কৰক]

বৰ্তমান ই-মেডিয়াৰ যুগ ! বিশ্বৰ অন্য ভাষাৰ সাহিত্যত ই-মেডিয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ! অসমীয়া সাহিত্যৰ আকাশতো ই-মেডিয়াৰ প্ৰভাৱ পৰিছে ! ই-মেডিয়াৰ জৰিয়তে বৰ্তমান বহুকেইজন কবিয়ে প্ৰতিষ্ঠা লাভ কৰি জনপ্ৰিয় অৰ্জন কৰিবলৈ সক্ষম হৈছে ! তেনে এজন কবিকে আমি আজিৰ এই মঞ্চলৈ লৈ অনাৰ প্ৰয়াস কৰিছো !

কবিজনৰ পৰিচয়:


নাম : দেৱকণ গোহাঁই

ইমেইল: gohaindebokon@gmail.com Facebook: দেৱকণ গোহাঁই

ঠিকনা: তিনিচুকীয়া জিলা, বাৰেকুৰি ! নিচেই সৰুৰে পৰা কবিতা চৰ্চাত হাত দিয়ে কবিজনে ! তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা অসমীতয়াত অৰ্নাচসহ প্ৰথম বিভাগত স্নাতক ! ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ পৰা স্নাতকোত্তৰ !

কবিজনৰ কবিতা বিভিন্ন আলোচনী আৰু কাকত আদিত সিঁচৰতি হৈ আছে ! কবিতা লিখাৰ উপৰিও কবিজনে গল্প, চুটি লেখা, গীত ,নাটক আদিও লিখি ভাল পায় ! তৰুণ প্ৰজন্মৰ এজন প্ৰতিভাসম্পৰ্ণ থকা কবি দেৱকণ গোহাঁই !  তেখেতৰ কবিতাসমূহ তলত দিয়া হৈছে !

কবিতা (১) নাৰীৰ স্বাধীনতাৰ সপক্ষে কবিতা

মই শাৰী পিন্ধো, মই ফ্ৰক পিন্ধো মোৰ নিজস্ব কথা মইতো আপোনাক কোৱা নাই

ধূতি পিন্ধক অথবা লংপেণ্ট পিন্ধক

মই যেতিয়া চুটি চুটি কাপোৰ পিন্ধি চহৰখনৰ মাজেৰে যাওঁ আপুনি কিয় অশ্লীল চকুৰে চাই মইতো আপোনাক চোৱা নাই কোনোদিনে অশ্লীল চকুৰে গেঞ্জি অথবা হাল্ফ পেণ্ট পিন্ধি গলে..

মোৰ প্ৰিয় ৰং বগা অথবা ৰঙাই হওক মোৰ পছন্দৰ কথা মই বাছেৰে যাওঁ অথবা ৰিক্সাৰে যাওঁ মোৰ সুবিধাৰ কথা আপুনি কিয় বাৰে বাৰে নুবুজে..

মোৰ পছন্দৰ বাবে মই অপৰাধী নে আপোনাৰ অশ্লীলতাৰ বাবে মই কয়দী ?

আমাৰ বাবে আমি ধৰ্ষণ হওঁ নে আপোনালোকৰ বাবে ধৰ্ষিতা হওঁ আমি.?

আমিও এই সমাজৰে আজিৰ মানুহ অনুগ্ৰহ কৰি আমাৰ স্বাধীনতা বোৰ আপোনালোকৰ পকেটত লৈ ফুৰিবলৈ চেষ্টা নকৰিব..

সংযোজন: সংস্কাৰ আৰু সমাজ সংশোধন হওক নাৰী প্ৰগতিৰ বেদমন্ত্ৰ!

       🖋দেৱকণ গোহাঁই 


কবিতা ২) ভালপোৱাৰো বিজ্ঞাপন দিব লাগিব নেকি?

ভালপোৱাৰো বিজ্ঞাপন দিব লাগিব নেকি ?

তোমাৰ মৰম পাবলৈ কিছু গ্ৰেমিটিকেল নিয়মেৰে কাষ চাপিব লাগিব নেকি?

প্ৰয়োজন হলে ইলিজি হৃদয়ৰ ওৱেব চাইটত এৰি দিব পাৰো ভালপোৱাৰ বিজ্ঞাপন..

তুমি চাৰ্চ কৰি চাব পাৰা...

ডব্লিউ ডব্লিউ ডব্লিউ ডট ভালপোৱা ডট কম!

প্ৰেমৰ পোষ্ট খালী

ঠিকনা: হৃদয়ৰ বাট, সেউজীয়া সপোন অৰ্হতা: জোনাকৰ বুকুত কবিতা,এসাগৰ নিস্বাৰ্থ মৰম তুমি আবেদন কৰিব পাৰা তোমাৰ কলিজাৰ গুপুত কথাবোৰ লিখি !

যিদিনাই পূৰৈ ৰঙী কলিজাত এলাৰ্ট বাজিব

সেইদিনাই তুমি আহিবা, সংগোপনে লিখিবা কবিতা জোনাকৰ

মই সিঁচি দিম ইপাৰ সিপাৰ তোমাৰ আলফুলীয়া শব্দবোৰ..

শব্দবোৰ এদিন গছ হ'ব গছবোৰ এদিন অৰণ্য হ'ব আৰু তাত এজাক চৰাই উৰিব....

কোৱা ভালপোৱাৰ বিজ্ঞাপন দিমনে?


কবিতা ৩)

পাৰ্কলৈ নাযাওঁ প্ৰিয়া,অশ্লীল বতাহে বেইমান কৰিব হৃদয়

পাৰ্কলৈ নাযাওঁ প্ৰিয়া অশ্লীল বতাহে বেইমান কৰিব হৃদয়

তাতকৈ ব'লানা প্ৰতিবাদী সমদলত খোজ দিওঁ তয়ো শ্লোগান দিবি,ময়ো শ্লোগান দিম

কণ্ঠে কণ্ঠে মুখৰিত হ'ব আমিবোৰ জীয়াই থাকিব খোজা মানুহ !

চিনেমা চাবলৈও নাযাওঁ প্ৰিয়া অশান্ত হৃদয়ত আৱেগৰ গুলি ফুটিব..

তাতকৈ ব'লানা গ্ৰন্থমেলালৈ যাওঁ আমাৰ প্ৰিয় কবিৰ কবিতাত মগন হ'ম তয়ো পঢ়িবি, ময়ো পঢ়িম হীৰুদাৰ :"এই কবিৰ মাথোঁ এটাই কামিজ তাৰো চিগো চিগো চিলাই..."

প্ৰিয়া ! "অসীমত যাৰ হেৰাল সীমা" পঢ়িছা পঢ়িবা--'চম্পা চন্দন গৌৰী'ৰ চৰিত্ৰত আইক ভালপোৱাৰ ঠিকনা পাবা

লীলা গগৈৰ 'নৈ বৈ যায়' পঢ়ি  চাবা  এবাৰ

হেৰাই যোৱা গাঁৱৰ সেই সোনোৱালী সময় বোrৰ পাবা !

সমূলি পাৰ্কত আজি নবহো প্ৰিয়া

লাজবোৰ নিলাজ হ'ব !

ভাল নলগা সময়বোৰ খহি খহি পৰিব !

তাতকৈ ব'লানা সৌ নদীৰ পাৰত বহো

চৰাইৰ সতে কথা পাতিম-ভালপোৱাৰ প্ৰতিশ্ৰুতি দিব নদীৰ সতে সহবাস কৰিম-জীয়াই থকাৰ কথা ক'ব.. উশাহে উশাহে বতাহে শ্ৰুতলিপি দিব

তয়ো লিখিবি,ময়ো লিখিম মানুহ-নদী-চৰাই-অৰণ্য সমন্বয়ৰ এখন উপন্যাস হ'ব !

পাৰ্কলৈ আজি নাযাওঁ প্ৰিয়া !

কবিতা ৪)

                ৰিক্সাৱলা

এনেকৈয়ে ফুটপাথত ৰৈ থাকো আমি

জীৱনৰ ছন্দ বিচাৰি

গাড়ীয়ে উৰুৱাই থৈ যোৱা ধোৱাঁ আৰু ধূলিয়ে পঙ্গু কৰিব নোৱাৰে আমাৰ জীৱন

--অই ৰিক্সাৱালা বাছ ষ্টেচন !

--অই ৰিক্সাৱালা কলেজ তিনিআলি!

এনেকৈয়ে আৰম্ভ হয় আমাৰ জীয়াই থাকিব খোজা হাঁহি..

আমি ৰিক্সা চলাওঁ

ৰ'দত ঘামেৰে জুৰুলি-জুপুৰি হওঁ উশাহ বোৰ ঘনকৈ আহে তথাপি আমি সপোন দেখো কাৰণ মোৰ আশাতেই যে উলমি আছে

কামিহাড় ওলোৱা দেউতাৰ জীৱন

ষোল্লবছৰীয়া জী আৰু মোৰ ৰূপহী ঘৈণী..!


কবিতা ৫) তোমাৰ গল্ডেন পাৰ্কৰ আড্ডাতকৈ আমাৰ তিনি আলিৰ আড্ডাই প্ৰিয়

বাটেদি যোৱা ছোৱালীক আমি জোকাব পাৰো

তাত অশ্লীলতা নাথাকে থাকে ভাললগাৰ হুঁহুৰি জাকৈয়াৰ খালৈৰ পৰা মাছ সৰকাব পাৰো

তাত হিংস্ৰতা নাথাকে থাকে মৰমৰ সঁহাৰি মন গলেই চিঞৰি তালফাল লগাব পাৰো গোটেইখন গাঁও.. মনগলেই প্ৰাণখুলি কথা পাতিব পাৰো য'তে ত'তে সঁচাকে কৈছো - তোমাৰ গল্ডেন পাৰ্কৰ আড্ডাতকৈ আমাৰ তিনি আলিৰ আড্ডাই প্ৰিয়

ভাল পাবলৈ এন্ধাৰ এচুকৰ কিয় প্ৰয়োজন?

দ্ৰৱীভূত যদি হয় তাত ভয় আৰু শংকা

মৌনতাৰ উৰ্দ্ধত নিলাজ নিলাজ ভাৱৰীয়া সংলাপ কিমান গাবা?

আহা, আমাৰ আড্ডাত এবাৰ উবুৰিখাই পৰা পাহৰি থাকিবা যান্ত্ৰিক সময়ৰ দুখৰ শ্লোগান!

আমিও প্ৰতিবাদৰ ভাষা বুজো,

আমিও প্ৰেমৰ সংজ্ঞা গৱেষণা কৰো

গাঁওৰ কৃষক জনেই দুৰ্দান্ত প্ৰতিবাদী

যি হৰুৱাব পাৰে ৰ'দ -বৰষুণ-বতাহ

মোৰ আই-পিতাই সৰ্বোত্তম প্ৰেমৰ সংজ্ঞা

যি দুখকো সুখ বুলি

সেউজীয়া কৰি কঢ়িয়াই ফুৰে আমাক

বৰষুণৰ ভিজা ভিজা চুলিত তোমাৰ

আমিও কবিতা লিখিব জানো..

তুলি লওঁ আমিও খবৰৰ টুকুৰা দেশ,বিদেশ,ৰাজনীতি,অৰ্থনীতি....

সাম্প্ৰতিক সময়ৰ সান্ধ্য আইনত বোবা গাঁও,বোবা চহৰ

ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত চকুপানী টুপ টুপ..

তাৰ পাছতো ভালদিনৰ আশাত আহা আমি তিনি আলিত এবাৰ আড্ডা মাৰো আৰু কথা পাতো সুখী হৈ থকাৰ


কবিতা ৬) অনুবীক্ষণ যন্ত্ৰ


আমাৰ হাতত একো একোটা অনুবীক্ষণ যন্ত্ৰ আৰু আমি জুমি চাওঁ লেন্স লগাই ক্ষুদ্ৰতমৰ পৰা সুক্ষ্মতমলৈ জীৱৰ পৰা অনুজীৱলৈ ....!

আমি গৱেষণা কৰো তেজৰ হিমগ্ল'বিনত লুকাই আছে নেকি ক'লা অথবা বগা ৰং. দুশ ছডাল অস্থিৰ মাজত অনুবীক্ষণ যন্ত্ৰ লগাই খুচৰি ফুৰো আধুনিক হোৱাৰ বাসনা.. ধমনীয়েদি প্ৰৱাহিত হয় ছেদৰক্তকণিকাত এতিয়াও নৰপিশাচৰ সুৰ.. আধুনিক হোৱাৰ হেপাহত আমিবোৰ কুকুৰীকণা..

এতিয়াও সময় আছে আহা আমি সলনি কৰো অনুবীক্ষণ যন্ত্ৰৰ লেন্স গৱেষণা কৰো নিজক...! আঁতচী কাচৰ মাজেৰে নৃতাত্ত্বিক পৃষ্ঠাৰ জীৱাশ্ম চালে আমি পাওঁ মোৰ পিতামহে এদিন ইয়াতে হালধীয়াক সেউজীয়া কৰি গঢ়িছিল সমাজ, এদিন ইয়াতে বাটকুৰি বাই বগাইছিল মিলনৰ সৰল সাঁকো অধ:পতন পোতাশালৰ পৰা তুলি আনিছিল আমাক আমি বোৰ এতিয়া ব্যস্ত বক্ৰআলিবাটত..

আহা আমি সলনি কৰো বাট, সলনি কৰো লেন্স অধ্যয়ন কৰো আমিবোৰ মানুহ, শ্ৰেষ্ঠজীৱ ! অনুবীক্ষণ যন্ত্ৰত জুমি চাই ধ্বংস কৰো বৰ্বৰতা কলুষিতাৰ অনুজীৱ আৱিস্কাৰ কৰো কঠিন শিলতো ভালপোৱা,মানৱতাৰ শেলুৱৈ বুকুৱে বুকুৱে পিছলাই দিওঁ সমন্বয়ৰ সাধু!

আহা আমি সলনি কৰো অনুবীক্ষণ যন্ত্ৰৰ গৱেষণাৰ লেন্স! অদূৰ ভৱিষ্যতৰ কাৰণে..


কবিতা ৭) ৰঙৰ সাধু


ৰং আঁকিছো জীৱনৰ , ৰং সানিছো জীৱনৰ

আইতাৰ পিক ৰঙা ওঁঠত হেনো ককাৰ নামৰ হাঁহি ওলমিছিল

আয়ে কপালত পিতাইৰ পৰিচয়ৰ ৰং সদায়ে সানে.. আৰু মই তোমাৰ বাবেই ৰং বোৰ সাঁচি থওঁ গোপনে.. পথাৰ খনে আমাৰ বাবেই সেউজীয়া বোৰ ছটিয়াই লয়

আকাশখনে বৰষুণৰ বাবেই সানি লয় ৰং..

ৰং সানি ভালপাওঁ বাবেই আমিবোৰে কান্দো,

ৰং সানি ভালপাওঁ বাবেই আমিবোৰে হাঁহো,

ৰং সানি ভালপাওঁ বাবেই প্ৰিয় সময়ৰ অনুপস্থিতিত নিসংগ সময়ৰ সুৰ বোৰ উৰি আহে..

অৰণ্যই ৰং সানে চৰাইৰ বাবে.. নৈখনে মাছৰ বাবে... ফাগুনৰো নিজস্ব ৰং থাকে, বহাগৰো..

প্ৰত্যেকৰে থাকে সুকীয়া ৰঙৰ নগৰ

আপুনি এদিন প্ৰিয়াৰ সতে মনৰ কথাবোৰ পাতি উদযাপন কৰিছিল জোনগলা নিশা আপুনি এদিন অভিমান কৰি আঁতৰি আহিছিল প্ৰিয়জনৰ কাষৰ পৰা সেয়াও ৰং

এদিন আপোনাক,মোক বগা কাপোৰে ঢাকিব সেয়াও ৰং.. ৰং অবিহনে বিফল চৰিত্ৰ,বিফল প্লট জীৱনৰ নাট!