সদস্য:Dharitri saikiaa

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰেনে ডেকাৰ্টে

ৰেনে ডেকাৰ্টে ( ইংৰাজী :- Rene Descartes , ৩১ মাৰ্চ , ১৫৯৬ - ১১ ফেব্ৰুৱাৰী ১৬৫০ ) মধ্য যুগৰ এজন ফৰাচী দাৰ্শনিক , গণিতজ্ঞ আৰু বিজ্ঞানী । তেওঁক আধুনিক দৰ্শনৰ পিতৃ বুলি অভিহিত কৰা হয় । তেখেতে ১৬২০ চনৰ নৱেম্বৰত প্ৰেগৰ পৰা কিছু দূৰত্ব সংগঠিত ' বেলট অব দ্য হোৱাইট মাউণ্টেইন ' নামেৰে প্ৰখ্যাত যুদ্ধত অংশ গ্ৰহণ কৰিছিল । তাৰ পিছত তেওঁ সামৰিক বাহিনী ত্যাগ কৰে আৰু জ্ঞানৰ অন্বেষণত ব্ৰতী হৈ পৰে । তেখেতে সেই সময়ত বিশ্লেষনাত্মক জ্যামিতিৰ ভেটি নিৰ্মাণ কৰিছিল । লেখ কাগজৰ ( X ) অক্ষ আৰু ওৱাই ( Y ) অক্ষৰ তেওঁই আৰম্ভ কৰিছিল । তাৰ সহায়ত কোনো বিন্দুৰ স্থানাংক বা অৱস্থান উলিওৱাৰ এক পদ্ধতি তেওঁ আবিষ্কাৰ কৰিছিল ।

ৰেনে ডেকাৰ্টে

জন্ম ১৫৯৬ চনৰ ৩১ মাৰ্চত ফ্ৰান্সত

মৃত্যু ১৬৫০ চনৰ ১১ ফেব্ৰুৱাৰীত

দাম্পত্যসংগী হেলেনা নামৰ এগৰাকী মহিলা

সন্তান ফ্ৰেনচাইন ডেকাৰ্টে


জন্ম আৰু বংশ পৰিচয় :-


     ১৫৯৬ চনৰ ৩১ মাৰ্চত ফ্ৰান্সৰ ডেকাৰ্টে  ( আগৰ  লা হায়ে এন টুৰিন ) নামৰ ঠাইত ৰেনে ডেকাৰ্টে জন্ম হৈছিল । পিতৃ জোৱাচিম আৰু মাতৃ জীন ব্রকাডৰ । তেওঁ এবছৰ বয়সতে মাতৃ মৃত্যু হয় তাৰ পিছত অৰ্হতাকে তেওঁৰ দায়িত্ব বহন কৰে [ 1 ]

শিক্ষা :-

১৬২৯ চনত তেওঁ ফ্রানেকাৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ নামভৰ্তি কৰে । তাৰ পাছৰ বছৰৰে তেওঁ সেই বিশ্ববিদ্যালয় এৰি লিভেন বিশ্ববিদ্যালয় পায়গৈ আৰু তাত জেকৰ গলিয়াছৰ অধীনত জ্যোতিবিজ্ঞান পঢ়িবলৈ লয় । [ 2 ]


কৰ্মজীৱন :-

তেওঁ উট্রেখত বিশ্ব বিদ্যালয়ত  প্ৰবক্তাৰ পদত যোগদান কৰে [ 3 ]

সাহিত্যৰাজি :-

    1. তেখেতে ' অন দ্যা  লৰ্ড ' নামৰ এখন কিতাপ প্ৰকাশ কৰিছিল 

2. ১৬৩৭ চনত ডেকাৰ্টে ' অন দ্যা লৰ্ড নামৰ গ্ৰন্থখনৰে তিনিটা অংশ - ' দ্য মেটিয়াৰ্ছ ' , ' জ্যামিতি আৰু ডিছকৰ্ছ অন দ্য মেঠড ' পৃথকভাৱে প্ৰকাশ কৰে ।

3. ছুইডেনৰ ৰাণী ক্ৰিষ্টিনা হেচাঁতে ডেকাৰ্টেই ' পেছনছ অব দ্য ছউল নামৰ গ্ৰন্থখন সম্পূৰ্ণ কৰিছিল ।

4. তেওঁ নিজাববীয়াকৈ প্ৰতিফলনৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল আৰু ডেকাৰ্টেৰ ' এছে অন অপৰ্তিকাছ ' নামৰ গ্ৰন্থখন ৰচনা কৰিছিল এই সম্পৰ্কত প্ৰথম প্ৰকাশিত গ্ৰন্থ । [ 4 ]


মৃত্যু :-

  ১৬৫০ চনৰ ১১ ফেব্ৰুৱাৰীত নিৰ্ডেমোনিয়াত ভুগি মৃত্যু হয় । [ 5 ]


তথ্যসূত্ৰ :-

1. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ , সম্পা : অভিজিত শৰ্মা বৰুৱা , প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ২৭

2. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ , সম্পা :অভিজিত শৰ্মা বৰুৱা , প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ২৮

3.বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ , সম্পা : অভিজিত শৰ্মা বৰুৱা , প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ২৯


4.বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ , সম্পা : অভিজিত শৰ্মা বৰুৱা , প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ৩০

5.বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ , সম্পা : অভিজিত শৰ্মা বৰুৱা ,প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ৩১