সদস্য:Dr harikanta Das1

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

অসমৰ কৈৱৰ্ত জাতিৰ ইতিাসঃ

মানৱ বিৱৰ্তণৰ আদিম যুগৰে পৰাই মানুহে সংঘবদ্ধহৈ থাকিবলৈ ললে। যাৰ বাবে মানুহ সামাজিক প্ৰাণী ৰূপে চিহ্নিত হল। সময় বিৱৰ্তণৰ ধাৰাত এদিন গোট, ফৈদ,খেল আৰু জাতি নামেৰে পৰিচিতি লাভ কৰিলে। জীয়াই থকাৰ তাৰণাত পৰি কৰা কৰ্ম অনুযায়ী জীৱন ধাৰণৰ মান নিৰূপণ কৰা হ'ল। সময়ৰগতিত কোনোবা মানৱপুঞ্জ আগবাঢ়ি গল আৰু কোনোবা আৰ্থসামাজিক ভাবে পিছ পৰি ৰল।

বৃহৎ মানৱগোষ্ঠীৰ ভৌগলিক পৰিচিতি, কৰ্ম, ৰুচি অনুযায়ী একে প্ৰজাতিৰ নৃ-গোষ্ঠীৰ ভিন্ন নাম হল, ভাষা ভিন্ন হল। শাৰীৰিক, মানসিক, বৌদ্ধিক, সামাজিক ভিন্ন ভিন্ন পৰিচয়েৰে পৰিচিত হল। এই গোষ্ঠী সমূহৰ মাজত ভাষা, কৰ্ম, ধৰ্ম আদিৰে বিভাজিত হল। এই নি-গোষ্ঠী সমূহৰ মজত আকৌ বৈবাহিক সম্পৰ্ক, পাৰস্পৰিক সমন্বয় আদিৰ জৰিয়তে কেতিয়াবা পৃথক হৈ পূৰ্বৰ পৰিচয় বিলুপ্তি ঘটিছে। অথচ সমন্বয়, ঐক্য আৰু সংহতি ৰচনা হৈছে; অনক্যৰ মাজত ঐক্য, বিচিত্ৰতাৰ মাজত সংহতি স্থাপন হৈছে। পৃথিৱীৰ এই বৃহৎ মানৱ গোষ্ঠীৰ অন্তৰ্গত প্ৰতিটো নি-গোষ্ঠীৰ সুকীয়া সুকীয়া পৰিচয় আছে। এইয়েই মানৱ গোষ্ঠী অৰু তেনে এটি মানৱ গোষ্ঠী কৈৱৰ্ত সকল।

কৈৱৰ্ত শব্দৰ অৰ্থঃ

সংস্কৃত ‘ক’ শব্দই পানী আৰু ‘কৈ’ শব্দই ‘পানীত’ আৰু ‘ৱৰ্ত’ বা ‘বৰ্ত’ শব্দই ‘বৰ্তি’ থকা বা নিৰ্ভৰশীল ভাৱে জীৱন ধাৰণ কৰাৰ কথা সূচায়। থিক একেদৰে ইয়াৰ অন্য এটা ৰুপ 'কেৱট' শব্দইয়ো একে অৰ্থই বুজায়। ‘কে’ শব্দই পানীত আৰু ‘ৱট’ শব্দই বৰ্তি থকা বুজায়। সময়ত কেৱট শব্দই ‘কেওঁট’ ৰূপ লয়। কাৰ্য প্ৰণালী জীৱন ধাৰণৰ মান অনুসৰি ‘কৈৱৰ্ত’ আৰু ‘কেওঁট’ দুটা গোষ্ঠীত বিভাজিত হল। এই কেওঁট গোষ্ঠীটো আকৌ জালোৱা কেওঁট আৰু হালোৱা কেওঁট দ্বি বিভক্ত হল। জালোৱা কেওঁট গোটক পানী কেওঁট নামেৰে নামাকৰণ কৰা হল। সময়ত হালোৱা কেওঁট সকলে নিজকে কৈৱৰ্ট নহয় বুলি আত্ম পৰিচয় দিবলৈ ধৰিলে।

                  ⇒(ভূবনেশ্বৰ বৈশ্য-প্ৰাকৃত ভাষা-সাহিত্য পৰিচয়-পৃঃ৩০, দ্বিতীয় প্ৰকাশ ১৮৮২)

কৈৱৰ্ত জাতিৰ পৰিচয়ঃ

আদিম যুগৰে পৰা বিভিন্ন মানৱ পুঞ্জৰ দৈহিক, মানসিক, সামাজিক ভাবে সমন্বয় আৰু সংমিশ্ৰম ঘটি আহিছে। বৈবাহিক সুত্ৰে সামাজি বিৱৰ্তণ ঘটিছে। নতুন নতুন আত্ম পৰিচয়েৰে আৰ্য, অনাৰ্য্য, মংগোলীয়, শক, হুন, গ্ৰীক আদি নানান মানৱ পুঞ্জৰ সংমিশ্ৰনত সভ্য জাতিৰ উৎপত্তি হৈছে।

বহু পণ্ডিতৰ অভিমত অনুসৰি আৰ্য আৰু দ্ৰাৱিড আদি অনাৰ্য্য জাতিৰ সংমিশ্ৰনত কৈৱৰ্ত জাতিৰ উৎপত্তি হৈছে। নিষাদ আৰু আয়োগবী স্ত্ৰীৰ ( শূদ্ৰ পিতা আৰু বৈশ্য মাতাৰ পুত্ৰই আয়োগব) সংযোগত ভূমিস্থ সন্তানকে মাৰ্গব বোলে। এই লোক নৌকা কৰ্মউপজীৱী। আৰ্যৱৰ্তৰ নিবাসী সকলে এওঁলোকক কৈৱৰ্ত বোলে।

      ⇒ (-তমূলক ইতিহাস, পৃঃ৮৫।–মনুসংহিতা-১০ ম অধ্যায়)।

          সোনাৰী জাতিৰ পিতাৰ ঔৰসত কুবেৰীনীৰ গৰ্ভজাত সন্তানেই কৈৱৰ্ত।

“স্বৰ্ণকাৰশ্চ কৈৱৰ্তঃ কুবেৰীণাঁ বভূবঃ।।(২৯-পৰশুৰাম সংহিতা)।

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণৰ মতে ক্ষত্ৰিয় পিতাৰ ঔৰষত বৈশ্য স্ত্ৰীৰ গৰ্ভজাত সন্তানেই কৈৱৰ্ত। কলি কালত কৈৱৰ্ত সকলে সমুদ্ৰগামী তীৱৰ (নাবি, বনিক শ্ৰেণীৰ লোক) সকলৰ সংস্পশলৈ আহি পতিত (অৱনমিত) হয়।

ক্ষত্ৰিয় বীৰ্য্যেন বৈশ্যায়ং কৈৱৰ্তঃ পৰিকীতিতঃ। কলৌ তীৱৰ সংসৰ্গাৎ ধীৱৰঃ পতিতো ভুবি।।১১১ (ব্ৰহ্মবৈৱৰ্ত পুৰাণ, ব্ৰহ্ম খণ্ড ১০ অঃ)

ব্ৰহ্ম বৈৱৰ্ত পুৰাণ, গৌতম স্মৃতি আৰু যাজ্ঞবল্ক্যৰ মতে কৈৱৰ্ত সকল ক্ষত্ৰিয় পিতৃ আৰু বৈশ্য মাতৃৰ পৰা জন্ম। উল্লেখিত স্মৃতি দুখনত এওঁলোকক ‘মহিস্য’ বুলি কোৱা হৈছে। ব্ৰহ্মবৈৱৰ্ত পুৰাণত যে কলিযুগত এওঁলোকে ‘তিবৰ’ সকলৰ সংস্পৰ্শত আহি সমাজত নিম্নস্থান প্ৰাপ্ত হয় আৰু ‘ধীৱৰ’ নামে মস্য ব্যৱসায়ত জৰিত হয়।

কৈৱৰ্ত সকলৰ জীৱিকাঃ

পানী আদিম সভ্যতাৰ বাহক আৰু এই কৈৱৰ্ত সকল পানীক অৱলম্বন কৰি জীয়াই থকা লোক। কৈৱৰ্ত সকল সংমিশ্ৰিত জাতি, সংস্কৃত অমৰ কোষৰ অিভিধানৰ মতে (বাৰি বৰ্গ) ‘কৈৱৰ্তোদাশধীৱৰৌ’ অৰথাৎ কৈৱৰ্ত, দাস, ধীৱৰ (তিয়ৰ) আদি মৎস্য জাতিৰ লোক। ভিন্ন ভিন্ন দেশ অনুসৰি বা প্ৰন্ত অনুসৰি বেলেগ বেলেগ ভাযাত বেলেগ বেলেগ নামেৰে এই সকলক বুজোৱা হয়। যেনে- মৎস্য, দাস, ধীবৰ, তীয়ৰ, পাৰাৰ, নদেয়, নাৱিক, মালা,কেৱৰ্ত, নদীয়াল, কেওঁট, জালকেওঁট বা জল কেওঁট, নদবাল, মাৰ্গাৰ, আৱৰ, মাহিস্য বা মহিস্য, সাগৰ পেশা, নুলীয়া বা নুনীয়া(এওঁলোকে লোন তৈয়াৰ কৰে), নদী পুত্ৰ, গংগাপুত্ৰ ইত্যাদি। কেৱল কৈৱৰ্ত হলেই মৎস্যজীৱী ৱহয় আৰু মস্যজীৱী হলেই কৈৱৰ্ত নহয়।

পৌৰাণিক দান লিপি সমূহত মাছ মৰীয়া কৈৱৰ্ত সকলৰ কথা উল্লেখ আছে। যি সকলে ৰাষ্ট্ৰক কৰকাতল সংগ্ৰহ কৰাতো সহায় কৰিছিল। পানী আৰু নাওৱৰ লগত এই সকলৰ উতঃপোত সম্পৰ্ক। পৌৰাণিক স্মৃতি সমূহত কৈৱৰ্ত সকলক বৰ্ণসংকৰ বুলি কোৱা হৈছে। (মনো সংহিতা আৰু ব্ৰহ্মবৈবৰ্ত পুৰাণ)। এই কৈৱৰ্ত সকল যে অনাৰ্য্য আছিল আৰু তেওঁলোকৰ প্ৰধান জীৱীকা মাছ ধৰা আছিল সেই বিষয়ে কোনো সন্দেহৰ স্থল নায়। লিপিত কোনো কোনো কৈৱৰ্তই কৃষি কৰাৰ কথাও উল্লেখ কৰা হৈছে। বৃত্তিগত দিশ পৰা এই সকলক নিম্ন শ্ৰেণীৰ জ্ঞান কৰা হৈছিল। পিছত হিন্দুত্ব গ্ৰহম কৰি আচাৰ বিধি মানি চলা হেতুকে তেওঁলোকক শুদ্ৰ শ্ৰেণীৰ অন্তৰ্গত বুলি ধৰা হৈছিল।

কৈৱৰ্ত শব্দৰ প্ৰাচীনতম প্ৰয়োগ ({২০০-১০০০} যজুৰবেদ সংহিতা, ১০/১৬ পোৱা য়ায়। ) শ্ৰুতি সাহিত্যৰ যোগত কৈৱৰ্ত সকল সমাজৰ প্ৰতিপত্তিশীল আছিল। উদাহৰণ স্বৰূপে ‘লাট্ৰায়ণ-সূত্ৰৰ মহীধৰভাষ্য’ত উল্লেখ আছে- “কৈৱৰ্তাঃ পৰিষধ ভূষণ।“

মহাভাৰত যুগত কৈৱৰ্ত সকলঃ

মহাভাৰত যুগত তাম্ৰলিপ্তৰ ৰজা ময়ুৰধ্বজ আৰু শিৰধ্বজ বিখ্যাত কৈৱৰ্ত ৰজা আছিল। অনুশাসন পৰ্ব্বত (অধ্যয় ৫০, শ্লোক-১৩) উল্লেখ আছে যে, কৈৱৰ্ত সকল বিশেষ ভাবে সংঘবদ্ধ, অত্যন্ত সাহসী আৰু সক্তিশলী বুলি বৰ্ণনা আছে।

হৰিবংশ (খণ্ড ৩৫, ১৯৩০,১৯৩৭/৩৮) ত উল্লেখ আছে শ্ৰীকৃষ্ণৰ আত্মীয় শ্ৰুতদেৱীয়ে কৈৱৰ্ত ৰজা এজনৰ লগত বিবাহ হৈছিল। ইয়াৰ দ্বাৰা প্ৰমানিত হয় য়ে কৈৱৰ্ত সকলৰ সামাজিক মৰ্যদা ক্ষত্ৰিয়ৰ দৰেই আছিল।

          সত্যৱতীৰ (মৎস্য গন্ধা বা পদ্ম গন্ধা) পিতা ধীৱৰ ৰাজ কৈৱৰ্ত আছিল।

ৰামায়নৰ যুগত কৈৱৰ্ত সকলঃ

        ৰামায়নৰ যুগত কৈৱৰ্ত সকল শক্তিশলী জাতি আছিল। অযোধ্যকাণ্ডত ( ৮৪ অধ্যয়, ৮ শ্লোক) উল্লেখ আছে যে এওঁলোকৰ এটা শাখা সেই সময়ত ৫০০ নৌকাৰ অধিকাৰী আছিল।

বৌদ্ধ যুগত কৈৱৰ্ত সকলঃ

           বৌদ্ধ যুগত কৈৱৰ্ত সকল অত্যন্ত শক্তিশালী আছিল আৰু প্ৰভাবশালী আছিল। সেই সময়ত শিক্ষাৰ কেন্দ্ৰস্থল কাশি ধামত কৈৱৰ্ত সকল প্ৰবেশ কৰিবৰ কাৰণে এটা বিশেষ তোৰণ (দ্বাৰ) নিৰ্মাণ কৰি দিয়া হৈছিল। এই দ্বাৰক ‘কেৱট দ্বাৰ’ বোলা হৈছিল।(বিমান বক্ষু-৬-৮)

          এনেদৰেই কৈৱৰ্ত সকল বিভিন্ন জাতিৰ মাজত সোমাই সংমিশ্ৰণ ঘটিছে আৰু বিভিন্ন ঠাইলৈ বিয়পি পৰিছে। উত্তৰ-পশ্চিম ভাৰত, আৰ্ষৱৰ্ত, অন্ধ, ছোল, উৰিষ্যা, বিহাৰ, বংগ আৰু প্ৰাচীন অসম ৰাজ্যলৈকো বিয়পি পৰিছিল। কৈৱৰ্ত সকলক অন্ধ, ছোল আদি স্থান সমূহত ক্ষত্ৰিয় বুলি পৰিছিত আছিল।

          প্ৰাচীনতম বায়ুপুৰানত পোৱা যায়- “মগধানং মহাবিৰ্যো বিশ্বষ্ফানি ভৱিষ্যত।“

বিশ্বষ্ফানি মগধৰ শক্তিশালী ৰজা আছিল। কৈৱৰ্ত সকলে পঞ্চক আদি ৰাজ্য শাসন কৰিছিল। কালক্ৰমত এই লোক ক্ষমতাশ্ৰুত হয় আৰু এওঁলোক অন্ধৰ পৰা ক্ৰমে উৰিশ্যা, বেহাৰ, বংঙ্গ বা তাৰ পূবৈ গতি কৰে।

          ড° বেনেসৰ মতে এওঁলোক পূৰ্বে গংগাৰ ব-দ্বীপৰ ওচৰত বাস কৰিছিল। যি সকলে নদীৰ পাৰত বাস কৰিছিল তেওঁলোকে মৎস্য আদি পানী সম্বন্ধীয় ব্যৱসায় কৰি থাকিল আৰু ভৈয়ামলৈ উঠি অহা সকলে কৃষি কাৰ্য অৱলম্বন কৰিলে।

কৈৱৰ্ত সকলৰ বিদ্ৰোহঃ

        পাল বংশৰ ৰাজত্ব কালত দ্বিতীয় মহিপাল আৰু ৰাম পালৰ বিৰুদ্ধে কৈৱৰ্ত সকল বিদ্ৰোহৰ কথা সকলোৱে যানে। “সন্ধ্যাকৰ নদীৰ- “ৰামচৰিত”ত উল্লেখ আছে যে কৈৱৰ্তবীৰ ‘দিৰ্ব্বোকে’ মহিপালক হত্যা কৰি  জনকম্ভ বা ‘বৰেন্দ্ৰ দেশ’ (পাল ৰজাৰ ৰাজধানী) অধিকাৰ কৰি লয়। দিৰ্ব্বোকৰ ভায়েক ‘ৰুদ্ৰক’ (কন্দক) আৰু কন্দকৰ পুত্ৰ ‘ভীমে’ বৰেন্দ্ৰ সিংহাসন অধিকাৰ কৰে। (ৰামচৰিত ১২৯৩১-৩৯-৪০ গৌড় ৰাজমালা, পৃঃ ৪৮)। ইয়াৰ দ্বাৰা প্ৰতিয়মান হয় যে এই কৈৱৰ্ত সকলে ক্ষত্ৰিয়উচিত সন্মান লাভ কৰিছিল।

কৈৱৰ্ত সকল অসমলৈ কেতিয়া আহিছিলঃ

         আৰ্য্য আৰু দ্ৰাবিড়ৰ মিশ্ৰিত বংশধৰ এই কৈৱৰ্ত সকল সৰযুৰ পৰা গংগাৰ পাৰে পাৰে আহি বৰেন্দ্ৰী বিহাৰ হৈ অসমত ২-৩ শতিকাতে প্ৰবেশ কৰে। কৈৱৰ্ত সকলে প্ৰথমে অসমৰ নামনি অংশত লৌহিত্যপুৰ ৰাজ্য স্থাপন কৰিছিল। নাগশংকৰ ৰজাই শোনিতপুৰৰ প্ৰতাপড়ত ৰাজধানী পাতি লৌহিত্যপুৰ নামেৰে ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এওঁয়েই শিৱ দেৱালয় স্থাপন কৰিছিল, পুখুৰী খন্দাইছিল। এই দেৱালয়ে বৰ্তমানৰ নাগশংকৰ মন্দিৰ ৰূপে জনাজাত হৈ আছে। পিছৰ কৈৱৰ্ত সকলে অসমৰ নামনি আৰু মধ্য ভাগত ৰাজ্য স্থাপন কৰিছিল। নগাঁৱৰ ডবকা ৰাজ্য, ৰাজধানী চম্পাৱতীত ( বৰ্তমান চাপানলা) ৭০০০ ধনী সদাগৰে বানিজ্য কৰি উন্নতিৰ শীৰ্ষত আছিল। সমুদ্ৰ গুপ্তৰ এলাহাবাদ শিলালেখাত কপিলি উপত্যকাৰ ডবকা এখন স্বাধীন ৰাজ শাসিত ৰাজ্য আছিল বুলি উল্লেখ পোৱা যায়।

          অসমৰ কৈৱৰ্ত সকলৰ বিষয়ে উপয়ুক্ত ঐতিহাসিক তথ্যৰ অভাৱ যদিও ব্ৰতমানৰ বুৰঞ্জীবিদ আৰু গৱেষক সকলে এই বৃহৎ জাতিটোৰ অতীত ইতিহাসৰ এক সুস্পষ্ট ধাৰণা দিছে। ১৮৯১ চনত মিদনা পুৰৰ লোকপিঅল অনুসৰি কৈৱৰ্ত সকল এসময়ৰ দিল্লীৰ নিছেই সমীপৰ্ৱতী সৰযু নদী আৰু গংগা উপত্যকাৰ বাসিন্দা বুলি স্থাৱৰ কৰা হৈছে।

          পৰৰ্ৱতী সময়ত কৈৱৰ্ত সকল নিজৰ কাম বা বিভিন্ন প্ৰাকচক্ৰত পৰি নিম্ন জাতি ৰুপে পৰিচিত হল। তথাকঠিত উচ্চ বংশজাত সকলে অস্পশ্য জ্ঞান কৰিবলৈ ধৰিলে। তেওঁলোক হৈ পৰিল সমাজৰ শোষিত, নিস্পেষিত আৰু অৱহেলীত জাতি।

কৈৱৰ্ত সকলৰ বৰ্তমানৰ স্থিতিঃ

         প্ৰায় ২-৩ শতিকাতে অসমত সোমোৱা কৈৱৰ্ত সকলে আজিও মধ্যযুগীয়া জীৱন কতোৱাৰ দৰেই অনুভৱ হয়। আমি উজনি অসমৰ গ্ৰাম্য আৰু নগৰীয়া অঞ্চলৰ কৈৱৰ্ত গাঁৱত চলোৱা এক অধ্যয়নৰ তথ্য সমূহ তকুফুৰালে এই কথা স্পষ্ট হয় যে, দেশে স্বাধীনতা লাভকৰা ইমান বছৰৰ পিছতো এই লোক সকল অৰ্থনৈতিক,শৈক্ষিক আৰু ৰাজনৈতিক সকলো দিশতে অত্যন্ত পিছপৰা।

কৈৱৰ্ত সকলৰ ধৰ্মীয় স্থিতিঃ

ইলাৰাম দাস

এ ই কৈৱৰ্ত লোক সকল অতিশয় ধৰ্ম ভীৰু। স্থন ভেদে তেওঁলোকে বিভিন্ন দেৱ দেৱতা বিস্বাস কৰা দেখা যায়। বিভিন্ন ধৰণৰ লোক বিশ্বাস, সংস্কৃতিক ধাৰণা এওঁলোকে বহণকৰি আহিছে। এই লোক সকলৰ মাজত বামুনীয়া (অৰ্থাৎ পৌৰানিক বাহ্মন্যবাদত বিশ্বাসী, বিভিন্ন দেৱ দেৱীক পূঁজা কৰা), একশৰণীয়া (এওঁলোক কেৱ এক ঈশ্বৰত বিশ্বাসী, দেৱ দেৱতা পূঁজা নকৰে আৰু বাহ্মন্যবাদ বিৰুধী), মূৱামৰীয়া অৰ্থাত অনিৰুদ্ধ দেৱে প্ৰৱৰ্তণ কৰা মূৱামৰীয়া ধৰ্ম গ্ৰহণ কৰি কোনো সত্ৰৰ অধীনত সত্ৰৰ ধৰ্মীয় ৰিতি নীতি অনুসৰি সমাজব্যৱস্থা চলায়। অন্যহাতে দিহিং সত্ৰত শৰণলৈ, দিহিং সত্ৰৰ ধৰ্ময় সমাজ ব্যৱস্থাৰ অধীনত চলা কৈৱৰ্ত সকলক দিহিংগীয়া বুলি জনা যায়।স্থান, কাল, পাত্ৰ অনুসৰি এই কৈৱৰ্ত সকল ধৰ্মীয় ভাৱে বিভাজিত।

সংগ্ৰাহক-ডাঃহৰিকান্ত দাস।
গোগামুখ, ধেমাজি, অসম।

ফোন নং- ৯৯৫৪৩৪০১০২

DR HARIKANTA DAS


১.ভূবনেশ্বৰ বৈশ্য-প্ৰাকৃত ভাষা-সাহিত্য পৰিচয়-পৃঃ৩০, দ্বিতীয় প্ৰকাশ ১৮৮২ ২.তমূলক ইতিহাস, পৃঃ৮৫।–মনুসংহিতা-১০ ম অধ্যায়। ৩.২৯-পৰশুৰাম সংহিতা ৪.ব্ৰহ্মবৈৱৰ্ত পুৰাণ, ব্ৰহ্ম খণ্ড ১০ অঃ ৫.যজুৰবেদ সংহিতা, ১০/১৬ ৬.অযোধ্যকাণ্ড ৮৪ অধ্যয়, ৮ শ্লোক ৭.বিমান বক্ষু-৬-৮ ৮.ৰামচৰিত ১২৯৩১-৩৯-৪০ গৌড় ৰাজমালা, পৃঃ ৪৮ ৯.মিদনা পুৰৰ লোকপিঅলৰ তথ্য