সদস্য:Drishti Rupa Bora

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ :-

১.কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান -এই উদ্যান গোলাঘাট,যোৰহাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত। ইয়াত এশিঙীয়া গঁড়,হলৌ বান্দৰ,ভালুক,ম'হ,বিভিন্ন হৰিণা,বিভিন্ন চৰাই,অজগৰ আৰু বাঘ পোৱা যায়।

২.মানাহ ৰাষ্ট্ৰীয় উদ্যান - এই উদ্যান বৰপেটা জিলাত অৱস্থিত। ইয়াত সোণালী বান্দৰ,ঢেকীয়াপতিয়া বাঘ,গঁড়,হাতী,মেথোন,সাপ,বিভিন্ন জলচৰ,স্থলচৰ চৰাই,বিভিন্ন পহু আদি পোৱা যায়।

৩.ডিব্ৰু-চৈখোৱা উদ্যান - এই উদ্যান তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াত বনৰীয়া ঘোঁৰা,দেওহাঁহ,বন গাহৰি,সাপ,বিভিন্ন প্ৰজাতিৰ বান্দৰ,স্থলচৰ,জলচৰ চৰাই পোৱা যায়।

৪.নামেৰী ৰাষ্ট্ৰীয় উদ্যান - এই উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। এই উদ্যানত টুপীমুৰীয়া বান্দৰ,বনমেকুৰী,বাঘ,ধনেশ,হাতী,বিভিন্ন পৰিভ্ৰমী চৰাই পোৱা যায়।

৫.ওৰাং ৰাষ্ট্ৰীয় উদ্যান - ই দৰং জিলাত অৱস্থিত।ইয়াত বনগাহৰি,খটীয়া পহু,হাতী,বনৰীয়া মেকুৰী,জহামাল,বগলী,হৰিণা,এশিঙীয়া গঁড়,বিভিন্ন জলচৰ পোৱা যায়।