সমললৈ যাওক

সদস্য:G.S.Borah

অসমীয়া ৱিকিপিডিয়াৰ পৰা


১৯০৩ চনত প্ৰতিষ্ঠা হোৱা মিকিৰ বৰা চুক গাওঁখন বিশ্বনাথ জিলাৰ পূব প্ৰান্তত অৱস্থিত। তথ্যমতে গাঁৱৰ প্ৰথম পুৰুষ মিকিৰৰ চাংঘৰত জন্ম হোৱা বাবে তেওঁৰ নাম মিকিৰ বৰা ৰাখে আৰু তাৰপৰাই গাওঁখনৰ নাম মিকিৰ বৰা চুক হয়। এই গাঁৱৰ পূৰ্বপুৰুষসকল বৰ্তমান মাজুলী জিলাৰ নাচনীপাৰত বসতি কৰিছিল। অত্যাধিক বানপানী আৰু গৰাখহনীয়া বাবে তেওঁলোক মাজুলীৰ পৰা উঠি গৈ গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তীত বসবাস কৰিবলৈ লয়। কিন্তু সেইসময়তে মানৰ তৃতীয় আক্ৰমণ আৰম্ভ হোৱাত পূৰ্বপুৰুষৰ মাকক মিকিৰ চাংঘৰত লুকুৱাই থৈ তেওঁলোক তাৰপৰা পলায়ন কৰে যিহেতু তেওঁ গৰ্ভৱতী আছিল তাৰউপৰি মানে চাংঘৰত বাস কৰা লোকসকল বৰ বিশেষ আক্ৰমণ কৰা নাছিল। এই মানৰ আক্ৰমণ মাৰ যোৱাত‌ পুনৰ মাক আৰু পুতেক মাজুলীলৈ উভতি আহে । মাজুলীত কেইবাবছৰ থকাৰ পিছত ১৯০৩ চনত একেই গৰাখহনীয়া আৰু বানপানীৰ বাবে বৰ্তমান গাঁওখন থকা ঠাইতে হাবি-জঙ্ঘল চাবা কৰি ঘৰ-বাৰী পাতি স্থায়ীভাৱে থাকিবলৈ হয়। লগতে এটি নামঘৰো স্থাপন কৰে ্