সদস্য:Ishanjyotibora
|
সানমিহলি
|
এই সদস্যজন অসমীয়া ৱিকিমিডিয়া মেণ্টৰশ্বিপ কাৰ্যসূচীৰ এগৰাকী মেণ্টৰ। |
ই-মেইল: ishanjbora2019@gmail.com
ৱিকিপিডিয়াত যিকোনো ধৰণৰ সহায়ৰ বাবে ওপৰত লিংক দিয়া "মোৰ আলোচনা পৃষ্ঠা"লৈ গৈ মোক বাৰ্তা দিয়ক, মোলৈ ই-মেইল পঠিয়াওক বা নিজৰ আলোচনা পৃষ্ঠাত {{help me}} বুলি লিখি তাৰ তলত সমস্যাটো লিখক। ৱিকিপিডিয়াত মোলৈ বাৰ্তা দিলে "~~~~" লিখি স্বাক্ষৰ কৰিবলৈ নাপাহৰিব।
মই আপোনাৰ আলোচনা পৃষ্ঠাত কোনো বাৰ্তা দিলে অনুগ্ৰহ কৰি উত্তৰটো মোৰ আলোচনা পৃষ্ঠাত দিব বা {{ping|Ishanjyotibora}} বুলি লিখিব।
মোৰ মনৰ কথা
জাপানী কবিতা এটাৰ উদ্ধৃতি দি ড৹ নিৰ্মলপ্ৰভা বৰদলৈয়ে তেওঁৰ আত্মজীৱনীত লিখিছিল -“আমি সৰু তৰাবোৰেই দায়িত্বৰ বিশাল আকাশখন কঢ়িয়াব লাগিব৷” আমাৰ ৱিকিপিডিয়াও এখন বিশাল আকাশ। সেইখন আকাশতে পৃথিৱীৰ বহু দেশ, বহু জাতি, বহু ৰাজ্য উবুৰি খাই পৰিছে৷ কৰ্মৰ দ্বাৰা তেওঁলোকে নিজ নিজ প্ৰান্তৰ পোহৰাইছে আৰু আগুৱাই গৈছে। আকাৰত সৰু হ’লেও অসম আৰু অসমীয়াৰো সেইখন আকাশত নিজৰ বুলিবলৈ ঠাই অকণ আছে। আমি এতিয়া মৰ্যাদাসহকাৰে সেই আকাশত আকাৰ বঢ়োৱাৰহে কথা। তাৰ দায়িত্বনো কোনে ল’ব। বৰদলৈ বাইদেৱে কোৱাৰ নিচিনা- সেই দায়িত্ব ল’ব লাগিব ‘আমাৰ দৰে সৰু-সৰু তৰাবোৰে’ই৷ মোৰ দৃঢ় বিশ্বাস, অসমীয়া ৱিকিপিডিয়া সমাজৰ তৰাবোৰে নিজৰ কৰ্ম সঠিকভাৱে সম্পাদন কৰি থকালৈকে, নিজৰ দায়িত্বৰ গুৰুত্ব অনুধাৱন কৰি থকালৈকে- বৈচিত্ৰ্যময় সেই আকাশখন সদায়েই জলমলাই থাকিব। পলমকৈ হ’লেও আলোকৰ সেই দীপ্তিমান ৰশ্মিয়ে এদিন আকাশৰ আটাইকেউটা চুক স্পৰ্শ কৰিব। বিশ্বৰ দৰবাৰত অসমীয়া ভাষাই এদিন গৌৰৱৰ হাঁহি মাৰিব।
এইখন ৱিকিপিডিয়াৰ এখন সদস্য পৃষ্ঠা। এইটো বিশ্বকোষৰ প্ৰবন্ধ বা বিশ্বকোষৰ প্ৰবন্ধৰ আলোচনা পৃষ্ঠা নহয়। যদি আপুনি ৱিকিপিডিয়াৰ বাহিৰে অন্য ক'ৰবাত এই পৃষ্ঠাটো দেখা পায় তেন্তে সেইয়া ইয়াৰ এক প্ৰতিলিপিহে মাথোন। এই পৃষ্ঠাৰ ম্যাদ উকলি যাব পাৰে বাবে সতৰ্ক হওক। এই সদস্যপৃষ্ঠাটো যিজন ব্যক্তিৰ, তেওঁ ৱিকিপিডিয়াৰ বাহিৰে অন্য কোনো ৱেবছাইটৰ সৈতে ব্যক্তিগতভাৱে জড়িত নহ’বও পাৰে। |