সদস্য:JBDVIJASDVI/অদৃষ্ট দৰ্শন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অতীতত কি হৈছিল বা কি হোৱা নাছিল সেয়া সেই সময়ত উপস্থিত থকা সকলেহে সঠিককৈ কব পাৰিব। যদিহে সেইসকল বৰ্তমান নাই তেন্তে তেৰাসৱে লিখি থৈ যোৱা কোনো লিখিত বিৱৰণীত সেই ঘটনাসমূহৰ উল্লেখৰ পৰা সেইসমূহ ঘটিত হোৱাৰ সাক্ষ্য আৰু প্ৰমান পাব পাৰি যত মানি লোৱা হল যে সেই লিখনি সততাপূৰ্ণ, শুদ্ধ আৰু আজিৰ দিনতো পঢ়ি বুজিব পৰা হৈ আছে। ।

বুৰঞ্জী বা ইতিহাস এনে বোৰ লিখনিৰ ওপৰতেই প্ৰধানতঃ আধাৰিত। কিন্তু ইয়াৰ মানে এয়া নহয় যে যিবিলাক ঘটনাৰ কোনো লিখিত বিৱৰণ বা উল্লেখ নাথাকিল সেই কোনো বিলাক ঘটনাই প্ৰকৃততে ঘটা নাছিল।

ঐতিহাসিক সমীক্ষাত কোনো যুক্তিবাণ অদৃষ্ট দৰ্শন[ভাল অনুবাদ লাগে] Argument from silence (argumentum e silentio) হব যেতিয়া কোনো লিখিত বিৱৰণীত উল্লেখ নথকাৰ বাবে বা আন কতো কোনো উল্লেখ নথকাৰ বাবে কোনো ঘটনা সংঘটিত নোহোৱা বুলি সন্দেহ কৰা হয়।

বুৰঞ্জীমূলক অধ্যয়ন, যত সাধাৰণতে অতীতৰ কাৰোবাৰ লিখনিত উল্লেখিত তথ্যৰ ওপৰত ভিত্তি কৰি ঘটনা সমূহৰ সংঘটনৰ সত্যতা নিৰূপন বা মান্য কৰা হয়, তাৰ বিপৰীতে 'অদৃষ্ট দৰ্শন' বিভ্ৰাটত তেনেবোৰ লিখনিত উল্লেখ নথকা খিনিৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত তথ্য আহৰণ কৰিবলৈ অসাৰ চেষ্টা কৰা হয় যি যথাযথ নহয়।

যুক্তিসূত্ৰত যেতিয়া সাক্ষ্য-প্ৰমানৰ অভাৱৰ বাবে কোনো বিচাৰ্য্য যুক্তি বা সিদ্ধান্তৰ অবৈধতা প্ৰতিপন্ন কৰিবলৈ যুক্তিবাণ এৰা হয় তেতিয়া এই অদৃষ্ট দৰ্শন বিভ্ৰাট সংঘটিত হয়।

এই যুক্তিবাণ এৰাৰ উমান পালে প্ৰতিপক্ষক কোনো বিচাৰ্য্য যুক্তি বা সিদ্ধান্তৰ অবৈধতা সাক্ষ্য-প্ৰমানৰ স্থিতিৰ পৰা না কি অস্থিতি বা অভাৱৰ পৰা প্ৰতিপন্ন কৰিবলৈ সোৱঁৰাই দিব পাৰি। অন্যথা সেই যুক্তিবাদৰ অবৈধতা অগ্ৰাহ্য কৰাত বাধা নাই।