সদস্য:JBDVIJASDVI/আপোনাৰ গৰজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

'আপোনাৰ গৰজ' (shifting the) Burden of proof এক যুক্তি-বিভ্ৰাট যেতিয়া যুক্তিবাণৰ এনে এক প্ৰয়োগ হয় যত আন এক বিভ্ৰাট হোজাৰ সত্যনিষ্ঠাক সাৰোগত কৰি অথবা লক্ষ্য কৰি উপস্থাপিত অ-যথাযথ/বিভ্ৰান্তিকৰ/অপ্ৰমানিত/আত্মমতীয় তথ্যোক্তি শ্ৰুতা-প্ৰতিপক্ষক নিজে প্ৰমান কৰি সন্তোষ্ট হবলৈ বা পতীয়ন যাবলৈ এৰি দিয়া হয় কিন্তু তেনেস্থলত যুক্তিৰ প্ৰমানিকতা প্ৰতিষ্ঠাৰ বোজা বক্তাই নিজ গৰজত নিজে বহন কৰাহে বৌদ্ধিক-যুক্তিযুদ্ধত শুদ্ধ বিবেচিত।

প্ৰথমক্ষেত্ৰত এনে বিভ্ৰাট বক্তাৰ অজানিতে হব পাৰে আনহাতে দ্বিতীয় ক্ষেত্ৰত কোনো চতুৰবিদে এনে যুক্তিবাণ মাৰি কিবা দায়লুপ্তিৰ চেষ্টা কৰিব পাৰে। প্ৰতিপক্ষৰ চকুত ধৰা পৰিলে তেনে যুক্তিবাদ বা দায়লুপ্তি সম্পূৰ্ণ মান্যতাহীন ফলত অগ্ৰাহ্য হয় বা হব যেতিয়ালৈকে বক্তাই প্ৰমানৰ বোজা নিজে বহন কৰি তাক প্ৰতিষ্ঠা নকৰে।