সদস্য:JBDVIJASDVI/খাইনে পিন্ধে

অসমীয়া ৱিকিপিডিয়াৰ পৰা

'খাইনে পিন্ধে'[ভাল অনুবাদ লাগে] { False dilemma (false dichotomy, fallacy of bifurcation, black-or-white fallacy)} একপ্ৰকাৰ যুক্তি-বিভ্ৰাট যি এনে এক অৱস্থাক বুজাই বা এনে এক অৱস্থাৰ সৃষ্টি কৰে যেতিয়া সন্মুখত কেৱল এক সীমিত সংখ্যক (দুটা) বিকল্পহে খোলা থাকে বা দাঙি ধৰা হয় আৰু আটাইকেইটাই (দুয়োটাই) দৰাচলতে সঠিক প্ৰতিকাৰ নহয় বা সঠিক সিদ্ধান্তত উপনীত হবলৈ নিদিয়ে। এই অৱস্থাত অতি কমেও আৰু এটা বিকল্প নিশ্ছয়কৈ থাকে যাক জানি বুজি উহ্য কৰা হয় বা অজানিতে কেতিয়াবা চকুত নপৰে। যুক্তিবাদত এনে যুক্তিবাণৰ প্ৰয়োগৰ ফলত হোজা লোকে কোনো এটা বিকল্প গ্ৰহন কৰি ধৰাশায়ী হয় কিয়নো হোজাৰ সত্যনিষ্ঠ মানে সন্মুখত যি কেৱল নিদিষ্ট সংখ্যক বিকল্প দেখে তাৰ বাহিৰে অন্য কোনো বিকল্প অথবা মধ্যমাৱস্থান থাকিব পাৰে বুলি জ্ঞাত নহয়।

অবশ্যে আন এক বিভ্ৰাট 'মাংগলিক মধ্যমাৱস্থান'[ভাল অনুবাদ লাগে] Argument to moderation (false compromise, middle ground, fallacy of the mean, argumentum ad temperantiam)ক উক্ত বিভ্ৰাটৰ বিপৰীত বুলি কব পাৰি যত যিকোনো দুই উপস্থাপিত যুক্তি অগ্ৰাহ্য কৰি চতুৰবিদে[ভাল অনুবাদ লাগে] মধ্যমাৱস্থান লোৱাতোকে সদায় মংগলজনক বা সঠিক বুলি ভাবে। তৰ্কত প্ৰতিপক্ষই মাংগলিক মধ্যমাৱস্থান গ্ৰহন কৰিলে সেয়া সুবিধাবাদী চৰিত্ৰৰ পৰিচায়ক হব পাৰে।

আৰু পঢ়ক[সম্পাদনা কৰক]