সদস্য:JBDVIJASDVI/বিশেষজ্ঞৰ বিশেষ অজ্ঞতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

'বিশেষজ্ঞৰ বিশেষ অজ্ঞতা'ৰ ( False authority (single authority)) (Argument from authority) ওপৰত আধাৰিত যুক্তিবাণ এক যুক্তি-বিভ্ৰাট। দৰাচলতে কোনো বিষয়ৰ বিশেষজ্ঞৰ বিশেষজ্ঞতা বা তেৰাসৱৰ তথ্যোক্তি যিকোনো তৰ্কত এক শক্তিশালী যুক্তিবাণ হব পাৰে। ই বিভ্ৰাট হব যেতিয়া কেৱল তেনে এক তথ্যোক্তি মাত্ৰক আশ্ৰয় কৰি প্ৰতিপক্ষৰ কোনো উপস্থাপিত যুক্তিক খণ্ডন কৰিবলৈ লোৱা হয়। বিশেষজ্ঞজন যদিও সৰ্বসাধাৰণ ৰাইজতকৈ তেওঁৰ পাৰদৰ্শিতালিৰ ক্ষেত্ৰখনত ৰায় দিয়াৰ বাবে অধিক যোগ্য, তথাপিতো তেওঁৰো কেতিয়াবা ভুল হব পাৰে , মতত পক্ষপাতদুষ্টালি, অসতালি থাকিব পাৰে বা তেওঁৰ মত গোট্ভাৱনাৰ চিকাৰ হব পাৰে। এনে সম্ভাৱনাবোৰ থকাৰ বাবেই সত্য-প্ৰতিষ্ঠাৰ্থে বিশেষজ্ঞৰ মতবাদ সাধাৰণতে বিশ্বস্ণীয় নহয়।

লেটিন ভাষাত argumentum ad verecundiam য়ে এই বিভ্ৰাটকে অন্য এক ধৰণে প্ৰকাশ কৰে। লেটিন শব্দ verecundia ৰ অৰ্থ লাজ বা ভদ্ৰতা । যেতিয়া প্ৰতিপক্ষ কোনো ক্ষেত্ৰত বিশেষজ্ঞ নহয় , যদিওবা একেবাৰে অজ্ঞও নহয় , তেতিয়া কোনো চতুৰবিদে তাহাঁতৰ ওচৰত বৰ বৰ বিশেষজ্ঞৰ মত দাঙি ধৰি বা নিজেও কোনো সমাজৰ মূধাফুটা বিশেষজ্ঞ হোৱাৰ যুক্তিবাণ মাৰি তাহাঁতৰ মনত লাজৰ সৃষ্টি কৰিবলৈ বিচাৰে যাতে ইন্দ্ৰৰ সভাত ফেচাঁৰ উৰূলি হোৱাৰ সংশয়ত সিহঁতে মাত মাতবলৈ বা সেই সংক্ৰান্তত অন্য যুক্তিবাণ মাৰিবলৈ কুন্ঠাবোধ কৰে।

মনোবিজ্ঞানত এছ্ছ্ ইফেক্ট ( Asch conformity experiments ) ত এনে যুক্তি-বিভ্ৰাটকে দৰ্শোৱা হৈছে । সৰ্বসাধাৰণ লোকসকলে প্ৰায়ে সমাজৰ মূধাফুটা লোকসকল বা সংখ্যাগুৰু সকলে সমৰ্থন কৰা বা প্ৰদৰ্শন কৰা কোনো ভুল আচাৰ-সিদ্ধান্তকো আকোঁৱালি লয় যদিও তেওঁলোক সেই আচাৰ-সিদ্ধান্তত থকা বিভ্ৰাটক স্পষ্ট ভাৱে দেখা পাবলৈ বা উপলব্ধি কৰিবলৈ সক্ষম । অৰ্থাত এই অৱস্থাত সৰ্বসাধাৰণ এনে যুক্তি-বিভ্ৰাটত আক্ৰান্ত হয়।