সদস্য:JBDVIJASDVI/মই জনাটো এইযে

অসমীয়া ৱিকিপিডিয়াৰ পৰা


'মই জনাটো এইযে' Confirmation bias (also called confirmatory bias or myside bias) যুক্তিবাণ এনে এক বিভ্ৰাট যেতিয়া কোনো বিচাৰত বক্তাই নিজে জনাটোক, নিজ বিশ্বাস বা অনুকল্পনা (Hypothesis) সমূহক একাৰ্থত আত্মমতক সমৰ্থন কৰিব পৰা তথ্য সমূহহে বিচাৰি ফুৰে বা তেনে কোনো তথ্যসম্ভাৰ পালে সেইখিনিক হাঁহে গাখীৰ খোৱাদি খাই তেওঁৰ উক্ত উদেশ্য সাধনাৰ্থে বুজিবলৈ আৰু বুজাবলৈ ইচ্ছা কৰে।

মানুহে যেতিয়া কোনো বিষয় সন্দৰ্ভত উপস্থাপিত ভিন্ন তথ্যসমূহ নিৰপেক্ষ ভাৱে বিচাৰ কৰিবলৈ গৈ অজানিতে বা উদেশ্যপ্ৰনোদিত ভাৱে নিজে মনত আগতীয়াকৈ পুহি ৰাখা ধাৰণা সমূহ সিদ্ধ হোৱাকৈ লগা লাগতিয়াল তথ্যকেইটাহে বাচি বাচি গ্ৰহণ কৰে , উল্লেখ কৰে বা স্মৰণ কৰে তেতিয়াই এই বিভ্ৰাট সংঘটিত হয়।

নিজৰ মনত গভীৰ ভাৱে সোমাই থকা কিছুমান বিশ্বাস অথবা কিছুমান আৱেগসৰ্বশ্ব বিষয় বিচাৰ কৰাৰ সময়ত মানুহ এই বিভ্ৰাটত সততে আক্ৰান্ত হয় । তাৰ ফলত কিছুমান সন্দেহজনক বা ধূষৰ সাক্ষ্যকো নিজপক্ষৰ কিঞ্চিত সমৰ্থনত ব্যৱহাৰযোগ্যযেন দেখিলে তাকে কৰিবলৈ ধৰে।

পক্ষপাতদুষ্ট বিচাৰ-খোঁচাৰ, বাখ্যা আৰু স্মৰণক প্ৰবৃতি আৰু দৃষ্টিভংগীৰ মেৰুসৃষ্টি (Attitude polarization) ( যেতিয়া একে খিনি সাক্ষ্যৰ ওপৰতে ভিন্নপক্ষৰ মাজত মতপাৰ্থক্য গভীৰ হবলৈ ধৰে) , গভীৰাস্থাৰ অমিয় জোঁকাৰ (Belief perseverance) ( সাক্ষ্যসূত্ৰৰ তাঁৰ চিঙি যোৱাৰ পিচটো মনত কোনো বিশ্বাসৰ প্ৰতিধ্বনি ৰৈ যোৱা) , প্ৰাৰম্ভিক তথ্যত বাৎসল্যভাৱ (Irrational primacy effect ) ( যেতিয়া প্ৰথমে পোৱা তথ্যক বেছি মৰম কৰা হয়) আৰু বিভ্ৰান্তিকৰ সমন্ধসাধন (Illusory correlation)( যেতিয়া কোনো দুই কিবাৰ মাজত সমন্ধ আছে বুলি ভুলতে ধৰা হয়) আদি পৰিঘটনাৰ কাৰণ-বিচাৰ কৰিবলৈ উত্থাপন কৰিব পাৰি। আত্মমত সমৰ্থনৰ এনে ইচ্ছাই মানুহৰ সিদ্ধান্ত পক্ষপাতদুষ্ট কৰি তোলে। মোৰ মন যায় ভাৱ (Wishful thinking), তথ্যবিশ্লেষনত অসমৰ্থতা বা পৰিসীমিত সমৰ্থতায়ো মানুহক এই বিভ্ৰাটৰ বশৱৰ্তী কৰি তোলে। তদুপৰি নিজৰ যুক্তি মিছা প্ৰমানিত হোৱাৰ লোকলজ্জা আৰু লোকচানৰ প্ৰতি লক্ষ্য কৰিও কেতিয়াবা মানুহে মই জনাটোকে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি থাকে যত মানুহজনে নিৰপেক্ষভাৱে বৈজ্ঞানিক দৃষ্টিভংগীৰে তদন্ত কৰাটোহে যুক্তিযুক্ত আছিল।

চৰমাৱস্থাত মই জনাটো এইযে ভাৱে ব্যক্তিগত স্থিতি-বিশ্বাসক মইজান্তা (overconfidence) মনোভাৱলৈ পৰিনমিত কৰি পেলাই যেতিয়া মানুহে কোনো বিপৰীত সাক্ষ্যৰ অৱস্থিতিকো আওকাণ কৰি নিজস্থিতি-বিশ্বাসত দৃঢ়তা বজাই ৰাখে। মানুহৰ আত্মমত সমৰ্থনৰ এনে প্ৰৱনতা সমূহৰ বাবে ৰাজনৈতিক ক্ষেত্ৰ , চৰকাৰী অথবা বনিক সংস্থাদিত অপসিদ্ধান্ত হোৱা দেখা যায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]