সদস্য:JBDVIJASDVI/মাংগলিক মধ্যমাৱস্থান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

'মাংগলিক মধ্যমাৱস্থান' Argument to moderation (false compromise, middle ground, fallacy of the mean, argumentum ad temperantiam) যুক্তিবাদত এনে এক বিভ্ৰাট যেতিয়া কোনো প্ৰশ্ন-প্ৰমেয় ,সত্যাসত্য , ঘটনা-পৰিঘটনা-বিশ্বাস, নিয়মাচাৰৰ বিচাৰকে আদি কৰি যিকোনো কিবাৰ স্হিতিপ্ৰতিষ্ঠা, কাৰক-বিচাৰ, সমিধান অথবা ভেদ-ভঙ্গ কৰিবলৈ গৈ সেইমৰ্মে উপস্হাপিত বা সন্মুখীন হোৱা বিপৰীতমুখী দুই চৰম সম্ভাৱনা বা বিবেচ্যক পোনচাতেই নুই কৰি মাজৰে কিবা এটা হয় বুলি অথবা মাজৰে নৰম স্থানত অৱস্থান কৰাতোকে সদায় মংগলজনক বা সঠিক বুলি যুক্তি দিয়া হয়। আন এক বিভ্ৰাট খাইনে পিন্ধে এই বিভ্ৰাটৰ বিপৰীত বুলিব পাৰি যেতিয়া এনে কোনো বিভ্ৰান্তিকৰ অৱস্থাত কোনো তৃতীয় বিকল্প বা মধ্যমাৱস্থান নুই কৰা হয় বা কৰিবলৈ প্ৰতিপক্ষক আহ্বান জনোৱা হয়।

যিকোনো তৰ্কত কোনোপক্ষই মাংগলিক মধ্যমাস্থান গ্ৰহন কৰিলে সেয়া সুবিধাবাদী চৰিত্ৰৰ পৰিচায়ক হব পাৰে।