সদস্য:Jadab2018/পৰীক্ষাগাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

যমুনা টুডু এগৰাকী ভাৰতীয় পৰিৱেশ কৰ্মী। প্ৰথমে তেওঁ আৰু আন পাঁচগৰাকী মহিলাই তেওঁৰ গাঁৱৰ ওচৰত অবৈধভাৱে গছ কটা কাৰ্য ৰোধ কৰিছিল। আৰু এই কাৰ্যই পিছলৈ এটা সংগঠনলৈ সম্প্ৰসাৰিত হৈছিল। ঝাৰখণ্ডৰ টিম্বাৰ মাফিয়া আৰু নক্সালসকলৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁক ‘লেডী টাৰ্জান’ বুলি কোৱা হয়।[1]

তেওঁ ঝাৰখণ্ডৰ নিজৰ গাঁৱৰ ওচৰত অবৈধভাৱে গছ কটা ৰোধ কৰাৰ বাবে গঠন কৰা “ভান সুৰক্ষা সমিতি’ৰো প্ৰতিষ্ঠাপক।[2][3]

প্ৰাথমিক জীৱন[সম্পাদনা কৰক]

১৯৮০ চনৰ ১৯ ডিচেম্বৰত ভাৰতৰ ওড়িশা ৰাজ্যৰ ময়ুৰভঞ্জৰ ৰাইৰাংপুৰ নামৰ ঠাইত যমুনা টুডুৰ জন্ম হৈছিল।[4] ১৮ বছৰ বয়সত তেওঁ ধনু-কাঁড় লৈ বনাঞ্চল ৰক্ষাৰ বাবে যুঁজিবলৈ সিদ্ধান্ত লয় আৰু কাঠৰ মাফিয়াসকলৰ বিৰুদ্ধে যুঁজাৰ লগতে আৰু মাফিয়াবোৰক বিচাৰি উলিয়াই তেওঁলোকৰ বিষয়ে পুলিচক খবৰ দিছিল।[5]

সৰুৰে পৰা প্ৰকৃতিকৰ প্ৰতি আত্মীয়তা অনুভৱ কৰা যমুনা টুডুৰ প্ৰকৃতি ৰক্ষাৰ অভিযান আৰম্ভ হৈছিল ১৯৯৮ চনৰ পৰাই। পৰৱৰ্তী সময়ত যমুনাই বিয়াৰ পিছত চাকুলীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মুতুৰ্খাম গাঁৱৰ শাহুৱেকৰ ঘৰত উপস্থিত হয়। সেই সময়ত বন মাফিয়াই নিৰ্বিচাৰে মুতুৰ্খাম গাঁৱৰ সমীপৰ হাবিত গছ কাটিছিল। নিজৰ ঘৰৰ দুৱাৰৰ পৰা দেখা পোৱা হাবিখনৰ এই অৱস্থা দেখি যমুনাই গছবোৰ বচোৱা আৰু জংঘল মাফিয়াক এসেকা দিবলৈ সিদ্ধান্ত ল’লে, ইয়াৰ পিছত এই প্ৰক্ৰিয়াটো ধাৰাবাহিকভাৱে চলি থাকিল। যমুনাক এই সকলোবোৰ কৰিবলৈ নিজৰ পৰিয়ালে বাধা দিছিল যদিও গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি হাবিখন বচাবলৈ যমিনা অভিযানত নামি পৰিল। বহু সময়ত তেওঁলোকক ভয়াৱহ আক্ৰমণৰো বলি হৈছিল,[6] কিন্তু যমুনাই কেতিয়াও হাৰ নামানিলে আৰু বনাঞ্চলখন বচাবলৈ গ্ৰহণ কৰা সিদ্ধান্তইহে বেছি গুৰুত্ব পালে।[7][8]

তুডুৱে তেওঁৰ গাঁৱৰ ওচৰত অবৈধভাৱে গছ কটা ৰোধ কৰিবলৈ আন পাঁচগৰাকী মহিলাৰ সৈতে "ভান সুৰক্ষা সমিতি' গঠন কৰে আৰু পৰৱৰ্তী সময়ত ইয়াৰ সম্প্ৰসাৰণ ঘটে।[9][10][11]

বঁটা[সম্পাদনা কৰক]

২০১৪ চনত যমুনা টুডু গডফ্ৰে ফিলিপছ সাহসিকতা বঁটাৰে সন্মানিত হয়। তেওঁ ২০১৭ চনৰ উইমেন ট্ৰেন্সফৰ্মিং ইণ্ডিয়া বঁটা বিজয়ী আছিল। আৰু ২০১৯ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী সন্মানেৰে টুডু সন্মানিত হয়। টুডুৱে ২০২০ চনত ঘোষণা কৰিছিল যে তেওঁ আৰু চামি মুৰ্মুৱে ঝাৰখণ্ডৰ বনাঞ্চল ৰক্ষাৰ বাবে একত্ৰিত হ’ব লাগিব। সংবাদ মাধ্যমত দুয়োকে লেডী টাৰ্জান বুলি কোৱা হৈছিল। চামি মুৰ্মুৰ সংস্থাত ৩,০০০ সদস্য আছে আৰু তেওঁলোকে একেলগে কিছু সহযোগিতা বিচাৰি পোৱাৰ আশা কৰিছে।[21]

মন কি বাত[সম্পাদনা কৰক]

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কি বাত অনুষ্ঠানত টুডুৰ কামৰ শলাগ লৈ কয় যে যমুনা টুডুৱে কাঠৰ মাফিয়া আৰু নক্সালবাদীৰ পৰা লোহা সংগ্ৰহ কৰাৰ দুঃসাহসিক অভিযান চলাইছিল। কেৱল ৫০ হেক্টৰ অৰণ্যক বিধ্বস্ত হোৱাৰ পৰা ৰক্ষা কৰাই নহয়, ১০ হাজাৰ মহিলাকো একত্ৰিত কৰি গছ-গছনি আৰু বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ প্ৰেৰণা যোগাইছিল। আজি গাঁৱৰ মানুহে সন্তানৰ জন্মত ১৮ জোপা গছ আৰু ছোৱালীৰ বিয়াত ১০ জোপা গছ ৰোপণ কৰাটো অতি গৌৰৱৰ কথা।[15]

References[সম্পাদনা কৰক]

  1. "Lady Tarzan ready for bigger challenge". www.telegraphindia.com. https://www.telegraphindia.com/jharkhand/lady-tarzan-ready-for-bigger-challenge/cid/1742339. 
  2. "Meet Padma Shri Jamuna Tudu: ‘Lady Tarzan’ Of Jharkhand Forests". KalingaTV. 30 January 2019. https://kalingatv.com/features/meet-padma-shri-jamuna-tudu-lady-tarzan-of-jharkhand-forests/. 
  3. Mohan, Shriya. "She came, she saw, she saved" (en ভাষাত). @businessline. https://www.thehindubusinessline.com/blink/know/she-came-she-saw-she-saved/article9978036.ece#. 
  4. "Bollywood discovers Chakulia’s Lady Tarzan". www.telegraphindia.com. https://www.telegraphindia.com/jharkhand/bollywood-discovers-chakulias-lady-tarzan/cid/1695706. 
  5. "Independence Day: इन 5 आदिवासी महिला कार्यकर्ताओं ने उठाई बुलंद आवाज, 'आजादी' के सही अर्थ से कराया रूबरू". News18 India. https://hindi.news18.com/news/lifestyle/independence-day-2020-these-five-tribal-women-activists-raised-loud-voice-got-aware-of-the-true-meaning-of-freedom-pur-3203770.html. 
  6. "How a tribal woman took on a forest mafia and won". OnManorama. https://www.onmanorama.com/lifestyle/women/2017/11/05/tribal-woman-jamuna-tudu-fought-forest-mafia.html. 
  7. "Lady Tarzan Jamuna Tudu who takes on timber mafia". Indian Express. 12 November 2017. https://indianexpress.com/article/india/lady-tarzan-jamuna-tudu-who-takes-on-timber-mafia-4934084/। আহৰণ কৰা হৈছে: 26 January 2019. 
  8. "जंगल बचेगा तो पृथ्वी सुरक्षित रहेगा : यमुना टुडू" (hi ভাষাত). livehindustan.com. https://www.livehindustan.com/jharkhand/ghatsila/story-jungle-will-survive-if-earth-will-be-safe-yamuna-tudu-2520514.html. 
  9. "Padma Awards". Padma Awards ,Government of India. https://padmaawards.gov.in/PDFS/2019AwardeesList.pdf। আহৰণ কৰা হৈছে: 25 January 2019. 
  10. "Jamuna Tudu and her team protect the jungle around her village from the forest mafia". Srijani Ganguly. India Today. 22 November 2017. https://www.indiatoday.in/lifestyle/people/story/jamuna-tudu-van-suraksha-samiti-team-protect-jungle-deforestation-mathurgham-jharkhand-lifest-1091769-2017-11-22। আহৰণ কৰা হৈছে: 30 January 2019. 
  11. "Women Transforming India Awards 2017: Meet the 12 incredible winners who transformed India". Financial Express. 29 August 2017. https://www.financialexpress.com/india-news/women-transforming-india-awards-2017-meet-the-12-incredible-winners-who-transformed-india/831531/। আহৰণ কৰা হৈছে: 30 January 2019. 
  12. "झारखंड की चार हस्तियों को पद्मश्री पुरस्कार" (hi ভাষাত). Dainik Jagran. https://www.jagran.com/jharkhand/ranchi-four-people-of-jharkhand-padma-shri-award-18892707.html. 
  13. "Women Transforming India - Jamuna Tudu". https://niti.gov.in/sites/default/files/2018-12/Women-Transforming-India-2017-Awardees.pdf। আহৰণ কৰা হৈছে: 16 August 2020. 
  14. "This Tribal Lady & Her Band Saved 50 Hectares of Forests for 20 Years!". The Better India. 6 November 2017. https://www.thebetterindia.com/120193/this-tribal-lady-and-her-band-of-women-saved-50-hectares-of-forests-for-20-years/. 
  15. "मन की बात कार्यक्रम में झारखंड की जमुना टू डू के द्वारा किए गए कार्यों की सराहना". http://newstodayjharkhand.com/%E0%A4%AE%E0%A4%A8-%E0%A4%95%E0%A5%80-%E0%A4%AC%E0%A4%BE%E0%A4%A4-%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%AE-%E0%A4%AE%E0%A5%87%E0%A4%82-%E0%A4%9D%E0%A4%BE/. 

[1]সাঁচ:Padma Shri Award Recipients in Social Work