সদস্য:Joli Rumi/সুদেষ্ণা সিন্হা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুদেষ্ণা সিন্হা
বাসস্থান ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ অৰৈখিক পদাৰ্থ বিজ্ঞান
কৰ্মস্থান গাণিতিক বিজ্ঞান প্ৰতিষ্ঠান, চেন্নাই , ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, মোহালী
শিক্ষানুষ্ঠান ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, কানপুৰ
উল্লেখনীয় বঁটা বি এম বিৰলা বঁটা
দাম্পত্যসঙ্গী কপিল হৰি পৰঞ্জপে
সতি-সন্ততি শ্ৰুতি পৰঞ্জপে

সুদেষ্ণা সিন্হা (ইংৰাজী: Sudeshna Sinha) মোহালীৰ ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপিকা আৰু সহ সঞ্চালক[1]চেন্নাইৰ গাণিতিক বিজ্ঞান প্ৰতিষ্ঠান (Institute of Mathematical Sciences) ত এক দশকৰো অধিক কাল কাৰ্যনিৰ্বাহ কৰিছিল। সিন্হাৰ গৱেষণাৰ মূল ক্ষেত্ৰ হ'ল অৰৈখিক পদাৰ্থ বিজ্ঞান (nonlinear physics)। তেওঁৰ 'কেঅ'ছ-বেছড' হাৰ্ডৱেৰ (তথাকথিত " কেঅ'ছ কম্পিউটিং ")ৰ ওপৰত কৰা কামৰ ভিত্তিকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেঅ'লজিক্স কোম্পানীয়ে বাণিজ্যিকভাৱে বিকশিত কৰি আছে। [2]

শিক্ষা[সম্পাদনা কৰক]

সিনহাই ১৯৮৫ চনত কানপুৰৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা বিজ্ঞানত স্নাতকোত্তৰ (পদাৰ্থ বিজ্ঞানত পাঁচ বছৰীয়া সংহত কাৰ্যসূচী) লাভ কৰে।[3] ১৯৯০ চনত তেওঁ মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।[4]

কৰ্মজীৱন[সম্পাদনা কৰক]

সিনহাই ১৯৯৪ ত বেংগালুৰুৰ Indian Institute of Astrophysics (IIA) ৰ ৰীডাৰ হিচাপে যোগ দি কৰ্মজীৱন আৰম্ভ কৰে।[5] ১৯৯৬ চনত তেওঁ চেন্নাইৰ গাণিতিক বিজ্ঞান প্ৰতিষ্ঠান (Institute of Mathematical Sciences) ত ফেল'ৰূপে যোগ দিয়ে। পৰৱৰ্তীকালত সেই প্ৰতিষ্ঠানতে ৰীডাৰ আৰু অধ্যাপিকা পদত প্ৰায় এটা দশক কাৰ্য্যনিৰ্বাহ কৰে। ২০১০ চনৰ পৰা বৰ্তমানলৈকে সিনহাই মোহলীৰ ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপিকা হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আহিছে।[6]

তেওঁৰ গৱেষণাৰ ক্ষেত্ৰসমূহৰ ভিতৰত অৰৈখিক গতিবিদ্যা (Nonlinear Dynamics), বিশৃংখলতা, জটিল ব্যৱস্থা (Chaos and Complex Systems), নেটৱৰ্ক আৰু গণনা আদি প্ৰধান।[7] তেওঁ এআইপি জাৰ্নেল 'কেঅ'ছ: এণ ইন্টাৰডিচিপ্লিনেৰী জাৰ্নেল অৱ ননলিনিয়াৰ চাইন্স (Chaos: An Interdisciplinary Journal of Nonlinear Science)ৰ সম্পাদিকা [8] আৰু কমিউনিকেচনছ ইন ননলিনিয়াৰ চাইন্স এণ্ড নিউমেৰিকেল চিমুলেচন (Communications in Nonlinear Science and Numerical Simulation)ৰ সহযোগী সম্পাদিকা [9] তাৰোপৰি তেওঁ বিভিন্ন গৱেষণা পত্ৰিকা যেনে 'Pramana - Journal of Physics' [10] আৰু Indian Journal of Physics আদিৰ সম্পাদনা কমিটিৰো সদস্য।[11]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

সিনহাৰ কপিল হৰি পৰঞ্জপে (Kapil Hari Paranjape) ৰ সৈতে বিবাহিত। পৰঞ্জপে মোহালীৰ ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ গণিতৰ অধ্যাপক ৷

বঁটা[সম্পাদনা কৰক]

  • ৱৰ্ল্ড একাডেমী অৱ চাইন্সেছৰ নিৰ্বাচিত ফেলো , ২০১৮ [12]
  • জে চি বছ নেচনেল ফেল'শ্বিপ (২০১৫) [13]
  • ২০১৪ চনত ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী , নতুন দিল্লীৰ ফেলো নিৰ্বাচিত [14]
  • ২০১০ চনত ভাৰতীয় বিজ্ঞান একাডেমী , বাংগালুৰুৰ ফেলো নিৰ্বাচিত [15]
  • পদাৰ্থ বিজ্ঞান ক্ষেত্ৰত অসাধাৰণ মৌলিক অৱদান আগবঢ়োৱাৰ স্বীকৃতি ৰূপে ১৯৯৮ চনত পদাৰ্থ বিজ্ঞানৰ বি এম বিৰলা বঁটাৰে সন্মানিত [16]
  • ১৯৯৫-২০০০ চনৰ ভিতৰত ইটালীৰ ট্ৰাইষ্টৰ আন্তৰ্জাতিক তাত্ত্বিক পদাৰ্থ বিজ্ঞান কেন্দ্ৰৰ সহযোগী সদস্য
  • ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি, কানপুৰৰ পৰা সাধাৰণ দক্ষতা বঁটা (১৯৮৫): "বছৰৰ বাবে স্নাতকোত্তৰ ডিগ্ৰী (পদাৰ্থ বিজ্ঞানৰ পাঁচ বছৰীয়া সংহত কাৰ্যসূচী)ৰ শ্ৰেষ্ঠ আউটগোয়িং ছাত্ৰ"ক প্ৰদান কৰা হয়।
  • ৰাষ্ট্ৰীয় প্ৰতিভা অনুসন্ধান বৃত্তি, ১৯৭৮-১৯৮৫

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. https://web.iisermohali.ac.in/dept/physics/Sudeshna_Sinha.html
  2. "IAS - Women in Science". http://www.ias.ac.in/womeninscience/sudeshna.html#86। আহৰণ কৰা হৈছে: 6 April 2014. 
  3. "Notable Alumni of IIT Kanpur". http://www.iitk.ac.in/dora/alumni-profile. 
  4. "Curriculum Vitae". https://web.iisermohali.ac.in/dept/physics/Sudeshna_Sinha.html. 
  5. https://web.iisermohali.ac.in/dept/physics/Sudeshna_Sinha.html
  6. "Faculty listing". http://www.iisermohali.ac.in/faculty/dps/sudeshna. 
  7. "Publications". https://scholar.google.co.in/citations?user=yc87OXUAAAAJ&hl=en. 
  8. "Chaos: An Interdisciplinary Journal of Nonlinear Science". https://aip.scitation.org/cha/info/editors. 
  9. "Communications in Nonlinear Science and Numerical Simulation". https://www.journals.elsevier.com/communications-in-nonlinear-science-and-numerical-simulation/editorial-board. 
  10. "Pramana - Journal of Physics". https://www.ias.ac.in/Journals/Pramana_%E2%80%93_Journal_of_Physics/Editorial_Board. 
  11. "Indian Journal of Physics". https://www.springer.com/journal/12648/editors. 
  12. "Fellowship of The World Academy of Sciences (TWAS)". https://twas.org/directory/sinha-sudeshna. 
  13. "J C Bose National Fellowship". http://www.serb.gov.in/pdfs/Results/Results_JCB-SEPT-15-Website%20-Upload.pdf. 
  14. "Fellowship of Indian National Science Academy". http://insaindia.res.in/detail/P15-1700. 
  15. "Fellowship of Indian Academy of Sciences". https://www.ias.ac.in/describe/fellow/Sinha,_Prof._Sudeshna. 
  16. "Birla Prize". https://www.isro.gov.in/update/18-dec-2001/b-m-birla-science-awards-announced. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]