সদস্য:LR Saikia/জৈৱ প্রযুক্তিবিদ্যা
জৈৱ
জৈৱ প্রযুক্তিবিদ্যা
[সম্পাদনা কৰক]জৈৱ প্রযুক্তিবিদ্যা (Biotechnology): জৈৱ প্রযুক্তিবিদ্যা বা বায়’টেক্নল’জি শব্দটো 1919 চনত প্রথমে ব্যৱহাৰ কৰিছিল হাঙ্গেৰিৰ কার্ল এৰর্কে (Karl Ereky) নামৰ বিজ্ঞানীজনে। চল’মন আৰু বেৰিৰ (1995) মতে জীৱিত জীৱৰ পৰা মানৱ জাতিৰ কল্যাণৰ কাৰণে প্রয়োজনীয় বস্তু উৎপাদনৰ প্রক্ৰিয়াকে জৈৱ প্রযুক্তিবিদ্যা বোলা হয়। প্রাচীন কালৰ পৰাই মানুহে নিজৰ প্রয়োজন পূৰাবলৈ নানা ধৰণৰ জৈৱ প্রযুক্তি ব্যৱহাৰ কৰি আহিছে। 1970 ৰ দশকৰ পিছৰ সময়তহে আধুনিক জৈৱ প্রযুক্তি বিজ্ঞানৰ বিকাশ হোৱা বুলি কোৱা হয়। 1. প্রাচীন জৈৱ প্রযুক্তিসমূহ: (i) পাউৰুটি তৈয়াৰ কৰা উদ্যোগসমূহত ইষ্ট নামৰ ভেকুঁৰৰ ব্যৱহাৰ। (ii) দৈ, মাখন, পনিৰ আদি তৈয়াৰ কৰিবলৈ বেক্টেৰিয়াৰ ব্যৱহাৰ। (iii) পতঙ্গই আক্ৰমণ কৰা কৃষিভূমিত পতঙ্গভোজী প্রাণী এৰি দি নাশক পতঙ্গৰ জৈৱিক নিয়ন্ত্ৰণ। (iv) বিভিন্ন ধৰণৰ মদ, পনীয় আৰু জৈৱসাৰ উৎপাদনত জৈৱ প্রযুক্তিৰ প্রয়োগ। 2. আধুনিক জৈৱ প্রযুক্তিসমূহ: (i) জৈৱ গেছৰ ব্যৱহাৰ। (ii) মাছৰ প্রণোদিত প্রজনন। (iii) নিদিষ্ট কিছুমান অণুজীৱৰ পৰা পেনিচিলিন, টেৰামাইচিন ইত্যাদি প্রতিজৈৱিক ঔষধৰ উৎপাদন। (iv) গুটিবিহীন আৰু সহজতে পচন নোহোৱা ফল-মূলৰ উৎপাদন। (v) সংকৰণ পদ্ধতিৰে নানা প্রকাৰৰ উৎপানক্ষম শস্য আৰু ফল-মূলৰ উৎপাদন। এইবোৰৰ উপৰিও আধুনিক জৈৱ প্রযুক্তিবিদ্যাৰ জৰিয়তে কৃত্ৰিম ভাবে উদ্ভিদ আৰু প্রাণীকোষৰ জিনীয় সজ্জা সলনি কৰি লোৱা হয়। এই প্রক্ৰিয়াত একপ্রকাৰ কোষৰ DNAৰ পৰা পৰা নির্বাচিত আৰু উপযোগী অংশ কাটি উলিওৱা হয়। ইয়াৰ পিছত কাটি উলিওৱা DNAৰ অংশখিনি উপযোগী বুলি বিবেচিত কিছুমান বাহক জীৱৰ (Vector) বিশেষকৈ অণুজীৱৰ প্লাজমিড বা ফাজৰ DNA ৰ লগত জোৰা দি নতুন সংকৰ DNA ৰ সৃষ্টি কৰা হয় আৰু ইয়াক ৰিকম্বিনেন্ট DNA (Recombinant DNA/rDNA) বোলা হয়। অর্থাৎ কোনো বহিৰাগত DNA আৰু বাহক DNA সংযুক্ত হৈ যি নতুন সংকৰ DNA ৰ সৃষ্টি হয় তাকে ৰিকম্বিনেন্ট DNA বোলা হয়। জিনীয় অভিযন্ত্ৰণো এক প্রকাৰৰ জৈৱ প্রযুক্তি য’ত মানুহে জিনীয় পদার্থবোৰৰ কটা-চিগা, প্রত্যাৰোপন আৰু সংবর্ধন কৰে। ৰিকম্বিনেন্ট DNA বোৰ DNA পুনর্গঠন কাৰিকৰী কৌশল পদ্ধতিৰ (Recombinant DNA Technology) দ্বাৰা বহিৰাগত জিন প্রাণী বা উদ্ভিদৰ কোষৰ জিনমত সুমুৱাই দি বংশান্তৰিতকৰণ কৰা হয়। DNA অণুবোৰৰ আনৱিক আকাৰ উৎসেচকৰ আনৱিক আকাৰতকৈ ডাঙৰ কিয়নো উৎসেচকবোৰ সাধাৰণতে প্রটিন আৰু DNA ৰ সৰু অংশৰ পৰাহে প্রটিন সংশ্লেষণ হয়। 11.1. জৈৱ প্রযুক্তিবিজ্ঞানৰ সংজ্ঞা (Definition of Biotechnology): ইউৰোপিয়ান ফেডাৰেচন অফ বায়’টেক্নলজিয়ে (European Federation of Biotechnology) আগবঢ়োৱা জৈৱ প্রযুক্তিবিজ্ঞানৰ সংজ্ঞাটো হ’ল “জৈৱ-ৰাসায়নিক বিজ্ঞান, জীৱাণু বিজ্ঞান আৰু জিনীয় অভিযন্ত্ৰণৰ সংহতি প্রণয়নৰ দ্বাৰা সূক্ষ্ম জীৱৰ বা সংবর্ধিত কলাৰ নাইবা জীৱৰ কোনো অংশৰ সক্ষমতাক প্রযুক্তিবিদ্যা ব্যৱহাৰ কৰি সাফল্য লাভ কৰাকে জৈৱ প্রযুক্তিবিজ্ঞান বোলা হয়। জৈৱ প্রযুক্তিবিজ্ঞানৰ সংজ্ঞাটোৰ লগত দুটা কাৰক জড়িত হৈ আছে। ইয়াৰে প্রথমটো হ’ল জৈৱিক অভিকর্ত্তাৰ (Biological agent) প্রয়োগ আৰু দ্বিতীয়টো হ’ল মানৱ কল্যাণৰ বাবে ব্যৱহৃত উৎপাদিত সামগ্রী নাইবা পৰিচর্যা। 11.2. জৈৱ প্রযুক্তিবিজ্ঞানৰ মূলনীতি (Principles of Biotechnology): জীৱ প্রযুক্তিবিজ্ঞানৰ মূলত দুটা কার্যকৰী দিশ আছে যাৰ ওপৰত ভিত্তি কৰি ইয়াৰ প্রসাৰণ আৰু কৃতকার্যতা বৃদ্ধি পাইছে। এই দিশ দুটা হ’ল – 1. জিনীয় অভিযন্ত্ৰণ (Genetic Engineering): কৃত্ৰিম ভাবে নতুন জিন সংশ্লেষণ নাইবা কোনো ক্ৰ’ম’জমৰ পৰা প্রয়োজনীয় জিন পৃথক কৰি অন্য কোনো জীৱৰ জিনমত স্থানান্তৰণ, অথবা ক্ৰূটিপূর্ণ জিনক আণৱিক স্তৰত সংশোধন কৰা প্রক্ৰিয়াকে জিনীয় অভিযন্ত্ৰণ বোলা হয়। সংক্ষিপ্তকৈ কবলৈ গ’লে নতুন জিনৰ সমন্বয়ত পুনৰগঠিত DNA (Recombinant DNA or rDNA) সৃষ্টি কৰি অন্য জীৱত কার্যকৰী ভাবে স্থানান্তৰ কৰাকে জিনীয় অভিযন্ত্ৰণ বোলা হয়। Lisa Yount, 1967 ৰ মতে কৃত্ৰিম ভাবে জিনৰ সংশ্লেষণ, জিনৰ বিশুদ্ধিকৰণ, জীৱ কোষত স্থানান্তৰণ, জিনমত অন্তর্ভূক্তি আৰু কৃতকার্যতাৰ সতে অন্তর্ভূক্ত জিনৰ প্রতিলিপিকৰণৰ পর্যবেক্ষণ আদি কামবোৰ জিনীয় অভিযন্ত্ৰণৰ অন্তর্ভূক্ত। জিনীয় অভিযন্ত্ৰণৰ জৰিয়তে জীৱৰ জিনমত নতুন জিন সংযোজন কৰা হয় বা কোনো অপ্রয়োজনীয় জিনক আতঁৰোৱা হয় বা মেৰামতি কৰি অধিক উপযোগীবিশিষ্ট নতুন জীৱ সৃষ্টি কৰা হয়। মানুহৰ DNA ৰ নিউক্লিয়’টাইডৰ গড় আনৱিক ভৰ হ’ল 136.86। মানৱ জিনম প্রকল্পৰ জৰীপ অনুসৰি মানুহৰ জিনমত 6×109 টা নিউক্লিয়’টাইড থাকে। গতিকে মানুহৰ জিনমৰ DNA ৰ আনৱিক ভৰ হ’ল 6×109×130=784.56×109 গ্রাম/মল। 2. ৰাসায়নিক অভিযন্ত্ৰণ (Chemical Engineering): প্রয়োজনীয় সূক্ষ্ম জীৱাণু বা প্রকোষকেন্দ্রীয় কোষ, যিবোৰৰ পৰা প্রতিজৈৱিক, চিটা, উৎসেচক, ঔষধ, হৰমন আদি বহুল ভিত্তিত উৎপাদন কৰা হয় সেইবোৰ সংবর্ধন কৰোতে যাতে অশুদ্ধি হব নোৱাৰে তাৰ বাবে যি ৰাসায়নিক সংসাধনৰ ব্যৱস্থা কৰা হয় তাকে ৰাসায়নিক অভিযন্ত্ৰণ বোলা হয়। 11.3. জিনীয় অভিযন্ত্ৰণৰ মূলনীতিৰ ধাৰণাত্মক বিকাশ (Conceptual Development of the Principles of Genetic Engineering): জিনীয় অভিযন্ত্ৰণৰ সূত্ৰ বেক্টেৰিয়াৰ দুটা বস্তুৰ আৱিস্কাৰৰ ওপৰত ভিত্তি কৰি প্রতিষ্ঠিত হৈছে। যেনে - 1. বেক্টেৰিয়াৰ ক্ৰম’জমত থকা DNA ৰ অনুকৃত্যায়নৰ উপৰিও ইয়াত থকা প্লাজমিডৰো একেলগে অনুকৃত্যায়ন হয়। 2. ৰেষ্ট্রিকচন এনজাইমবোৰে (Restriction Enzymes) যি বেক্টেৰিয়াৰ পৰা সংগ্রহ কৰা হয় সেই বেক্টেৰিয়াটোৰ নামৰ লগত সংগতি ৰাখি ইয়াৰ নামকৰণ কৰা হয়। যেনে – EcoR I, EcoR II, Hind II ইত্যাদি। এই এন্জাইম দুই প্রকাৰৰ যেনে – এণ্ডনিউক্লিয়েজ (Endonuclease) আৰু এক্স’নিউয়েজ (Exonuclease)। এণ্ডনিউক্লিয়েজে DNA ৰ অংশবিশেষত বিচ্ছেদ ঘটাব পাৰে। সেয়েহে এইবোৰক আণৱিক কেচি নাইবা জৈৱিক কেচি (Molecular scissor or Biological scissor) বুলি কোৱা হয়। আনহাতে এক্স’নিউক্লিয়েজে DNA ৰ মূৰৰ পৰা নিউক্লিয়’টাইডৰ একোটা ক্ৰমক বিচ্ছিন্ন কৰে। 1972 চনতে পল বার্গে (Paul Berg) জিনীয় অভিযন্ত্ৰণৰ কাম আৰম্ভ কৰিছিল। তেঁও SV-40 ভাইৰাছৰ এটা জিন লেম্ডা ফাজ বেক্টেৰিয়াৰ দেহত প্রতিস্থাপন কৰিছিল। এওঁক এই কামৰ বাবে 1980 চনত নবেল বটা প্রদান কৰা হৈছিল আৰু এওঁকেই জিনীয় অভিযন্ত্ৰণৰ জনক (Father of Genetic Engineering)। 11.4. প্রথম ৰিকম্বিনেন্ট DNA ৰ সৃষ্টি আৰু আৱিস্কাৰ (Formation of First Recombinant DNA): কোহেন আৰু ব’য়েৰে (Cohen and Boyer) 1972 চনত প্রথমতে ৰিকম্বিনেন্ট DNA প্রস্তুত কৰি উলিয়াইছিল। তেওঁলোকে প্রতিজৈৱিক ৰোধী (antibiotic resistance) এটুকুৰা বহিৰাগত জিন বা DNA ৰ অংশ চালম’নেলা টাইফিমুৰিয়াম (Salmonella typhimurium) নামৰ বেক্টেৰিয়াৰ প্লাজমিডত সুমুৱাই দিছিল। এইদৰে ৰূপান্তৰিত প্লাজমিডবোৰ পিছত E. coli বেক্টেৰিয়াৰ দেহত সুমুৱাই দি ৰিকম্বিনেন্ট DNA ৰ ক্ল’ন (Clone) কৰা হৈছিল। 11.5. জিনীয় অভিযন্ত্ৰণৰ কৌশল (Technique of Genetic Engineering): জিনীয় অভিযন্ত্ৰণৰ কৌশলক তিনিটা ভাগত ভগাব পাৰি যেনে – (A) ৰিকম্বিনেন্ট DNA ৰ সৃষ্টি (Formation of Recombinant DNA or rDNA), (B) জিন ক্লনিংৰ ব্যৱহাৰ (Use of Gene Cloning) আৰু (C) জিনৰ স্থানান্তৰণ (Gene Transfer)। (A) ৰিকম্বিনেন্ট DNA ৰ সৃষ্টি (Formation of Recombinant DNA or rDNA): যদি DNA ৰ এটা টুকুৰা অন্য এটা বহিৰাগত জীৱত সংস্থাপন কৰা হয় তেন্তে এই টুকুৰাটোৱে অনুকৃত্যায়ন হবলৈ সুবিধা নেপাব। কিন্তু টুকুৰাটো যদি আনুবংশিক পদার্থৰ লগত অন্তর্ভূক্তি কৰি দিয়া হয় তেন্তে পোষক DNAৰ অনুকৃত্যায়নৰ লগে লগে অন্তর্ভূক্তি কৰি দিয়া DNA ৰ টুকুৰাটোৰো সংখ্যাবৃদ্ধি হ’ব যিহেতু অন্তর্ভূক্তি হোৱা DNA খিনি বহিৰাগত পোষক জীৱটোৰ ক্ৰম’জমৰ সৈতে অনুকৃত্যায়িত হ’ব। ৰিকম্বিনেন্ট DNA হ’ল প্রকৃততে সংকৰ DNA; য’ত দুটা পৃথক জীৱৰ জিনক সংযুক্তকৰণ কৰা হয়। ৰিকম্বিনেন্ট DNA প্রস্তুত কৰা প্রক্রিয়াটোক ৰিকম্বিনেন্ট DNA প্রযুক্তিবিদ্যা (Recombinant DNA technology) বোলা হয়। এইখিনি কাম পৰীক্ষানলীৰ ভিতৰত কৰা হয়। ৰিকম্বিনেন্ট DNA প্রযুক্তিবিদ্যাত আকাংক্ষিত জিনটো, উদাহৰণ স্বৰূপে ইনচুলিন জিনটো E. coli বেক্টেৰিয়াৰ প্লাজমিডৰ লগত সংযুক্ত কৰি দিয়া হয়। এতিয়া এই বেক্টেৰিয়াটোক কোৱা হ’ব ৰিকম্বিনেন্ট বেক্টেৰিয়া। তাৰ পাছত বেক্টেৰিয়াবোৰক সংবর্ধন হবলৈ দিয়া হয়। বেক্টেৰিয়াৰ সংবর্ধনৰ লগে লগে ইনচুলিন জিনৰ সংখ্যাও অনুকৃত্যায়নৰ দ্বাৰা বৃদ্ধি পাব । ইয়াকে জিন ক্লনিং বোলা হয়। এনেদৰে প্রস্তুত কৰা ৰিকম্বিনেন্ট বেক্টেৰিয়াক সংবর্ধন কৰি ইহতে সংশ্লেষণ কৰা ইনচুলিন হৰমন মানুহৰ শৰীৰত ব্যৱহাৰৰ কৰা হয়।
</gallery> </gallery>