সদস্য:Misramrinalkumar

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ই–আলোচনী মণিকূট ( http://monikut.com )

মণিকূট। এখন মাল্টিমেডিয়া ৱেব আলোচনী। এক ৰোমাঞ্চকৰ পদক্ষেপ। ২০১৮ চনৰ ১৫ আগষ্টত অসমৰ শিক্ষা আৰু সাংস্কৃতিক ৰাজধানী পাঠশালাৰ পৰা জন্ম হয় অসমীয়া ই–আলোচনী মণিকূট। দুমহীয়া এই ই-আলোচনীখন নিয়মীয়াকৈ ওলাই থাকি আজিলৈ নটা সংখ্যা প্ৰকাশ হৈছে। প্ৰতিটো সংখ্যাৰ সম্পাদকীয় তলত দিয়া হৈছে।



First Editorial 15-8-2018 ( Link : http://monikut.com/?p=1818 )

মণিকূট। এখন ৱেব আলোচনী। এক ৰোমাঞ্চকৰ পদক্ষেপ। আপোনাৰ পকেটত আমাৰ “মণিকূট”। এক দীৰ্ঘ পৰিকল্পনাৰ ফচল। আপুনি বাচত গৈ আছে, ৰেলষ্টেচনত ৰৈ আছে, পাৰ্কত কাৰোবাৰ অপেক্ষাত অপেক্ষাৰত আপুনি। আপোনাৰ আমনি লাগিছে নেকি? হয়, আপুনি ঠিকেই অনুমান কৰিছে, আপুনি নিজে গম নোপোৱাকৈয়ে আপোনাৰ এইখিনি সময়ত সংগ দিবলৈ মই ৰৈ আছোঁ আপোনাৰ লগতে। মইয়েই “মণিকূট”, এখন ৱেব আলোচনী। আপুনি এগৰাকী ভাল পঢ়ুৱৈ, আপুনি ভিন্নৰসৰ গল্পৰ সোৱাদ ল’বলৈ সদায় উৎকৰ্ণ হৈ থাকে। আহক মোৰ বুকুৰ মাজলৈ। মইযে আপোনাৰ বাবেই অপেক্ষাৰত। আপুনি প্ৰৱন্ধ পাতি পঢ়িবলৈ আগ্ৰহী, সেইটোও জানোঁ। বিভিন্ন বিষয়ৰ তথ্যসমৃদ্ধ প্ৰৱন্ধ-পাতি আপোনাৰ বাবেই যুগুত কৰি ৰাখিছোঁ মোৰেই বুকুত কেৱল আপোনাৰ বাবে। কেবল পঢ়ি যাওক। আপুনিতো কবিতা ৰসিক আছিল। এতিয়াও আওৰাইনে ভাল লগা কবিতাৰ পংক্তি? অন্তৰ শাত পৰি যোৱাকৈ? আপুনি গুণগুণাই পঢ়িবলৈ এক ডজন কবিতাৰে সজাই তুলিছোঁ আমি মণিকূটৰ কবিতাৰ পদূলি, আপোনাৰ বাবে, মাথো আপোনাৰ বাবে। আৰু যে কত কি? ইতিহাস হ’বলৈ ওলোৱা স্মৰণীয় ব্যক্তিৰ বৈচিত্ৰ্যময় জীৱন গাঁঁথাৰে জীপাল কৰি তুলিছোঁ মণিকূটৰ চোতাল, যিয়ে অনুপ্ৰেৰণাৰে উদ্বুদ্ধ কৰি তুলিব পাৰে আপোনাৰ মন, মগজু, সমগ্ৰ সত্বা। আৰু আছে সম্ভাৰ আপোনাৰ বাবে। কবিতা আবৃত্তিৰ মধুৰ ঝংকাৰেৰে অনুভৱৰ স্বৰ, ব্যক্তিত্বৰ সৌৰভত জিলিকি উঠা মহানজনৰ সৈতে মুখামুখি শিতানত উভতি চাব বিচৰা ছন্দোবদ্ধ জীৱনৰ এৰাবোটলা ইত্যাদি ইত্যাদি। আপুনি ভাল পোৱা সকলো সম্ভাৰেৰে এয়া আমাৰ মণিকূট, আমাৰ অসামান্য প্ৰচেষ্টা, আপুনি পঢ়ি সুখী হ’লে তাতেই আমাৰ আনন্দ, আমাৰ সাৰ্থকতা, আমাৰ প্ৰাপ্তি। মানৱ ইতিহাসৰ পৰিবৰ্তনৰ যাত্ৰাত যিসমূহ আৱিষ্কাৰে গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে, সেইসমূহৰ ভিতৰত ছপাযন্ত্ৰৰ আৱিষ্কাৰে মানৱৰ উত্তৰণৰ অন্যতম চালিকা শক্তি হিচাপে স্বীকৃত হৈ ৰ’ব। গ্ৰন্থৰ প্ৰচলনৰ ফলত মানুহৰ জ্ঞান চকু মুকলি হ’ল আৰু সিয়েই সভ্যতাৰ উত্তৰণৰ ক্ষেত্ৰত মানুহক দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ সাহস আৰু শক্তি যোগালে । গ্ৰন্থৰ ইতিহাস অতি পুৰণি। ছপাযন্ত্ৰৰ আৱিষ্কাৰক গুটেনবাৰ্গে ১৪৫৫ খ্ৰীষ্টাব্দত লেটিন ভাষাত বাইবেল প্ৰকাশ কৰি ছপাগ্ৰন্থৰ শুভাৰম্ভণি ঘটায়। গ্ৰন্থ প্ৰকাশৰ সমান্তৰালভাৱে বাতৰি কাকত আৰু আলোচনীসমূহেও মানৱ ইতিহাসৰ উত্তৰণত বিশেষভাবে অৱদান আগবঢ়াবলৈ সক্ষম হৈছে বুলি আমি ন দি ক’ব পাৰোঁঁ। ১৭৭১ খ্ৰীষ্টাব্দত জাৰ্মানীৰ পৰা প্ৰকাশিত The Gentleman’s Magazine নামৰ আলোচনীখনেই প্ৰথম ছপা আলোচনী হিচাপে স্বীকৃত। তাৰ পিছত আলোচনী সাহিত্যই আৰু পিছলৈ উভতি চাবলগীয়া হোৱা নাই। বিগত আঢ়ৈশ বছৰত এই আলোচনীসমূহৰ বুকুতে প্ৰস্ফূটিত হৈছে অসংখ্য কালজয়ী সৃষ্টি, গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ, আত্মজীৱনী যিবিলাক পৰৱৰ্তী সময়ত সংকলিত হৈ পৰিগ্ৰহ কৰিছে গ্ৰন্থৰ ৰূপ, কালজয়ী সাহিত্য, বেষ্টছেলাৰ ইত্যাদি ইত্যাদি। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভাৱনীয় উত্তৰণৰ ফলস্বৰূপে কুৰি শতিকাত আমি লাভ কৰিবলৈ সক্ষম হ’লোঁঁ ছপা আলোচনীৰ এক অভিনৱ বিকল্প “ৱেব আলোচনী”। অন্য অৰ্থত ৱেব আলোচনী আজিৰ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে সময়ৰ দাবী। আপোনাৰ পকেটত থকা স্মাৰ্ট ফোনটোত নাইবা হাতত থকা লেপটপটোত এটা ইউ আৰ এল টাইপ কৰি ক্লিক কৰিলেই আপোনাৰ চকুৰ সন্মুখত হাজিৰ হ’বহি আপুনি মনে বিচৰা নিৰ্দিষ্ট ৱেব আলোচনীখন — “মণিকূট”। হিয়া উজাৰি পঢ়ক আপোনাৰ প্ৰিয় সাহিত্যৰে সমৃদ্ধ ৱেব আলোচনীখনৰ প্ৰতিটো পৃষ্ঠা স্থান, কাল নিৰ্বিশেষে। আহক, ছপা আলোচনীৰ এই অভিনৱ বৈকল্পিক যাত্ৰাত এগৰাকী পঢ়ুৱৈ হিচাপে আপুনিও আমাৰ এই যাত্ৰাপথৰ সহযোগী হৈ আমাক উৎসাহিত কৰাৰ লগতে অনুপ্ৰেৰণা যোগাওক। পৰবৰ্তী সংখ্যাত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে — উৎপল শৰ্মা, সম্পাদক


2nd Editorial : 16-10-2018 ( Link : http://monikut.com/?p=1814 )


মণিকূট’ৰ প্ৰস্তাৱনা সংখ্যাটিৰ অভাৱনীয় জনপ্ৰিয়তাই স্বাভাৱিকতে আমাৰ মণিকূট পৰিয়ালক অধিক উৎসাহিত কৰি তুলিছে । আজি পৰ্যন্ত তেৰ হাজাৰৰো অধিক পঢ়ুৱৈয়ে আমাৰ এই ৱেব আলোচনীখনৰ মুখ্যপৃষ্ঠাত ভুমুকি মাৰি প্ৰতিটো শিতানত চকু ফুৰাই আলোচনীখনৰ প্ৰতি যি আগ্ৰহ তথা সদিচ্ছা প্ৰদৰ্শন কৰিলে, তাৰবাবে সদৌটি পঢ়ুৱৈ ৰাইজলৈ মণিকূট পৰিয়ালৰ তৰফৰ পৰা জনাইছোঁ আমাৰ হিয়াভৰা কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ । আমি স্বাভাৱিকতে আশাবাদী হৈ পৰিছোঁ এই বুলি যে অসমৰ ৱেব আলোচনীৰ ইতিহাসত মণিকূটে নিশ্চিত ভাৱে এক দৃঢ় পদক্ষেপেৰে ইয়াৰ শুভাৰম্ভনি ঘটাবলৈ সক্ষম হৈছে । এইকথা পুনৰবাৰ দোহৰাৰ প্ৰয়োজন নাই যে ই সম্ভৱ হৈ উঠিছে একমাত্ৰ আপোনালোকৰ সহযোগিতা তথা আমাৰ প্ৰতি দেখুওৱা অকুন্ঠ মৰমৰ বাবে । লগতে এই কথা উল্লেখ কৰি থোৱা ভাল যে আৰম্ভণি পৰ্বৰ এই সফলতাই আমাৰ দায়বদ্ধতা বহুগুণে বৃদ্ধি কৰিছে আৰু এই কথা মনত ৰাখি আমি আমাৰ পৰবৰ্তী সংখ্যাসমূহ আপোনালোকলৈ নিবেদন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম । আমাৰ এই দায়বদ্ধতা তথা আত্মবিশ্বাস আৰু আপোনালোকৰ মৰম তথা সদিচ্ছাই হ’ব আমাৰ পৰবৰ্তী সংখ্যাসমূহৰ বাবে প্ৰকৃত মূলধন । ৱেব আলোচনী ‘মণিকূট’ এক ৰোমাঞ্চকৰ পদক্ষেপ । এক দীৰ্ঘ পৰিকল্পনাৰ ফচল। আপুনি বাচত গৈ আছে, ৰেলষ্টেচনত ৰৈ আছে, পাৰ্কত কাৰোবাৰ অপেক্ষাত অপেক্ষাৰত আপুনি। আপোনাৰ আমনি লাগিছে নেকি? হয়, আপুনি ঠিকেই অনুমান কৰিছে, আপুনি নিজে গম নোপোৱাকৈয়ে আপোনাৰ এইখিনি সময়ত সংগ দিবলৈ মণিকূট ৰৈ আছে আপোনাৰ লগতে ,আপোনাৰ পকেটত । আপুনি এগৰাকী ভাল পঢ়ুৱৈ, আপুনি ভিন্নৰসৰ গল্পৰ সোৱাদ ল’বলৈ সদায় উৎকৰ্ণ হৈ থাকে। আপুনি প্ৰৱন্ধ পাতি পঢ়িবলৈ আগ্ৰহী, সেইটোও জানোঁঁ। বিভিন্ন বিষয়ৰ তথ্যসমৃদ্ধ প্ৰৱন্ধ-পাতি আপোনাৰ বাবেই যুগুত কৰি ৰাখিছোঁ মণিকূটৰ বুকুত কেৱল আপোনাৰ বাবে। কেবল পঢ়ি যাওক। আপুনিতো কবিতা ৰসিক আছিল। এতিয়াও আওৰাইনে ভাল লগা কবিতাৰ পংক্তি? অন্তৰ শাত পৰি যোৱাকৈ? আপুনি গুণগুণাই পঢ়িবলৈ দেৰকুৰিৰো অধিক কবিতাৰে সজাই তুলিছোঁঁ আমি মণিকূটৰ কবিতাৰ পদূলি, আপোনাৰ বাবে, মাথো আপোনাৰ বাবে। আৰু যে কত কি? ইতিহাস হ’বলৈ ওলোৱা স্মৰণীয় ব্যক্তিৰ বৈচিত্ৰ্যময় জীৱন গাঁঁথাৰে জীপাল কৰি তুলিছোঁঁ মণিকূটৰ চোতাল, যিয়ে অনুপ্ৰেৰণাৰে উদ্বুদ্ধ কৰি তুলিব পাৰে আপোনাৰ মন, মগজু, সমগ্ৰ সত্বা। আৰু আছে সম্ভাৰ আপোনাৰ বাবে। কবিতা আবৃত্তিৰ মধুৰ ঝংকাৰেৰে অনুভৱৰ স্বৰ, ব্যক্তিত্বৰ সৌৰভত জিলিকি উঠা মহানজনৰ সৈতে মুখামুখি শিতানত উভতি চাব বিচৰা ছন্দোবদ্ধ জীৱনৰ এৰাবোটলা ইত্যাদি ইত্যাদি। আপুনি ভাল পোৱা সকলো সম্ভাৰেৰে এয়া আমাৰ মণিকূট, আমাৰ অসামান্য প্ৰচেষ্টা, আপুনি পঢ়ি সুখী হ’লে তাতেই আমাৰ আনন্দ, আমাৰ সাৰ্থকতা, আমাৰ সৰ্বোচ্চ প্ৰাপ্তি। মানৱ ইতিহাসৰ পৰিবৰ্তনৰ যাত্ৰাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভাৱনীয় উত্তৰণৰ ফলস্বৰূপে কুৰি শতিকাত আমি লাভ কৰিবলৈ সক্ষম হ’লোঁঁ ছপা আলোচনীৰ এক অভিনৱ বিকল্প “ৱেব আলোচনী”। অন্য অৰ্থত ৱেব আলোচনী আজিৰ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে সময়ৰ দাবী। আপোনাৰ পকেটত থকা স্মাৰ্ট ফোনটোত নাইবা হাতত থকা লেপটপটোত এটা ইউ আৰ এল টাইপ কৰি ক্লিক কৰিলেই আপোনাৰ চকুৰ সন্মুখত হাজিৰ হ’বহি আপুনি মনে বিচৰা নিৰ্দিষ্ট ৱেব আলোচনীখন — “মণিকূট”। হিয়া উজাৰি পঢ়ক আপোনাৰ প্ৰিয় সাহিত্যৰে সমৃদ্ধ ৱেব আলোচনীখনৰ প্ৰতিটো পৃষ্ঠা স্থান, কাল নিৰ্বিশেষে। ছপা আলোচনীৰ এই অভিনৱ বৈকল্পিক যাত্ৰাত এগৰাকী পঢ়ুৱৈ হিচাপে আপুনিও আমাৰ এই যাত্ৰাপথৰ সহযোগী হৈ আমাক উৎসাহিত কৰাৰ লগতে অনুপ্ৰেৰণা যোগাওক। এয়া শাৰদীয় বতৰ । শৰৎ মাথোঁ এটা ঋতুৱেই নহয়, শৰৎ এক অনন্য অনুভূতি । নিয়ৰসনা দুবৰিৰ দলিছাত শেৱালিৰ চুমা, নীলিম আকাশত তুলবুল শুকুলা ডাৱৰৰ লুকাভাকু,দূৰণিৰ চাপৰিত ৰিব্ ৰিব্ মলয়াৰ পৰশত শুভ্ৰ কহুৱাৰ নাচোন,অ’ত ত’ত চতিয়ানা ফুলৰ তীব্ৰ গোন্ধ, ক্ৰমাৎ মিঠা মিঠা লাগিবলৈ ধৰা ৰ’দৰ আস্বাদন, চৌদিশে বৰ্ষামুক্ত এক ভাল লগা পৰিৱেশ । এই সীমাহীন নিৰ্মল বৈভৱেই হৈছে শৰতৰ প্ৰকৃত স্বৰূপ আৰু এই স্বৰূপৰ মাজতেই আমি বিচাৰি ফুৰো ঋতুৰ মাদকতা, জীয়াই থকাৰ আনন্দ ।শৰতৰ এই গভীৰ অনুভৱৰ ছন্দে ছন্দে একে সময়তে মানৱ প্ৰাণত জাগি উঠে শাৰদীয় দুৰ্গোৎসৱৰ মধুৰ আলোড়ন । সনাতন হিন্দু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ শাৰদীয় দুৰ্গোৎসৱ । দুৰ্গতিনাশিনী,অসুৰ বিনাশিনী মা দুৰ্গাদেৱীৰ পূজাৰে আমি কল্পনা কৰোঁ এক দুৰ্নীতিমুক্ত সমাজৰ, য’ত অসুৰৰূপী দুষ্টলোকৰ বিনাশ হৈ এখন সুন্দৰ নিকা সমাজ গঢ়ি উঠাৰ বাবে আশা কৰা যায় । আজি সমাজৰ চৌদিশে কেৱল অশান্তি, অসূয়া-অপ্ৰীতি,বিশ্বাসহীনতাৰ পৰিৱেশ । দুৰ্নীতি-অপৰাধৰ বিষবাস্পই ছানি ধৰিছে শৰতৰ নিৰ্মল আকাশ । এফালে আমি আদ্যাশক্তি মাতৃৰ পূজাৰ বেদীত পূষ্পাঞ্জলি নিবেদিছো আৰু আনফালে শুনিছোঁ নিৰ্যাতিতা মাতৃ-ভগ্নীৰ আৰ্ত চিঞৰ । আধুনিক সভ্যতা আজি কোনদিশে ধাৱমান ? এনেকৈ সভ্যতা বাচি থাকিবগৈনে ? এনেবোৰ প্ৰশ্নই আপোনাকো ছাগে’ আপোনাকো উদ্বিগ্ন কৰি ৰাখে প্ৰতিটো পল প্ৰতিনিয়ত । কাৰণ এইখন সমাজক বাসোপযোগী কৰি ৰখাৰ দায়িত্ব আজি আপোনাৰ – মোৰ হাততেই ন্যস্ত । সেয়েহে আহক শাৰদীয় উৎসৱৰ এই সুন্দৰ মুহূৰ্তত আমি আটায়ে মিলি পণ লওঁ — এখন সুন্দৰ শান্তিপূৰ্ণ নিকা সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত আমি প্ৰত্যেকে সামান্য হ’লেও বৰঙণি আগবঢ়াই আমাৰ সমাজখনক সকলোৰে বাবে বাসোপযোগী কৰি তোলো । শেষত আটাইলৈ শাৰদীয় দুৰ্গোৎসৱৰ প্ৰীতি শুভেচ্ছা জনাই পৰবৰ্তী সংখ্যাত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সামৰিছো । উৎপল শৰ্মা সম্পাদক



3rd Editorial : 16-12-2018 (Link : http://monikut.com/?p=2326 )

১) নৱবৰ্ষৰ প্ৰত্যাশা আৰু পৰিকল্পনা: নতুন বছৰ আহি আছে, গৈ আছে । আহি থাকিব, গৈও থাকিব । সম্প্ৰতি নতুন বছৰক আদৰাৰ যি উন্মাদনা,তালৈ চাই অনুভৱ হয়,যেন আমাৰ বাবে সাংঘাতিক কিবা এটা ভাল খবৰ আহিব এই বছৰটোতে ,তাৰেই প্ৰত্যাশা আৰু প্ৰতীক্ষাৰে আমি উন্মাদপ্ৰায় হৈ আছোঁ । সহৃদয় পঢ়ুৱৈসকলে মোৰ কথাষাৰ নেতিবাচক বুলি ভাবি নললে ভাল পাম । কথাষাৰ কৈছোঁ এই কাৰণে যে নতুনক আদৰাৰ এই উন্মাদনা অতি ইতিবাচক হ’লহেতেন যদিহে এই উন্মাদনা কেৱল খানা-পিনা, নাচ-গান আৰু আতচবাজী সৰ্বস্ব নহৈ এই একেই উদ্যমেৰে আমি পৰবৰ্তী সময়ত নতুন বছৰ বুলি আমাৰ কৰ্মস্পৃহা,দক্ষতা আৰু সৃজনীশীলতাক দুগুণ উৎসাহেৰে কামত লগাই নিজৰ লগতে দেশ তথা দহৰ সামগ্ৰিক বিকাশ সাধনত নিজকে ব্ৰতী কৰিব পাৰিলোঁহেতেন । কিন্তু হায় ! ইমান ধুমধামেৰে আদৰি লোৱা নতুন বছৰটো দুদিন বা তিনিদিন পিছত একেই গতানুগতিক দিনত পৰিণত হৈ পুনৰ এক পৰিকল্পনাবিহীন বছৰত পৰ্যবসিত হয় আমাৰ অতিকৈ হেপাঁহৰ নৱবৰ্ষটি । নৱবৰ্ষৰ কাকত আলোচনী বা বৈদ্যুতিন মাধ্যমত চেলিব্ৰেটিসকলৰ বছৰটোৰ বিশেষ পৰিকল্পনা সম্পৰ্কীয় লেখা বা অনুষ্ঠান চাই আমি আপ্লুত আৰু আহ্লাদিত হোৱাৰ বিপৰীতে এবাৰলৈও আমি নিজৰ আগন্তুক বছৰটোৰ বিশেষ পৰিকল্পনাসমূহ যুগুত কৰি লোৱাৰ বাবে চিন্তা-চৰ্চা কৰিছোনে ? পৰবৰ্তী বছৰটো সুন্দৰ তথা পৰিকল্পিতভাবে অতিবাহিত কৰাৰ বাবে চেলিব্ৰেটি হ’ব লাগে জানো ? অথচ তাকে কৰাৰ বিপৰীতে নাচ-গান,খানা-পিনা,আতচবাজীৰে নৱবৰ্ষ উদযাপন কৰি বছৰটোক আদৰণি জনোৱাৰ সাৰ্থকতাই বা ক’ত ? এই পৃথিৱীৰ সকলো মানুহেই একক আৰু অনন্য ।প্ৰত্যেক ব্যক্তিৰে কিবা নহয় কিবা ক্ষেত্ৰত এক অসাধাৰণত্ব থাকেই । মাত্ৰ আমি তাৰ সন্ধান কৰি বিচাৰি উলিয়াই সুপ্ৰয়োগ কৰিব নোৱাৰা কাৰণেই আমি সাধাৰণ হৈ থাকোঁ । গতিকে নতুন বছৰত আমি সংকল্প ল’ব নোৱাৰোনে যে আমাৰ ভিতৰত লুকাই থকা দক্ষতাখিনিৰ যথাযথ ৰূপায়ণ কৰি নতুন বছৰটোৰ লগতে আহি থকা বছৰবোৰ লগতে আমাৰ জীৱনটো লগতে পৰিয়াল, সমাজ তথা দেশৰ বাবে আমি সামান্য হ’লেও কিবা বৰঙণি আগবঢ়াই থৈ যাম । এনে ধৰণৰ পণ লোৱাৰ উপযুক্ত সময় এই নতুন বছৰ । লিখক,শিল্পী, বিষয়া,চিকিৎসক, স্থপতিবিদ ,উদ্যোগপতি,খেলুৱৈ ইত্যাদিসকলৰ দৰে আমিবোৰেও নতুন বছৰৰ বাবে সৰুকৈ হ’লেও কিছু সুন্দৰ,স্বচ্ছ আৰু সৰল পৰিকল্পনা যুগুত কৰি আহি থকা বছৰটোক ধুনীয়াকৈ উদযাপন কৰিবলৈ আশা কৰিব নোৱাৰোনে ? ২) অসমৰ পৰ্যটনৰ সম্ভাৱনাক সাকাৰ কৰাৰ সপোন: সেউজ আৰু সৌন্দৰ্যৰ আকৰ সৃষ্টিকৰ্তাৰ আশিসধন্য ভাৰতৰ পূৰ্বদিশৰ এইখন আমাৰ ৰূপহী অসম । যুগে যুগে জাকে জাকে দেশী-বিদেশী পৰ্যটকে অসমৰ সৌন্দৰ্য সুধা দৰ্শন কৰিবলৈ আহিয়েই আছে । সেই দৃষ্টিকোণৰ পৰা অসমত পৰ্যটন উদ্যোগৰ এক বিশাল সম্ভাৱনা লুকাই আছে । কিন্তু আমি অতি দুখ আৰু পৰিতাপেৰে লক্ষ্য কৰিছো যে আজিকোপতি অসমৰ পৰ্যটন উদ্যোগটো (উদ্যোগ বুলি ক’ব পৰা যায় জানো ?) অতি চালুকীয়া অৱস্থাতে ৰৈ আছে । এই ক্ষেত্ৰত চৰকাৰী উদ্যোগ তেনেই শামুকীয়া তথা পৰিকল্পনাবিহীন । সমস্ত সম্ভাৱনাৰ দহ শতাংশও যেন চৰকাৰে কাৰ্যত ৰূপায়ণ কৰিবলৈ সক্ষম হব পৰা নাই । কোটিটকীয়া চেলিব্ৰেটি আমদানি কৰি এখন বা দুখন ড’কুমেন্টৰী নিৰ্মাণৰ দ্বাৰা বিশ্বৰ চকুত অসমৰ পৰ্যটন উদ্যোগক দাঙি ধৰাৰ বৃথা প্ৰয়াসেৰে প্ৰকৃতাৰ্থত অসমৰ পৰ্যটন উদ্যোগৰ কেনেধৰণৰ বিকাশ সাধন কৰিব বিচৰা হৈছে সেয়াও এক বিচাৰ্য বিষয় । অন্যহাতে চৰকাৰক দোষ দি হাত সাবটি বহি থকা আমিবোৰেও এই ক্ষেত্ৰত কিবা চিন্তা চৰ্চা কৰিবলৈ মানসিক ভাবে প্ৰস্তুতনে ? ভালকৈ মন কৰিলে আমি প্ৰত্যেকেই অনুভৱ কৰিব পাৰিম যে আমাৰ ওচৰে পাজৰে এনে বহু সম্ভাৱনাপূৰ্ণ স্থান আছে, যিবোৰক কিছু পৰিকল্পনা আৰু কৰ্মসূচীৰে আমি এক সুন্দৰ পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ’ব পাৰোঁ । আমাৰ গাঁৱৰ নিবনুৱা যুৱক-যুৱতীসকলে চৰকাৰী কৰ্মহীনতাৰ দোহাই দি ইফালে সিফালে ঘূৰি পকি সময় অপচয় কৰাৰ পৰিবৰ্তে নিজৰ অঞ্চলত থকা এনেধৰণৰ সম্ভাৱনাপূৰ্ণ স্থানক পৰ্যটনস্থলী হিচাপে গঢ় দি নিজৰ লগতে সমাজখনৰ বাবে অপাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰিব । এই কথাত অকণো সন্দেহ নাই । এই ক্ষেত্ৰত অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ পৰা দিহা পৰামৰ্শ আৰু প্ৰশিক্ষণ লৈ কৰ্মক্ষেত্ৰত আগবাঢ়িলে ইয়েই নিয়োগ সৃষ্টিৰ লগতে অসমৰ বিভিন্ন ঠাইত পৰিত্যক্ত হৈ থকা বহুতো অখ্যাত স্থান ক্ৰমে বিখ্যাত পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিব পৰা যাব । নৱবৰ্ষ উপলক্ষে আপোনালোক সদৌটিলৈ আমাৰ ‘মণিকূট’ পৰিয়ালৰ তৰফৰ পৰা এই আবেদন ৰাখি নতুন বছৰটি সকলোৰে বাবে সুন্দৰ, সমৃদ্ধিশালী তথা সুখময় হোৱাৰ কামনাৰে সামৰিছো । ধন্যবাদেৰে — উৎপল শৰ্মা মৃণাল কুমাৰ মিশ্ৰ সম্পাদকদ্বয়


4th Editorial : 16-02-2019 ( Link : http://monikut.com/?p=3036 )

‘মণিকূট’ গৈ পঢ়ুৱৈৰ স্ক্ৰীণত জিলিকি উঠাৰ সময়ত ফাগুনৰ পছোৱাজাকে সকলোৰে গা-মন ৰাই-জাই কৰিব নিশ্চয় । প্ৰেয়সীৰ আচল উৰুৱাই নিয়া এই ফাগুনৰ বতৰতে মনবোৰ উৰুঙা উৰুঙা লাগে আপোনাৰো । ফাগুনে মায়া সানে সকলোৰে হৃদয়ে হৃদয়ে । আকাশত পলাশ-শিমলু- মদাৰৰ জুই ৰঙা ফুল । সুদূৰত ধূলিৰে ধূসৰ দিগন্তৰ সীমনা । অদূৰত কুলিৰ মৌসনা মিঠা মাতত বসন্তৰ আগলি বতৰা । গছৰ ডালত কুহিপাতৰ ভুমুকি । চৌদিশে ফুল ফুলাৰ মেলা । মৌমাখিৰ গুণগুণনিত বসন্তৰ অনুভৱ। বসন্ত মানেই যেন নৱযৌৱনা ধৰিত্ৰী , সম্ভাৱনাৰ বিস্তীৰ্ণ পাহাৰ । বসন্তৰ এই মায়াসনা বতৰতে কলীয়া গোসাঁয়ে ধৰাধামলৈ নামি আহি আবীৰৰ ৰঙেৰে আমাৰ মনবোৰ জীপাল কৰি তোলেহি । ‘প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ’ — বুলি আধ্যাত্মিকতাৰ গভীৰ ৰসক ৰঙীন আবীৰৰ ৰূপত আমাৰ মাজত সিচি দিয়েহি । এয়াই ফাগুন, এয়াই বসন্ত । ৰঙৰ উৎসৱত নিজকে বিলাই দিয়াৰ অনুভৱ ফাগুনে দিয়েহি আনি হৃদয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে । প্ৰকৃতিৰ এই বৈভৱৰ স’তে একাত্ম হৈ ক্ষণিকৰ বাবে হ’লেও আমি পাহৰি যাবলৈ বিচাৰোঁ আজিৰ আধুনিক জীৱনে আনি দিয়া মানুহৰ দুখ-অশান্তি,যন্ত্ৰণা-ক্লেশ ইত্যাদিবোৰক । আহক, বসন্তৰ এই মনোমোহা বতৰত আমাৰ মাজত থকা সকলো ধৰণৰ অসূয়া-অপ্ৰীতি,ভেদাভেদ পৰিহাৰ কৰি এক ভাতৃত্বৰ বান্ধোনেৰে আমি আটায়ে একগোট হোৱাৰ দৃঢ় সংকল্প গ্ৰহণ কৰোঁ । ফাগুন মাহ বাবেই পলাশ – মদাৰ – শিমলুৰ জুই বৰষা ৰূপৰ মাধুৰী দশোদিশে। বতাহেও কয় কাণে কাণে – এয়া ঋতু পৰিৱৰ্তনৰ সময়। ফাগুণে কঢ়িয়াই আনিছে বসন্ত ঋতুৰ বতৰা। ফাগুণৰ বোকোচাত উঠি চ’তে প্ৰৱেশ কৰিব হোলিৰ বতৰা লৈ। পুলকিত হৈ উঠিব মন-প্ৰাণ। প্ৰকৃতিৰ ঋতু পৰিৱৰ্তনৰ এই সন্ধিক্ষণত “মণিকূট”ৰ চোতালতো বসন্তৰ আগজাননী পৰিস্ফুট হৈছে। এয়া তেনেই স্বাভাৱিক। লেখকৰ কলমত ঋতুৰ বতৰাই নিশ্চিত ভাবে প্ৰভাৱ পেলাবই। আমিনো কোন – তাত বাধা দিওতা ! বৰ্তমানৰ ডিজিটেল যুগৰ লগত ফেৰ মাৰি অসমীয়া ভাষাৰ চৰ্চা আগবঢ়াই নিবলৈ কৰা এক ক্ষুদ্ৰ প্ৰচেষ্টাৰ অংশ আছিল ‘মণিকূট’ নামৰ এই মাল্টিমেডিয়া অসমীয়া ইউনিকোডত লেখা ৱেব আলোচনীখনৰ জন্ম। জন্ম লগ্নৰে পৰা আমাৰ এই প্ৰচেষ্টা কিমানদূৰ সফল হৈছে সেয়া আপোনালোক পঢ়ুৱৈ সকলে বিচাৰ কৰিব। কিন্তু আমাৰ এই নিৰ্ভেজাল প্ৰচেষ্টাৰ যতি পৰিবলৈ নিদিয়াকৈ আগবঢ়াই নিবলৈ আমি বদ্ধপৰিকৰ। সামাজিক মাধ্যমৰ যোগেদি কলম হাতত তুলি লৈ নিজৰ সৃষ্টিশীলতা জীয়াই ৰখা এচাম লেখকৰ আন্তৰিক সঁহাৰিক সাৰথি কৰি আমি আগবাঢ়িছিলো আৰু আমি আজি গৌৰৱেৰে কব পৰা হৈছোঁ যে লেখকৰ বাবে মাধ্যম কোনো বাধা হ’ব নোৱাৰে। উপযুক্ত সৃষ্টিয়ে ডিজিটেল মাধ্যমতেই হওক বা ছপা মাধ্যমতেই হওক, পঢ়ুৱৈৰ সমাদৰ লভিবই। মণিকূটত প্ৰকাশিত প্ৰতিটো লেখাৰ মাজতেই এই কথাটোৰ সত্যতা প্ৰতীয়মান হৈ আহিছে। সেয়েহে মণিকূট প্ৰাঙ্গণ আমি মুকলিকৈ ৰাখিছোঁ – অসমীয়া ভাষাক মনে-প্ৰাণে শ্ৰদ্ধা কৰি ডিজিটেল মাধ্যমৰ মাজেৰে সাহিত্য চৰ্চা কৰা প্ৰতিজনলৈ। অসমীয়া ইউনিকোডৰ বহুল ব্যৱহাৰৰ দ্বাৰা অসমীয়া ভাষাৰ সম্প্ৰসাৰণত নিশ্চিত ভাবে বৰঙণি যোগাব পাৰি বুলি আমি অনুভৱ কৰোঁ। তেনে এক উদ্দেশ্য আগত ৰাখিয়েই মণিকূটৰ শাৰদীয় সংখ্যাত এক গল্প আৰু প্ৰৱন্ধ প্ৰতিযোগিতাৰ আহ্বান জনোৱা হৈছিল। নবীন প্ৰবীণ সকলোৰেই বাবে মুকলি থকা এই প্ৰতিযোগিতাৰ বাবে অহা লেখাৰ সঁহাৰিয়ে আমাক উৎসাহিত কৰি তুলিছে। আমি আশাবাদী, অসমীয়া ভাষাৰ প্ৰসাৰত কোনো বাধাই হেঙাৰ হ’ব নোৱাৰে। সাম্প্ৰতিক সময়ৰ অসমৰ পৰিস্থিতিয়ে স্বাভাৱিক ভাবেই সকলোকে উদ্বিগ্ন কৰি ৰাখিছে। প্ৰতিজন খিলঞ্জীয়া অসমীয়া আৰু অসমীয়া ভাষী লোকৰ মনত এক স্বাভাৱিক সংশয়ে গ্ৰাস কৰিছে – নাগৰিকত্ব সংশোধনী বিধেয়ক’২০১৬ ৰ জৰিয়তে অসমত নাগৰিকত্ব লভা লোকসকলৰ বাবে অসমত অসমীয়া ভাষীৰ সংখ্যা হ্ৰাস পাব। আনহাতে এই বিধেয়কখন সমৰ্থন কৰা সকলৰ মতে তেনে আশংকাৰ কোনো ভিত্তি নাই। নতুনকৈ কোনোৱেই আহি অসমীয়া ভাষাৰ বাবে বিপদ কঢ়িয়াই নানে। নানা মুনিৰ নানা মতত আমি সৰ্বসাধাৰণ বিভ্ৰান্ত। কিন্তু সকলো ৰাজনীতিৰ উৰ্ধত এটা কথা সকলোৱেই মানিব, জাতিৰ বাবে ভাষাই হ’ল মুখ্য পৰিচয়। আৰু এই ভাষাৰ সংকট দেখিলে তাক সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰতিহত কৰিবলৈ সকলোৱেই আগবাঢ়ি আহিবই লাগিব। তাৰ কোনো বিকল্প নাই। প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু ভূপেনদাই ভাৰতৰত্ন সন্মান পোৱা খবৰটোৱে অসমবাসীক উৎফুল্লিত কৰি তুলিছে। অসমীয়াৰ বহু দিনৰ দাবী আছিল, ভূপেনদাই ভাৰতৰত্ন সন্মান পাব লাগে। অৱশেষত সেই সন্মান আহিল ভূপেনদালৈ মৰণোত্তৰ ভাবে। ৰাজ্য খনৰ সামগ্ৰিক উত্তাল পৰিস্থিতিৰ মাজতেই ভূপেন হাজৰিকালৈ ভাৰতৰত্ন সন্মান আগবঢ়োৱাক লৈ কিছুমানে ইয়াত ৰাজনীতিৰ গোন্ধ পালেও ভূপেনদা আৰু তেখেতৰ কৃতিসমূহ এতিয়া সকলো ৰাজনৈতিক বিতৰ্কৰ ঊৰ্ধ্বত। ভূপেনদাক প্ৰতিজন অসমীয়াই ইতিমধ্যে বিশ্বৰত্নৰ আসনত বহুৱাই ৰাখিছে। সেয়েহে ভাৰতৰত্ন সন্মান ভূপেনদাৰ নিশ্চয়কৈ প্ৰাপ্য আৰু এই সন্মান দি জনপ্ৰতিনিধি চৰকাৰৰ লগতে আমিহে গৌৰৱান্বিত হৈছো । যোৱা কিছুদিনৰ ভিতৰত অসমে কেইবাজনো নিজৰ সুযোগ্য সন্তানক হেৰুৱাইছে। অসমীয়া সংবাদ মাধ্যমৰ মাজেৰে ব্যৱসায়িক ভেটি গঢ়া , অসমীয়া প্ৰকাশন জগতৰ মাইলৰ খুটি জি এল পাব্লিকেশ্বনছৰ স্বত্বাধিকাৰী জি এল আগৰৱালা দেৱৰ যোৱা ৩১ জানুৱাৰীত দেহাৱসান ঘটে। স্বপ্নদ্ৰষ্টা, কৰ্মযোগী পুৰুষ আগৰৱালা দেৱৰ অসমীয়া সাহিত্যৰ প্ৰসাৰত অতি উল্লেখযোগ্য অৱদান হ’ল, অসম সাহিত্য সভাৰ অভিলাষী প্ৰয়াস ‘জোনাকী’ আৰু ‘অসমীয়া বিশ্বকোষ’ৰ প্ৰকাশত লোৱা কেপ্টেইনৰ ভূমিকা। এই পদক্ষেপৰ বাবেই প্ৰতিজন অসমীয়াই তেখেতক চিৰদিন মনত ৰাখিব। প্ৰচুৰ সম্ভাৱনাৰে ভৰা উদিয়মান গল্পকাৰ পাৰ্থ বিজয় দত্তৰ অকাল বিয়োগে অসমীয়া সাহিত্যৰ জগতৰ অশেষ ক্ষতি কৰিলে। অসম আৰক্ষী সেৱাৰ বিষয়া পাৰ্থ বিজয় দত্তৰ কলমে বহুতো ন-আঙ্গিকৰ অসমীয়া চুটিগল্প সৃষ্টি কৰি থৈ গৈছে যিবোৰে তেখেতৰ স্মৃতি পঢ়ুৱৈৰ মনত সদায় সজীৱ কৰি ৰাখিব। মণিকূট পৰিয়ালৰ হৈ দুয়োজন প্ৰয়াত সাহিত্য-সেৱীৰ স্মৃতিত শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতসকলৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ‌। এই সম্পাদকীয় প্ৰতিবেদন লেখি থকাৰ মুহূৰ্তত ভাৰতীয় প্ৰতিজন মানুহৰ অন্তৰ জোকাৰি গৈছে এটি বেদনাগধুৰ ঘটনাই। কাশ্মীৰৰ পুলৱামাত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ আত্মঘাতী বিস্ফোৰণত নিহত হৈছে ৪২ জনকৈ চি আৰ পি এফৰ জোৱান। দেশ মাতৃৰ সুৰক্ষা সেৱাত নিয়োজিত এই নিৰপৰাধ জোৱানসকলৰ এনে অকাল মৃত্যুৰ বাবে আজি সমগ্ৰ দেশবাসী শোকত ম্ৰিয়মান। সীমাৰ সিপাৰৰ সমৰ্থনত বলিয়া এই কাপুৰুষ উগ্ৰপন্থী সকলৰ এনে অমানুষিক কাৰ্য্যই আজি নিমিষতে কাঢ়ি লৈ গ’ল এইসকল নিৰপৰাধ দেশসেৱাত নিয়োজিত সেনা জোৱানৰ অমূল্য জীৱন। সঁচাকৈয়ে হৃদয় বিদাৰক। দেশমাতৃৰ সেৱাত উৎসৰ্গিত তেওঁলোকৰ জীৱনৰ মূল্য আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। অসমকে ধৰি সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যৰ এই বীৰ জোৱানসকলৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি মণিকূট পৰিয়ালে সশ্ৰদ্ধ প্ৰণাম জনাইছে লগতে সেইসকল বীৰ জোৱানৰ পৰিয়ালবৰ্গৰ এই দুখৰ সময়ত আমি মণিকূট পৰিয়ালৰ তৰফৰ পৰা গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ । সদৌশেষত অজানিতে হ’ব পৰা আমাৰ সকলো দোষ-ক্ৰুটিৰ মাৰ্জনা বিচাৰি সমূহ পঢ়ুৱৈৰ মাজলৈ মণিকূটৰ বসন্ত সংখ্যাটি আগ্ৰহেৰে আগবঢ়াই দিলোঁ। উৎপল শৰ্মা । মৃণাল কুমাৰ মিশ্ৰ ।


5th Editorial : 15-4-2019 ( Link : http://monikut.com/?p=3416 )

দুৱাৰদলিত অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটি: ‘মণিকূট’ ৰঙালী বিহু সংখ্যা গৈ পঢ়ুৱৈৰ স্ক্ৰীণত জিলিকি উঠাৰ সময়ত বসন্তৰ কুলি কেতেকীৰ সুমধুৰ মাতৰ লগতে বিহুৱা-বিহুৱতীৰ মন মতলীয়া কৰা বিহু গীতৰ সুৰে সকলোৰে গা-মন ৰাই-জাই কৰিব নিশ্চয় । প্ৰেয়সীৰ আচল উৰুৱাই নিয়া ফাগুনৰ পচোৱাজাকৰ পিছে পিছে বৰদৈচিলা মাকৰ ঘৰলৈ ফুৰিবলৈ আহিল। আহিল মানে একেবাৰেই হিলদ’ল ভাঙি আহিল। লগত কিন্তু লৈ আহিল বসন্তৰ বতৰা, অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুৰ মাদকতা।ফাগুনে ধূলিয়ৰি কৰা সৃষ্টিৰ পথাৰ উৰ্বৰা কৰিবৰ বাবে পানীৰ প্ৰয়োজন । অসমীয়া খেতিয়কে আকুলতাৰে বাট চাই ৰৈ থাকে ব’হাগৰ বৰষুণজাকলৈ। খেতিয়কৰ আশাৰ বতৰা হৈ বৰদৈচিলা জনীয়ে লৈ আহে ন-পানীৰ ভাণ্ডাৰ, জীপাল কৰি তোলে অসমৰ শইচ পথাৰ। সেয়ে বহাগ মাথোঁ এটা ঋতু নহয় অসমীয়াৰ বাবে, ই অসমীয়াৰ জীৱনৰ আয়ুস ৰেখা। আকৌ আহিল ব’হাগ । কুলিৰ মৌসনা মিঠা মাতে আদৰি আনিলে বসন্তৰ বতৰা । গছৰ ডালত কুঁহি-পাতৰ ভুমুকি । চৌদিশে ফুল ফুলাৰ মেলা । মৌমাখিৰ গুণগুণনিত বসন্তৰ অনুভৱ। বসন্ত মানেই যেন নৱযৌৱনা ধৰিত্ৰী , সম্ভাৱনাৰ বিস্তীৰ্ণ পাহাৰ । বসন্তৰ এই মায়াসনা বতৰতে কুলি কেতেকীৰ মিঠা মাত আৰু চৌদিশে ৰজনজনাই থকা ঢোল-পেপা-গগণাৰ মন মতলীয়া কৰা সুৰে জনাই দিছে এয়াই ব’হাগ, এয়াই বসন্ত । বিহুৰ আনন্দত নিজকে বিলাই দিয়াৰ অনুভৱ ব’হাগে দিয়েহি আনি হৃদয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে । প্ৰকৃতিৰ এই বৈভৱৰ স’তে একাত্ম হৈ ক্ষণিকৰ বাবে হ’লেও আমি পাহৰি যাবলৈ বিচাৰোঁ আজিৰ আধুনিক জীৱনে আনি দিয়া মানুহৰ দুখ-অশান্তি,যন্ত্ৰণা-ক্লেশ ইত্যাদিবোৰক । আহক, বসন্তৰ এই মনোমোহা বতৰত, ব’হাগ মাহেৰে আৰম্ভ হোৱা আমাৰ নৱবৰ্ষৰ শুভ মুহূৰ্তত আমাৰ মাজত থকা সকলো ধৰণৰ অসূয়া-অপ্ৰীতি,ভেদাভেদ পৰিহাৰ কৰি এক ভাতৃত্বৰ বান্ধোনেৰে আমি আটায়ে একগোট হোৱাৰ দৃঢ় সংকল্প গ্ৰহণ কৰোঁ । ব’হাগ মাহ বাবেই কৃষ্ণচূড়া- ৰাধাচুড়া- সোণাৰুৰ ভিন্ন ৰঙী ৰূপৰ মাধুৰী দশোদিশে। বতাহেও কয় কাণে কাণে – এয়া ঋতু পৰিৱৰ্তনৰ সময়। ব’হাগে কঢ়িয়াই আনিছে বসন্ত ঋতুৰ বতৰা। লৈ আহিছে ৰঙালী বিহুৰ মাদকতা। পুলকিত হৈ উঠিছে মন-প্ৰাণ। প্ৰকৃতিৰ ঋতু পৰিৱৰ্তনৰ এই সন্ধিক্ষণত “মণিকূট”ৰ চোতালতো বসন্তৰ বতৰা পৰিষ্ফুট হৈছে। এয়া তেনেই স্বাভাৱিক। লেখকৰ কলমত ঋতুৰ বতৰাই নিশ্চিত ভাবে প্ৰভাৱ পেলাবই। আমিনো কোন – তাত বাধা দিওতা ! বৰ্তমানৰ ডিজিটেল যুগৰ লগত ফেৰ মাৰি অসমীয়া ভাষাৰ চৰ্চা আগবঢ়াই নিবলৈ কৰা এক ক্ষুদ্ৰ প্ৰচেষ্টাৰ অংশ আছিল ‘মণিকূট’ নামৰ এই মাল্টিমেডিয়া অসমীয়া ইউনিকোডত লেখা ৱেব আলোচনীখনৰ জন্ম। জন্ম লগ্নৰে পৰা আমাৰ এই প্ৰচেষ্টা কিমানদূৰ সফল হৈছে সেয়া আপোনালোক পঢ়ুৱৈ সকলে বিচাৰ কৰিব। কিন্তু আমাৰ এই নিৰ্ভেজাল প্ৰচেষ্টাৰ যতি পৰিবলৈ নিদিয়াকৈ আগবঢ়াই নিবলৈ আমি বদ্ধপৰিকৰ। সামাজিক মাধ্যমৰ যোগেদি কলম হাতত তুলি লৈ নিজৰ সৃষ্টিশীলতা জীয়াই ৰখা এচাম লেখকৰ আন্তৰিক সঁহাৰিক সাৰথি কৰি আমি আগবাঢ়িছিলো আৰু আমি আজি গৌৰৱেৰে ক’ব পৰা হৈছোঁ যে লেখকৰ বাবে মাধ্যম কোনো বাধা হ’ব নোৱাৰে। উপযুক্ত সৃষ্টিয়ে ডিজিটেল মাধ্যমতেই হওঁক বা ছপা মাধ্যমতেই হওক, পঢ়ুৱৈৰ সমাদৰ লভিবই। মণিকূটত প্ৰকাশিত প্ৰতিটো লেখাৰ মাজতেই এই কথাটোৰ সত্যতা প্ৰতীয়মান হৈ আহিছে। সেয়েহে মণিকূট মঞ্চক আমি মুকলিকৈ ৰাখিছোঁ – অসমীয়া ভাষাক মনে-প্ৰাণে শ্ৰদ্ধা কৰি ডিজিটেল মাধ্যমৰ মাজেৰে সাহিত্য চৰ্চা কৰা প্ৰতিজনলৈ। অসমীয়া ইউনিকোডৰ বহুল ব্যৱহাৰৰ দ্বাৰা অসমীয়া ভাষাৰ সম্প্ৰসাৰণত নিশ্চিত ভাবে বৰঙণি যোগাব পাৰি বুলি আমি অনুভৱ কৰোঁ। তেনে এক উদ্দেশ্য আগত ৰাখিয়েই মণিকূটৰ ফালৰ পৰা “মণিকূট মুকলি মঞ্চ” নামৰ এটা ফেচবুক গ্ৰুপ খোলা হৈছে। অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি আগ্ৰহী সকলোৰেই বাবে মুকলি থকা এই মঞ্চলৈ অহা লেখাৰ সঁহাৰিয়ে আমাক উৎসাহিত কৰি তুলিছে। আমি আশাবাদী, অসমীয়া ভাষাৰ প্ৰসাৰত কোনো বাধাই হেঙাৰ হ’ব নোৱাৰে। সাম্প্ৰতিক সময়ৰ অসমৰ পৰিস্থিতি লোকসভাৰ নিৰ্বাচন কেন্দ্ৰীক ব্যস্ততাই উত্তপ্ত কৰি ৰাখিছে। স্বাভাৱিক ভাবেই বিহুৰ উলহ মালহত নিৰ্বাচনৰ বতাহে প্ৰভাৱ পেলাইছে। অসমত তিনিটা পৰ্য্যায়ৰ নিৰ্বাচন শেষ হোৱালৈ বিহুৰ আনন্দ নাথাকিবই। তথাপিও অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু জানো নপতাকৈ থাকিব পাৰি । কেতিয়াও নোৱাৰি। পথাৰৰ বিহু আহি চহৰৰ মঞ্চ শুৱনি কৰাৰে পৰা চহৰে নগৰে এই বিহু দুই-তিনিদিনীয়াকৈ সাংস্কৃতিক অনুষ্ঠানৰ ৰূপত পালন কৰি অহা হৈছে। এইবাৰো হ’ব। ৰঙালী বিহুৰ সকলো ঐতিহ্যৰ মান ৰাখি অসমীয়া সংস্কৃতিৰ মুক্ত চৰ্চাৰে জীপাল হৈ পৰক এইবাৰৰো ৰঙালী বিহুৰ মঞ্চ। প্ৰতিজন অসমীয়াৰ এয়া মনৰ কথা হৈ পৰিলেহে আমাৰ বাপতিসাহোন ৰঙালী বিহু পালনৰ প্ৰকৃত সাৰ্থকতা আহিব। ৰঙালীৰ আনন্দৰ মাজতেই এটা খবৰে অসমবাসীৰ বাবে আনন্দ কঢ়িয়াই আনিলে। সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উজলিল ১২গৰাকীকৈ অসম সন্তান। অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে মৃগাংক শেখৰ পাঠক, নমিতা শৰ্মা, দিপাংকৰ চৌধুৰী, গৰিমা শৰ্মা, ঋষভা গাৰ্গ, ৰাহুল কুমাৰ গুপ্তা, আৰণ্যক শইকীয়া, ফৰমান ব্ৰহ্ম, অভিশেক গোস্বামী, সৌৰভ শৰ্মা, তাপস বসুমতাৰী, দীক্ষা লাংথাছা। উল্লেখযোগ্য যে, UPSC পৰীক্ষাত ২৮৫ সংখ্যক স্থান লাভ কৰা শিৱসাগৰৰ ৰাহুল গুপ্তাৰ পিতৃ এগৰাকী পাণ দোকানী। মণিকূট পৰিয়ালৰ তৰফৰ পৰা এইসকল অসমীয়া সন্তানৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ। যোৱা কিছুদিনৰ ভিতৰত অসমে কেইবাজনো নিজৰ সুযোগ্য সন্তানক হেৰুৱাইছে। অসমৰ বাঁওপন্থী আন্দোলনৰ অন্যতম ধ্বজাবাহক, প্ৰবীণ বাঁওপন্থী নেতা, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, নাজিৰা বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক দ্ৰুপদ বৰগোহাঞিৰ যোৱা ১০ এপ্ৰিলত ৭৮ বছৰ বয়সত মৃত্যু হয়। এগৰাকী আদৰ্শবাদী ৰাজনীতিবিদ ৰূপে পৰিচিত বৰগোহাঞি দেৱে ১৯৯৬ চনৰ পৰা ২০০৪ চনলৈ ৰাজ্য সভাৰ সাংসদ হৈ থাকোতে অসমৰ জ্বলন্ত সমস্যা সমূহৰ সমাধানৰ বাবে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল আৰু অসম সম্পৰ্কীয় কেবাটাও বিষয়ত বলিষ্ঠ ভাবে দাবী উথ্থাপন কৰি সফলো হৈছিল। এই পদক্ষেপৰ বাবেই প্ৰতিজন অসমীয়াই তেখেতক চিৰদিন মনত ৰাখিব। নিজৰ সমষ্টিৰ মাজত চাইকেলেৰেই ঘূৰি ৰাইজৰ খবৰ লোৱা এইজন নেতাৰ মৃত্যুৰ লগে লগেই যেন অসমৰ মূল্যবোধৰ ৰাজনীতিৰ শেষৰজন নেতাক আমি হেৰুৱালোঁ। প্ৰচুৰ সম্ভাৱনাৰে ভৰা উদিয়মান অভিনেতা, ভ্ৰাম্যমাণৰ সঁচা অৰ্থত নিভাঁজ অভিনেতা পৰাগ শৰ্মাৰ অকাল বিয়োগত আমি মৰ্মাহত। এইখিনিতেই অসমৰ দুই এজনক বাদ দি বাকী সকলো শিল্পী কলা-কুশলীৰ ঘৰুৱা তথা আৰ্থিক অৱস্থাৰ কথা মনলৈ আহে। হঠাতেই পৰিয়াললৈ নামি অহা এনে ধৰণৰ আকস্মিক দূৰ্য্যোগৰ বাবে বহুতো পৰিয়াললৈ ঘোৰ অমানিশা নামি আহে। ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা অভিনেত্ৰী সকলৰ এই সমস্যা আৰু জটিল। পৰাগ শৰ্মাৰ পৰিয়াললৈ নামি অহা অন্ধকাৰ ভৱিষ্যতে সকলোকেই ভবাই তুলিছে।অভিনয় শিল্পী সকলৰ মৰ্মবেদনা বুজিবলৈ আমি সৰ্বসাধাৰণে সক্ষম নহ’লেও চৰকাৰে অন্ততঃ বুজিবলৈ চেষ্টা কৰা উচিত। অকনমান সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰ সঁচাকৈয়ে জানো অক্ষম ? মণিকূট পৰিয়ালৰ হৈ দুয়োজন প্ৰয়াত ব্যক্তিৰ স্মৃতিত শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতসকলৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ‌। সদৌশেষত অজানিতে হ’ব পৰা আমাৰ সকলো দোষ-ক্ৰুটিৰ মাৰ্জনা বিচাৰি সমূহ পঢ়ুৱৈৰ মাজলৈ মণিকূটৰ ৰঙালী বিহু সংখ্যাটি আগ্ৰহেৰে আগবঢ়াই দিলোঁ। উৎপল শৰ্মা মৃণাল কুমাৰ মিশ্ৰ


6th Editorial : 16-6-2019 ( Link : http://monikut.com/?p=3855 )

বৰষা – বিষ্ণু ৰাভা ইত্যাদি “ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণে নেপূৰ বজায় ক’ত ? গিৰ্ গিৰ্ ডাৱৰেনো মাদল বজায় ক’ত ? এই অসম দেশত এই অসম দেশত । ‘বৰষা’ তিনিটা আখৰৰ এটা মধুৰ শব্দ। বৰষা নামটো মনলৈ আনিলেই যেন কাণত টোপটোপ বৰষুণৰ শব্দই এক বিশেষ মাদকতাৰ সৃষ্টি কৰে। অসমৰ বৰষা এনেয়েই তুলনাবিহীন। প্ৰকৃতিৰ এক বিশেষ ৰূপে অসমৰ বৰষা ঋতুৰ ছবিখনেই সলাই পেলায়। এফালে সৃষ্টিৰ মাদকতা আনফালে বানৰ ধ্বংসলীলা – এই দুই চৰম বৈপৰীত্যৰ দুটা দৃশ্যৰ মাজত অসমীয়াই যুগে যুগে সহাৱস্থান কৰি আহিছে। প্ৰকৃতিৰ লগত সহাৱস্থান মানুহৰ চিৰন্তন প্ৰচেষ্টা। এই প্ৰচেষ্টাত মানুহ কেতিয়াও পৰাজিত হৈ ভাগি নপৰে। সাময়িক ভাবে পৰাজিত হ’লেও পিছমুহূৰ্ততে দুগুণ উৎসাহেৰে পুনৰ শূন্যৰ পৰা আৰম্ভণি কৰাৰ সামৰ্থ্য মানুহৰ আছে। এয়াই জীৱন। বৰষাই মানুহক এই জীৱনৰ মাদকতা নতুনকৈ শিকায়। সেয়েহে সাহিত্যৰ মাজত বৰষা ঋতুৰ বিশেষ স্থান। সৃষ্টিৰ মাদকতা সনা অপূৰ্ব সাহিত্য সম্ভাৰে বৰষা ঋতুৰ জয়গান গায়। সেয়েহে হয়তো প্ৰয়াত জয়ন্ত হাজৰিকাৰ কণ্ঠত প্ৰাণ পাই উঠিছিল সেই বিখ্যাত গীতটি – ” বৰষা ঋতু ভাল পাওঁ মই, প্ৰতিশ্ৰুতি আছে তাত। সেউজী ৰহণ মাথো ইয়েই সানে শুকান গছৰ গাত।” শুকান ধৰিত্ৰীৰ বুকু বৰষাইহে শাত পেলাব পাৰে। কৃষক বন্ধু সকলে বৰষাৰ বৰষুণজাকৰ সহায়তে বছৰটোৰ প্ৰয়োজনীয় ফচল খিনি গোটাই লোৱাৰ বাবে চেষ্টা কৰে। কষ্টৰ ফল তেওঁলোকৰ ভাগত কেতিয়াবা মিলে কেতিয়াবা নিমিলে। ভাগ্যক ধীয়াই বহি থকাৰ দিন উকলিল বুলি আমি যিমানেই নিজক নুবুজাও কিয়, প্ৰকৃতাৰ্থত কিন্তু খাটি খোৱা মানুহখিনিৰ অৱস্থাৰ এতিয়াও একো পৰিবৰ্তন হোৱা নাই। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈ কৃষিকৰ্মত নিয়োজিত হৈ থকাখিনিয়ে সদায়েই ভাগ্যক ধীয়াই আগবাঢ়িব লগা হয়। সেয়েহে ভূপেনদাই গীতৰ মাজেৰে কৈ গৈছিল – ‘এতিয়াও পৃথিৱীত কিছু শক্তি আছে, যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ’ব খোজে। তেতিয়া অসহায় কৃষকে গায় – অ’ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়াশীলা আই। ৰ’দ বৰষুণ কাতি কৰি ঘাম পেলাই চহ কৰি তোমাৰ বুকুৰ সোণ চপাওঁ আনে নিয়ে কাঢ়ি। সঁচাকৈয়ে খেতিয়কৰ দুখৰ কাহিনী আজিও একেই আছে। পৰিশ্ৰমৰ বিনিময়ত উৎপাদিত শস্যৰ সঠিক মূল্য নোপোৱাৰ বাবেই আজিও কৃষকৰ দুখৰ দিন অন্ত পৰা নাই। এইখিনিতে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিপ্লৱী সত্ত্বাৰ কথা মনলৈ আহে। হালোৱা- হজুৱা, বনুৱা, দুখীয়া-দৰিদ্ৰ সকলোকেই বুকুৰ এফাল বুলি গন্য কৰি দৰিদ্ৰৰ মুক্তি বিচাৰি জীৱনৰ অপৰাহ্ন কালতো বিপ্লৱৰ পথত ভৰি দিছিল বিষ্ণু ৰাভাই। কাৰণ জনগণক অন্তৰত ঠাই দিয়া প্ৰকৃত গণশিল্পী আছিল ৰাভাদেৱ। ৰাভাদেৱৰ মতে শিল্প সংস্কৃতিৰ অথবা কৃষ্টি সংস্কৃতিৰ অৰ্থ সংকীৰ্ণ গণ্ডীৰ মাজৰ মাজত বিচাৰিব নালাগে। কৃষ্টিৰ সংজ্ঞা ৰাভাদেৱে দিছিল এনেদৰে – ” খাবৰ বাবে, পিন্ধিবৰ বাবে, মূৰ গুজিবৰ বাবে মানুহে সুন্দৰ ভাবে যিহকে কৰে সেয়ে কৃষ্টি।” কি সুন্দৰ অনুভৱ, কিমান বিশাল হৃদয়েৰে কৃষ্টিৰ সাৰ্বজনীন সংজ্ঞা ৰাভাদেৱে সেই দিনতেই দি থৈ গৈছে। কিন্তু আমি আজিও ৰাভাদেৱৰ প্ৰকৃত মূল্যায়ন কৰিবলৈ সক্ষম নহলোঁ। দুখৰ কথা সেইটোৱেই। আকৌ আহি আছে ২০ জুন। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰজনজনাই থাকিব ৰাভা দিৱসৰ সাংস্কৃতিক সন্ধিয়াৰ জকমকীয়া অনুষ্ঠানৰ শব্দৰ মায়াজালেৰে। পিছদিনা ৰাতিপুৱাই আকৌ এবছৰলৈ পাহৰণিৰ গৰ্ভত উটি যাবলৈ এৰি দিম ৰাভাদেৱক। এনেদৰেই আমি বছৰৰ পাছত বছৰ তেখেতৰ স্মৃতিত এচলু পানী দি যাম। ৰাভাদেৱৰ অসমীয়া জাতিৰ প্ৰতি থকা অবদান খিনি আমি এনেদৰেই স্মৰণ কৰি আহিছোঁ আৰু ভৱিষ্যতলৈও হয়তো বিশেষ একো পৰিবৰ্তন নঘটিলে এনেদৰেই চলি থাকিব। কিন্তু নতুন প্ৰজন্মই ইয়াক এনেদৰে আগবঢ়াই নি থাকিব বুলি আমি বিশ্বাস কৰিব নোৱাৰোঁ। কাৰণ তেওলোকৰ মাজত ৰাভাদেৱৰ সৃষ্টিসমূহৰ চৰ্চা মুঠেও নাই। সেয়েহে গতানুগতিকতাৰ পৰা ফালৰি কাটি আহকচোন এইবাৰৰ ৰাভা দিৱসত আমি সংকল্পবদ্ধ হওঁ – আমি প্ৰথমতেই নিজৰ ঘৰখনৰ পৰাই আৰম্ভ কৰিম, আমাৰ সন্তানক অসমীয়াৰ নিজস্বতাৰ সন্ধান দিম, জ্যোতিপ্ৰসাদ- বিষ্ণুপ্ৰসাদে দেখুৱাই যোৱা অসমীয়া সংস্কৃতিৰ সেন্দুৰীয়া আলিৰে বাট বুলিবলৈ উৎসাহিত কৰিম। বহুত ডাঙৰ প্ৰতিজ্ঞা নিশ্চয় নহয়, কিন্তু আমি সকলোৱেই ইচ্ছা কৰিলে এনেদৰেই এটা নতুন প্ৰভাতৰ আৰম্ভণি সহজেই কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। শেষত ৰাভাদেৱৰ ভাষাৰেই সামৰণি মাৰিবলৈ ওলাইছোঁ। শিল্পীৰ ধৰ্ম সম্পৰ্কে ৰাভাদেৱে কৈছিল – ” ৰাইজৰ অন্তৰ – ফুলনিত ফুলে ফুলে উৰি উৰি পৰি পৰি মৌগুটি ভোমোৰাৰ দৰে ৰস শুহি শুহি মই মোৰ হৃদয়ত মৌ-কোঁহ ৰচনা কৰোঁ। সেয়া ৰাইজৰেই মৌ, মই ৰাইজক বিলাওঁ। সি মোৰ কোনো নিজস্ব নহয়। —- শিল্পীৰ ই ধৰ্ম ।”

 মৃণাল কুমাৰ মিশ্ৰ

প্ৰস্তাৱিত নতুন শিক্ষা নীতি সাম্প্ৰতিক শিক্ষা ব্যৱস্থাই প্ৰকৃতাৰ্থত মানৱ সম্পদ সৃষ্টিৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বুলি আজিকালি বিভিন্নজন সমাজ সচেতন ব্যক্তিৰ মুখত প্ৰায়ে শুনা যায় ।মহাত্মা গান্ধীয়ে কৈছিল,শিশুৰ শাৰীৰিক,মানসিক তথা আধ্যাত্মিক বিকাশৰ জৰিয়তে এক সম্পূৰ্ণ মানৱ সৃষ্টি কৰাটো একমাত্ৰ শিক্ষাৰ দ্বাৰাহে সম্ভৱ। কিন্তু বাস্তৱিকতে সাম্প্ৰতিক শিক্ষাব্যৱস্থাই মানৱক সেই পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত দুখজনক ভাবে বিফল হৈছে বুলি আজি আমি অনুভৱ কৰিবলৈ বাধ্য হৈছোঁ । কাৰণ মহাত্মাই আশা কৰা ধৰণে বৰ্তমানৰ শিক্ষা ব্যৱস্থাই মানুহক প্ৰকৃত মানৱ হিচাপে সৃষ্টি কৰাৰ বিপৰীতে একোটা ধন ঘটা যন্ত্ৰত পৰিণত হ’বলৈহে যেন উদগনি যোগায় । মানুহৰ অনুসন্ধিৎসু মনক জাগ্ৰত কৰিব পৰাকৈ মূল্যবোধসম্পন্ন শিক্ষা ব্যৱস্থা ভাৰতবৰ্ষত আজিকোপতি হৈ নুঠিল ।স্বাধীনতাৰ পূৰ্বৰে পৰা চলি অহা চাকৰিমুখী শিক্ষা ব্যৱস্থা স্বৰাজোত্তৰ কালতো পৰিৱৰ্তন নহ’ল । শাসকগোষ্ঠীয়ে তেওঁলোকৰ স্বাৰ্থৰ অনুকূলে শিক্ষাব্যৱস্থাক ব্যৱহাৰ কৰি অহাৰ ফলতেই যে আজিৰ দিনতো শিক্ষা ব্যৱস্থাই এনে ৰূপতেই চলি আহিছে, সেই কথা সহজেই অনুমান কৰিব পাৰি । নৈতিকতাবোধসম্পন্ন শিক্ষা পাঠ্যক্ৰমৰ পৰা বিলুপ্ত হোৱাৰ ফলত আজি দেশত সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ,সাম্প্ৰদায়িকতা,লুণ্ঠনৰাজ,ধৰ্ষণ, ধৰ্মান্ধতা আদি ক্ৰমবৰ্দ্ধমান হাৰত বাঢ়ি গৈ আছে আৰু ইয়াৰ ফলত আজিৰ মানৱ সমাজ স্বসৃষ্ট ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হৈছে । আজিৰ এই তথাকথিত উন্নয়নৰ যুগত গান্ধীজীয়ে বিচৰা শিক্ষাৰ উদ্দেশ্য দেহ,মন আৰু আত্মাৰ বিকাশৰ পৰিবৰ্তে চৰকাৰী চাকৰিৰ বেহুত প্ৰৱেশ কৰিছে । বৰ্তমান দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ত্ৰিশ কোটি ডেকা গাভৰু নিৱনুৱা । যিসময়ত দেশৰ মুঠ জনসংখ্যাৰ তুলনাত চৰকাৰী চাকৰি মাত্ৰ দুই শতাংশহে আছে ,তেনে ক্ষেত্ৰত দেশৰ ক্ৰমবৰ্ধমান ভয়াবহ নিৱনুৱা সমস্যাৰ জোৰা মাৰিব পৰাকৈ ই দুখলগাকৈ বিফল । আমাৰ দেশত যুগ যুগ ধৰি প্ৰচলিত পৰম্পৰাগত শিক্ষা ব্যৱস্থাই এই ক্ষেত্ৰত ভূতৰ ওপৰত দানহ পৰাদি এই সমস্যা সমাধানৰ পৰিবৰ্তে কোটি কোটি শিক্ষিত নিবনুৱাৰ সৃষ্টি কৰি ই যেন জ্বলা জুইত ঘিউহে ঢালিছে। শেহতীয়াভাৱে ভাৰতৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ বিপৰীতে এক গভীৰ আশাৰ বতৰাই আমাৰ বাবে আন্ধাৰৰ মাজত যেন এক পোহৰৰ জিলিঙনি কঢ়িয়াই আনিছে । দেশৰ শিক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰৰ বাবে ইছৰোৰ পূৰ্ব মূৰব্বী, প্ৰসিদ্ধ বিজ্ঞানী তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আচাৰ্য ড: কুমাৰস্বামী কস্তুৰীৰংগনৰ অধ্যক্ষতাত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি,2019ৰ খচৰা কমিটিয়ে বৰ্তমানৰ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালৰ হাতত অৰ্পণ কৰা খচৰা প্ৰতিবেদনত শিক্ষাৰ ক্ষেত্ৰত এক আমূল পৰিবৰ্তন অনাৰ লগতে এক কৰ্মমুখী শিক্ষা ব্যৱস্থাৰ প্ৰস্তাৱ ৰখা হৈছে । দেশত শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে প্ৰসিদ্ধ বিজ্ঞানী ড:কস্তুৰীৰংগন সমিতিয়ে কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা এই প্ৰস্তাৱসমূহ দেশৰ বিদ্বৎমহলে কেনেভাবে গ্ৰহণ কৰে বা চৰকাৰে কোনসমূহ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে, তাৰ ওপৰতে নিৰ্ভৰ কৰিব সমগ্র শিক্ষা সংস্কাৰৰ দিশটো ।দেশৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিব বিচৰা এই নতুন শিক্ষানীতিয়ে দেশৰ উঠি অহা প্ৰজন্মক এক কৰ্মমুখী শিক্ষাব্যৱস্থা প্ৰদান কৰি এক সঠিক পথ নিৰ্দেশনা দিব পাৰিব বুলি আমি গভীৰ আশাবাদী ।

 উৎপল শৰ্মা

বিগত সময়খিনিত অসম তথা ভাৰতৰ কেবাজনো সুসন্তানৰ দেহাৱসানত আমি সকলোৱেই ব্যথিত। অসমৰ বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰৰ বিয়োগ অসমৰ বাবে এক অপূৰণীয় ক্ষতি। তেনেদৰেই ভাৰতীয় সাহিত্য- অভিনয় তথা নাট্য ক্ষেত্ৰৰ প্ৰথিতযশা পুৰুষ গিৰীশ কাৰ্ণাড ডাঙৰীয়াক আমি হেৰুৱাব লগীয়া হ’ল, এই কেইদিনতেই। দুয়োজন নমস্য ব্যক্তিৰ স্মৃতিত মণিকূট পৰিয়ালৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ২০১৯ চনৰ সাহিত্য অকাদেমি বঁটা ( যুব সাহিত্য পুৰস্কাৰ আৰু শিশু সাহিত্য পুৰস্কাৰ) ঘোষণা কৰা হৈছে। অসমৰ চাৰিগৰাকী সাহিত্যিকলৈ এইবাৰৰ বঁটা আগবঢ়োৱা হৈছে। ‘এইপিনে কি আছে’ নামৰ চুটিগল্প সংকলনৰ বাবে সঞ্জীৱ পল ডেকাই লাভ কৰিছে যুব সাহিত্য পুৰস্কাৰ। ‘ মিলি, অমিয়া আৰু এখন নদী’ শীৰ্ষক গ্ৰন্থৰ বাবে স্বামিম নাছৰিনলৈ আগবঢ়োৱা হৈছে শিশু সাহিত্য পুৰস্কাৰ। বড়ো ভাষাৰ বাবে যুব সাহিত্য অকাদেমি পুৰস্কাৰ লাভ কৰে ৰুজাব মুছাহাৰীয়ে, তেখেতৰ কবিতা পুথি ‘ছানস্ৰি আৰো মোন্দাংথিনি মোখাং’ৰ বাবে। সেইদৰে বড়ো ভাষাৰ বাবে শিশু সাহিত্য পুৰস্কাৰ লাভ কৰে লক্ষ্মীনাথ ব্ৰহ্মই তেখেতৰ শিশু গ্ৰন্থ ‘চ’ল’বাথা খানাচং দে’ ৰ বাবে। আটাই কেইজন সাহিত্য অকাদেমি পুৰস্কাৰ প্ৰাপকলৈ মণিকূট পৰিয়ালৰ হৈ আন্তৰিক অভিনন্দন তথা ওলগ জনাইছোঁ। অসমীয়া ভাষা তথা সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত এধানি অৰিহণা যোগাবলৈ জন্ম গ্ৰহণ কৰা মণিকূট নামৰ অসমীয়া দুমহীয়া ই-আলোচনীখনৰ এই বৰষা সংখ্যাটো আপোনালোকৰ হাতত তুলি দিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আলোচনী খনৰ বিগত পাঁচটা সংখ্যা সময়মতেই পঢ়ুৱৈৰ হাতত তুলি দিয়াৰ দৰেই আমি এই সংখ্যাটো আপোনালোকৰ সম্মুখলৈ আগবঢ়াই দিলোঁ। ফলাফল আপোনালোক পঢ়ুৱৈৰ হাতত। পঢ়ি ভাল পালে আমাৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম। মণিকূট এখন সৰ্বাংগসুন্দৰ ই-আলোচনী ৰূপে প্ৰতিষ্ঠা কৰিবলৈ আপোনালোক সকলো পঢ়ুৱৈৰ আন্তৰিক সহযোগিতা আমাৰ কাম্য। জয়তু মণিকূট । সম্পাদকদ্বয় : উৎপল শৰ্মা : মৃণাল কুমাৰ মিশ্ৰ ১৬-০৬-২০১৯ ইং


 7th Editorial : 15-8-2019   (link : http://monikut.com/?p=4174)

১৯৪৭ চনৰ ১৪ আগষ্টৰ নিশা বাৰ বজাৰ লগে লগে দিল্লীৰ লালকিল্লাত বৃটিছ সাম্ৰাজ্যৰ নুমুৱাব নোখোজা বেলি অষ্টমিত হৈছিল, লাহে লাহে অধোবদনে নামি আহিছিল বৃটিছৰ গৌৰৱধ্বজা ইউনিয়ন জেক। তাৰ ঠাইত প্ৰথমবাৰৰ বাবে সগৌৰৱে উত্তোলন কৰা হৈছিল ভাৰতৰ ত্ৰিৰঙ্গা , স্বাধীন ভাৰতবৰ্ষৰ স্বাভিমানৰ প্ৰতীক। আক্ষৰিক অৰ্থত তেতিয়াৰ পৰাই ভাৰতবৰ্ষ এখন স্বাধীন ৰাষ্ট্ৰ ৰূপে জগতত পৰিচয় দিবলৈ সক্ষম হ’ল। কিন্তু প্ৰকৃতাৰ্থত আমি স্বাধীন হ’লোনে , সেয়া এক উত্তৰ নোহোৱা প্ৰশ্ন। ৰাজনৈতিক ভাবে আমি এখন স্বাধীন দেশৰ নাগৰিক ৰূপে গৌৰৱান্বিত হোৱাৰ সুযোগ পালোঁ কিন্তু আমাৰ মানসিক স্বাধীনতা হয়তো এতিয়াও পূৰ্ণ ৰূপত হস্তান্তৰ নহ’ল। ইয়াৰ কাৰণ কিন্তু বৃটিছ সকল নহয়, ইয়াৰ বাবে কিন্তু আমি নিজেই দায়ী। গোলামী মানসিকতাই এতিয়াও আমাক মেৰুদণ্ড পোন কৰি ঠিয় হোৱাত বাধা দিয়ে। ইংৰাজ সকলে আমাক ৰাজনৈতিক স্বাধীনতা দিলে কিন্তু অৰ্থনৈতিক স্বাধীনতা এতিয়াও সুদূৰ গৰাহত। বিদেশী প্ৰভুৰ দাসত্বৰ পৰা মুক্তি পালেও আন এচাম দেশী প্ৰভুৰ অধীনত দাসত্বৰ শিকলিৰে এতিয়াও দেশৰ গৰিষ্ঠ সংখ্যক নাগৰিক বন্দী। এয়াই হ’ল অৰ্থনৈতিক স্বাৱলম্বীতাৰ অভাৱৰ ফল। অৰ্থনৈতিক ভাবে আমি সম্পূৰ্ণ স্বাধীনতাৰ সোৱাদ পামনে কেতিয়াবা ? নাজানো, কোনো আলাদ্দিনৰ চাকি দেখা নাই এই মুহূৰ্তত। ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতাৰ সপোনত বিভোৰ দেশৰ নাগৰিকক প্ৰকৃততে আভুৱা ভৰা হৈছিল। মহাত্মা গান্ধীৰ সপোনৰ ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি দুখন দেশৰ জন্ম দিয়া হৈছিল, সম্পূৰ্ণ কূটিল ৰাজনৈতিক বিচাৰ ধাৰাৰে। এই ৰাজনীতিৰ গুৰি-ব’ঠা অকল বৃটিছৰ হাততেই নাছিল, সমানেই হাত উজান দিছিল আমাৰ দেশীয় ৰাজনীতিৰ পণ্ডিত সকলেও। ফলত জন্মতেই পঙ্গু হৈ পাকিস্তান আজিও এটুকুৰা আৰোগ্য নোহোৱা ঘাঁ হৈ সমগ্ৰ ভাৰতীয় উপমহাদেশখনকেই অস্থিৰ কৰি ৰাখিছে। এক সুকীয়া কাল্পনিক ভূখণ্ডৰ অস্তিত্বৰ বাবে কাশ্মীৰৰ কাৰণে সুকীয়া সংবিধানৰ ধাৰা সংযোগ কৰি সমাধান নোহোৱা এক সমস্যা চিৰদিনৰ কাৰণে ৰাখি থোৱা হৈছিল স্বাধীনতাৰ পিছৰে পৰা যোৱা ৭২ বছৰ ধৰি। বিয়াগোম বিয়াগোম ৰাজনীতিৰ পণ্ডিত সকলেও এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে কোনো চকুত লগা চেষ্টাই নকৰিলে যোৱা ৭২ বছৰে। আৰু কৰিবই বা কিয় ? সমস্যাৰ সমাধান হ’লে ৰাজনীতিৰ সান্দহ খোৱা বালি তল নাযাবনে? নিশ্চয় যাব। তাৰেই ফলশ্ৰুতিত আজি ইমান দিনে জম্মু কাশ্মীৰৰ সাধাৰণ নাগৰিক খিনিৰ লগতে দেশৰ অন্য ঠাইৰ লোকেও চৰম দূৰ্দশাৰ মাজেৰে দিন কটাবলগীয়া হৈছিল। একেইখন দেশতে দুখন আইন, এখন জম্মু কাশ্মীৰৰ বাবে কিছুমান বিশেষ সুবিধা থকা আৰু আনখন ভাৰতৰ বাকী অংশৰ বাবে। ভাৰতীয় সংবিধানক অবমাননা কৰি কাশ্মীৰ ভাৰতৰ পৰা পৃথক হৈ যাব বুলি ভয় কৰি নেহৰুৱে উদ্ভাৱন কৰিছিল Article 370 আৰু 35A আৰু ইয়াৰ জৰিয়তে জম্মু আৰু কাশ্মীৰে প্ৰায় ৭০ বছৰ ধৰি বিশেষ সুবিধাবোৰ পাই থকাটো একেবাৰেই যুক্তিযুক্ত নাছিল। বৰঞ্চ জম্মু আৰু কাশ্মীৰে পাই থকা এই বিশেষ সুবিধাবোৰৰ পৰা কেৱল কাশ্মীৰৰ শাসনত থকা দলসমূহৰ ৰাজনৈতিক সুবিধা হৈছিল৷ কাশ্মীৰি সকলে এতিয়াও নিজকে এখন পৃথক দেশৰ নাগৰিক বুলিয়েই ভাবে, যিটোৰ সুবিধা লৈ কাশ্মীৰত বিচ্ছিন্নতাবাদ গা কৰি উঠিছে৷ সেয়েহে বৰ্তমান চৰকাৰে যোৱা ৫ আগষ্টত লোৱা এটা বিশেষ আৰু সুদূৰ-প্ৰসাৰী সাহসী পদক্ষেপে আমাৰ মনত আশাৰ সঞ্চাৰ কৰিছে। চৰকাৰৰ ভাৰতীয় সংবিধানৰ Article 370 আৰু Article 35 A খাৰিজ কৰাৰ সাহসী পদক্ষেপ অতি প্ৰশংসনীয়। এই সিদ্ধান্তৰ জৰিয়তে ইতিহাস হ’ল সংবিধানৰ ৩৭০ নং অনুচ্ছেদ, দ্বিখণ্ডিত হ’ল জম্মু – কাশ্মীৰ। সৃষ্টি হ’ল লাডাখ আৰু জম্মু-কাশ্মীৰ নামৰ দুখন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ। আহিবলগীয়া দিনবোৰৰ মাজেৰেই আমি আশা কৰিম যোৱা ৭২ বছৰে সমাধান নোহোৱা কাশ্মীৰ সমস্যাৰ স্থায়ী সমাধান। সমগ্ৰ দেশবাসীয়ে উৎসুকতাৰে অপেক্ষা কৰা ভাৰতৰ অভিলাষী চন্দ্ৰ অভিযান-২ প্ৰাৰম্ভিক ভাবে যোৱা ১৫ জুলাইত আৰম্ভ কৰিব পৰা নগ’লেও এই অভিযান প্ৰাৰম্ভিক পৰ্য্যায়ত সম্পূৰ্ণ সফলতাৰে সম্পন্ন কৰা হয় যোৱা ২২ জুলাইত। ভাৰতৰ এই চন্দ্ৰ অভিযান প্ৰকৃতাৰ্থতেই ভাৰতীয় স্বাভিমানৰ প্ৰতীক। ভাৰতৰ বিজ্ঞানী সকল যে পৃথিৱীৰ আন উন্নত দেশসমূহৰ তুলনাত কোনো গুণেই পিছপৰা নহয়, এই অভিযানৰ সফলতাই তাকেই প্ৰতিপন্ন কৰিলে। আমি এতিয়া আশা কৰিম , অহা ৭ চেপ্টেম্বৰত ‘বিক্ৰম’ নামৰ লেণ্ডাৰে চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰি ভাৰতৰ বাবে এক নতুন ইতিহাস ৰচনা কৰিব। এই অভিযানৰ লগত অসমৰ বাবে বিশেষত্ব পূৰ্ণ দিশটো হ’ল এয়ে যে-সেই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ উপদেষ্টা মণ্ডলীৰ অধ্যক্ষ আছিল —মহাকাশ বিজ্ঞানী তথা সুযোগ্য অসম সন্তান ” ড: জিতেন্দ্র গোস্বামী ” আৰু আনজন মহাকাশ বিজ্ঞানী-‘ Space Applications Centre ‘ চমুকৈ SACৰ সঞ্চালক—” দীপক কুমাৰ দাস ” |আমাৰ আন্তৰিক আশা, তেখেতসকল জিলিকি ৰওক বিশ্ব ইতিহাসৰ পাতে পাতে , যুগে যুগে। অসমবাসীক পুণৰবাৰ গৌৰৱ কৰাৰ সুযোগ দিলে স্বৰ্ণকন্যা হিমা দাসে। যোৱা ২ জুলাই ২০১৯ তাৰিখৰ পৰা, ইউৰোপত অনুষ্ঠিত হৈছিল আন্ত:ৰাষ্ট্ৰীয় এথেলেটিকছ্ চেম্পিয়নশ্বিপ | এই ক্রীড়া প্রতিযোগিতাত ধিং এক্সপ্রেছ হিমা দাসে ২জুলাই তাৰিখে ‘ পোজনান ‘(পোলেণ্ড)ত,সোণৰ পদক লাভ কৰাৰ লগতে, ক্রমে ৭, ১৩ , ১৭ আৰু ২০ জুলাই তাৰিখে আৰু ৪টা সোণৰ পদক লাভেৰে আন্ত:ৰাষ্ট্রীয় ভাৱে খ্যাতি অৰ্জন কৰি , ভাৰত তথা অসমক গৌৰৱাম্বিত কৰে। একেদৰেই অসমীয়াক গৌৰৱান্বিত কৰে পুণৰবাৰ ৰীমা দাসে। ৰীমা দাসৰ “বুলবুল কেন ছিং” নামৰ চিনেমা খনে লাভ কৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ত শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ ৰজত কমল বঁটা। এই সুযোগতে হিমা দাস আৰু ৰীমা দাসলৈ যাচিলোঁ আন্তৰিক অভিনন্দন। হিমা-ৰীমাৰ এই যুটিয়ে অসমবাসীক আগলৈকেও গৌৰৱান্বিত হোৱাৰ সুযোগ দিয়ক তাৰেই কামনা কৰিলোঁ। মৰণোত্তৰ ভাবে হ’লেও সুধাকন্ঠলৈ ভাৰতৰত্ন বঁটা প্ৰদান কৰি চৰকাৰ নিজেই ধন্য হ’ল বুলি ক’ব পাৰি। যোৱা ৮ আগষ্টত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে ভূপেনদাৰ পুত্ৰ তেজ হাজৰিকাই। গোপীনাথ বৰদলৈৰ পিছত দেশৰ এই সৰ্বোচ্চ অসামৰিক সন্মান লভা দ্বিতীয় গৰাকী অসমীয়া হ’ল আমাৰ হিয়াৰ আমঠু ভূপেনদা। তেখেতৰ জৰিয়তে আমি ধন্য হ’লো আকৌ এবাৰ। যোৱা কিছুদিনৰ ভিতৰত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল কেবাগৰাকীও স্বনামধন্য ব্যক্তি। “শান্তনুকুলনন্দন” নামৰ এখন অনন্য উপন্যাসৰ বাবে ২০০৭ চনৰ সাহিত্য অকাদেমি বঁটাৰে সন্মানিত শ্ৰদ্ধাৰ লেখিকা পূৰৱী বৰমুদৈৰ যোৱা ১৫ জুলাইত পৰলোক প্ৰাপ্তি হয়। অসমীয়া গল্প আৰু উপন্যাসৰ ক্ষেত্ৰখনত সৱল উপস্থিতিৰে অসমীয়া সাহিত্যৰ ভড়াল যথেষ্ট টনকিয়াল কৰি থৈ যোৱা বাইদেউৰ বিয়োগত আমি মণিকূট পৰিয়ালৰ হৈ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ স্মৃতিত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ভাৰতৰ ৰাজনীতিত স্বমহিমাৰে উদ্ভাসিত দুগৰাকী ৰাজনীতিজ্ঞ মহিলাক অগাপিছাকৈ হেৰুৱালোঁ আমি। যোৱা ৬ আগষ্টত আকস্মিক ভাবে হেৰুৱালোঁ দেশৰ বাবে , কৰ্তব্যৰ বাবে সদা প্ৰস্তুত এগৰাকী নেত্ৰী সুষমা স্বৰাজক।দেশৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা এগৰাকী সফল তথা ব্যক্তিত্বশীল ৰাজনীতিজ্ঞা সুষমা স্বৰাজৰ আকস্মিক মৃত্যুত আমি মৰ্মাহত। ইয়াৰ আগতে যোৱা ২০ জুলাইত হেৰুৱালোঁ তিনিবাৰকৈ দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা, নতুন দিল্লীৰ ৰূপকাৰ শীলা দীক্ষিতক। ৮১ বছৰ বয়সত মৃত্যু বৰণ কৰা শীলা দীক্ষিত সঁচাকৈয়ে আছিল পৰিৱেশ সচেতক, দিল্লীৰ আজিৰ সেউজীয়া পৰিৱেশৰ মূল নেত্ৰী। মণিকূট পৰিয়ালৰ তৰফৰ পৰা দুয়োগৰাকী মহিয়সী নাৰীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। মণিকূট ই-আলোচনী আজি এবছৰীয়া হ’ল। এই সম্পাদকীয় লেখি থকাৰ মুহূৰ্তত এবছৰীয়া সন্তানৰ মৰমে ধুৱাই নিয়া এক সুখানুভূতিৰ পৰশে মনক আবেগিক কৰি তুলিছে। সময়ৰ জোখত এটা বছৰ একোৱেই নহয় যদিও ছপা মাধ্যমক প্ৰত্যাহ্বান জনাই ডিজিটেল মাধ্যমৰ তাকো অসমীয়া উউনিকোডত লেখা আলোচনী এখন নিয়মিত ৰূপত প্ৰকাশ কৰি যোৱাটো যথেষ্ট কষ্টকৰ কাম। তথাপিও মণিকূট পৰিয়ালৰ প্ৰতিজন সদস্যৰ ঐকান্তিক প্ৰচেষ্টাৰ বাবে আমি পাৰ হৈ যোৱা বছৰটোত প্ৰতিটো সংখ্যা সঠিক সময়ত সম্পূৰ্ণ মানদণ্ড ৰক্ষা কৰি পঢ়ুৱৈৰ সম্মুখলৈ উলিয়াই দিবলৈ সক্ষম হৈছিলোঁ। পঢ়ুৱৈৰ উপযুক্ত সহাৰিয়ে আমাক বাৰুকৈয়ে উৎসাহিত কৰিছে আৰু এই উৎসাহক সাৰথি কৰিয়েই আমি আমাৰ ভৱিষ্যত পথৰ দিশ নিৰ্ণয় কৰি লৈছোঁ। অসমীয়া ভাষাৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে মণিকূট সদায় আগত থাকিব, এয়া আমাৰ আন্তৰিক প্ৰতিশ্ৰুতি। নৱপ্ৰজন্মক কিতাপ পঢ়াৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ বাবে শ্ৰদ্ধাৰ অমৰজ্যোতি চৌধুৰী ছাৰৰ নেতৃত্বত আৰম্ভ হোৱা ‘কিতাপ পঢ়ো আহক’ নামৰ বৌদ্ধিক আন্দোলনৰ প্ৰতিও মণিকূটে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু মণিকূট ই-আলোচনীৰ লগতে মণিকূট মুকলি মঞ্চৰ যোগেদি এই আন্দোলনক অধিক গতি প্ৰদান কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে। এই সুযোগতে কিতাপ পঢ়াৰ এই আন্দোলনক ঘৰে ঘৰে লৈ যোৱাৰ বাবে প্ৰচেষ্টা হাতত লোৱা “খোজ – সাহিত্যৰ পথাৰত ব্যতিক্ৰমী প্ৰয়াস”ৰ শলাগ লৈছোঁ যিয়ে অসম তথা দেশৰ চুকে কোণে ঘৰতে থাকি অসমীয়া কিতাপ পোৱাৰ সুবিধা কৰি দিছে। তেওঁলোকৰ এই প্ৰচেষ্টা সফল হওক। মণিকূট ই-আলোচনীৰ এবছৰীয়া সফল যাত্ৰাপথত সকলোধৰণে সহায় আগবঢ়োৱা প্ৰতিজনলৈ এই মুহূৰ্তত আন্তৰিক ধন্যবাদ জনাইছোঁ। সকলোৰেই নাম লোৱাটো সম্ভৱ নহয় যদিও মণিকূট টিমৰ বিশেষ কেইজনৰ নাম নল’লে দোষে চুব। তেজপুৰৰ পৰা জয়ন্ত কুমাৰ শৰ্মা, গুৱাহাটীৰ পৰা ৰিদিপ দেৱ চৌধুৰী, অচিন্ত শঙ্কৰ, উৎপল শৰ্মা, গৌতম চৌধুৰী, নৱজিৎ মেধি, অংশুমালা দেৱী আৰু পাঠশালাৰ পৰা প্ৰাণজিত বৰুৱা লগতে হিৰণজিৎ দাস, মনোজ চৌধুৰী, নগেন চৌধুৰী, – এইকেইজনৰ আশাশুধীয়া প্ৰচেষ্টাৰ অবিহনে মণিকূট ই-আলোচনীখন নিয়মীয়াকৈ প্ৰকাশ কৰা সম্ভৱ নহ’লহেতেন। তেওঁলোক প্ৰতিজনলৈ আন্তৰিক ধন্যবাদ যাচিলোঁ, এই সুযোগতে। সাহিত্যৰ পথাৰৰ সকলো সৃষ্টিৰ সফলতা নিৰ্ভৰ কৰে পঢ়ুৱৈৰ সহাৰিৰ ওপৰত। মণিকূটক জনপ্ৰিয় কৰি তোলা প্ৰতিজন পঢ়ুৱৈক সেয়েহে জনাইছোঁ আন্তৰিক ধন্যবাদ। সদৌশেষত, সদৌটিলৈ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক ওলগ জনাইছো আৰু অজানিতে হ’ব পৰা আমাৰ সকলো দোষ-ক্ৰটিৰ মাৰ্জনা বিচাৰি সমূহ পঢ়ুৱৈৰ মাজলৈ মণিকূটৰ বৰ্ষপূৰ্তিৰ এই সংখ্যাটি স্বাধীনতা দিৱস সংখ্যা ৰূপে আগ্ৰহেৰে আগবঢ়াই দিলোঁ।

       মৃণাল কুমাৰ মিশ্ৰ
       ১৫ আগষ্ট, ২০১৯ইং।





8th Editorial : 16-10-2019 ( Link : http://monikut.com/?p=4406)

শাৰদীয় ঋতুৰ মুখ্য আকৰ্ষণ শাৰদীয় দুৰ্গোৎসৱৰ সমাপ্তিৰ লগে লগে শৰৎ কালৰ মধুৰ ক্ষণবোৰ লাহে লাহে পাৰ হৈ যাবলৈ ওলাইছে। ষষ্ঠীত প্ৰতিস্থা কৰি শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক ষোড়শোপচাৰেৰে পূজা-অৰ্চনা কৰাৰ পাছত বিজয়া দশমীৰ সন্ধিয়া বিদায় দিলোঁ ইতিমধ্যে। নিয়মানুসৰি দুৰ্গা পূজাৰ এক অবিচ্ছেদ্য অঙ্গ শ্ৰীশ্ৰী লক্ষ্মীদেৱীৰো আৰাধনা কৰি আমি এই বছৰৰ বাবে মা দুৰ্গাক মৰ্ত্যৰ পৰা বিদায় দিলোঁ- অহা বছৰত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। দশমীৰ দিনৰ পৰাই আমি পালন কৰিলোঁ অসমীয়া জাতিৰ পুৰোধা পুৰুষ, জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭১ সংখ্যক জন্মোৎসৱ। মহাপুৰুষ জনাৰ গুণানুকীৰ্তনেৰে অসমৰ আকাশ বতাহ মুখৰিত হৈ পৰিছিল সেইকেইদিন। সঁচাকৈয়ে শাৰদীয় বতৰত এক অনন্য পৰিৱেশে বিৰাজ কৰে আমাৰ চেনেহৰ অসমভূমিত। স্বাভাৱিকতে উৎসৱ প্ৰিয় অসমীয়াক উৎসৱৰ মধুৰ আবেশে আলোড়িত কৰি ৰাখে এই সময়চোৱাত। জাতি-জনজাতিৰ সমন্বয়ৰ বান্ধোনেৰে বান্ধি ৰখাৰ এক মধুৰ পৰিৱেশে বিৰাজ কৰে বৰাক- ব্ৰহ্মপুত্ৰ দুয়ো উপত্যকাত। প্ৰকৃতিৰ ঋতু পৰিৱৰ্তন, এক স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু এই মনোমোহা প্ৰকৃতিৰ বিনন্দীয়া ৰূপ আমি যেন লাহে লাহে নেদেখা হৈ আহিছোঁ, আমি যেন নিজেই সংকুচিত কৰি আনিছোঁ প্ৰকৃতিৰ এই নিজস্ব ৰূপৰ পোহাৰ। মানুহৰ হাততেই অবাধে হৈ আহিছে প্ৰকৃতিৰ ধ্বংস লীলা। পৰিস্থিতি আহি আহি এনে পৰ্য্যায় পাইছে যে ধৰাৰ বুকুত মানৱজাতিৰ অস্তিত্বৰ সংকটে দেখা দিছে। বিশ্বৰ প্ৰধান পৰিৱেশ গৱেষণা সংস্থা ” নেশ্বনেল চেন্টাৰ ফৰ ক্লাইমেট ৰেষ্ট’ৰেশ্বন”ৰ মতে ২০৫০ চনৰ ভিতৰতেই সমগ্ৰ মানৱ সভ্যতা নিঃশেষ বা অৰ্ধধ্বংসপ্ৰাপ্ত হোৱাৰ আশংকা ঘনীভূত। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় গৱেষকমণ্ডলীৰ মতে মানুহৰ প্ৰকৃতি বিৰোধী কাৰ্য্যকলাপৰ বাবে গোলকীয় উষ্ণতা এনে পৰ্য্যায়ত উপনীত হৈছে যে প্ৰায় দহ লক্ষাধিক জীৱকুলৰ ইতিমধ্যে বিলুপ্তি ঘটিছে বা মৃত্যুৰ দুৱাৰডলিত উপনীত হৈছে। ভুতৰ ওপৰত দানৱ পৰা দি ইতিমধ্যে প্ৰদূষিত মহাসাগৰ সমূহ পৃথিৱীৰ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীৰ ডাষ্টবিন হৈ পৰিছে। পৰিস্থিতিৰ যদি একো পৰিবৰ্তন নহয়, ২০৫০ চনলৈ মহাসাগৰত জলজ প্ৰাণীতকৈ বেছি প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীহে থাকিব। পৰিস্থিতিৰ ভয়াবহতা ইয়াৰ পৰাই অনুমান কৰিব পাৰি। মানুহৰ দ্বাৰা সৃষ্ট এই প্ৰকৃতিৰ ধ্বংসলীলা সহ্যাতিত হৈ এজনী ষোল্ল বছৰীয়া ছোৱালীৰ দুচকুৰ টোপনি নোহোৱা কৰিছে, ওলাই আহিবলৈ বাধ্য হৈছে তাই বয়োজ্যেষ্ঠসকলৰ অবিবেচক কাণ্ডৰ প্ৰতিবাদ কৰিবলৈ। চুইডেনৰ সেই সৰু স্কুলীয়া ছোৱালীজনীৰ নাম গ্ৰেটা থূনবাৰ্গ l গ্ৰেটা থুনবাৰ্গৰ পৃথিৱী বচাও আন্দোলন আজি সৰ্বত্ৰে চৰ্চিত l পৃথিৱীৰ বুকু পুনৰ সেউজীয়া কৰিবলৈ গ্ৰেটাৰ আহ্বানক আদৰি লৈ আজি গোটেই বিশ্বই গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছে l গ্ৰেটাৰ চিন্তা মুঠেই অমূলক নাছিল। পৃথিৱীৰ হাওঁফাও ৰূপে পৰিচিত আমাজনৰ জুইকুৰা যেন গ্ৰেটাৰ বুকুতো অহৰ্নিশে জ্বলিছে l গ্ৰেটাৰ আন্দোলন আজিও চলি আছে আৰু জন জাগৰণৰ সৃষ্টি কৰি আছে l গ্ৰেটাৰ এটাই কথা, “আমাক বাচি থাকিবলৈ আমাকো পৃথিৱীখন দিয়া” l ৰাষ্ট্ৰসংঘৰ মজিয়াত বক্তৃতা দিবলৈ নিমন্ত্ৰিত হোৱা গ্ৰেটাই বিশ্বৰ নেতাসকলৰ চকুলৈ আঙুলি টোৱাই চিঞৰি উঠিছিল – “How dare you ? কেনেদৰে তোমালোকে সাহস কৰিব পাৰা আমাৰ হাতৰ পৰা আমাৰেই পৃথিৱীখনক কাঢ়ি নিবলৈ। How, ? “মোৰ স্বপ্ন কাঢ়ি নিছা তোমালোকে, ফোপজহী কথাৰে ভুৰুকিয়াই মোৰ শৈশৱ চুৰি কৰিছা l আমি আজি এক সৰ্বাত্মক ধ্বংসৰ গৰাহত ! আৰু তোমালোক ব্যস্ত টকা-পইছাক লৈ, তোমালোকে শুনাইছা ‘চিৰন্তন অৰ্থনৈতিক বিকাশ’ৰ ৰূপকথা- ক’ত পালা এই সাহস ?” স্বাভাৱিকতেই বিশ্বৰ বিয়াগোম বিয়াগোম নেতাসকলৰ ওচৰত নাছিল গ্ৰেটাৰ এই প্ৰশ্নৰ উত্তৰ। গ্ৰেটাৰ এই ‘ Strike against climate change’ আন্দোলন যুগজয়ী হওক আৰু আমাৰ আটাইৰে মৰমৰ পৃথিৱীখন সেউজীয়াৰে সুশোভিত হৈ পৰক, এই মুহূৰ্তত এয়াই আমাৰো আন্তৰিক কামনা। এইবাৰ শাৰদীয় উৎসৱৰ সময়চোৱাত এক বহুল চৰ্চিত বিষয় আছিল জনসাধাৰণৰ ক্ৰয় ক্ষমতা হ্ৰাস আৰু দেশৰ আৰ্থিক মন্দাৱস্থা। এইকেইদিন সকলোতেই চৰ্চিত মুখ্য বিষয় আছিল, পূজাৰ বজাৰত গ্ৰাহকৰ ভিৰ নাই। বছৰৰ প্ৰায় আটাইখিনি সময়তেই দোকানীয়ে অপেক্ষা কৰি থকা পূজাৰ বজাৰৰ আকৰ্ষণীয় বিক্ৰী এইবাৰ ভবামতে নহ’ল। আৰু হ’বনো ক’ৰ পৰা, মানুহৰ ক্ৰয় ক্ষমতা চকুত পৰা ধৰণে কমি আহিছে। বিশ্বায়নৰ বতাহে ভাৰতীয় অৰ্থনীতিক ক’ৰ পৰা কলৈ লৈ যাবলৈ ওলাইছে আমি সাধাৰণ নৰমনিছে একো তৎ ধৰিব নোৱাৰা অৱস্থা। চৰকাৰী খণ্ড অথবা ৰাজহুৱা খণ্ড সকলোতেই এতিয়া এক স্থৱিৰ অৱস্থা বিৰাজমান। উন্নয়নৰ গতি এটা সীমাত স্থিৰ হৈ ৰৈছে যেন লাগিছে। লাভ – লোকচানৰ হিচাপত ব্যস্ত চৰকাৰে এটা এটাকৈ ৰাজহুৱা খণ্ড হয় বন্ধ নহয় পানীৰ দৰত ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিবলৈ উঠি পৰি লাগিছে। উদ্দেশ্য এটাই, চৰকাৰে লোকচান ভৰি কিয় ব্যৱসায় চলাব। ঠিক এজন সফল বনিয়াৰ দৃষ্টিৰে চাবলৈ লৈছে আমাৰ চৰকাৰে। ইয়াত সামাজিক বাধ্য বাধকতাৰ কথা গৌণ। লাভ হ’লে ৰাখিম, লাভ নহ’লে বেচি দিম ব্যক্তিগত বনিয়াৰ হাতত। এয়াই বৰ্তমান চৰকাৰৰ অৰ্থনীতি। দ্ৰুত গতিত বাঢ়িব ধৰিছে ধনী দুখীয়াৰ প্ৰভেদ। সকলোতকৈ ক্ষতিগ্ৰস্ত হৈছে মধ্যবিত্ত শ্ৰেণী। এটকীয়া চাউল আৰু অন্যান্য সুবিধাৰে দৰিদ্ৰ শ্ৰেণীৰ ভোটবেংক সুৰক্ষিত কৰি ৰাখিব হয়তো পাৰিব কিন্তু বজাৰ অৰ্থনীতিৰ বৰ্তমানৰ মন্দাৱস্থা ৰোধিবলৈ চৰকাৰে সময়ৰ ব্যৱস্থা সময়ত নল’লে পৰিস্থিতি যে ভয়াবহ হৈ পৰিব, সেয়া নিশ্চিত। ইউৰোপৰ সেই ভয়াবহ মন্দাৱস্থাৰ দিশলৈ ভাৰতে গতি কৰা নাইতো ? ঈশ্বৰে নকৰক তেনে দিনবোৰ যেন আমি দেখিবলগা নহয়। অতিৰিক্ত ব্যক্তিগতখণ্ড প্ৰীতিয়ে চৰকাৰৰ অৰ্থনীতি প্ৰভাৱান্বিত কৰাটো দেশৰ বাবে মঙ্গলদায়ক নহয় বুলি আমি অৰ্থনীতিৰ আওভাও নুবুজা সাধাৰণ শ্ৰেণীয়েও সহজে বুজিব পাৰোঁ। আৰু এই সকলোবোৰেই লগ লাগি ক্ৰমান্বয়ে হ্ৰাস কৰি আনিছে সৰ্বসাধাৰণৰ ক্ৰয় ক্ষমতা। সকলো স্তৰৰ বাণিজ্যৰ মাজলৈ নামিছে স্থৱিৰতা। কাপোৰ, দৈনন্দিন ব্যৱহাৰ্য্য সামগ্ৰী, কিতাপ, হোটেল ৰেষ্টোৰা, যানবাহন, নিৰ্মাণ খণ্ডৰ ব্যৱসায় ইত্যাদি সকলোতেই এতিয়া এক অস্বাভাৱিক নীৰৱতাই বিৰাজ কৰিছে। মানুহে হাতত থকা টকাকেইটা খৰছ কৰিবলৈ দুবাৰ চিন্তা কৰিবলগীয়া হৈছে। এইবোৰৰেই আঁত ধৰি হয়তো এইবাৰ পূজা মণ্ডপলৈও নামি আহিছে আৰম্বৰহীন মাদকতা, নিত্তনৈমিত্তিক এক এৰিব নোৱাৰা পৰম্পৰা, কিবাকৈ পালন কৰাৰ প্ৰৱণতা। কথাবোৰ ভাবিবলগীয়া হোৱাৰ বাবেই সৰ্বসাধাৰণৰ মন দূৰ্ভাৱনাৰে ভৰি পৰিলেও আশা কৰিছো, কথাবোৰ ভবাৰ দৰেই নহয় যেন। ২০১৯ চনৰ নোবেল বঁটা সমূহ ঘোষণা কৰা হৈছে। সাহিত্য, বিজ্ঞান, অৰ্থনীতি, আৰু শান্তিৰ নোবেল বঁটাৰে বিভূষিত হোৱা প্ৰতিজনেই আচলতে নিজৰ নিজৰ ক্ষেত্ৰত একোজন স্বনামধন্য ব্যক্তি। বাকী শিতানত নহ’লেও অৰ্থনীতিৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছে এজন ভাৰতীয় মূলৰ অৰ্থনীতিবিদ। অমৰ্ত্য সেনৰ পাছত দ্বিতীয়জন ভাৰতীয়, অভিজিৎ বিনায়ক বেণাৰ্জীৰ শিৰত জিলিকিল অৰ্থনীতিৰ নোবেল বঁটা। কোলকাতাত স্নাতক ডিগ্ৰী পৰ্য্যন্ত পঢ়া-শুনা কৰা অভিজিৎ বেণাৰ্জী অৰ্থনীতিৰ নোবেল বঁটা পোৱা দ্বিতীয়জন বাঙালী অৰ্থনীতিবিদ। সৰ্বসাধাৰণৰ বাবে সহজে বুজিব পৰা ” পুঅ’ৰ ইকনোমিক্স”, নামৰ গ্ৰন্থখন লেখিছে অভিজিৎ বেণাৰ্জী আৰু তেখেতৰ পত্নী এস্থাৰ ডাফলোৱে। মুঠ, তিনিজন প্ৰখ্যাত অৰ্থনীতিবিদলৈ এইবাৰৰ অৰ্থনীতিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। কোলকাতাত জন্ম গ্ৰহণ কৰা আমেৰিকাৰ নাগৰিক অভিজিৎ বেণাৰ্জী, তেখেতৰ পত্নী এষ্টাৰ ডাফল’, আৰু আমেৰিকান অৰ্থনীতিবিদ মাইকেল ক্ৰীমাৰলৈ আগবঢ়োৱা হৈছে এই সন্মান। আটাইকেইগৰাকী নোবেল বঁটা বিজয়ীলৈ যাচিলোঁ আন্তৰিক ওলগ আৰু সন্মান। যোৱা কিছুদিনৰ ভিতৰত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল কেবাগৰাকীও স্বনামধন্য ব্যক্তি। প্ৰথমতেই মনলৈ আহিছে প্ৰবাসী হৈও হাড়ে-হিমজুয়ে অসমীয়া হৈ থাকি অসমীয়াৰ উন্নতিকল্পে আজীৱন চিন্তা কৰি যোৱা দিলীপ দত্তদেৱৰ কথা। অসমীয়া সাহিত্য, সংস্কৃতিৰ এজন নিষ্ঠাৱান সেৱক , অসমৰ আন এগৰাকী সুসন্তান, সুদূৰ আমেৰিকাৰ ৰ’ড আইলেণ্ড নিবাসী ড° দিলীপ কুমাৰ দত্তদেৱক যোৱা ২৬ ছেপ্টেম্বৰত আমি হেৰুৱালোঁ। এজন প্ৰতিষ্ঠিত গণিতজ্ঞ ৰূপেৰেও পৰিচিত দত্তদেৱৰ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰাৰ সময়ত বয়স হৈছিল ৮০ বছৰ। ড. দত্ত আছিল ভূপেন হাজৰিকাৰ গীতৰ তত্ত্বগত বিচাৰ-বিবেচনাৰ বিশ্লেষণ কৰা প্ৰথম লেখক -সমালোচক । ১৯৬৪ চনৰ পৰা ১৯৮০ চনলৈ প্ৰায় ষোল্ল বছৰ ধৰি একনিষ্ঠ ভাবে কৰা এক মহৎ প্ৰচেষ্টাৰ ফলশ্ৰুতিত প্ৰকাশ হৈ ওলাইছিল এখন আপুৰুগীয়া গ্ৰন্থ, ” ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ”। এইখনেই আছিল ভূপেনদাৰ গীত সমূহৰ প্ৰথমখন একত্ৰ সংকলন তথা গীতৰ পৰ্য্যালোচনা পুথি। আমি হেৰুৱালোঁ প্ৰসিদ্ধ আধ্যাত্মিক গুৰু আচাৰ্য্য শ্ৰী ভৃগুগিৰি মহাৰাজক। গুৱাহাটীৰ পঞ্চকন্যা ধামৰ প্ৰতিস্থাতা তথা বেদৰ প্ৰথম অসমীয়া অনুবাদেৰে অসমীয়া আধ্যাত্মিক সাহিত্যৰ ভঁৰাল টনকিয়াল কৰা এইজনা গুণী ব্যক্তিৰ যোৱা ৩০ ছেপ্টেম্বৰত দেহাৱসান ঘটে। একেদৰেই আমি হেৰুৱালোঁ প্ৰখ্যাত অসমীয়া সাহিত্যৰ গৱেষক পণ্ডিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° পৰীক্ষিত হাজৰিকা দেৱক যোৱা ১১ অক্টোবৰত। “চৰ্য্যাপদ” গ্ৰন্থখন তেখেতৰ অনবদ্য সৃষ্টি। আমি হেৰুৱালোঁ কলংপৰীয়া সুলেখিকা, শিশু সাহিত্যিক সৌজন্যময়ী ভট্টাচাৰ্য্যক। অকালতে হেৰুৱালোঁ প্ৰসিদ্ধ ভাষ্কৰ্য্য শিল্পী দিলীপ ভূষণ শৰ্মাক। আমি হেৰুওৱা অসমৰ এইসকল স্বনামধন্য ব্যক্তিৰ স্মৃতিত মণিকূট পৰিয়ালৰ হৈ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। মণিকূট ই-আলোচনীয়ে প্ৰথম বৰ্ষ সফলতাৰে অতিক্ৰম কৰি দ্বিতীয় বৰ্ষত ভৰি দিছে। সময়ৰ জোখত এটা বছৰ একোৱেই নহয় যদিও ছপা মাধ্যমক প্ৰত্যাহ্বান জনাই ডিজিটেল মাধ্যমৰ, তাকো অসমীয়া ইউনিকোডত লেখা আলোচনী এখন নিয়মিত ৰূপত প্ৰকাশ কৰি যোৱাটো যথেষ্ট কষ্টকৰ কাম। তথাপিও মণিকূট পৰিয়ালৰ প্ৰতিজন সদস্যৰ ঐকান্তিক প্ৰচেষ্টাৰ বাবে আমি পাৰ হৈ যোৱা বছৰটোত প্ৰতিটো সংখ্যা সঠিক সময়ত সম্পূৰ্ণ মানদণ্ড ৰক্ষা কৰি পঢ়ুৱৈৰ সম্মুখলৈ উলিয়াই দিবলৈ সক্ষম হৈছিলোঁ। পঢ়ুৱৈৰ উপযুক্ত সহাৰিয়ে আমাক বাৰুকৈয়ে উৎসাহিত কৰিছে আৰু এই উৎসাহক সাৰথি কৰিয়েই আমি আমাৰ ভৱিষ্যত পথৰ দিশ নিৰ্ণয় কৰি লৈছোঁ। অসমীয়া ভাষাৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে মণিকূট সদায় আগত থাকিব, এয়া আমাৰ আন্তৰিক প্ৰতিশ্ৰুতি। নৱপ্ৰজন্মক কিতাপ পঢ়াৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ বাবে শ্ৰদ্ধাৰ অমৰজ্যোতি চৌধুৰী ছাৰৰ নেতৃত্বত আৰম্ভ হোৱা ‘কিতাপ পঢ়ো আহক’ নামৰ বৌদ্ধিক আন্দোলনৰ প্ৰতিও মণিকূটে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু মণিকূট ই-আলোচনীৰ লগতে মণিকূট মুকলি মঞ্চৰ যোগেদি এই আন্দোলনক অধিক গতি প্ৰদান কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে। এই সুযোগতে কিতাপ পঢ়াৰ এই আন্দোলনক ঘৰে ঘৰে লৈ যোৱাৰ বাবে প্ৰচেষ্টা হাতত লোৱা “খোজ” গোটৰ শলাগ লৈছোঁ যিয়ে অসম তথা দেশৰ চুকে কোণে ঘৰতে থাকি অসমীয়া কিতাপ পোৱাৰ সুবিধা কৰি দিছে। তেওঁলোকৰ এই প্ৰচেষ্টা সফল হোৱাৰ বাবে মণিকূটে আন্তৰিক সহযোগিতা আগবঢ়াই যাব। সাহিত্যৰ পথাৰৰ সকলো সৃষ্টিৰ সফলতা নিৰ্ভৰ কৰে পঢ়ুৱৈৰ সহাৰিৰ ওপৰত। মণিকূটক জনপ্ৰিয় কৰি তোলা প্ৰতিজন পঢ়ুৱৈক সেয়েহে জনাইছোঁ আন্তৰিক ধন্যবাদ। সদৌশেষত, সদৌটিলৈ শাৰদীয় শুভেচ্ছা তথা ওলগ জনাইছো আৰু অজানিতে হ’ব পৰা আমাৰ সকলো দোষ-ক্ৰুটিৰ মাৰ্জনা বিচাৰি সমূহ পঢ়ুৱৈৰ মাজলৈ মণিকূটৰ দ্বিতীয় বৰ্ষৰ দ্বিতীয় সংখ্যাটি শাৰদীয় সংখ্যা ৰূপে আগ্ৰহেৰে আগবঢ়াই দিলোঁ।

        মৃণাল কুমাৰ মিশ্ৰ
        ১৬ অক্টোবৰ, ২০১৯ইং।


9th Editorial : 22-12-2019 ( Link : http://monikut.com/?p=4673 )

মানুহৰ চেতনা জাগ্ৰত কৰিব পৰা এক প্ৰয়াসৰ আৰম্ভণি হৈছিল আজিৰ পৰা প্ৰায় এশ বছৰ আগতে, এই অসম মুলুকতে। আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰী সকলৰ সহযোগত অৰুণোদয় যুগৰ আৰম্ভণিৰে অসমীয়া ভাষাক সুৰক্ষিত কৰাৰ প্ৰচেষ্টাক পাছলৈ সাৰ-পানী যোগাইছিল ‘আসাম বান্ধৱ’ আৰু ‘জোনাকী’ যুগৰ কাণ্ডাৰী সকলে। এইসকলৰ আশাসুধীয়া প্ৰচেষ্টাত অসমীয়া ভাষা ঠন ধৰি উঠিছিল যদিও অসমীয়াৰ জাতীয় চেতনাক উজ্জীৱিত কৰি তোলাৰ বাবে সেয়াই যথেষ্ট নাছিল। মানুহৰ মানসিক চেতনাক উদ্বুদ্ধ কৰি জাতীয় ভাবধাৰাৰে পৰিচালিত কৰিবলৈ এক প্ৰচেষ্টা হাতত লৈছিল দুজন তীব্ৰ জাতীয়তাবোধ সম্পন্ন ব্যক্তিয়ে। তাৰেই প্ৰথম গৰাকী আছিল অম্বিকাগিৰী ৰায়চৌধুৰী আৰু দ্বিতীয় গৰাকী চন্দ্ৰনাথ শৰ্মা। তেওঁলোকৰ এই প্ৰচেষ্টাৰ ফলত ১৯১৯ চনৰ ছেপ্টেম্বৰ মাহত জন্ম হৈছিল “চেতনা” নামৰ এখন আলোচনী যিখন অসমীয়া সাহিত্য তথা সামাজিক ক্ষেত্ৰত জাতীয় চেতনাৰ নৱ উন্মেষ ঘটোৱা প্ৰথম কাণ্ডাৰী বুলি অভিহিত কৰিব পাৰি। সাহিত্যক ভেটি কৰি মানুহৰ মানসিক জগতখনক জাতীয় চেতনা তথা দেশপ্ৰেমৰ ভাবেৰে উদ্বুদ্ধ কৰি তুলিবলৈ প্ৰকাশ কালৰে পৰাই চেষ্টা কৰিছিল ‘চেতনাই’। অসমীয়া ভাষা সাহিত্যৰ লগতে সমাজ, স্বাস্থ্য, কৃষি আদি বিষয়ৰ উন্নতিৰ হকে চেতনাৰ জৰিয়তে এখন উপযুক্ত মঞ্চ গঢ়ি তোলাৰ প্ৰাৰম্ভিক গুৰুত্বপূৰ্ণ কামখিনি কৰিবলৈ দৃঢ়তাৰে আগ বাঢ়িছিল চন্দ্ৰনাথ শৰ্মা আৰু অম্বিকাগিৰী ৰায়চৌধুৰীয়ে। ৩২ বছৰীয়া এক চমু জীৱন কাল লৈ অহা চন্দ্ৰনাথ শৰ্মাদেৱে সময়ৰ হিচাপত মাথোঁ দুবছৰ মান হে প্ৰত্যক্ষ ৰূপত সহযোগিতা আগবঢ়াব পাৰিছিল চেতনাৰ প্ৰকাশনত। কিন্তু সেই দুবছৰীয়া অবদানৰ বাবেই চেতনাৰ কাৰ্য্যকালৰ খতিয়ানত তেখেতৰ নাম স্থায়ী ৰূপত জিলিকি থাকিব। যি উদ্দেশ্যৰ বাবে ‘চেতনাৰ’ জন্ম হৈছিল, সেয়া সঠিক দিশত আগবঢ়াই নিছিল অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে। আজিৰ পৰা প্ৰায় এশ বছৰ আগতেই ‘চেতনা’ প্ৰকাশ কৰি অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসমীয়া সকলৰ মাজত প্ৰধানকৈ তিনিটা দিশত বাটকটীয়া ৰূপে অৱতীৰ্ণ হৈ পথ দেখুৱাবলৈ চেষ্টা কৰিছিল। সেইকেইটা হ’ল – অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে সবল হোৱাৰ বাট দেখুওৱা, বিভাজনৰ বাট পৰিহাৰ কৰি অসমত হিন্দু-মুছলমানৰ মাজত সমন্বয় সৃষ্টি কৰা আৰু বহিৰাগত বিশেষকৈ বংগদেশৰ পৰা অহা হিন্দু মুছলমান সকলক অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি অসমীয়া জাতিৰ লগত একাত্ম হৈ পৰাৰ বাট দেখুওৱা। এশ বছৰ আগতেই অম্বিকাগিৰী ৰায়চৌধুৰীয়ে দেখুৱাবলৈ চেষ্টা কৰা জাতীয়তাবাদী ধাৰণাটো আজিও সমানেই প্ৰাসঙ্গিক হৈ আছে। কাৰণ জাতীয়তাবাদক এক বিজ্ঞানসন্মত দৃষ্টিৰে তেখেতে চাবলৈ চেষ্টা কৰিছিল। অসমীয়া জাতীয়তাবাদ, ভাৰতীয় মহাজাতীয়তাবাদ আৰু বিশ্বমানৱতাবাদক এডাল সূতাৰে বান্ধিব পৰা এক ধাৰণাৰে তেখেতে ‘চেতনাৰ’ প্ৰথম সম্পাদকীয়ত লেখিছিল – ‘খণ্ড চেতনাক ঘঁহি-পিহি স্বচ্ছ শুদ্ধ কৰি নল’লে বিশ্ব চেতনা প্ৰতিফলিত হ’বলৈ বাট বিচাৰি নাপাব বুলিহে আমাৰ ধাৰণা। কাৰণ, বিশ্ব চেতনা অতি প্ৰশস্ত হ’লেও কোঁচাই আনি তাক নিজৰ লগত মিতিৰালি পাতিব দিয়া দায়িত্বটো খণ্ড চেতনাৰ আছে।’ ভাবিলে আচৰিত হ’ব লাগে , এশবছৰ আগতেই অম্বিকাগিৰীয়ে চিন্তা কৰা জাতীয়তাবাদৰ এই ধাৰণা আজিও সমানেই প্ৰাসংগিক। জাতীয় চেতনাৰ উন্মেষ ঘটোৱা ‘চেতনা’ৰ শতবৰ্ষ উপলক্ষে বিশিষ্ট সাহিত্যিক নগেন শইকীয়া দেৱে লেখা এটা প্ৰৱন্ধত সঠিক ভাবেই এনেদৰে উল্লেখ কৰিছে – অসম আজি সংকটকালত উপনীত হৈছে। আমি আমাৰ জাতীয় পৰিচয় হেৰুৱাবলগীয়া অৱস্থাৰ সৃষ্টি হ’ব নেকি সেই শংকা সম্মুখত আহি যেন থিয় হৈছেহি। কোনো সন্দেহ নাই ১৯১৯ খ্ৰীষ্টাব্দৰ অসম এতিয়া এশ বছৰৰ পিছত ২০১৯ খ্ৰীষ্টাব্দৰ অসমৰ লগত একে অৱস্থাত নাই। কিন্তু আমাৰ সংকটৰ উঁহবোৰ একেই আছে। যিবোৰ সংকটৰ নিমিত্তে ‘চেতনা’ই অসমৰ মানুহক সচেতন কৰি তুলিবৰ বাবে যত্ন কৰিছিল সেই সংকটবোৰৰ চৰিত্ৰ বৰং শক্তিশালী হৈছে। আমি যদি শতবৰ্ষৰ আগৰ ‘চেতনা’ মেলি চাওঁ এই ‘চেতনা’ই আমাক বিপদ আতৰাবলৈ মনোবল যে দিব পাৰিব মোৰ মনত সন্দেহ নাই। সঁচাকৈয়ে অসম আৰু ইয়াৰ খিলঞ্জীয়া অসমীয়া লোকসকল পুনৰবাৰ এক সংকট কালত উপনীত হৈছে। ইতিহাস সাক্ষী, অসমীয়া যেন সদায়েই প্ৰতাৰিত হ’বৰ বাবেই জন্ম হৈছে। কেতিয়াবা ৰাজনীতিৰ কুটিল মেৰপেছৰ মাজত দিল্লীৰ হাতত আৰু কেতিয়াবা বদন সদৃশ নিজৰেই স্বজাতিৰ ধূৰন্ধৰ ৰাজনৈতিক নেতাৰ চক্ৰান্তৰ খেলত। প্ৰতাৰণাৰ এই খেলখনত আকৌ এবাৰ বলি হ’বলৈ ওলাইছে অসমীয়া সকল লগতে অসমীয়া ভাষা আৰু সংস্কৃতি। দহ ডিচেম্বৰৰ শ্বহীদ দিৱসৰ দিনটোৰ পৰাই অসমীয়া আকৌ এবাৰ ওলাই আহিবলগা হৈছে ৰাজপথলৈ, অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ দাবীত। বুৰঞ্জীৰ পুনৰাবৃত্তি হয়, কথাষাৰ প্ৰমাণ কৰি অসমীয়া জাতিপ্ৰেমী সকলো লোক পুনৰায় পথলৈ ওলাই আহিবলৈ বাধ্য হৈছে, অসমীয়া জাতি তথা ভাষাটোক বিদেশীৰ আগ্ৰাসনৰ পৰা বচাই ৰাখিবলৈ। একনায়কত্ববাদী চিন্তাৰে জাপি দিব খোজা সৰ্বনশীয়া কেব (CAB-2016) নামৰ কুখ্যাত নাগৰিকত্ব সংশোধনী বিলখন সদনত সংখ্যা গৰিষ্ঠতা থকাৰ সুবাদত, অসমীয়াৰ সকলো আহ্বান তথা যুক্তিক নস্যাত কৰি, যোৱা ১১ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰে আইনত পৰিণত কৰিলে। তাৰ পাছৰ পৰাই অসম জ্বলিছে স্বতঃস্ফূৰ্ত ভাবে, প্ৰতিবাদী কণ্ঠই দিনে ৰাতি মুখৰিত কৰি ৰাখিছে ৰাজপথ। মানুহৰ ক্ষোভে যেতিয়া সীমা অতিক্ৰম কৰে তেতিয়া সেই ক্ষোভৰ উদ্গীৰণক একোৱেই বাধা দি ৰাখিব নোৱাৰে। ক্ষোভৰ বহিঃপ্ৰকাশে সাধাৰণ নাগৰিকক সকলো সহনশীলতাৰ পাৰ ভাঙি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰালে। গুৱাহাটীকে ধৰি সমগ্ৰ অসমৰ জনজীৱন স্তব্ধ হৈ পৰিল। গণতান্ত্ৰিক পদ্ধতিৰে আগবাঢ়ি যোৱা ৰাইজৰ ক্ষোভৰ মুখামুখি হ’বলৈ চৰকাৰী বাহিনীৰ সাহস নহ’ল। বলপূৰ্বক দমননীতিৰ আশ্ৰয় লৈ নিৰিহ আন্দোলনকাৰী সকলক দমন কৰা চিৰাচৰিত প্ৰথা অবলম্বন কৰিবলৈ যোৱাৰ ফলত এতিয়ালৈকে পাঁচজন নিৰিহ আন্দোলনকাৰী শ্বহীদ হ’বলগীয়া হ’ল। আৰু এতিয়া এই কুখ্যাত CAA নামৰ আইনখন প্ৰতিহত কৰিবলৈ এই মুহূৰ্তত ৰাজপথৰ আন্দোলনৰ বাহিৰে যে আন কোনো উপায় নাই। সংখ্যাগৰিষ্ঠতাৰ বলেৰে চৰকাৰে আইনখন সহজেই বলবৎ কৰিব পাৰিলে ঠিকেই কিন্তু অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই আইনখন সৰ্বোতোপ্ৰকাৰে প্ৰতিহত কৰিবলৈ প্ৰতিজন অসমীয়াৰেই এতিয়া এইটো এটা নৈতিক দায়িত্ব হৈ পৰিল। CAA প্ৰত্যাহাৰ নকৰালৈকে এই গণতান্ত্ৰিক আন্দোলন সম্পূৰ্ণ অহিংস পদ্ধতিৰে চলাই নিব লাগিব আৰু ন্যায়ালয়লৈ গৈ ন্যায় বিচাৰিবলৈ এখন দীঘলীয়া আইনী যুঁজৰ মুখামুখি হ’বলৈ আমি সাজু হ’ব লাগিব। এই মুহূৰ্তত এয়াই সময়ৰ আহ্বান। ইয়াৰ লগে লগে আমি আন এটা দৰকাৰী কথাও মনত ৰাখিব লাগিব। এটা ভাষাক জীয়াই ৰাখিবলৈ মাথোঁ ৰাজপথৰ আন্দোলনেই যথেষ্ট নহয়। ভাষাক জীয়াই ৰাখিবলৈ এই ভাষাৰ সৰ্বাঙ্গীণ চৰ্চাৰ অতীব প্ৰয়োজন। সমাজৰ সকলো স্তৰতেই মাতৃভাষাৰ চৰ্চা মুক্তভাবে হ’ব লাগিব। আমি সকলোৱেই অনুভৱ কৰিছোঁ যে ৰাজনীতিৰ পাঁশা খেলত অসমীয়া আজি পুনৰবাৰ অস্তিত্বৰ সংকটত। সংখ্যাগুৰু আৰু সংখ্যালঘিষ্ঠৰ অংকই সৰ্বসাধাৰণ অসমীয়াক টেটুত চেপি মাৰিবলৈ ওলাইছে। অসমীয়া ভাষা যেন আকৌ এবাৰ অস্তিত্বৰ সংকটত ভুগিবলৈ লৈছে। এই ভয় বাৰু অমূলক নে ? মুঠেও নহয়। বৃহৎ তথা মজবুত শিপাৰে বিস্তৃত ভাষাৰ আঁৰত ক্ষুদ্ৰ ভাষা হেৰাই যাবলৈ বেছি পৰ নালাগে। ৰাজনৈতিক তথা ভাষিক আগ্ৰাসনে অসমীয়া ভাষাৰ বাবে যে অশনি সংকেত কঢ়িয়াই আনিছে, সেয়া নিশ্চিত। এই প্ৰত্যাহ্বান কেনেদৰে গ্ৰহণ কৰি অসমীয়া ভাষাক নিজৰ স্থানত হৰণ-ভগণ নোহোৱাকৈ ৰাখিব পৰা যাব, সেয়াহে এই মুহূৰ্তত অতি প্ৰয়োজনীয় চিন্তা। সেয়েহে ৰাজপথৰ অহিংস তথা গণতান্ত্ৰিক আন্দোলনৰ লগতে নিজ মাতৃভাষাৰ চৰ্চাও আমি সমানেই আগুৱাই নিব লাগিব। ইয়াৰ কোনো বিকল্প নাই। প্ৰতিজন অসমীয়াই অসমীয়া ভাষাত উপলব্ধ সকলো বিষয়ৰ কিতাপ পঢ়া আৰু আনকো পঢ়িবলৈ অনুপ্ৰাণিত কৰা, এই মুহূৰ্তৰ আন এক গধুৰ দায়িত্ব বুলি অনুভৱ কৰিব লাগিব। মুঠতে অসমীয়া আমাৰ মাতৃভাষা আৰু সকলো স্তৰতে যিমান দূৰ সম্ভৱ, মাতৃভাষাৰ প্ৰয়োগ সুনিশ্চিত কৰা বৰ্তমান সময়ৰ সংগ্ৰামৰ আন এক উল্লেখনীয় অংগ ৰূপে বিবেচিত হ’ব লাগিব। এইখিনিতে ‘কা’ (CAA)বিৰোধী গণ আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ দীপাঞ্জল দাসৰ লগতে আন চাৰিগৰাকী শ্বহীদ ক্ৰমে ছেম ষ্টেফ’ৰ্ড , দ্বীজেন পাংগিং , ঈশ্বৰ নায়ক আৰু আব্দুল আলিমৰ আত্মবলিদানক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। জাতিৰ স্বাৰ্থত দিয়া তেওঁলোকৰ এই বলিদান কোনো কাৰণতেই যেন অথলে নাযায় সেই বিষয়ে লক্ষ্য ৰখাৰ দায়িত্ব আমি প্ৰতিজন অসমীয়াৰ। মণিকূট পৰিয়ালৰ হৈ তেওঁলোকৰ স্মৃতিত গভীৰ শ্ৰদ্ধা নিবেদিছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাইছোঁ। সকলো ধৰণৰ ঋণাত্মক বাতৰিৰ মাজতে দুই এটা ধনাত্মক বাতৰিয়ে আমালৈ কঢ়িয়াই আনে আশাৰ বতৰা। ২০১৯ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা লাভ কৰিলে অসমৰ পৰা ক্ৰমে ড° জয়শ্ৰী গোস্বামী মহন্ত আৰু ড° ফুকন চন্দ্ৰ বসুমতাৰীয়ে।। শ্ৰীমতী মহন্তৰ ‘চাণক্য’ নামৰ উপন্যাসৰ বাবে আৰু ‘আখাই আথুম্নিফ্ৰাই’ নামৰ বড়ো ভাষাৰ কবিতা পুথিখনৰ বাবে বসুমতাৰীদেৱক সাহিত্যৰ এই সন্মান প্ৰদান কৰাৰ সিদ্ধান্ত লয় সাহিত্য অকাদেমিয়ে। মণিকূটৰ হৈ আমি দুয়োজন অকাদেমি বঁটাপ্ৰাপকলৈ যাচিলোঁ উষ্ম অভিনন্দন। তেখেতসকলৰ এই জয়যাত্ৰা আগলৈও অটুট থকাৰ কামনা কৰিলোঁ। অসমীয়া স্বাভিমানী সকলৰ বাবে আন এটা সুখবৰ আছিল, কৰবী গগৈয়ে প্ৰথমগৰাকী অসমীয়া মহিলা নৌসেনা বিষয়া ৰূপে বিদেশত অৰ্থাৎ ৰাছিয়াৰ প্ৰতিৰক্ষা বিভাগৰ কূটনৈতিক পৰামৰ্শদাতাৰ পদবী লাভ কৰাটো। সঁচাকৈয়ে এক অনন্য সাফল্য এইয়া। অভিনন্দন থাকিল কৰবী গগৈলৈ। যোৱা কিছুদিনৰ ভিতৰত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল কেবাগৰাকীও স্বনামধন্য ব্যক্তি। প্ৰথমতেই মনলৈ আহিছে বিশিষ্ট শিক্ষাব্ৰতী, সন্দিকৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা চেনেহী বেগম বাইদেউৰ নাম, যাক আমি হেৰুৱালোঁ যোৱা ৩০ নৱেম্বৰ তাৰিখে। যোৱা ৫ ডিচেম্বৰ তাৰিখে আমি হেৰুৱালোঁ বড়ো সাহিত্যৰ বিশিষ্ট কবি, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাদেমি বঁটাপ্ৰাপক ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মদেৱক। আন এগৰাকী বিশিষ্ট শিক্ষাবিদ , হাউলিৰ বি এইচ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সত্যনাথ দাসদেৱে আমাৰ মাজৰ পৰা চিৰদিনলৈ বিদায় মাগিলে যোৱা ৫ ডিচেম্বৰ তাৰিখে। ১৯৬৬ চনৰ পৰা ১৯৯৯ চনলৈ অশেষ কষ্টেৰে তেখেতে হাউলিৰ বি এইচ কলেজক এখন আগশাৰীৰ শিক্ষাপ্ৰতিষ্ঠান ৰূপে গঢ়ি থৈ গৈছে। আমি হেৰুৱালোঁ ভ্ৰাম্যমাণ নাট্যজগতৰ বলিষ্ঠ অভিনেতা দিলীপ ৰঞ্জন দত্তদেৱক যোৱা ২৩ অক্টোবৰ তাৰিখে। বিশিষ্ট নৃতত্ত্ববিদ , গৱেষক পণ্ডিত অন্নদাচৰণ ভাগৱতীদেৱক আমি হেৰুৱালোঁ যোৱা ২৬ অক্টোবৰত। আমি হেৰুওৱা অসমৰ এইসকল স্বনামধন্য ব্যক্তিৰ স্মৃতিত মণিকূট পৰিয়ালৰ হৈ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। মণিকূট ই-আলোচনীয়ে প্ৰথম বৰ্ষ সফলতাৰে অতিক্ৰম কৰি দ্বিতীয় বৰ্ষত ভৰি দিছে। সময়ৰ জোখত এটা বছৰ একোৱেই নহয় যদিও ছপা মাধ্যমক প্ৰত্যাহ্বান জনাই ডিজিটেল মাধ্যমৰ, তাকো অসমীয়া ইউনিকোডত লেখা আলোচনী এখন নিয়মিত ৰূপত প্ৰকাশ কৰি যোৱাটো যথেষ্ট কষ্টকৰ কাম। তথাপিও মণিকূট পৰিয়ালৰ প্ৰতিজন সদস্যৰ ঐকান্তিক প্ৰচেষ্টাৰ বাবে আমি পাৰ হৈ যোৱা বছৰটোত প্ৰতিটো সংখ্যা সঠিক সময়ত সম্পূৰ্ণ মানদণ্ড ৰক্ষা কৰি পঢ়ুৱৈৰ সম্মুখলৈ উলিয়াই দিবলৈ সক্ষম হৈছিলোঁ। কিন্তু এইবাৰৰ সংখ্যাটো সাম্প্ৰতিক পৰিস্থিতি তথা চৰকাৰী দমন নীতিৰ ফলশ্ৰুতিত বন্ধ কৰি থোৱা ইন্টাৰনেট সেৱাৰ বাবে নিৰ্ধাৰিত সময় অৰ্থাৎ ১৬ ডিচেম্বৰত প্ৰকাশ কৰিব পৰা নগ’ল। তাৰবাবে মই সকলো পঢ়ুৱৈৰ ওচৰত নতশিৰে ক্ষমা বিচাৰিছোঁ লগতে চৰকাৰৰ এই জনবিৰোধী দমননীতিৰ তীব্ৰ গৰিহণা দিছোঁ। মানুহৰ চিন্তা তথা বাকশক্তি ৰোধ কৰিবলৈ ইন্টাৰনেট সেৱা বন্ধ কৰাৰ দৰে আত্মঘাতী সিদ্ধান্ত ভৱিষ্যতৰ বাবে যাতে আৰু গ্ৰহণ কৰিব লগা নহয়, তাৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰে , বিশেষকৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ । ডিজিটেল মাধ্যমৰ ই-আলোচনী মণিকূটলৈ পঢ়ুৱৈৰ উপযুক্ত সহাৰিয়ে আমাক বাৰুকৈয়ে উৎসাহিত কৰিছে আৰু এই উৎসাহক সাৰথি কৰিয়েই আমি আমাৰ ভৱিষ্যত পথৰ দিশ নিৰ্ণয় কৰি লৈছোঁ। অসমীয়া ভাষাৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে মণিকূট সদায় আগত থাকিব, এয়া আমাৰ আন্তৰিক প্ৰতিশ্ৰুতি। সাহিত্যৰ পথাৰৰ সকলো সৃষ্টিৰ সফলতা নিৰ্ভৰ কৰে পঢ়ুৱৈৰ সহাৰিৰ ওপৰত। মণিকূটক জনপ্ৰিয় কৰি তোলা প্ৰতিজন পঢ়ুৱৈক সেয়েহে জনাইছোঁ আন্তৰিক ধন্যবাদ। সদৌশেষত, সদৌটিলৈ আগন্তুক নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা তথা ওলগ জনাইছো আৰু অজানিতে হ’ব পৰা আমাৰ সকলো দোষ-ক্ৰুটিৰ মাৰ্জনা বিচাৰি সমূহ পঢ়ুৱৈৰ মাজলৈ মণিকূটৰ দ্বিতীয় বৰ্ষৰ তৃতীয় সংখ্যাটি নৱবৰ্ষ সংখ্যা ৰূপে আগ্ৰহেৰে আগবঢ়াই দিলোঁ।

        মৃণাল কুমাৰ মিশ্ৰ
        ২২ ডিচেম্বৰ, ২০১৯ইং।