সদস্য:Nazrin Rohman/sandbox

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ব্যৱহাৰ[সম্পাদনা কৰক]

অসমীয়া মুছলমানসকলৰ জন্মৰ ক্ষেত্ৰত জড়িত নীতি নিয়মসমূহৰ ওপৰত এক চমু অৱলোকন কৰিব লৈছোঁ। নৱজাতকৰ আগমনে প্ৰতিটো পৰিয়াললৈ কঢ়িয়াই আনে সুখৰ বন‍্যা।সকলোৱে গৰ্ভৱতী মহিলা গৰাকীৰ বিশেষ যত্ন লয়।পা- পৰিয়ালৰ লোকসকলে তেখেতৰ কি খাবলৈ মন যায় সোধে, আৰু ইচ্ছা পূৰণ কৰে।আগৰ দিনত গৰ্ভৱতী মহিলা ৰাতি বাহিৰলৈ গলে হাতত চাকি এটা আৰু লোহাৰ কটাৰী এখন লৈ যোৱাৰ নিয়ম আছিল।প্ৰথম সন্তানৰ প্ৰসৱ মাতৃগৃহত হোৱাৰ পৰম্পৰা অতি পুৰণি।সেইবাবে গৰ্ভধাৰণৰ সাতমাহত গৰ্ভৱতী মহিলাগৰাকীৰ মাতৃ তথা পৰিয়ালৰ মূৰব্বী মহিলা কেইগৰাকীমান পতিগৃহৰ পৰা নিবলৈ আহিব লাগে। সেইদিনাই 'বাঁৰী ভাত' খোৱাৰ নিয়ম । উক্ত নিয়ম পালন কৰিবলৈ পাঁচ বা সাতগৰাকী বিধৱা মহিলাক ভোজনৰ নিমন্ত্ৰণ জনোৱা হয়।তেঁওলোকক ভোজন পৰিবেশন কৰিব লাগে গৰ্ভৱতী গৰাকীয়ে।ভোজন গ্ৰহণৰ পিছত তেওঁলোকে গৰ্ভৱতী মহিলাগৰাকীক মূৰত তেল সানি আশীষ প্ৰদান কৰে।মহিলাকেইগৰাকীক একোখনকৈ কপাহী চাদৰ উপহাৰ দিয়া হয়।মাকৰ ঘৰলৈ আহোত নিজৰ বাকচ আদিৰ তলা খুলি আহিব লাগে বুলি কথিত আছে। তদুপৰি আহিবৰ সময়ত গৰ্ভৱতী গৰাকীয়ে পৰিয়ালৰ মূৰব্বীসকলকো তামোল এখন এখন দি তচলিম বা সেৱা কৰি আহে।আগৰ দিনত নৱজাতকৰ বাবে আগতীয়াকৈ কাপোৰ কানি যোগাৰ কৰিব নাপায় বুলি জনবিশ্বাস আছিল।আজিকালি অৱশ্যে মাতৃগৰাকীয়ে নৱজাতকৰ কাপোৰ যোগাৰ কৰি ডেটল দি ভালকৈ ধুই ইস্ত্ৰি কৰি হে চিকিৎসালয়লৈ লৈ যায়।আমাৰ ককা আইতাসকলৰ মতে নৱজাতকৰ কাপোৰ জোৰকৈ চেপিব নাপায়।এনে কৰিলে কেচুৱাৰ গা বিষায় বুলি তেওঁলোকে বিশ্বাস কৰিছিল।তদুপৰি সৰিয়হৰ গাৰুত শুলেহে নৱজাতকৰ মূৰৰ আকৃতি গোলাকাৰ হয় বুলি জনবিশ্বাস প্ৰচলিত।সেই কাৰণে কেচুৱাৰ বাবে বিশেষ সৰিয়হৰ গাৰু তৈয়াৰ কৰা হয়। সন্তান ভূমিষ্ঠ হোৱাৰ পিছত লৰা ছোৱালী উভয়ৰে সোঁ কাণত মৃদু কৈ আজান আৰু বাঁও কাণত ইক্কামৎ দিয়া হয়।(ইক্কামৎ মানে নামাজলৈ সাজু হোৱাৰ আহবান)। কেঁচুৱা ঘৰলৈ আহি যিটো কোঠাত থাকিব তাৰ দুৱাৰ মূখত,খিৰিকীত বগৰী গছৰ ডাল সৰু সৰু কৈ কাটি ওলোমাই ৰখা হয়। এনে কৰিলে ভূত,প্ৰেত আদি অশুভ শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে বুলি সকলোৱে বিশ্বাস কৰে।আগৰদিনত নৱজাতকৰ কোঠাৰ সন্মুখত এটা লেম্প জ্বলাই ৰখা হৈছিল।কোনোবা কেচুৱা চাবলৈ আহিলে লেম্পত হাত সেকি হে কোঠাত প্ৰৱেশ কৰিছিল।আজিকালি লেম্পৰ স্থান চেনিটাইজাৰে দখল কৰিলে । সন্তানৰ জন্মৰ সময় দিন বাৰ আদি চাই বিজ্ঞজনে নামৰ আদি আখৰটো বাচি দিয়ে,তাৰ ওপৰত ভিত্তি কৰিয়েই নামকৰণ কৰা হয়।নামকৰণ বা আকীকা জন্মৰ সাতদিনৰ দিনা দিব লাগে।সাতদিনত নোৱাৰিলে পিছত দিলেও হয়। পুত্ৰ হলে এটা গৰু নাইবা দুটা ছাগলী ,পুত্ৰী হলে এটা গৰু বা ছাগলী বধ বা জবহ কৰিব লাগে। এই মাংস কেঁচাইও বিলাব পাৰি, ওচৰ চুবুৰীয়া তথা পৰিয়ালৰ সকলোকে নিমন্ত্ৰণ কৰি ৰান্ধি ও খোৱাব পাৰি।অতীজত কেচুৱাৰ নাড়ী সৰাৰ লগে লগে মূৰৰ চুলি সম্পূৰ্ণকৈ ক্ষুঢ়াই দিয়াৰ নিয়ম আছিল।আজি কালি অৱশ্যে চিকিৎসকৰ পৰামৰ্শ মতে এনে নকৰে।মাথোঁ অলপ চুলি কাটি নিয়মটো কৰে।এই চুলি কটাৰ পাছত গোৱৰত লিপি বেৰত সানি থব লাগে। নাড়ী সৰাৰ পাছত বাজলৈ ওলোৱা অনুষ্ঠান আয়োজন কৰা হয়।ই বিশেষকৈ মহিলা প্ৰধান অনুষ্ঠান।এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলে ওচৰ,চুবুৰীয়া আৰু পৰিয়ালৰ মহিলাসকলক নিমন্ত্ৰণ জনোৱা হয়। ইয়াত মাতৃগৰাকীয়ে পাটৰ চাদৰ মেখেলা পিন্ধি কোলাত কেচুৱাক লৈ ঘৰৰ চোতাললৈ গৈ পশ্চিম দিশে মূৰ কৰি তচলিম কৰে।তাৰ পাছত ফলি এখনত পেঞ্চিল

ত নৱজাতকৰ স্পৰ্শৰে অ,আ,ABCD আদি লিখাই।কিছুমানে আকৌ কেচূৱাটিৰ এখন হাতত কলম,আনখন হাতত পইচা দি চায় কোনতো সামগ্ৰী জোৰকৈ খামুচি ধৰে।কলম খামুচি ধৰিলে ডাঙৰ হলে পণ্ডিত হব বুলি কয়,আৰু টকাটো খামুচিলে বহুত ধনী হব বুলি ধৰা হয়।তাৰ পিছত শিশুটিক ভালদৰে শুৱাই দি কুকুৰাৰ কণী এটাত অলপ মিঠাতেল সানি মূৰত আৰু ভৰিৰ তলুৱাত সানি চাল,চুলি নিমজ হবলৈ আশীৰ্বাদ দিয়া হয়। তাৰপিছত পটাগুটিৰে কেচুৱাটোৰ ওচৰত খুন্দি গাজনী ,ঢেৰেকণিলৈ ভয় নাখাবলৈ আশীষ দিয়ে। বাজলৈ ওলোৱাৰ দিনা নৱজাতকক সকলোৱে উপহাৰ প্ৰদান কৰে। পিতৃ,মাতৃগৃহৰপৰা সোনৰ বস্তু উপহাৰ দিয়াৰ নিয়ম। বাকীসকলে কাঁহৰ থাল,বাতি,পইচা,কাপোৰ আদি উপহাৰ দিয়ে। সন্তান জন্মৰ পাছত কেচুৱাৰ মাকক পৰিয়ালৰ লোকসকলে জাল দিব লাগে। ই এটা অতি পুৰণি পৰম্পৰা।কেচুৱাৰ মোমাই নটি ওলালে মোমায়েকৰ কাপোৰ ব‍্যৱহাৰ কৰিলে আৰোগ্য লাভ কৰে বুলি কথিত আছে।অঞ্চল ভেদে অৱশ্যে এই নিয়মসমুহৰ সামান্য তাৰতম্য ও আছে। ( নাজৰিন ৰহমান)