সদস্য:Pathak brajen/মহানিনাদ বা মহানাদ তত্ত্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ড খনuniverse সৃষ্টিৰ মুলতে এই মহা নাদ তত্বৰ ধাৰণাটো দিয়া হয় আৰু ইয়াক বিজ্ঞ মহলত গ্ৰহণ কৰাও হৈছে। বিগ বেংগ (মহা-নাদ) তত্ব সৃষ্টিবিজ্ঞানৰ নমুনা হিচাবে বহু চৰ্চিত যিটো তত্ব্ই মহাবিশ্বৰ প্ৰাথমিক বিকাশৰ বাখ্যা দিয়ে। এই তত্ত্ব মতে বিশ্ব ব্ৰহ্মাণ্ড খন এসময়ত সংঘাতিক ধৰনে উত্তপ্ত ও অতি ঘনত্ব থকা অবস্থাত আছিল যি অতি বেগত প্ৰসাৰন হৈছিল। এই ক্ষীপ্ৰ প্ৰসাৰণৰ ফলত বিশ্ব ব্ৰহ্মাণ্ড শীতল হবলৈ আৰম্ভ কৰে আৰু বৰ্তমানৰ নিৰবিচিন্ন প্ৰসাৰিত বিশ্বৰ অবস্থা প্ৰাপ্ত হয়। অতি আসন্ন জোখ-মাপ আৰু নিৰীক্ষণ মতে মহা-নাদ সৃষ্টি হোৱা সময়টো প্ৰায় ১৩.৭৫ বিলিঅ’ন বা শত কৌটি (মহাপদ্ম) বৰ্ষৰ আগত আছিল। এইটোয়ে বিশ্বৰ বয়সো বুজায় | অসামান্য অবস্থাৰ পৰা আৰম্ভনিৰ প্ৰসাৰণৰ/বিস্তাৰৰ পিচত বিশ্ব ব্ৰহ্মাণ্ড যঠেষ্ঠ শীতল হৈছিল। এই শীতল প্ৰক্ৰিয়া চলি থকা অবস্থাত শক্তি বিভিন্ন মৌলিক কণালৈ ৰূপান্তৰিত হৈছিল যাৰ ভিতৰত প্ৰ’ট’ন, নিউট্ৰ’ন আৰু ইলেক্‌ট্ৰ’ন আছিল। প্ৰট’ন আৰু নিউট্ৰ’ন মহা-নাদৰ কেইমিনিট পিচতে যুক্ত হৈ প্ৰথম আদি পৰমাণুসমূহ গঠিত হৈছিল যদিও এইবোৰৰ লগত ইলেক্‌ট্ৰ’ন যুক্ত হবলৈ হেজাৰ হেজাৰ বছৰ লাগিছিল যাৰ ফলত আধানহীন নিৰপেক্ষ পদাৰ্থ সমুহ সৃষ্টি হৈছিল। প্ৰথম মৌলিক কণা গঠিত হৈছিল হাইড্ৰ’জেন যাৰ লগত হিলিয়াম আৰু লিথিয়াম কিছু পৰিমানে আছিল। এই মৌলিক কণাসমুহৰ প্ৰকাণ্ড মেঘ একগোট হৈ মাধ্যাকৰ্ষণৰ বাবে শত সহস্ৰ তৰা ও হাতীপটীৰ সৃষ্টি হৈছিল আৰু গধুৰ কণাসমূহ তৰাৰ লগতে সংযোজিত হয় নাইবা তৰাৰ বিস্ফোৰণৰ সময়ত সংযোগ ঘটে। মহানাদ তত্ব এনে পৰীক্ষিত বিজ্ঞানৰ ধাৰা যাক বৈজ্ঞানিক সমাজৰ মাজত বহুলকৈ গ্ৰহন কৰা হৈছে কাৰন জ্যোৰ্তিবিজ্ঞানীয়ে প্ৰত্যক্ষ কৰা সম্পুৰ্ন পৰিঘটনা এনে এবিধ নমুনাৰ সহায়ত বাখ্যা কৰা হয়।

চিত্ৰৰ নাম দিয়ক

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

1,http://en.wiki/Big_bang