সদস্য:Psneog/ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়া পৃথিৱীৰ বিভিন্ন ভাষাত প্রকাশিত ইণ্টাৰনেট বিশ্বকোষৰ এক সমূহ। ইয়াৰ মূল ৱেবচাইট হৈছে www.wikipedia.org. ইয়াৰপৰাই সকলো ভাষাৰ ৱিকিপিডিয়া সমূহলৈ ইণ্টাৰনেট লিংক দিয়া আছে। ইয়াৰ বাহিৰেও ইংৰাজীৰ বাবে en.wikipedia.org, অসমীয়াৰ বাবে as.wikipedia.org, হিন্দীৰ বাবে hi.wikipedia.org আদি ৱেবচাইটত প্রত্যক্ষ ভাবে পাব পাৰি। অতি সাধাৰণ অথচ সুন্দৰভাবে সজ্জিত এই ৱিকিপিডিয়াবোৰ জ্ঞানান্বেষী মানুহৰ বাবে ইণ্টাৰনেটত আকৰ্ষণৰ অন্যতম মুখ্য কেন্দ্র হৈ পৰিছে। ৱিকিপিডিয়া শব্দটো হৈছে "ৱিকি" (wiki) আৰু "এনচাইক্ল'পিডিয়া" (encyclopedia) শব্দৰ 'সমাস'।