| তাৰিখ বা চন |
ঘটনা
|
| ১৮ নৱেম্বৰ ১৯৪১ |
গুৱাহাটীত জন্ম
|
| ১৯৫৪ |
গুৱাহাটিৰ লতাশিল প্ৰাইমেৰী বিদ্যালয় আৰু শ্বিলংৰ পাইন মাউণ্ট স্কুলত প্ৰথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰাৰ পিছত গুৱাহাটীৰ তাৰিণীচৰণ বালিকা বিদ্যালয়ত নামভৰ্তি
|
| ১৯৫৭ |
তাৰিণীচৰণ বালিকা বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ
|
| ১৯৬০ |
কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ
|
| ১৯৬২ |
প্ৰথম গল্প সংকলন "চিনাকি মৰম" প্ৰকাশ
|
| ১৯৬৩ |
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ
|
| ১৯৬৫ |
মাধৱেন ৰয়ছম আয়েংগাৰৰ সৈতে বিবাহ
|
| ১৯৬৭ |
মটৰ দুৰ্ঘটনাত মাধৱেন ৰয়ছম আয়েংগাৰৰ মৃত্যু
|
| ১৯৬৮ |
গোৱালপাৰা সৈনিক বিদ্যালয়ত শিক্ষয়ত্ৰী হিচাপে যোগদান
|
| ১৯৬৯ |
বৃন্দাবন ইনষ্টিটিউট অৱ অৰিয়েণ্টেল ফিল’ছফীত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ অধীনত গৱেষণা আৰম্ভ
|
| ১৯৭১ |
দিল্লী বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষা সাহিত্য অধ্যয়ন বিভাগত অসমীয়া বিভাগৰ অধ্যাপিকা হিচাপে যোগদান
|
| ১৯৭২ |
প্ৰথম উপন্যাস "চেনাবৰ স্ৰোত" প্ৰকাশ
|
| ১৯৭৩ |
"মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিত মানসৰ তুলনামূলক অধ্যায়ন" শীৰ্ষক বিষয়ত পি এইচ ডিগ্ৰী (PHD Degree) লাভ
|
| ১৯৭৬ |
জাপান আৰু দক্ষিণ-পূৱ এছিয়া ভ্ৰমণ
|
| ১৯৭৪ |
দিল্লীৰ মানস চতুৰ্পদী সমিতিৰ দ্বাৰা "মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিত মানসৰ তুলনামূলক অধ্যায়ন" ৰ বাবে সন্মান
|
| ১৯৮৩ |
"মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস" নামৰ তিনিখন উপন্যাসৰ সংকলখনৰ বাবে ""সাহিত্য অকাডেমি বঁটা"" লাভ
|
| ১৯৮৬ |
"নীলকণ্ঠী ব্ৰজ"ৰ ইংৰাজী অনুবাদ "The Shadow of the Dark God and the Sin" প্ৰকাশ
|
| ১৯৮৮ |
নতুনকৈ প্ৰকাশ পোৱা "দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা" উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ বঁটা লাভ আত্মজীৱনীমূলক গ্ৰন্থ "আধালেখা দস্তাবেজ""ৰ প্ৰকাশ
|
| ১৯৮৯ |
"সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি" নামৰ তিনিখন উপন্যাসৰ সংকলনৰ বাবে ভাৰত নিৰ্মাণ বঁটা লাভ
|
| ১৯৯০ |
আত্মজীৱনীমূলক গ্ৰন্থ "আধালেখা দস্তাবেজ"ৰ ইংৰাজী অনুবাদ "An unfinished Autobiography" প্ৰকাশ
|
| ১৯৯২ |
ইণ্ডোনেছিয়াত অনুষ্ঠিত নৱম আন্তৰ্জাতিক ৰামায়ণ সন্মিলনত যোগদান লক্ষণৌৰ উত্তৰ প্ৰদেশ হিন্দী সংস্থাৰ পৰা সৌহাৰ্দ্য লাভ
|
| ১৯৯৩ |
"দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা"ৰ ইংৰাজী অনুবাদ "Saga of South Kamrup"ৰ প্ৰকাশ
|
| ১৯৯৬ |
সাহিত্য ক্ষেত্ৰৰ জীৱনজোৰা কৃতিৰ বাবে কমল কুমাৰী ফাউণ্ডেশ্বনে আগবঢ়োৱা কমল কুমাৰী বঁটা লাভ
|
| ১৯৯৭ |
"দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা"ৰ হিন্দী অনুবাদ "দক্ষিণ কামৰূপ কী কথা"ৰ (दक्षिण कामरूप की कथा) প্ৰকাশ
|
| ১৯৯৮ |
ৰামায়ণী সাহিত্য সম্পৰ্কীয় আলোচনা চক্ৰত সঞ্চালক হিচাপে ভাগ ল’বলৈ স্পেইন যাত্ৰা
|
| ১৯৯৯ |
আমেৰিকাৰ ফ্ল’ৰিডা বিশ্ববিদ্যালয়ে আয়োজন কৰা "তুলসী দাস আৰু তেওঁৰ সাহিত্যকৰ্ম" শীৰ্ষক সন্মিলনত আন্তৰ্জাতিক তুলসী বঁটা লাভ বাৰখন উপন্যাস সংকলন "মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ" প্ৰকাশ
|
| ২০০১ |
ভাৰতৰ সৰ্বোচ্চ সাহিত্য বঁটা জ্ঞানপীঠ লাভ
|
| ২০০২ |
ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান প্ৰত্যাখ্যান পশ্চিম বংগৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ ডি লিট উপাধি লাভ অসমৰ আহোম সভাৰ "মহীয়সী জয়মতী বঁটা" প্ৰদান
|