সদস্য:Sudarshana99

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মৰাণসকলৰ সামূহিক দহা-কাজ

অসমৰ পুৰণি জনগোষ্ঠীবোৰৰ ভিতৰত এটা অন্যতম জনগোষ্ঠী হ'ল 'মৰাণ জনগোষ্ঠী'। ঘাইকৈ উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, শিৱসাগৰ আদি জিলাৰ কোনো কোনো অঞ্চলত আৰু ইয়াৰ সীমামূৰীয়া অৰুণাচল আৰু নাগালেণ্ডৰ দুই এখন জিলাত মৰাণ লোকসকল বসবাস কৰি আহিছে। নৃতাত্বিক দিশৰপৰা এওঁলোক মংগোলীয় মূলৰ।

নিয়ম[সম্পাদনা কৰক]

  আমাৰ পৰম্পৰাগত নিয়ম অনুসৰি কোনো লোকৰ মৃত্যুৰ পিছত তিনি দিনত তিলনী,দহদিনত দহা আৰু কুৰি দিনত কাজ অনুষ্ঠিত কৰে।আন আন জনগোষ্ঠীৰ দৰে মৰাণসকলৰো এটা ঐতিহ্যপূৰ্ণ পৰম্পৰা হৈছে এই দহা-কাজ। কিন্তু অন্যান্য জনগোষ্ঠীৰ তুলনাত কিছুমান ব্যতিক্ৰমী নীতি-নিয়ম মৰাণ জনগোষ্ঠীৰ দহা-কাজত দেখিবলৈ পোৱা যায়। এওঁলোকৰ নিয়মত দহ দিনত দহা বা কুৰি দিনত কাজ পাতিব লাগে বুলি কোনো ধৰাবন্ধা নিয়ম নাই। কোনো ব্যক্তিৰ মৃত্যুৰ ছমাহ, এবছৰ, দুবছৰ, সাতবছৰ বা তাতকৈ বেছি বছৰৰৰ পাছতো সামূহিকভাবে এই নিয়ম কৰিব পাৰে। অৰ্থাৎ সেই গাওঁখনৰ বা অঞ্চলটোৰ কেইবাজনো মৃত ব্যক্তিৰ দহা-কাজ ৰাইজে সমূহীয়াভাৱে অনুষ্ঠিত কৰে। 
 
  গাঁৱৰ শৰণীয়া ভকতসকলে ভাগৱত পাঠ আৰু গায়ন-বায়নেৰে দিনৰভাগতে 'দহা'খনৰ কামবোৰ সমাপন কৰে।কিছুমানে গোসাঁই-মহন্তসকলে এই দহাখন দহ দিনত পতাৰ বিপৰীতে বাকিসকলে ১১দিনত আৰু কিছুমানে কাজৰ দিনাখন পাতে।কাজ সাধাৰণতে ৰাতি সম্পন্ন হয় (প্ৰয়োজন সাপেক্ষে দিনটো হয়)।কাজৰ আৰম্ভণি হয় 'যজ্ঞখোলা'ৰ নীতি-নিয়মেৰে ।যজ্ঞখোলা হৈছে চাৰিটা বাঁহৰ খুঁটি পুতি বাহিৰৰ মানুহে নেদেখিবলৈ  কলপাতেৰে আৱৰি থোৱা ঘৰ আকৃতিৰ এটা সৰু খোলা। এই খোলা ঐশ্বৰিক শক্তিসম্পন্ন বুলি মৰাণ সকলে বিশ্বাস কৰে য'ত মাত্ৰ পুৰোহিত ভকতকেইজন আৰু ৰান্ধনীজনহে সোমাব পাৰে। যিগৰাকী ব্যক্তিয়ে যজ্ঞখোলাত ৰান্ধনীৰ দায়িত্ব পালন কৰে তেওঁ বহুতো নিয়ম-নীতিৰ মাজত আবদ্ধ থাকিবলগীয়া হয়।এটা আমলৈয়া(ৰঙা বৰণৰ) হাঁহ বলি দি ৰান্ধনীয়ে পুৰোহিতকেইজনৰ বাবে বিভিন্ন ব্যঞ্জন ৰান্ধে। পুৰোহিত ভকতকেইজনে নামঘৰৰ ভিতৰৰ নিয়মসমূহ সমাপন কৰি যজ্ঞখোলালৈ আহি ভোজ গ্ৰহণ কৰে। ৰান্ধনীজনে কিন্তু কেৱল সিজাইহে দিয়ে তেওঁ এই ভোজ খাব নোৱাৰে। ভকতকেইজনক খোৱাই-বোৱাই শেষ হোৱাৰ পিছত ৰান্ধনীজনে কোনেও নেদেখাকৈ মনে মনে খোলাটোৰপৰা ওলাই ঘৰলৈ গুচি যায়।গৈ থকা অৱস্থাত তেওঁ পিছলৈ ঘূৰি চাব নোৱাৰে অন্যথা তেওঁৰ বাবে বিপদ হ'ব বুলি মৰাণসকলৰ মাজত বিশ্বাস আছে।
   যজ্ঞখোলাৰ উপৰিও 'চুবুৰী খোলা' আৰু 'চকোৱা খোলা' বুলি আন দুই ধৰণৰ খোলা থাকে। চুবুৰী খোলাত চুবুৰীৰ মানুহে আৰু চকোৱা খোলাত পৰিয়ালৰ নতুবা আন আন নিমন্ত্ৰিত অতিথিয়ে ৰান্ধি-বাঢ়ি ভোজ খোৱাৰ নিয়ম আছে। এইকেইটাৰ উপৰি মহন্ত বা ডাঙৰীয়াসকলৰ বাবেও 'ডাঙৰীয়া খোলা' বুলি এখন পৃথক খোলা থাকে। ভোজৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহৰ একো একোখন 'ভাৰ' চুবুৰী,আন আন অঞ্চলৰ নিমন্ত্ৰিত অতিথি তথা একে জনগোষ্ঠীৰ লোকসকলে আনি নিৰ্দিষ্ট কৰি দিয়া কমিটিৰ ওচৰত আগতীয়াকৈ জমা দিব লাগে।'ভাৰ' এখনত চাউল-দাইলৰপৰা আৰম্ভ কৰি হাঁহ,পাৰ(যোৰ),মাছ আদিলৈকে যোগান ধৰা হয়। সামগ্ৰীসমূহ এটা ভঁৰালত সংৰক্ষণ কৰি ৰাখে আৰু তাৰপৰাই প্ৰতিটো খোলালৈ ভোজৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ সংগ্ৰহ কৰে।
     ‌এইদৰে এক উৎসৱমূখৰ পৰিৱেশৰ মাজেৰে মৰাণ জনগোষ্ঠীৰ 'সামূহিক দহা-কাজ' সম্পন্ন কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

ক্ষেত্ৰ অধ্যয়ন তিনিচুকীয়া জিলাৰ কাকজান