সদস্য:Writer Apurba
খটৰা সত্ৰ আৰু পাচেতি
দৰং জিলাৰ খটৰা সত্ৰই প্ৰায় ৫০০ বছৰ ধৰি ধৰ্মীয়, আধ্যাত্মিক সামাজিক, সাংস্কৃতিক আদি বিভিন্ন দিশত প্ৰভূত অৰিহণা যোগাই আহিছে। খটৰা সত্ৰ বিশেষভাৱে অবিভক্ত দৰং জিলাৰ লোকসকলৰ মুখে মুখে প্ৰচলিত এটি আধ্যাত্মিক অনুষ্ঠান। এই সত্ৰখন বহ্মপুত্ৰৰ উত্তৰ পাৰৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ছিপাঝাৰৰ পৰা উত্তৰ পশ্চিমে প্ৰায় ১৩ কিলোমিটাৰ দূৰত অৱস্থিত। আনহাতে জিলা সদৰ মঙলদৈ চহৰৰ পৰা প্ৰায় কুৰি কিলোমিটাৰ পশ্চিমে উত্তৰ দিশে অৱস্থিত। সত্ৰখনলৈ যাতায়াতৰ সুব্যৱস্থা আছে। গুৱাহাটীৰ ফালৰ পৰা বাইহাটা-মুক্তাপুৰ পথেৰে পূবলৈ আহিলে সত্ৰখন পায়। মঙলদৈৰ পৰা আহিলে দিপীলা হৈ উত্তৰলৈ মাত্ৰ এক কিলোমিটাৰ দূৰ, ছিপাঝাৰৰ পৰা আহিলে ছিপাঝাৰ বাছ আস্থানৰ পৰা উত্তৰলৈ পাথৰিঘাট, দিপীলা হৈ উত্তৰলৈ মাত্ৰ এক কিলোমিটাৰ পথ। সত্ৰৰ পৰা ৰাজ্যিক পৰিবহণ নিগমৰ বাছ এখনো গুৱাহাটীলৈ অহা-যোৱা কৰে। বছৰৰ বাৰ মাহে বিভিন্ন ঠাইৰ পৰা ভক্তসকলৰ বিপুল সমাগমে সত্ৰখনৰ জনপ্ৰিয়তাকে সূচাই আহিছে।
মাধৱদেৱৰ প্ৰপন্ন শিষ্য গোবিন্দ আতৈয়ে ১৫৬৮ চনত খটৰা সত্ৰ প্ৰতিষ্ঠা কৰে। মাধৱদেৱৰ বাৰজন ধৰ্মাচাৰ্যৰ সপ্তমজনা ধৰ্মাচাৰ্য গোবিন্দ আতৈৰ জন্ম হৈছিল ৰঙিয়াৰ লেচাকোনা নামে গাঁৱত। আতৈয়ে মাধৱদেৱৰ সান্নিধ্যলৈ আহি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আত্মোৎসৰ্গ কৰিছিল। আতৈৰ কৰ্মদক্ষতাত সন্তুষ্ট হৈ মাধৱদেৱে এদিন শুভ ক্ষণত তেওঁক ধৰ্ম প্ৰচাৰৰ বাবে সত্ৰ প্ৰতিষ্ঠা কৰিবলৈ দৰঙলৈ যাবলৈ আজ্ঞা দিয়ে। এই কথাত গোবিন্দ আতৈ অতিশয় সন্তোষ মনে মাধৱদেৱৰ ওচৰৰ পৰা তিনিজন ধৰ্মপ্ৰাণ ভকতক লগত লৈ দৰঙলৈ যাত্ৰা কৰে। অবিভক্ত দৰঙৰ ৰৌতাত গুৰুজনাই ছমাহ কাল কটাইছিল যদিও ধৰ্মীয় প্ৰসাৰৰ ক্ষেত্ৰত সফল হ’ব পৰা নাছিল। কিন্তু আতৈয়ে পৰৱৰ্তী কালত মাধৱদেৱৰ আশিসলব্ধ হৈ ভকত তিনিজনৰ লগত আহি প্ৰথমে ভুলুমুখলৈ যায় যদিও তাত সত্ৰ স্থাপনৰ ক্ষেত্ৰত বিশেষভাৱে বানপানীৰ বাবে সফলতা লাভ কৰিব পৰা নাছিল। যাৰ ফলত আতৈয়ে আন সুবিধাজনক ঠাইৰ সন্ধানত ঘূৰি ননৈৰ পাৰৰ হাবি-জংঘলেৰে আগুৰা ঠাইত উপস্থিত হৈ এডোখৰ ঠাইত বাহৰ পাতি হৰিৰ নাম-প্ৰসঙ্গৰ জৰিয়তে মুক্তি লাভ কৰাৰ ধৰ্মীয় পথ প্ৰদৰ্শনৰ প্ৰচেষ্টা হাতত লয়।
সেই সময়ত দৰঙৰ লোকসকল সনাতন শাক্ত, বৈষ্ণৱ যুগৰ বিষ্ণু ভক্ত, বাথৌ বা শিৱভক্ত আৰু গণেশৰ সেৱক আহিল। গোবিন্দ আতৈয়ে কেৱল এখন পুথি থাপনাত ৰাখি নাম-গুণ গাই ভক্তিৰ মাধ্যমেৰে মুক্তি পোৱা কথাটো যুগে যুগে শাক্ত-শৈৱ সংস্কাৰেৰে আচ্ছন্ন দৰঙীয়া ৰাইজে গ্ৰহণ কৰিব পৰা নাছিল। উপায়ান্তৰ নাপাই গোবিন্দ আতৈ তান্তিকুছিলৈ গৈ মাধৱদেৱক আদ্যেপান্ত কোৱাত মাধৱদেৱে দৰঙীয়া ৰাইজৰ ধৰ্মীয় সংস্কাৰ সম্পৰ্কে জানি ৰাম, সীতা, লক্ষ্মণ আৰু হনুমানৰ চাৰিটা মূৰ্তি গোবিন্দ আতৈ আৰু ভকতকেইজনৰ হাতত দি মূৰ্তিকেইটা মণিকূটত স্থাপন কৰি প্ৰাৰ্থনা আৰু নাম-প্ৰসঙ্গ কৰিবলৈ নিৰ্দেশ দিলে। সেই সময়ৰ পৰা বৰ্তমানলৈ মূৰ্তি চাৰিটা আসনত প্ৰতিষ্ঠিত হৈ আছে।
খটৰা সত্ৰ সম্পৰ্কে জনশ্ৰুতিৰ পৰা জনা যায় যে গোবিন্দ আতৈয়ে ধৰ্ম প্ৰচাৰৰ যো-জা কৰা অৱস্থাত সেই ঠাইত খট অৰ্থাৎ দুষ্ট প্ৰকৃতিৰ লোক চাৰিজন আছিল। স্থানীয় লোকে তেওঁলোকৰ আচৰণক ‘খটাসুৰ’ বা অতি দুষ্ট প্ৰকৃতিৰ বুলি তেওঁলোকক ‘খট’ বুলি কৈছিল। গোবিন্দ আতৈ আৰু তেওঁৰ লগত অহা ভকতকেইজনে খটকেইজনৰ মনৰ পৰিৱৰ্তন সাধন কৰি ভক্তিধৰ্মলৈ ঢাল খুউৱাৰ বাবে ঠাইখনৰ নাম ‘খটহৰা’ বা ‘খটৰা’ হ’ল।
কোচৰজা নৰনাৰায়ণৰ দিনতে এই সত্ৰখন প্ৰতিষ্ঠা হয়। প্ৰজাবৎসল ৰজা নৰনাৰায়ণে সত্ৰৰ কৰ-কাটল ৰেহাই দি ৰাজ-পৃষ্ঠপোষকতা আগবঢ়াইছিল। পৰৱৰ্তী সময়ৰ কোচ ৰজাসকলেও সত্ৰখনৰ প্ৰতি উদাৰ মনোভাব দেখুৱাই আহিছিল। সত্ৰখনৰ সা-সম্পত্তিৰ হৰণ-ভগন নহ’বৰ বাবে, সা-সম্পত্তিৰ হিচাপ নিয়াৰিকৈ ৰাখিবৰ বোব কোচ ৰজা ধৈৰ্যনাৰায়ণে এই সত্ৰলৈ দান দিয়া বয়-বস্তুৰ এখন তালিকা লিপিবদ্ধ কৰাৰ ব্যৱস্থা কৰিছিল। তদানীন্তন প্ৰখ্যাত ধৰ্মাচাৰ্য বাদন আতাৰ নামত এই বয়বস্তুৰ তালিকাখন লিপিবদ্ধ কৰি ৰখা হৈছিল। এই কাকতখনেই হৈছে সকলোৰে মাজত প্ৰচলিত ঐতিহাসিক ‘বৰকাকত’।
সাঁচি গছৰ বাকলিৰে প্ৰস্তুত কৰা বৰকাকতখন দীঘে ১৯৭ চেণ্টিমিটাৰ আৰু প্ৰস্থই ২৪ চেণ্টিমিটাৰ৷ কোচৰজাসকলে আগবঢ়োৱা পৃষ্ঠপোষকতাৰ স্বাক্ষৰ এই কাকতখনে বহন কৰিছে৷ বৰকাকতখনৰ লিপি পুৰণি অসমীয়া কাইথেলি গঢ়ৰ, ইয়াত কাকতখনৰ শিল্পকাৰৰ নামো উল্লেখ আছে৷ সেইসকল হ’ল— সহধৰ শৰ্মা (দিপীলা), বুজৰবৰুৱা সোণ চহৰীয়া (আহিনী)৷ বৰকাকতখন বৰ্তমানে আধুনিক প্ৰযুক্তিৰ সহায়ত সংৰক্ষণ কৰা হৈছে৷
খটৰা সত্ৰৰ আন এখন গুৰুত্বপূৰ্ণ দলিল হ’ল ‘বৰফলি’৷ খটৰা সত্ৰৰ প্ৰতিষ্ঠাৰ ইতিহাস আৰু উন্নয়নৰ গুৰি ধৰোঁতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ বিৱৰণ সম্বলিত মাৰ্বল পাথৰৰ ফলিখনক সত্ৰখনৰ ভকতসকলে পৰম্পৰাগতভাৱে ‘বৰফলি’ বুলি অভিহিত কৰি আহিছে৷ বৰ্তমান এই ফলিখনৰো সত্ৰখনত সংৰক্ষণৰ সুব্যৱস্থা কৰা হৈছে৷ অৱশ্যে মূল বৰফলিখনকো ভগ্ন অৱস্থাত তীৰ্থযাত্ৰী-দৰ্শনাৰ্থীসকলৰ দৰ্শনৰ বাবে ৰখা হৈছে৷ তলত বৰফলিখনৰ পাঠ উল্লেখ কৰা হৈছে:
“মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ সোঁহাত স্বৰূপ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ আদেশ মৰ্মে তেৰাৰ প্ৰিয় শিষ্য গোবিন্দ আতৈয়ে একশৰণ নামধৰ্মৰ সোৱাদ বিলাবলৈ দৰঙলৈ আহি আজিৰ এই ঠাইতে শুভ পদাৰ্পণ কৰে৷ সেই সময়ত এই ঠাইৰ বসবাসী খট জাতীয় লোকসকলৰ পৰা আতৈয়ে ইয়াত সত্ৰ স্থাপনৰ অনুমতি পোৱা নাছিল৷ শ্ৰীশ্ৰীমাধৱদেৱৰ কৌশলমতে তেৰাই এই কাৰ্যত সফলতা লাভ কৰে…৷”
খটৰা সত্ৰত অনুষ্ঠিত বিভিন্ন অনুষ্ঠান আৰু কলা-কৃষ্টিসমূহ:
[সম্পাদনা কৰক]খটৰা সত্ৰত অনুষ্ঠিত বিভিন্ন উৎসৱ-পাৰ্বণসমূহৰ লগত সত্ৰীয়া অনুষ্ঠানসমূহৰ পৰিৱেশন এৰাব নোৱৰা অংগ৷ ইয়াত অনুষ্ঠিত বিভিন্ন অনুষ্ঠানসমূহ হ’ল— নন্দোৎসৱ, বোকা ভাওনা, পাচেতি, ফাকুৱা, গোবিন্দ আতৈৰ তিৰোভাৱ তিথি, শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ আৱিৰ্ভাৱ তিথি, শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি, দেউল উৎসৱ, বৰসবাহ, বৰ গোপিনী সবাহ, বিহু উৎসৱ৷ এই অনুষ্ঠানসমূহৰ লগত নাম-প্ৰসঙ্গ জড়িত হৈ থাকে৷ তদুপৰি বিশেষ কিছু অনুষ্ঠানৰ লগত নৃত্য-গীতো পৰিৱেশন কৰা হয়৷ ইয়াৰ উপৰিও ব্যাস সঙ্গীত, গোন্ধৰ গীত, খোল বাদ্য, খোল নৃত্য, চৌধ প্ৰসঙ্গ সত্ৰখনিত অনুষ্ঠিত হয়৷ নিত্য প্ৰসঙ্গত প্ৰাতঃ প্ৰসঙ্গ, জাগৰণ বা চলনৰ গীত, দেৱ ভটিমা, ঘোষা আৰু ভাগৱত পাঠ পৰিৱেশন কৰা হয়। দুপৰীয়াৰ প্ৰসঙ্গ আৰু সন্ধিয়াৰ প্ৰসঙ্গ, থিয়নাম, দেওচাপৰি নাম, ভাওনা আদি প্ৰদৰ্শন কৰা হয়৷
খটৰা সত্ৰক কেন্দ্ৰ কৰি থকা জনবিশ্বাস:
[সম্পাদনা কৰক]এই সত্ৰখনক কেন্দ্ৰ কৰি বিভিন্ন লোক বিশ্বাস আৰু পৰম্পৰা এতিয়ালৈকে চলি থকা পৰিলক্ষিত হৈছে৷ তাৰে ভিতৰত কেইটামান তলত উল্লেখ কৰা হ’ল।
কলবন্ধা:
[সম্পাদনা কৰক]খটৰা সত্ৰক উদ্দেশ্য কৰি কলবন্ধা এটি লোক পৰম্পৰা৷ এই পৰম্পৰাত বিশ্বাসী লোকসকলে যিকোনো শুভ কামনা মানস কৰি বা কিবা বিপদ-বিঘিনি, অসুখ-বিসুখৰ সন্মুখীন হ’লে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ মানসেৰে এই পৰম্পৰা মানে৷ এই বিশ্বাস অনুসৰি ঠোক পৰা কলগছ এজোপাত গা-পা ধুই তিতা কাপোৰেৰে ৰঘুনাথৰ নাম লৈ কলঠৰুৱা এডালেৰে বান্ধে৷ অৰ্থাৎ কলঠোক সত্ৰলৈ অৰ্পণ কৰে৷ কলঠোক পকিলে কলঠোকেৰে সৈতে শৰাই এখন সত্ৰলৈ আগবঢ়ায়৷
শৰাই আগবঢ়োৱা:
[সম্পাদনা কৰক]শুভ ফলাফল আশা কৰি সত্ৰলৈ ফল-মূল, মাহ-প্ৰসাদ চাকি-বন্তিৰে শৰাই আগবঢ়োৱা হয়৷
গাঁঠি বন্ধা নিয়ম:
[সম্পাদনা কৰক]কোনো মঠ-মন্দিৰ, সত্ৰ আদিত দৰ্শন কৰি আনৰ ওচৰত সোমাব নেপাই বুলি জনবিশ্বাস৷ অগত্যা তেনে কৰিবলগীয়া হ’লে দৰ্শনাথীগৰাকীয়ে নিজৰ ৰুমাল, গামোচা বা চাদৰত গাঁঠি এটি দিহে মানুহ ঘৰত সোমায়৷
বোকা ভাওনা সম্পৰ্কীয় জনবিশ্বাস:
[সম্পাদনা কৰক]সত্ৰত উদ্যাপিত নন্দোৎসৱৰ বোকা ভাওনাত অংশ গ্ৰহণ কৰিলে বা দৰ্শন কৰিলে পুণ্য হয় বুলি বিশ্বাস৷ আনহাতে বোকা ভাওনাৰ বোকা-পানীৰে ফোঁট ললে ব্যাধি, মাৰি-মৰক দূৰ হয় বুলি জন বিশ্বাস আছে৷
বৰষুণ আনয়ন সম্পৰ্কীয়:
[সম্পাদনা কৰক]বহুদিন ধৰি বৰষুণ নহ’লে বতৰ খৰাং হৈ পৰে৷ তেনে পৰিপ্ৰেক্ষিতত বৰষুণ কামনা কৰি সত্ৰৰ ভক্তসকলে সত্ৰত প্ৰতিষ্ঠিত হনুমানক পূজা-অৰ্চনা কৰি নৈবেদ্য আগবঢ়ায় আৰু পাছদিনা মূৰ্তিটো বাহিৰলৈ উলিয়ায়৷ তেনে কৰিলে শীঘ্ৰে বৰষুণ হয় বুলি জনবিশ্বাস বৰ্তমানেও চলি আছে৷
বতাহ, বৰষুণ আদি প্ৰাকৃতিক দুৰ্যোগ নিৰাময়কৰণ:
[সম্পাদনা কৰক]যিকোনো উৎসৱ-পাৰ্বণত বতৰে যাতে কোনো ধৰণে আহুকালত নেপেলায়, তাৰ বাবে সত্ৰৰ ভিতৰত আৰু বাহিৰত প্ৰতিষ্ঠিত হনুমানৰ বিগ্ৰহত নতুন খৰাহিত ফল-মূল, ঘিউ-চাকিৰে শৰাই আগবঢ়ালে বতৰৰ পৰা হ’ব পৰা অসুবিধা দূৰ হয় বুলি বিশ্বাস কৰা হয়৷
পাচেতিৰ লগত জড়িত লোক বিশ্বাস:
[সম্পাদনা কৰক]পাচেতি উৎসৱত অনুষ্ঠিত ‘দধিমথন’ কাৰ্য দৰ্শন কৰিলে মনোবাঞ্ছা পূৰ্ণ হয় বুলি জনবিশ্বাস চলি আহিছে৷ পাচেতিৰ সময়ত মন্দিৰ দৰ্শন কৰিলে বিবাহ যোগ্যসকলৰ বিবাহ কাৰ্য সম্পন্ন হয় বুলি বিশ্বাস প্ৰচলিত হৈ আহিছে৷
ধাতৱ পদাৰ্থ দান:
[সম্পাদনা কৰক]ভক্তই মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ সোণ বা ৰূপেৰে তৈয়াৰ কৰা তুলসী পাত, বেল পাত, পদুম ফুল বা পদুমৰ পাত আদি আগবঢ়োৱা পৰম্পৰা চলি আহিছে৷
জন্মকৃত্যৰ লগত জড়িত:
[সম্পাদনা কৰক]সত্ৰৰ লগত জড়িত কোনো লোকৰ সন্তান জন্ম হলে অশৌচৰ অন্তত সত্ৰলৈ শৰাই আগবঢ়াই নবজাতকৰ মঙ্গল কামনা কৰা হয়৷
খটৰা সত্ৰৰ পাচেতি উৎসৱ:
[সম্পাদনা কৰক]খটৰা সত্ৰত অনুষ্ঠিত বিভিন্ন উৎসৱৰ ভিতৰত পাচেতি উৎসৱ অতি উলহ-মালহেৰে অনুষ্ঠিত কৰা হয়৷ ‘পচতি’, ‘পাচতি’ বা ‘পঁচতি’ উৎসৱ দৰং জিলাত পাচেতি ৰূপে পৰিচিত৷ বহু যুগৰ আগৰে পৰা অসমত প্ৰচলিত এটি অৰ্দ্ধ নাটকীয় অনুষ্ঠান পাচেতি৷ ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে– “পাচতি গোৱা দস্তৰটো প্ৰাক্ শংকৰদেৱৰ যুগৰ পৰাই চলি আহিছে৷ জন্ম, মৃত্যু আৰু বিবাহক কেন্দ্ৰ কৰি আমাৰ সমাজত বহু ৰীতি-নীতি, উৎসৱ, ক্ৰিয়া চলি আছে৷ পাচতি উৎসৱটি ল’ৰা-ছোৱালী জন্ম হোৱাৰ পাঁচ দিনৰ দিনাখন কৰা কৃত্য বিশেষ৷ বিশেষ অঞ্চলত বৰ্তি আছে৷ ই লোকাচাৰ ভিত্তিক স্ত্ৰী আচাৰ৷”
গৌৰী শঙ্কৰ ভট্টাচাৰ্যই তেওঁৰ গ্ৰন্থ ‘সবিনয় নিবেদন’ত উল্লেখ কৰি এই সম্পৰ্কে এটি সুন্দৰ বৰ্ণনা দাঙি ধৰিছে নিজৰ অভিজ্ঞতাৰ দিশেৰে– “উৎসৱটি সম্পূৰ্ণ স্ত্ৰী আচাৰ৷ অসমৰ আৰ্যীকৰণ বা অসমৰ বৃত্তান্ত প্ৰচলিত হোৱাৰ আগেয়ে পঁচতি বা পাচতি বাৰিষা কালৰ শেষৰফালে, সাধাৰণতে ভাদ মাহৰ শেষ ভাগত ঋতুকালীন উৎসৱ হিচাপে পালিত হৈ আহিছে৷ এই উৎসৱত বিশেষকৈ তিৰোতাসকলে মুকলিমূৰীয়াকৈ গাইছিল, নাচিছিল৷”
অতুল চন্দ্ৰ হাজৰিকাৰ মতে পঁচতি শব্দটিৰ সাধাৰণ অৰ্থ হৈছে ল’ৰা-ছোৱালী জন্ম হ’বৰ পাঁচ দিনৰ মূৰত কৰা এটি জন্মকৃত্য৷ এই পঁচতি বা পাচতি উৎসৱ সাধাৰণ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত অনুষ্ঠিত নহয়৷ আমাৰ চিৰশিশু শ্ৰীকৃষ্ণৰ জন্মতিথি জন্মাষ্টমীৰ পাঁচ দিনৰ মূৰতহে এই পঁচতি উৎসৱ পালন কৰা হয়৷ পাচতি শব্দৰ মূল বিচাৰি গ’লে পঞ্চতি, পাঞ্চতি আদি পুৰণি ৰূপ পোৱা যায়৷ ইয়াৰ অৰ্থ পাঁচদিনীয়া কৃত্য অৰ্থাৎ জন্মৰ পঞ্চম দিনা পালনীয় লোকাচাৰসমূহ৷ এই বিষয়ে মুখে মুখে প্ৰচলিত এফাঁকি বাক্য এনেধৰণৰ—
পাঁচ দিনতে পঁচতি কৰিলা
ছয় দিনতে চাতি৷
এঘাৰ দিনতে গ্ৰহ পূজা কৰে
পণ্ডিত বামুণক মাতি৷৷
পঁচতি গোৱা প্ৰথা অসমত বৈষ্ণৱ আন্দোলনৰ আগতেও বোধকৰোঁ আছিল৷ শ্ৰীমন্ত শংকৰৰ বৈষ্ণৱ ধৰ্মই পঁচতি অনুষ্ঠানত নতুন ৰূপ, ৰহণ সানি লৌকিক আকৰ্ষণৰ সৃষ্টি কৰিলে৷
ইতিমধ্যে উনুকিওৱা হৈছে যে খটৰা সত্ৰত ভাদ মাহৰ শেষৰ দিনা আৰু আহিনৰ পহিলা দিনা পাচেতি উৎসৱ অনুষ্ঠিত হয়৷ দোমাহীৰ আগদিনা সত্ৰৰ দেউৰীসকলে পৰম্পৰাগতভাৱে অধিবাস পালন কৰে৷ অধিবাস কৰাটো এটি অপৰিহাৰ্য পৰম্পৰা হিচাপে পৰিগণিত হৈ আহিছে৷ দৰঙত বাসুদেৱ পূজা আৰু গৌন্ধচৌপৰী সভাৰ লগতো এই পৰম্পৰা জড়িত হৈ আছে৷
গোন্ধৰ দিনা সন্ধিয়া সময়ত নামঘৰত নাম-প্ৰসঙ্গ আৰম্ভ কৰা হয়৷ নাম-প্ৰসঙ্গৰ অন্তত দেউৰীয়ে নামঘৰৰ পৰা ভাগৱত পুথিখন শিৰত লৈ পৱিত্ৰতাৰে উলিয়াই আনে৷ লগে লগে গায়ন-বায়নে দেউৰীগৰাকীৰ পিছে পিছে খোলে-তালে হৰিধ্বনি কৰি নামঘৰৰ বাহিৰত ইতিমধ্যে প্ৰস্তুত কৰা মথনি খলাত ধৰ্মপুথিখন ৰখা হয়৷ ইয়াৰ পিছত দেউৰী বা যিকোনো ব্যক্তিয়ে সত্ৰৰ নামঘৰৰ উত্তৰে থকা পুখুৰীত পানী তুলিবলৈ তিৰোতাৰ দৰে সাজ-পাৰ পিন্ধি সুভদ্ৰাৰ ভাও লয়৷ সুভদ্ৰা ৰূপী ব্যক্তিগৰাকীয়ে এখন কাঁহৰ বা তামৰ কাঁহীত পাঁচগচি চাকি, এজোৰ তামোল-পাণ আৰু ৰূপৰ কলচি লৈ হৰিধ্বনি কৰি উৰুলি জোকাৰে বৰপুখুৰীলৈ পানী তুলিবলৈ যায়৷ সুভদ্ৰা ৰূপী ব্যক্তিগৰাকীয়ে পুখুৰী পাৰত কাঁহীখন থৈ তামোল-পাণযোৰ ভক্তিভাৱে জলদেৱতাক অৰ্পণ কৰে আৰু কটাৰীৰে পানী কাটি ৰূপৰ কলচীত পানী ভৰাই হৰিধ্বনিৰ মাজেৰে নামঘৰৰ সিংহদ্বাৰ পায়৷ তাৰ পাছত তিনিবাৰ নামঘৰ প্ৰদক্ষিণ কৰি ইতিমধ্যে সাজু কৰি থোৱা কলচিত পানীখিনি ঢালি দিয়ে৷ ইতিমধ্যে সাজু হৈ থকা কিছু লোকে যশোদা, ৰোহিনী, গোপিনী আৰু শিশুকৃষ্ণৰ ৰূপ লৈ ভাও দি নাচি-বাগি মথনিখলাত প্ৰৱেশ কৰে৷
দধিমথনৰ সময়ত ওজা (সূত্ৰধাৰ)ই পদ লগাই দিয়ে আৰু পালিসকলে মথনিশালৰ চাৰিওফালে ঘূৰি ঘূৰি পদৰ ছন্দে ছন্দে নাচি নাচি পদবোৰ দোহাৰে৷ পদবোৰৰ ভিতৰত দুটামান পদৰ উল্লেখ কৰা হ’ল:
১৷ ঘিউৰ বাটি লৈ কৃষ্ণক মাতাগৈ
আহা সখি আহা দধি মথো গৈ এ৷৷
২৷ যশোদায়ে দধি মথন ৰোলে
আঞ্চলে ধৰিয়া গোপালে বোলে৷৷
৩৷ গোবিন্দ মুৰাৰী এ হৰি হে ৰাম জয়
আপুনি যশোদা নন্দেৰ ঘৰণী
দধি মথিবাক যায়৷৷
৪৷ হৰিহে নন্দেৰ জায়া যশোদা
ৰোহিনী বৰ নাৰী
মথনিৰ কলমী বসাইলা শাৰী শাৰী৷৷
৫৷ যশোদা সুন্দৰী মথনি থৌ এ
কৃষ্ণই কান্দে কোলাত লৌ এ৷৷
দধিমথনৰ বাবে প্ৰস্তুত কৰা শালখন বিশেষ কাৰুকাৰ্য খচিত। শালখন সুনিপুণ শিল্পীৰ দ্বাৰা প্ৰস্তুত কৰা হয় যাতে দধিমথনৰ দৃশ্য সুন্দৰভাৱে পৰিস্ফুট হয়৷ ইয়াৰ বাবে কাঠ, বাঁহ, কলচী, ৰচী, কলগছ আদি সামগ্ৰীৰ প্ৰয়োজন হয়৷
দধিমথনৰ গীত আৰু নৃত্য পৰিৱেশন কালত গীতৰ প্ৰসঙ্গ অনুযায়ী শিশু কৃষ্ণ ৰূপী শিশুৱে দুষ্টালিবোৰ কৰি যায়৷ যশোদাই মথন কাৰ্য সামৰি কৃষ্ণক কোলাত লোৱাৰ ভঙ্গিমাৰে দধিমথন কাৰ্যৰ সামৰণি মাৰে৷ দধিমথনৰ অন্তত ৰভাথলিত নাম-কীৰ্তন কৰা হয়৷ কৃষ্ণৰ বন্দনা সদৃশ এই নাম-কীৰ্তনৰ পাছত পূৰ্বে ৰভাথলিত স্থাপন কৰা ভাগৱত পুথিখন সভক্তিৰে খোল বাদনেৰে গীত-পদ গাই পুনৰ নামঘৰৰ মণিকূটত স্থাপন কৰা হয়৷ নিশা একে স্থানতে দধিমথন ভাওনা প্ৰদৰ্শিত হয়৷ এয়াই হ’ল মূল মথনিৰ আগদিনা কৰা গোন্ধ বা অধিবাস৷
পাছদিনা অৰ্থাৎ দোমাহীৰ দিনা দেউৰীয়ে গা-পা ধুই পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰি নামঘৰত শৰাই পাতি চাকি-বন্তি জ্বলায়৷ তাৰ পাছত ভক্তসকলে কীৰ্তন কৰি আগদিনাৰ দৰে ভাগৱত পুথিখন নামঘৰৰ বাহিৰৰ ৰভাৰ খলাত পুনঃ স্থাপন কৰে৷ পুথিখনৰ ওচৰত ‘কৃষ্ণ’ সাদৃশ্যৰ ‘কুশ’ মূৰ্তিটো নামঘৰৰ পৰা উলিয়াই আনি স্থাপন কৰা হয়৷ দুপৰীয়াৰ সময়ত আগদিনাখন ৰাতিৰ দৰে দধিমথন কাৰ্য কৰা হয়৷ পাছদিনা অৰ্থাৎ বাহি পাচেতিৰ দিনা মথনিখলাত ভক্তসকলে বোকা ভাওনা খেলে৷
পাচেতি উপলক্ষে সত্ৰৰ ওচৰে-পাজৰে এখন বৃহৎ আকাৰৰ মেলা বহে৷ তাত নিত্য ব্যৱহাৰ্য আৰু ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়-বিক্ৰয় হয়৷ বিশেষকৈ পাচেতিৰ মেলা নাৰিকলৰ পুলিৰ বাবে বিখ্যাত৷ এই উৎসৱে সমগ্ৰ দৰং জিলাত এটি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ ওচৰ-পাজৰৰ জিলাকেইখনতো এই প্ৰভাৱ প্ৰভূত৷ এই উৎসৱে সকলোকে একতাৰ দোলেৰে বন্ধাৰ উপৰিও অধ্যাত্মিক চিন্তা-চৰ্চাৰ ক্ষেত্ৰখন সজীৱ আৰু উৰ্বৰা কৰি তোলে৷ তদুপৰি মেলাত উপলব্ধ প্ৰয়োজনীয় সামগ্ৰীসমূহ একেলগে পোৱা যায় বাবে দৰ্শনাৰ্থীসকলে সত্ৰ দৰ্শনৰ লগতে প্ৰয়োজনীয় সামগ্ৰীসমূহ ক্ৰয় কৰাৰ এটা সুবিধা লাভ কৰে৷ সত্ৰৰ প্ৰতিবেশী গঞা লোকৰ ঘৰত সেইকেইদিন আলহী-অতিথিৰ সমাগম ঘটে৷ দূৰণিবটীয়া যাত্ৰীৰ বাবে সত্ৰত থকা-মেলাৰ সু বন্দোবস্তু আছে৷
এই সত্ৰখনৰ লগত বহুতো লোকবিশ্বাস জড়িত হৈ আছে৷ জনবিশ্বাস অনুসৰি এই সত্ৰত শৰাই আগবঢ়ালে সন্তান লাভ হয়৷ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত সুফল লাভ কৰিব পাৰে৷ ইয়াত নৈবেদ্য আগবঢ়ালে সকলো ধৰণৰ অভীষ্ট সিদ্ধি হয় বুলি জনবিশ্বাস৷ শিপিনীসকলে বোৱা-কটাত পাৰ্গত হ’বলৈ সীতাদেৱীৰ গাত গামোচা প্ৰদান কৰি আশীৰ্বাদ বিচাৰিলে সুনিপুণ শিপিনী হ’ব পাৰে বুলি মানুহৰ বিশ্বাস মুখে মুখে চলি আহিছে৷ বিশ্বকৰ্মা পূজাৰ দিনাই অনুষ্ঠিত হোৱা এই উৎসৱত নতুন যান-বাহন ক্ৰয় কৰাসকলে সত্ৰত নৈবদ্য আগবঢ়োৱাৰ পৰম্পৰা চলি আহিছে৷ এনে কৰিলে যিকোনো দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে বুলি লোকবিশ্বাস প্ৰচলিত৷ সেইদৰে কৃষকে বৃষ্টি কামনা কৰি, বিবাহ যোগ্য পুত্ৰ-কন্যাই উপযুক্ত পাত্ৰ বিচাৰি আৰু বিভিন্ন কাৰণত সত্ৰত থকা হনুমানক উপাসনা কৰে৷