সদস্য বাৰ্তা:অনিৰ্বাণ দত্ত
নমস্কাৰ, অনিৰ্বাণ দত্ত
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
— AdoroniBot (বাৰ্তা) 07:25, 8 November 2024 (ইউ.টি.চি.)
প্ৰবন্ধ
[সম্পাদনা কৰক]ড°হীৰেন গোহাঁইৰ প্ৰতিবাদ আৰু প্ৰগতিবাদ ৷
ড°হীৰেন গোহাঁই আচলতে এজন অতি প্ৰগতিবাদী মনৰ লোক৷ তেওঁক সকলো ধৰণৰ সংকীৰ্ণতাৰ উৰ্ধত বুলিব পাৰি৷ অগাধ পাণ্ডিত্যৰ অধিকাৰী ড°গোহাঁই কেৱল তাত্ত্বিক চিন্তাচৰ্চাৰে বিদ্বান সমাজত বিচৰণ কৰি ফুৰা জনপ্ৰিয় আৰু সভাশুৱনি লোক নহয়৷ তেওঁ দৰিদ্ৰ নিপীড়িত বঞ্চিত কোটি কোটি মানুহৰ ন্যায় বিচাৰি বোকা পানী গছকি দৌৰিফুৰা সপোন প্ৰয়াসী উদ্যমী আৰু তেনেই সৰল মনৰ লোক৷ গনতন্ত্ৰৰ ওপৰত অগাধ বিশ্বাসী, দেশত ধৰ্মনিৰপেক্ষ প্ৰশাসন, সংবিধানৰ শাসন আৰু সমবিকাশ নিশ্চিত হৈ থাকিবৰ বাবে অহৰহ যুঁজি থকা হিমালয়ৰ দৰে দৃঢ়মনৰ মানুহজন বিগত পাঁচটা দশকে ৰাজ্যৰ ক্ষমতাসৰ্বস্ব শাসক, মুনাফালোভী পুঁজিপতি গোষ্ঠী আৰু ধৰ্মোন্মাদ শ্ৰেনীটোৰ বাবে চকুৰ কুটা দাঁতৰ শূল স্বৰূপ হৈ আহিছে৷ উত্তৰ স্বাধীনতা কালত এনে এখন চৰকাৰ নাই বা এনে এজন ৰাজনৈতিক নেতা নাই যি তেওঁলোকৰ জনবিৰোধী কথা-কৰ্মৰ বাবে ড°গোহাঁইৰ পৰা ক্ষুৰধাৰ সমালোচনা পোৱা নাই৷ কাৰণ তেওঁ এদিনৰ বাবেও কোনো ৰাজনৈতিক দল বা কোনোখন চৰকাৰৰে অন্ধ ভক্ত হ’ব নোৱাৰিলে৷ তেওঁ যে কাৰোবাক কিবা কথাত তোষামোদ কৰিব বা কাৰোবাৰ পৰা কিবা অনুগ্ৰহ প্ৰাৰ্থনা কৰিব— সেয়া আছিল পৰ্বতত কাছ কণী বিচৰা সদৃশ অসম্ভৱ অবাস্তৱ কথা৷ তেওঁ যদি চৰকাৰ বা ক্ষমতাশালী কাৰোবাক কিবা বিচাৰিছিল তেন্তে জানিব— সেয়া সংবিধান প্ৰদত্ত ৰাইজৰ ন্যায্য অধিকাৰ বা প্ৰাপ্যৰ বাদে আন একো নাছিল৷ দেশৰ দৰিদ্ৰ আৰু বঞ্চিত ৰাইজৰ স্বাৰ্থ সুৰক্ষাৰ বাবে আজি চাৰিকুৰি পাঁচ বছৰ বয়সতো তেজাল ডেকাৰ দৰে এখনৰ পাছত আনএখন গনসমাবেশত তেওঁ যুক্তিসিদ্ধ ভাষণ দি গৈছে, প্ৰতিবাদী সমদলৰ নেতৃত্ব লৈ ৰাজপথত পদযাত্ৰা কৰিছে, ধৰ্ণা দিছে, সংবাদমেল সম্বোধন কৰিছে৷ জনতাৰ স্বাৰ্থত এই অশীতিপৰ বয়সতো পীড়াদায়ক প্ৰতিবাদী কাৰ্যসূচীবোৰ তেওঁ নিৰ্বিঘ্নে কৰি গৈছে৷ ইয়াৰ উপৰিও, কাকত আলোচনীলৈ চিৰাচৰিতভাৱেই মৌলিক প্ৰবন্ধ নিবন্ধ লিখি গৈছে, গ্ৰন্থ অধ্যয়ন কৰিছে, নতুন লেখকৰ গ্ৰন্থ পঢ়ি পাতনি লিখি দিছে, সমালোচনা লিখিছে, শুভেচ্ছাবাণী প্ৰেৰণ কৰিছে, বিশ্ব সাহিত্যৰ বাচকবনীয়া গ্ৰন্থ অধ্যয়ন কৰিছে, সংবাদ মাধ্যমত সাক্ষাৎকাৰ দিছে, দেশ-বিদেশৰ খবৰ-বাতৰি ৰাখিছে, সাহিত্যিকৰ সভাত অংশগ্ৰহণ কৰিছে, সহৃদজনৰ বিয়া সকাম খাইছে, মৃতকৰ অন্তিম যাত্ৰাত অংশ লৈছে আনকি পৰিবাৰ ৰাণী গোহাঁইক ঘৰুৱা দুইএখন কামত হাতউজান দিয়ালৈকে কি কৰা নাই? সকলোবোৰ কাম নিয়মীয়াকৈ আৰু নিয়াৰিকৈ কৰি গৈছে ৷ কি অদ্বিতীয় কৰ্মস্পৃহা আৰু ধীশক্তি ধাৰণ কৰি আছে এই আজীৱন সমাজহিতৈষী পুৰুষজনে ভাবিলে আচৰিত নালাগেনে ? স্বাৰ্থান্বেষী মহলৰ নিৰন্তৰ কটু-সমালোচনা, গালি-শপনি, শাওপাত, ষড়যন্ত্ৰ ইত্যাদি কোনোটো অভিসন্ধিক পৰোৱাই নকৰি স্বছন্দে নিজৰ ৰাস্তাত কাম কৰি যোৱা অকৃত্ৰিম দেশপ্ৰেমী আৰু মানৱদৰদী এই দুঃসাহসী লোকজন জীৱন কালতে কিংবদন্তি হৈ পৰিছে ৷
সৰুৰ পৰাই প্ৰৱল অসম প্ৰেম আৰু জাতীয়তাবাদী চিন্তাৰে উদ্বুদ্ধ ড°গোহাই ৰামজাছ কলেজত পঢ়ি থকা কালতে ১৯৬০ চনত অসমত আৰম্ভ হোৱা ৰাজ্যভাষা আন্দোলনে গভীৰভাৱে প্ৰভাৱিত কৰিছিল ৷ অসমত অসমীয়া ভাষা কিয় ৰাজ্যভাষা নহ’ব— সেই প্ৰশ্নই তেতিয়া ড°গোহাঁইকো উত্তেজিত কৰিছিল ৷ কেবামাহো পঢ়াশুনা বাদ দি দিল্লীৰ অসমীয়া ছাত্ৰসমাজক সংগঠিত কৰি “অসমীয়া ছাত্ৰ সন্মিলন” প্ৰতিষ্ঠা কৰিছিল আৰু ৰাজ্যভাষা আন্দোলনত উঠিপৰি লাগিছিল ৷ তেওঁলোকে হেম বৰুৱা, আমজাদ আলি আদি অসমৰ সাংসদ সকলক লগ ধৰি সংসদত ৰাজ্যভাষাৰ দাবীটো সজোৰে উত্থাপন কৰিবলৈ খাটিছিল ৷ ৰাজ্যভাষা আন্দোলনত অংশগ্ৰহণ কৰাৰ মাজেৰেই ড°গোহাঁইয়ে জীৱনত প্ৰথম ৰাজনীতিৰ সোৱাদ লাভ কৰিছিল বুলি নিজে লিখিছে৷ ভাষা আন্দোলনৰ অজুহাতত ৰাজ্যৰ চুকে কোণে অনাকাংক্ষিত হিংসা আৰু প্ৰতিহিংসাৰ জুই জ্বলি উঠিছিল আৰু একাংশ নিৰপৰাধী লোকৰ ঘৰ দুৱাৰ জাহ যোৱাৰ লগতে জীৱন হানি হৈছিল— যিখিনি খবৰ বাতৰি পাই ড°গোহাঁইৰ মানৱতাবাদী মনটো একেবাৰে ভাগি পৰিছিল৷ উপলব্ধি কৰিছিল ন্যায্য অধিকাৰ লাভৰ বাবে কৰা আন্দোলনৰ বিধ্বংসী ৰূপ৷ অৱশ্যে, তেতিয়াও তেওঁ মনৰ পৰা জাতীয়তাবাদী চিন্তাচৰ্চা পৰিত্যাগ কৰা নাছিল৷ ১৯৬২ ৰ চীন ভাৰতৰ যুদ্ধৰ সময়ত ড°গোহাঁইয়ে জীৱনত প্ৰথমবাৰৰ বাবে দুজনমান আৰ এছ এছ বা হিন্দু মহাসভাপন্থী লোকক লগ পাইছিল আৰু তেওঁলোকৰ দেশপ্ৰেমৰ আৱেগময়িতাত তেওঁ কিছুপৰিমাণে আকৃষ্টও হৈছিল ৷ কিন্তু, অতিসোনকালেই হিন্দুত্ববাদীসকলৰ উৎকট সাম্প্ৰদায়িক ৰূপ আৰু অগনতান্ত্ৰিক কথা-কৰ্ম তথা উগ্ৰ ৰাজনৈতিক মতাদৰ্শ প্ৰত্যক্ষ কৰি ড°গোহাঁইৰ মন চিৰদিনৰ বাবে সেইটো শিবিৰৰ পৰা আঁতৰ হৈ আহিছিল ৷
ইংৰাজী সাহিত্যৰ ছাত্ৰ ড°গোহাঁই গৱেষণাৰ বাবে কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ গৈছিল৷ কে’ম্ব্ৰিজৰ উচ্চ মানৰ শিক্ষাই ড°গোহাঁইৰ শিক্ষাদীক্ষা আৰু পাণ্ডিত্যক পূৰ্ণতা দান কৰিছিল৷ তাত তেওঁ দেশ বিদেশৰ অসংখ্যজন গুণী-জ্ঞানী ছাত্ৰছাত্ৰী আৰু পণ্ডিত অধ্যাপক তথা জ্ঞানতপস্বীৰ সান্নিধ্যত সময় কটাইছিল ৷ বিভিন্ন বৌদ্ধিক তৰ্ক বিতৰ্কত অংশ লৈছিল৷ জন নিউটন, জৰ্জ ৱাটচন, বিশ্ববিশ্ৰুত পণ্ডিত ৰেইমণ্ড উইলিয়ামছ, এল চি নাইৎছৰ দৰে পণ্ডিতৰ লগত তেওঁ বৌদ্ধিক আলচত সমানে অংশ ল’ব পাৰিছিল ৷ ইয়াৰোপৰি, তেওঁ তাত য়ুৰোপীয় প্ৰখ্যাত লেখক সাহিত্যিকৰ দুৰ্লভ গ্ৰন্থবোৰ অধ্যয়ন কৰি পৰিপক্ব হৈ উঠাৰ সুযোগ পাইছিল৷ তেনেকৈয়ে, ১৯৬১ চনত তেওঁ ক্ৰিষ্টফাৰ মৰিছৰ তত্ত্বাবধানত সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ইংৰাজ কবি মিল্টনৰ মহা কাব্যিক কবিতা সংকলন (পেৰাডাইজ লষ্ট)ৰ ওপৰত গৱেষণা কৰি পি.এইচ.ডি উপাধি লাভ কৰিলে৷ অধ্যয়নৰ সমান্তৰালভাৱ বৰ্ধিত অৰ্থসংকট জোৰা মাৰিবলৈ তাত তেওঁ কাৰখানাত শ্ৰমিকৰ কামো কৰিব লগাত পৰিছিল৷ দুই এদিন লঘোণেও কটাব লগা হৈছিল বা লাজ-মান কাটি কৰি কোনোবা লগৰীয়াৰ টেবুলত অতিৰিক্ত দিন ভাত খাবলৈও বাধ্য হৈছিল৷ জীৱনৰ বাটত সন্মুখীন হোৱা এনেবোৰ বিক্ষিপ্ত অভিজ্ঞতাই ড°গোঁহাইক বাস্তৱ জগতখনত ঠিয় দিবলৈ আৰু অধিক পৈনত কৰি তুলিছিল৷ অদমনীয় মনৰ এই যুৱকজনে এবাৰ শ্ৰমিকৰ গোট এটা গঠন কৰি মালিক পক্ষৰ অন্যায়ৰ বিপক্ষে ষ্ট্ৰাইক খাৰা কৰি দিছিল৷ ইয়াৰ পৰা শ্ৰমিকসকলে সুফলো লাভ কৰিছিল ঠিকেই, কিন্তু, এই ঘটনাৰ দুদিনমানৰ পাছতে তেওঁক মালিক পক্ষই মাতি নি যথেষ্ট প্ৰশংসা কৰিছিল আৰু এটোপোলা পুৰস্কাৰ আগবঢ়াইছিল৷ আৰু তেওঁৰ দৰে প্ৰতিভাৱান লোকে সাধাৰণ শ্ৰমিকৰ কাম কৰি সম্ভাৱনাবোৰ মিছাতে নষ্ট কৰিব নালাগে বুলি তেতিয়াই কামৰ পৰা অব্যাহতি দি বিদায় দিছিল ৷ প্ৰতিবাদী শ্ৰমিক স্বৰূপ ড°গোহাইক এনে অভিনৱ কৌশলেৰে আঁতৰাই মালিকপক্ষ নিষ্কণ্টক হোৱা কথাটোত তেওঁ নিজে তবধ মানিছিল৷ শাসক শোষক আৰু সামন্তবাদী শক্তিবোৰৰ বিপক্ষে প্ৰতিবাদী আন্দোলনৰ নেতৃত্ব দি পিছত তাৰ পৰা নিজে বাদ পৰা অভিজ্ঞতা ড°গোহাঁইৰ জীৱনত অনেক আছে বুলি তেওঁ নিজে উল্লেখ কৰিছে৷
যিনহওক, অনেক গুজব অপলাপ চলি থকাৰ মাজতে তেওঁ অভিষ্ট কৰ্মবোৰ সিদ্ধি কৰি যথাসময়ত জন্মভূমি পাইছিলহি৷ ঘূৰি আহিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কিছুদিন পাঠদান কৰিছিল কিন্তু, বিভাগীয় প্ৰধানৰ লগত কোনো কথাত মতানৈক্য হোৱাত স্বাভিমানী ডেকাজনে সেই কাম বাদ দিয়ে৷ ১৯৬৯ চন মানৰ পৰা চি পি আই (এম) দলৰ কিছুমান ৰাজনৈতিক কাৰ্য্যসূচীত তেওঁ সহযোগ কৰিবলৈ লৈছিল৷ উল্লেখযোগ্য যে, বাওঁপন্থী আদৰ্শৰ প্ৰতি কে’ম্ব্ৰিজত থকাৰ কালতে ড°গোহাঁই আকৃষ্ট হৈছিল৷ ব্যক্তিগত আৰু সামাজিক জীৱনত সদায়ে গনতান্ত্ৰিক সমাজবাদী আদৰ্শৰ অনুগামী ড°গোহাঁই কিন্তু দেশৰ বাওঁপন্থী ৰাজনৈতিক দলবোৰৰ পাৰ্টি সদস্য বা অন্ধ অনুগামী কোনো কালে হোৱা নাছিল ৷ বৰং সেইবোৰ দলৰ নেতৃবৃন্দৰ সমাজবাদ বা সাম্যবাদ আদৰ্শবিৰোধী কৰ্মকাণ্ড, নেতাবোৰৰ ক্ষমতালিপ্সা, আভ্যন্তৰীণ কন্দল আৰু বিলাসী জীৱন চৰ্যাক লক্ষ্য কৰি তেওঁ কঠোৰ সমালোচনা কৰি গৈছিল৷ আনহাতে, প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আমোলৰ পৰা পুঁজিবাদী অৰ্থনৈতিক আদৰ্শৰ লগতে সমাজবাদী আদৰ্শইও দেশৰ অৰ্থনীতিত সম-মৰ্যাদা লাভ কৰিবলৈ সক্ষম হোৱাত ঐতিহ্যমণ্ডিত কংগ্ৰেছ দলটোৰ প্ৰতি ড°গোহাঁইৰ মনোভাৱ আজিও যথেষ্টখিনি ইতিবাচক৷ নেহেৰু আৰ্হিৰ সমাজবাদ আৰু মিশ্ৰ অৰ্থনীতিৰ পৰিকাঠামো, পঞ্চবাৰ্ষিক পৰিকল্পনাৰ নীতি, গোষ্ঠী নিৰপেক্ষ স্থিতি আৰু বৈদেশিক নীতি, ধৰ্মনিৰপেক্ষতা, পিছপৰা শ্ৰেণী আৰু সম্প্ৰদায়ৰ উন্নতিৰ বাবে গ্ৰহণ কৰা সময়োচিত পদক্ষেপ, সামাজিক শোষণ অবদমনৰ বিৰোধিতা ইত্যাদি অনেক আদৰ্শ আৰু কাৰ্যপন্থাৰ বাবে দলটো ড°গোঁহাইৰ দৃষ্টিত আজিও তুলনামূলকভাৱে দেশৰ ভিতৰতে উৎকৃষ্ট দল বুলি বিবেচিত৷ অৱশ্যে, পৰবৰ্তীকালত চৈৰতান্ত্ৰিক শাসন আৰু হিন্দু সাম্প্ৰদায়িক শক্তিবোৰলৈ দেখুওৱা অহেতুক প্ৰীতিৰ বাবে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধী আৰু তেওঁৰ চৰকাৰখন তথা তদানীন্তন অসমৰ হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন ৰাজ্যচৰকাৰখনে ড°গোহাঁইৰ পৰা কঠোৰ নিন্দা পাইছিল৷ একেধৰণৰ নিন্দাৰ মুখামুখি হৈছিল মুক্ত অৰ্থনীতিৰ নামত বিদেশী পুঁজিপতি গোষ্ঠীক দেশৰ দুৱাৰ দুফালকৈ মেলি দিয়া প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাৱেও৷ আছলতে, ড°গোহাঁয়ে সদায় ৰাষ্ট্ৰ আৰু ৰাইজৰ বৃহত্তৰ স্বাৰ্থত মাত মাতি আহিছে৷ বিশেষকৈ, শ্ৰমজীৱী ৰাইজ, সংখ্যালঘু সম্প্ৰদায়, সমাজত সম-মৰ্যাদাহীন অনুসূচিত জাতি আৰু জনজাতিসকলৰ উন্নয়নত ব্যাঘাত জন্মোৱা শক্তিবোৰৰ বিপক্ষে ড°গোহাঁই প্ৰতিমুহূৰ্ততে সৰৱ৷ তেওঁ তত্ত্ববিদ বা নীতিবাগীশসকলৰ দৰে কেৱল ভাষণ দি বা আৰ্টিক’ল লিখিয়ে দায়িত্ব সামৰা নাই সমান্তৰালভাৱে নিৰ্ভীক ৰণুৱাৰ দৰে গন-আন্দোলনবোৰত নিজে জপিয়াই পৰিছে৷ সেয়ে, তেওঁ কি কংগ্ৰেছ কি অগপ কি বিজেপি সকলো দলৰ চৰকাৰৰ আমোলতে বাৰম্বাৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হ’ব লগা হৈ আহিছে৷ আনকি, তথাকথিত জাতীয় দল সংগঠন, ধৰ্মীয় সংস্থা সংঘবোৰৰো ত্ৰুটিবিচ্যুতি আৰু ভণ্ডামীবোৰ আঙুলিয়াই দি তেওঁ বহু প্ৰতিপত্তিশালী লোকৰ অপ্ৰীতিভাজন হৈছে৷ ছবছৰীয়া অসম আন্দোলনৰ দোষবোৰ দেখুৱাই দিয়াত তেওঁ নিজৰে ছাত্ৰছাত্ৰীৰ হাতত নিৰ্যাতিত হৈছিল৷ আজি সেই সেই নেতাবোৰ নিজৰ আদৰ্শত কোনো নাই৷ কিন্তু, চৌদিশৰ পৰা অহা সংঘবদ্ধ আক্ৰমণ, কটু-সমালোচনা, ভয়-ভাবুকি, প্ৰলোভন— সকলোবোৰ অগ্ৰাহ্য কৰি ড°হীৰেন গোহাঁই আজিও নিজৰ স্থিতিতে অলৰ অচৰ হৈ আছে৷
ইতিমধ্যে দেশত ধৰ্মনিৰপেক্ষ শক্তিসমূহৰ পতন আৰু কট্টৰ হিন্দুত্ববাদী ৰাজনৈতিক দল আৰু শক্তিৰ উত্থান দেখি ড°গোহাঁই শংকিত হৈ পৰিছে৷ ক্ৰমাগতভাৱে বিজেপি মিত্ৰ মৰ্চাই একাধিকবাৰ দেশ শাসনৰ জনাদেশ লাভ কৰিবলৈ সক্ষম হোৱা বিষয়টো বিশ্বৰ বৃহত্তম গনতান্ত্ৰিক দেশখনৰ ভৱিষ্যতৰ বাবে অশনি সংকেত বুলি তেওঁ ব্যক্ত কৰিছে৷ অদূৰ ভৱিষ্যতত দেশৰ পৰা সাংবিধানিক শাসন উফৰি পৰিব বুলি ৰাইজক সতৰ্ক কৰি দি বিজেপি দলক অচিৰেই ক্ষমতাৰ পৰা উচ্ছেদ কৰিব লাগে বুলি তেওঁ বাৰম্বাৰ ভোটাৰ ৰাইজক আহ্বান জনাই আছে৷ দেশী বিদেশী পুঁজিপতি গোষ্ঠীবোৰৰ হাতত দেশৰ সমস্ত সম্পদ আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ অধিকাৰ গতাই দিবলৈ গৈ থকা এই চৰকাৰখনে কোটি কোটি দৰিদ্ৰ ৰাইজক অচিৰেই একাংশ বহুজাতিক কোম্পানীৰ গোলামলৈ পৰিণত কৰাব বুলি তেওঁ ৰাইজক সতৰ্ক কৰি দিছে৷ শেহতীয়াকৈ, ড°গোহাঁয়ে অসমৰ আঞ্চলিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে অবিৰতভাবে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি মিত্ৰশক্তিৰ বিৰুদ্ধে যুঁজি আছে৷ যিটো সময়ত তথাকথিত প্ৰতিজন আঞ্চলিকতাবাদী আৰু জনগোষ্ঠীয় নেতা, দল,সংগঠন নিজৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবেই শাসকীয মিত্ৰজোটৰ শৰণাপন্ন হৈছেগৈ সেই সময়ত ড°গোহাঁই নিজেই আঞ্চলিকতাবাদৰ মুখ্য প্ৰবক্তাৰ ৰূপ লৈ ৰাইজৰ সন্মুখলৈ ওলাই আহিছে৷ শাসকীয় শক্তিৰ প্ৰত্যক্ষ উদ্যোগত প্ৰচাৰ হোৱা হিন্দু মৌলবাদী চিন্তাচৰ্চাৰ ব্যাপক প্ৰসাৰ ৰোধ কৰিবলৈ তেওঁ অবিৰতভাৱে কলম চলাই গৈছে৷ ভিন্ন জাতি ধৰ্ম ভাষাৰ আৱাসভূমি অসমত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু আৱেগিক সংহতি দূৰ ভৱিষ্যতলৈ নিশ্চিত হৈ থকাটো জৰুৰী বুলি তেওঁ কৈছে৷ সেয়া বিঘ্নিত হ’লেই অসমীয়া ভাষা আৰু জাতীয় পৰিচয়ৰ চিৰদিনৰ বাবে নষ্ট হৈ পৰিব৷ হিন্দুত্ববাদীসকলে তাকেই কৰি আছে৷ অসমীয়া ভাষাৰ ঠাইত হিন্দী বা ইংৰাজী ভাষাৰ প্ৰসাৰ আৰু অসমীয়াত্ব পৰিচয়ৰ ঠাইত হিন্দু মুছলমান পৰিচয়েৰে মানুহবোৰ চিনাক্ত হোৱাটোহে তেওঁলোকে বিচাৰে৷ বাৰেৰহণীয়া আৰু উদাৰ অসমীয়া সংস্কৃতিৰ ঠাইত উত্তৰ ভাৰতীয় কট্টৰবাদী হিন্দু সংস্কৃতি জাপি দি অসমীয়াৰ ঐতিহাসিক পৰিচয়ক বিকৃত কৰাত তেওঁলোক উঠিপৰি লাগিছে৷ শংকৰদেৱৰ উদাৰ আধ্যাত্মিক দৰ্শনক ব্ৰাহ্মণ্যবাদী বোকাৰে লেপি পেলাইছে৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱক বাবা চংকৰ সাজিছে৷ যাগযজ্ঞ পূজা পাৰ্বণৰ পোহাৰ মেলি মূলসুঁতিৰ নামঘৰকেন্দ্ৰিক অসমীয়া সমাজখনক পথচ্যুত কৰাবলৈ লাগিছে৷ অসম বুৰঞ্জী বিকৃত কৰি লাচিতক হিন্দুবীৰ সজাইছে৷ বাঘ হাজৰিকাক লৈ উদেশ্যপ্ৰণোদিত বিতৰ্ক প্ৰচাৰ কৰিছে৷ ৰাজ্যখনৰ দীৰ্ঘদিনীয়া বিদেশী সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা দলটোৱে কা’ (Citizenship Amendment Act, 2019—CAA) আইন বলবৎ কৰি ধৰ্মৰ ভিত্তিত লাখ লাখ হিন্দু বিদেশীক ৰাজ্যখনত সংস্থাপিত কৰিবলৈ ওলাইছে৷ আইনৰ দোহাই দি ৰাজ্যৰ সংখ্যালঘু মুছলমান ৰাইজক যেনিতেনি হেঁচা দিছে৷ চেঁপা উত্তেজনা, আতংক সিঁচি দি ৰাজ্যৰ এক তৃতীয়াংশ জনতাক প্ৰতিমুহূৰ্ততে শংকাৰ মাজত থাকিবলৈ বাধ্য কৰাইছে৷ প্ৰত্যক্ষভাৱেই চৰচাপৰিৰ অভিবাসী মুছলমানক বাংলাদেশী বুলি তিৰস্কাৰ কৰিছে, মিঞা বুলি বিদ্ৰূপ কৰিছে, হকেবিহকে উচ্ছেদ চলাইছে, বুলড’জাৰ চলাইছে৷ যেন সকলো দোষ নন্দঘোষ— ৰাজ্যখনৰ সকলো দুৰাৱস্থাৰ বাবে একমাত্ৰ ’মিঞা'ই দায়ী বুলি নেৰেটিভ প্ৰচাৰ কৰিছে৷ বিপৰীতে, ড°গোহাঁয়ে বংগমূলীয় বৃহত্তৰ মুছলমান জনগোষ্ঠীটোক গভীৰ আস্থাত লৈছে আৰু অসমীয়া ভাষা আৰু জাতীয়জীৱনলৈ আগবঢ়োৱা তেওঁলোকৰ অৱদানক স্বীকৃতি দিছে৷ তুলনামূলকভাৱে ইছলামিক সন্ত্ৰাসবাদ আৰু অপৰাধীৰ বিপক্ষে নৰম মনোভাৱ গ্ৰহণ কৰা ড°হিৰেন গোহাঁইক হিন্দুত্ববাদী সকলে পক্ষপাতিত্বৰ দায় ধৰে যদিও, তেওঁৰ প্ৰত্যুত্তৰ হ’ল যে— দেশত সুস্থ গনতন্ত্ৰ নিশ্চিত কৰি ৰাখিব পাৰিলে আৰু সংখ্যাগুৰু হিন্দুসকলক বিজেপি আৰু সংঘপৰিবাৰৰ ৰাজনৈতিক উদেশ্যসম্বলিত হিন্দুত্বৰ গ্ৰাসৰ পৰা ৰক্ষা কৰি ৰাখিব পাৰিলে কোনোকালে ইছলামিক সন্ত্ৰাসবাদে ভাৰতবৰ্ষত খোপনি পুতিব নোৱাৰিব৷ ক্ৰমবৰ্ধিত উগ্ৰ হিন্দুত্ববাদ আৰু এচাম দল সংগঠন আৰু সংস্থাই পূৰ্বৰ পৰাই সংখ্যালঘু সকলৰ প্ৰতি কৰি অহা অহেতুক দুব্যৱহাৰে তেওঁলোকক বহুসময়ত আইন ভংগ কৰিবলৈ প্ৰৰোচিত কৰি আহিছে বুলি ড°গোহাঁয়ে বিশ্বাস কৰে৷ দেশৰ সংখ্যাগুৰু হিন্দুসকলেই সৰ্বপ্ৰথম গনতান্ত্ৰিক মূল্যবোধৰ আদৰ্শ দেখুওৱা উচিত বুলি তেওঁ কয়৷ হিন্দুত্ববাদৰ আৱেগত ডুবি আজি আমাৰ ৰাজ্যৰ মানুহবোৰো বেছি হিন্দু আৰু বেছি বেছি ভাৰতীয় হৈ পৰিছে৷ ফলশ্ৰুতিত দেখা গৈছে, তেজ মঙহেৰে মানুহবোৰ অসমীয়া হৈ আছে যদিও আচাৰ ব্যৱহাৰ, সাজপাৰ, কথাবাৰ্তা, চিন্তাধাৰা ইত্যাদি ফালৰ পৰা আনকি অসমীয়া গাঁৱলীয়া মানুহবোৰো ক্ৰমে উত্তৰ ভাৰতীয় মানুহৰ দৰে উঠাবহা কৰিব লাগিছে৷ আনকি, হিতাহিতজ্ঞান হেৰুৱাই থলুৱা অসমীয়া মুছলমান মানুহ কেইঘৰকো পৰ বুলি ভাবিবলৈ লৈছে৷ স্বাভিমানহীন অসমীয়াৰ এনে অধোগতি আৰু সাংস্কৃতিক গোলামী দেখি ড°গোহাঁই শংকিত হৈ পৰিছে৷ ৰাজনৈতিক শক্তিৰ ছত্ৰছায়াত পৰিকল্পিতভাৱে এটা সুচল সামাজিক বাতাবৰণ তৈয়াৰ কৰি হিন্দুত্ববাদী শক্তি আৰু হিন্দীবলয়ৰ বনিক গোষ্ঠীয়ে নিৰ্বিবাদে অসমৰ প্ৰাকৃতিক সম্পদ, ভূমি-ভেটি, উদ্যোগ, ৰাজহুৱা প্ৰতিষ্ঠান, বানিজ্যকেন্দ্ৰ আদিৰ ওপৰত দখল সাব্যস্ত কৰি পেলাইছে৷ সেয়ে, জাতি মাটি ভেটি সুৰক্ষাৰ ভুৱা প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ বিপক্ষে ড°গোহাঁই তীব্ৰ প্ৰতিবাদতত সোচ্চাৰ হৈছে৷ সেইহেতু, ড°গোহাঁই শাসক আৰু পুঁজিপতি গোষ্ঠীৰ চকুত আজি ঘোৰশত্ৰু ৷ পুঁজিপতিৰ চৰকাৰক ক্ষমতাৰ পৰা উফৰাই ৰাজ্যবাসীৰ স্বাৰ্থ সুৰক্ষা দিবলৈ ড°গোহায়ে অবিৰতভাৱে জনজাগৰণ সৃষ্টি কৰি আছে৷ উপৰ্যুপৰি ব্যৰ্থতাৰ অন্ততো তেওঁ জনদৰদী আৰু প্ৰগতিশীল দলৰ চৰকাৰ এখন প্ৰতিষ্ঠা কৰিবলৈ আজিও বদ্ধপৰিকৰ৷ প্ৰয়োজন অনুসৰি তেওঁ ৰাজপথৰ আন্দোলনতো জপিয়াই পৰিছে৷ কা’ আন্দোলন কৰিছে, দিল্লীৰ কৃষক আন্দোলনৰ সপক্ষে জনমত গঠন কৰিছে৷ সেয়ে, চৰকাৰ, হিন্দুত্ববাদী শক্তিবোৰ আৰু সামন্তবাদৰ প্ৰবক্তা— ধৰ্মান্ধসকলৰ দৃষ্টিত তেওঁ শত্ৰু৷ এইবোৰলৈ পৰোৱাই নকৰি তেওঁ বাৰম্বাৰ বিজেপিক সাম্প্ৰদায়িক আৰু পুঁজিপতিৰ দল বুলি তিৰস্কাৰ কৰিছে আৰু দেশৰ বৰ্তমান পৰিস্থিতিত নিৰ্ভৰযোগ্য বিকল্প স্বৰূপে কংগ্ৰেছকে প্ৰশংসা কৰিছে৷ নেহেৰু আমোলৰ প্ৰগতিশীল আৰু ধৰ্মনিৰপেক্ষ কংগ্ৰেছৰ পুনঃউত্থান হ’ব বুলি তেওঁ দৃঢ় বিশ্বাসী৷ ড°গোহাঁইৰ এনে অনমনীয় স্থিতিত বিতত শাসকীয় পক্ষৰ নেতাই হিৰেন গোহাঁইৰ নাম শুনিলেই আজি আবোল-তাবোল বকে ৷ সেয়ে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ অসমীয়াজনক তেওঁলোকে দেশদ্ৰোহী, নৈৰাজ্যবাদী, উন্নয়নৰ বিৰোধী, হিন্দু বিৰোধী, মুছলমান মোগলৰ এজেণ্ট বুলি পৰিচিত কৰিবলৈ ষড়যন্ত্ৰৰ পাছত ষড়যন্ত্ৰ কৰি গৈছে৷০০
—অনিৰ্বাণ দত্ত ৷
হাৱাজান— ৭৮৪১৬৯ অনিৰ্বাণ দত্ত (বাৰ্তা) 15:54, 12 November 2024 (ইউ.টি.চি.)