সদস্য বাৰ্তা:আতিথ্য ফুকন
নমস্কাৰ, আতিথ্য ফুকন
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
— AdoroniBot (বাৰ্তা) 04:46, 5 April 2023 (ইউ.টি.চি.)
অম্বিকাগিৰী ৰায়চৌধুৰীৰ চমু পৰিচয়
[সম্পাদনা কৰক]অসম কেশৰী ৰূপে খ্যাত অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম হৈছিল ১৮৮৫ চনত সত্ৰনগৰী বৰপেটাৰ দক্ষিণহাটীত।তেওঁৰ পিতৃ আৰু মাতৃৰ নাম যথাক্ৰমে কৃষ্ণৰাম ৰায়চৌধুৰী আৰু দৈৱকী দেৱী।সৰুতেই মাউৰা হ'বলগীয়া হোৱাত ৰায়চৌধুৰীয়ে অতি কষ্টৰ মাজেৰে বৰপেটাতে প্ৰাথমিক শিক্ষা লাভ কৰিছিল ।পৰবৰ্তী সময়ত তেওঁ গুৱাহাটীৰ সোণাৰাম হাইস্কুলত নামভৰ্তি কৰে যদিও বিভিন্ন কাৰণত অষ্টম শ্ৰেণীতে তেওঁৰ শিক্ষা জীৱনৰ পৰিসমাপ্তি ঘটে।তৎকালীন সময়তে ৰায়চৌধুৰীয়ে 'বন্দিনী ভাৰত মাতা ' (১৯০৫) শীৰ্ষক এখনি নাট ৰচনা কৰিছিল। উল্লেখযোগ্য যে কটন কলেজিয়েট স্কুলত অভিনয় কৰি থকা অৱস্থাত তদানীন্তন ব্ৰিটিছ আৰক্ষীৰ দ্বাৰা উক্ত নাটকখনৰ পাণ্ডুলিপি বাজেয়াপ্ত হৈছিল ।ছাত্ৰাৱস্থাতে দেশপ্ৰেমৰ ভাবনাই পুখা মেলা অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ক্ষুদিৰাম বসুত, বাৰীন্দ্ৰ ঘোষ আদি বিপ্লৱী সকলৰ কাম - কাজৰ দ্বাৰা অনুপ্ৰাণিত হৈ এনাকিষ্ট দল গঠন কৰি সন্ত্ৰাসবাদী কাম কাজত লিপ্ত হৈ পৰিছিল।ফলত সন্ত্ৰাসবাদী কাম কাজত লিপ্ত থকাৰ সন্দেহত ১৯০৮ চনৰ পৰা ১৯১৫ চনলৈকে বৰপেটা আৰক্ষীয়ে তেওঁক নজৰবন্দী কৰি ৰাখিছিল ।একে সময়তে অৰ্থাৎ ১৯১৪ চনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ডিব্ৰগড়ৰপৰা ওলোৱা 'আসাম বান্ধৱ ' আলোচনীৰ সহকাৰী সম্পাদক হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিছিল।একেদৰে ১৯১৫ চনত তেওঁৰ জীৱনৰ প্ৰথম খন কবিতাপুথি ' তুমি ' য়ে প্ৰকাশৰ মুখ দেখিছিল।সি যিয়েই নহওঁক,১৯১৮ চনত ৰায়চৌধুৰীয়ে 'অৰুণা' নামৰ ছপাশাল এটা স্থাপন কৰি স্বাধীনভাৱে ব্যৱসায় কৰাত মনোনিৱেশ কৰে। ১৯২১ চনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে স্বাধীনতা আন্দোলনত যোগদান কৰি প্ৰায় দুবছৰ কাৰাবাস খাটিবলগীয়া হয়। জেলৰ পৰা মুক্তি পাই ১৯২৪ চনত ৰায়চৌধুৰীয়ে 'শতধৰ' নামৰ গদ্যপুথিখন ৰচনা কৰে। ১৯২৬ চনত ৰায়চৌধুৰীয়ে পাণ্ডুত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু উক্ত সভাত তেওঁ লিখা বন্দো কি ছন্দেৰে শীৰ্ষক গীতটি অধিৱেশনৰ উদ্বোধনী গীত হিচাপে পৰিৱেশন কৰা হয়। একে বছৰতে তেওঁ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সংৰক্ষণৰ লক্ষৰে অসমীয়া সংৰক্ষিণী সভা গঠন কৰে। আনহাতে ১৯৩৫ চনত তেওঁ মহাত্মা গান্ধীৰ ইয়ং ইণ্ডিয়া কাকতৰ আৰ্হিত পষেকীয়া কাকত ডেকা অসম প্ৰকাশ কৰি উলিয়াইছিল। পৰৱৰ্তী সময়ত ১৯৪৪ চনত ৰায়চৌধুৰীয়ে শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সংগীত সন্মিলনত সভাপতিত্ব কৰিছিল। ১৯৫০ চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰিছিল। ১৯৫১ চনত নিজৰে দুহিতা শুচিব্ৰতা ৰায়চৌধুৰীৰ সৈতে যুটীয়াভাৱে সম্পাদনা কৰি প্ৰকাশ কৰি উলিয়াইছিল 'সাহিত্য মঞ্জৰী'। ১৯৬৪ চনত ৰায়চৌধুৰীৰ কাব্য জীৱনৰ সাৰ্থক নিদৰ্শন 'বেদনাৰ উল্কা' প্ৰকাশ পায়। একেখন কাব্যগ্ৰন্থৰ বাবেই ১৯৬৬ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে। এইজনা প্ৰথিতযশা সাহিত্যিক আৰু জাতীয়তাবাদী চিন্তানায়কৰ মৃত্যু হয় ১৯৬৭ চনত।অম্বিকাগিৰী ৰায়চোধুৰীৰ বৰণীয় সাহিত্যিক সত্তাটো আচ্ছন্ন হৈ আছিল বহুমখী প্ৰতিভাৰে।তেওঁ একেধাৰে আছিল এজন কবি ,নাট্যকাৰ,সাংবাদিক,সংগীতজ্ঞ,অভিনেতা,সমাজ সংস্কাৰক তথা ৰাজনৈতিক কৰ্মী।তেওঁৰ সাহিত্য সম্ভাৰে অসমীয়া সাহিত্যৰ ভড়ালক যথেষ্ট চহকী কৰি গৈছে।তলত তেওঁৰ সাহিত্য সম্ভাৰক শৃংখলাবদ্ধভাৱে এনেদৰে দেখুৱাব পাৰি-
১/কবিতা-তুমি(১৯১৫),বীণা(১৯১৬), অনুভূতি(১৯৫৪),স্থাপন কৰ স্থাপন কৰ(১৯৫৪),বেদনাৰ উল্কা(১৯৬৪),দেশেই ভগৱান(১৯৬৫),বাণী বিদ্যুৎ(১৯৭৯)
২/গীত-বন্দো কি ছন্দেৰে(১৯৫৯),চেতনাৰ কণ্ঠ(১৯৮৫),songs of the cell(১৯৪২)
৩/নাটক-জয়দ্ৰথ বধ(১৯৬১),ভক্ত গৌৰৱ, কল্যাণময়ী
৪/প্ৰবন্ধ-জগতৰ শেষ আদৰ্শ আৰু বিশ্বশান্তি(১৯১৬),ভাৰতীয় স্বৰাজ আৰু অসমীয়া স্বৰাজ(১৯৩৪),ডেকা-ডেকেৰীৰ বেদ(১৯৪২),স্বাধীন পঞ্চায়ত ৰাষ্ট্ৰ গঠনৰ প্ৰাথমিক আঁচনি(১৯৪২),আত্মৰক্ষী বাহিনী গঠন(১৯৪৬),আহুতি(১৯৫৪),Final goal of man and lasting peac(১৯৬৯),মোৰ জীৱন ধুমুহাৰ এছাটি(১৯৬৭),অসম কেশৰীৰ বচন(১৯৮১)
৫/সম্পাদনা-সাহিত্য মঞ্জুৰী(১৯৫১)
(ক) টুলুমণি সন্দিকৈ
(খ) আতিথ্য ফুকন
(গ) অনুপ শইকীয়া। আতিথ্য ফুকন (বাৰ্তা) 10:11, 25 April 2023 (ইউ.টি.চি.)
অম্বিকাগিৰী ৰায়চৌধুৰীৰ 'অসমত অৰাজকতা' নামৰ প্ৰৱন্ধটোৰ এটি আলোচনা।
[সম্পাদনা কৰক]অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে তেখেতৰ 'অসমত অৰাজকতা' নামৰ প্ৰবন্ধটোৰ যোগেদি বিভিন্ন সময়ত অসমলৈ আহি অসমৰ মাটি দখল কৰা বহিৰাগত লোকসকল আৰু তেওঁলোকে কিদৰে অসমত অৰাজকতা সৃষ্টি কৰিছে সেই বিষয়ে অসমীয়া জনগণক সজাগ কৰিছে। কিয়নো ৰায়চৌধুৰী এজন জাতীয়তাবাদী কবি আছিল। তেওঁ যিদৰে নিজৰ জাতিটোক ভাল পাইছিল ঠিক তেনেদৰে নিজৰ জাতিটোৰ দুৰ্বলতা খিনিক তেওঁ কোনো কুণ্ঠাবোধ নকৰাকৈ সমালোচনাও কৰিছিল।
প্ৰবন্ধটো পঢ়িলে এনে লাগে যে যদিও ৰায়চৌধুৰীয়ে বৃটিছ শাসনৰ বিৰুদ্ধে আন্দোলন কৰিছিল বা জাতীয়তাবাদী কবিতা,নাটক আদি ৰচনা তথা প্ৰতিবাদত অংশলৈ চৰকাৰৰ ৰোষত পৰিছিল। তথাপিও তেওঁ যেন কোনোবাখিনিত বৃটিছ শাসনৰ কিছুমান নিয়মক সমৰ্থন কৰিছিল যেন বোধ হয়। তেওঁ অসমত অৰাজকতা নামৰ প্ৰৱন্ধটোত লিখিছে "আগেয়ে যেতিয়া বৰ্তমান বৃটিছ শাসনৰ নিচিনা শৃংখলিত শাসন প্ৰণালী আমাৰ দেশত নাছিল, তেতিয়া আসামৰ অধিবাসীসকলক, নানা সময়ত নানা ফালৰ পৰা মোৱামৰীয়া, মান, কছাৰী আদি পাৰ্বত্য জাতিবিলাকে হঠাৎ আহি আক্ৰমণ কৰি নানা বিষয়ে অপমান, অত্যাচাৰ কৰা কাহিনী আসাম বুৰঞ্জীত আছে কিন্তু সুসভ্য বৃটিছ ৰাজৰ উন্নত শাসনৰ দিনত তেনে ঘটনা বুৰঞ্জীত ঠাই পালে, বৃটিছ গৱৰ্ণমেণ্টৰ গৌৰৱত নিশ্চয় কলঙ্কৰ ছিটা পৰিব।"(পৃষ্ঠা:৯১২)- ইয়াৰ পৰা নিঃসন্দেহে বুজিব পাৰি যে ৰায়চৌধুৰীয়ে বৃটিছ শাসনক কিছু কিছু ক্ষেত্ৰত সমৰ্থন কৰিছিল।
ৰায়চৌধুৰীয়ে 'অসমত অৰাজকতা' প্ৰৱন্ধটোৰ যোগেদি তেখেতৰ প্ৰৱল জাতীয়তাবাদৰ উন্মেষ ঘটা দেখা যায়। অসমত যি সময়ত লাখ লাখ বিদেশী তথা বঙ্গদেশৰ মৈমন সিং আদি জিলাৰ পৰা নিচেই নীচ শ্ৰেণী মানুহ আহি বসতি পাতিছেহি আৰু দিনে দিনে অসমীয়া পুৰুষ-মহিলাৰ ওপৰত নানা ৰকমে উৎপীড়ন চলাই জাতি-ধৰ্ম নষ্ট কৰিছে। এইবোৰ দেখি শুনিও যে অসমীয়াই মনে মনে বহি আছে সেই বাবে ৰায়চৌধুৰীয়ে আক্ষেপ কৰিছে আৰু খঙত নিজৰ জাতিটোক ব্যঙ্গ কৰিছে এনেদৰে "আজিৰ অসমীয়া সেই আগৰ অসমীয়া বীৰ জাতিৰ বংশধৰ নহয়, আজিৰ অসমীয়াৰ শিৰত পূৰ্ব পুৰুষৰ উষ্ণ শোণিত নাই; আজিৰ অসমীয়াই দেৱীৰূপী তিৰোতা জাতিৰ লঘু-লাঞ্ছনা চকুৰে চায়ো থিৰে থাকিব পাৰে, কাণেৰে শুনিও মস্তিষ্ক তপত নহয়।"(পৃষ্ঠা:৯১৩) - ৰায়চৌধুৰীৰ এনে অনুভূতিৰ পৰাই বুজিব লাগিব যে তেওঁৰ জাতিৰ প্ৰতি অন্তৰত কিমান প্ৰেম থকাৰ লগতে আক্ষেপো সোমাই আছে।
প্ৰৱন্ধটোৰ মাজত ৰায়চৌধুৰীৰ প্ৰৱল জাতীয়তাবাদ ফুটি উঠিছে। যদিও তেওঁ অসমীয়াক ব্যঙ্গ তথা ইতিকিং কৰিছে কিন্তু তেওঁ সেই ব্যঙ্গ বা ইতিকিঙৰ জড়িয়তে জাতিটোৰ মাজত পুনৰ স্বদেশ প্ৰেম বীজ ৰোপন কৰা চেষ্টা কৰিছে আৰু তেওঁ বিশ্বাস আছে যে জাতিটোৱে এই বিদেশী নৰপশু বোৰৰ অত্যাচাৰ মষিমূৰ কৰিব পাৰিব। তাক সম্ভৱ কৰিবলৈ হ'লে অসমীয়াই "অসমীয়াই পূৰ্ব পুৰুষৰ তেজ বীৰ্য অসমীয়াই শিৰত অচল আত্মসম্ভ্ৰমৰ তাপত গলাই সেই উত্তপ্ত তেজ, সেই উষ্ণ বীৰ্য, অসমীয়াৰ শিৰে শিৰে খৰতৰ বেগে বোৱাৱ লাগিব; অসমীয়াই হৃদয়ে হৃদয়ে, অন্তৰে অন্তৰে বুজিব লাগিব।নৰপশুৰ হাতত এইদৰে অত্যাচাৰিত উৎপীড়িত হ'বলগীয়া জাতি অসমীয়া নহয়; তাক মষিমূৰ কৰিব পৰা শক্তি অসমীয়াৰ আছে।"(পৃষ্ঠা:৯১৩)- ইয়াৰ পৰাই বুজিব পাৰি যে ৰায়চৌধুৰীয এনে এজন ব্যক্তি যিজনে কোনো দিনে কোনো পৰিস্থিতিতে নিজৰ জাতিটোৱে আনৰ ওচৰত সৰু হৈ বা পৰাধীন হৈ জীয়াই থকা কথাটো কল্পনাও কৰিব পৰা নাছিল।
ৰায়চৌধুৰীয়ে নিজৰ জাতিটোৰ স্বাৰ্থত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। তেওঁ নিজৰ অসমভূমিলৈ বিদেশী লোকৰ আগমনক বাধা দিবলৈ বৃটিছ গৱৰ্ণমেণ্টৰ ওচৰত দাবী উত্থাপন কৰিছিল। বৃটিছ গৱৰ্ণমেণ্টৰ ওচৰত এই ক্ষেত্ৰত ৰায়চৌধুৰীয়ে দুটা চৰ্ত ৰাখিছিল - প্ৰথমটো বিদেশী লোকৰ অসমলৈ প্ৰৱজন বন্ধ কৰিব লাগে নহ'লে দ্বিতীয়টো আগতে যিসকল লোক আহি অসমত অশান্তি সৃষ্টি কৰিছে কেৱল তেওঁলোকৰ প্ৰতি সিহঁতৰ পশু-প্ৰবৃতিৰ নিবৃত্তি কৰিবলৈ কেৱল সিহঁতৰ নিমিত্তে Criminal আইনৰ এটা বিশেষ কঠোৰ ধাৰা নিদিৰ্ষ্ট কৰিব লাগে। এনেদৰে ৰায়চৌধুৰীয়ে দেশ তথা জাতিৰ স্বাৰ্থত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল।
প্ৰৱন্ধটোৰ মাজত হিন্দু সমাজত নাৰীক যি উচ্চ স্থান দিয়া হয় বা দেৱী ৰূপে কল্পনা কৰা হয় সেই দিশটো অতি সুন্দৰ ৰূপত ফুটি উঠিছে। যি হিন্দু সমাজে নাৰীক দেৱী জ্ঞান কৰে সেই দেৱী ৰূপী নাৰীকে বিদেশী নৰপশু বোৰে যিদৰে অমানৱীয় অত্যাচাৰ আৰু নিপীড়ন চলাইছে; তাৰ বিৰুদ্ধে ৰায়চৌধুৰীয়ে প্ৰতিবাদ কৰিছে- " যি নাৰী জাতিৰ মান-মৰ্যাদা ৰক্ষা কৰাটো হিন্দু ধৰ্ম প্ৰধান অঙ্গ আৰু এই উদ্দেশ্যে লক্ষ লক্ষ হিন্দু ধৰ্মৰ জীৱন মৃত্যুৰ আলিঙ্গনত পৰা লাখ লাখ কাহিনী হিন্দুৰ ইতিহাসত এতিয়াও সজীৱ হৈ আছে, সেই মহৎ গৌৰৱ ৰক্ষা কৰিবলৈ অপাৰগ হ'লে অসমীয়া হিন্দুৰ কলঙ্কৰ সীমা নোহোৱা হ'ব আৰু পতিত জাতি বুলি সেই অতীত ইতিহাসে অসমীয়াক বিদ্ৰুপ কৰিব।" (পৃষ্ঠা:৯১৪)
এনেদৰে বিচাৰ কৰি চালে প্ৰৱন্ধটোৰ মাজেৰে ৰায়চৌধুৰীৰ প্ৰৱল জাতীয়তাবোধৰ নিদৰ্শন ফুটি উঠা পৰিলক্ষিত হয়। তেওঁ জাতিৰ স্বাৰ্থত সদায়ে মাত মাতি আহিছিল। তেওঁৰ প্ৰত্যেক ৰচনাতে কম-বেছি পৰিমাণে জাতীয়তাবোধৰ গোন্ধ পোৱা যায়। তেওঁ যিদৰে নিজ জাতিটোক ভাল পাইছিল ঠিক তেনেদৰে জাতিৰ দুৰ্বলতা বা দোষ বোৰো তেওঁ অতি কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। তেওঁ অসমীয়া জাতিটোৱে সদায় কাৰো তলত নাথাকি মূৰ দাঙি জীয়াই থকাত সমৰ্থন কৰিছিল। প্ৰৱন্ধটোৰ মাজত ৰায়চৌধুৰীৰ দেশপ্ৰেম, স্বদেশানুৰাগ, নিজৰ জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ নিদৰ্শন অতি উজ্বল ৰূপত ফুটি উঠিছে।
আতিথ্য ফুকন।
তথ্য সংগ্ৰহ:
শৰ্মা,সত্যেন্দ্ৰনাথ(সম্পাদনা):অম্বিকাগিৰী ৰায়চৌধুৰী ৰচনাৱলী,প্ৰকাশক:অসম প্ৰকাশন পৰিষদ,তৃতীয় প্ৰকাশ:২০০৯ আতিথ্য ফুকন (বাৰ্তা) 11:49, 25 April 2023 (ইউ.টি.চি.)