সদস্য বাৰ্তা:জোনমণি মেধি
নমস্কাৰ, জোনমণি মেধি
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
— AdoroniBot (বাৰ্তা) 13:07, 6 April 2023 (ইউ.টি.চি.)
ড° বাণীকান্ত কাকতি
[সম্পাদনা কৰক]ড° বাণীকান্ত কাকতি একেধাৰে অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক,ভাষাবিদ, গৱেষক, শিক্ষাবিদ আৰু সমালোচক। প্রাচ্য আৰু পাশ্চাত্য সাহিত্যৰ অধ্যয়নেৰে প্ৰচুৰ পাণ্ডিত্য লাভ কৰা কাকতিয়ে ইংৰাজী ভাষাত লিখা 'Assamese, Its Formation and Development' নামৰ গৱেষণা গ্ৰন্থৰ বাবে ডক্তৰেট ডিগ্ৰী লাভ কৰে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পাছতেই সমালোচক হিচাপে শ্রেষ্ঠতাৰ দাবী কৰিব পৰা শিক্ষাবিদ, সাহি°ত্যক বাণীকান্ত কাকতিয়ে অসমীয়া সাহিত্যলৈ অমূল্য অৱদান আগবঢ়াই গৈছে।আধুনিক যুগৰ সর্বশ্রেষ্ঠ সমালোচক হিচাপে পৰিচিত হোৱা ড° কাকতিয়ে কেইবাখনো পুথি ৰচনা কৰাৰ লগতে ভালেমান গ্ৰন্থৰ মূখবন্ধ লিখিছিল আৰু সেইবোৰত তেওঁৰ পাণ্ডিত্য, মননশীলতা আৰু বিষয়বস্তুৰ গভীৰ তললৈ সোমাব পৰা ক্ষমতা প্ৰকাশ পাইছে। তেওঁ ‘ভবানন্দ পাঠক' – এই ছদ্মনামেৰেও এলানি প্রবন্ধ লিখিছিল।
জন্ম
ড° বাণীকান্ত কাকতিৰ জন্ম হৈছিল ১৮৯৪ চনৰ ১০ নৱেম্বৰত বৰপেটা জিলাৰ বাটিকুৰিহা গাঁওত । বাণীকান্ত কাকতিৰ পিতৃ ললিতৰাম কাকতি আৰু মাতৃ লাহোবালা কাকতি।বাণীকান্ত কাকতি ললিতৰাম কাকতিৰ কনিষ্ঠ পুত্ৰ। তেওঁৰ ককায়েক পৰমানন্দ কাকতি আৰু বায়েক তিনি গৰাকী । বাণীকান্ত কাকতি মাতৃগর্ভত থাকোতে পিতৃ ললিতৰাম কাকতি স্বর্গী হয়। ককায়েক পৰমানন্দ কাকতিয়ে বাণীকান্তক মৰম-চেনেহ কৰি, মৰমৰ শাসনতে ডাঙৰ দীঘল কৰে ।
শিক্ষা
বাণীকান্তই বাটিকুৰিহা গাঁওৰে পাঠশালা স্কুলত শিক্ষাৰম্ভ কৰে। ককায়েক পৰমানন্দ কাকতি সেই স্কুলৰে শিক্ষক। বাণীকান্ত জন্মগত ভাবে বুদ্ধিমান। বাণীকান্ত কেবল লেখা-পঢ়াতে মন, খেল-ধেমালি বা অন্যান্য বিষয়ত নজৰ নাই । কিন্তু ককায়েক পৰমানন্দ কাকতিয়ে বাণীকান্তক বৰগীত গাবলৈ শিকায়, কীৰ্ত্তনঘোষা পঢ়িবলৈ শিকায়। বাণীকান্তই বৰগীতবোৰ সলসলীয়াকৈ গাই দিব পৰা হ'ল। ক'ব নোৱাৰাকৈয়ে বাণীকান্তৰ মন শ্ৰীমন্ত শঙ্কৰ-মাধৱৰ প্ৰতি ঢাল খাবলৈ ধৰিলে। এনে ধৰণৰ প্ৰভাৱৰ ফলতে পাছত ড° কাকতিয়ে শ্ৰীমন্ত শঙ্কৰ-মাধৱৰ ধৰ্ম আৰু সাহিত্যৰাজিৰ গভীৰ আলোচনাত গভীৰ দৃষ্টিপাত কৰিবলৈ সক্ষম হ'ল। বাণীকান্তই সুখ্যাতিৰে পাঠশালা পাছ কৰিলে। ১৯১১ চনত এই স্কুলৰপৰা বাণীকান্ত কাকতিয়ে অসম উপত্যকাত প্রথম হৈ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত হোৱা প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিল ।স্কুলীয়া শিক্ষা সুখ্যাতিৰে সাং কৰি বাণীকান্ত কাকতিয়ে ১৯১১ চনত অসমৰ বিখ্যাত কটন কলেজত নাম লগায়। নিজৰ মেধা আৰু তীক্ষ্ণ বুদ্ধিৰ ফলত তেওঁ অতি সহজতে অধ্যাপকসকলৰ দৃষ্টি আকর্ষণ কৰে।১৯১৩ চনত বাণীকান্ত কাকতিয়ে কটন কলেজৰ পৰা কলিকতা বিশ্ববিদ্যালয়ত প্রথম স্থান লাভ কৰিছিল। ১৯১৩ চনত বাণীকান্ত কাকতিয়ে কলিকতাৰ বিখ্যাত প্ৰেছিডেন্সি কলেজত পঢ়িবলৈ লয়। তেওঁ ইংৰাজী বিষয়ত অনাৰ্চ লয়।বাণীকান্ত কাকতিয়ে ১৯১৫ চনত ইংৰাজী অনাৰ্চত দ্বিতীয় শ্রেণীৰ চতুৰ্থ স্থান লাভ কৰি পাছ কৰে। তেওঁ প্রেডিডেন্সি কলেজত প্রথম স্থান লাভ কৰে আৰু ইয়াৰ কাৰণে তেওঁ 'টাওনী স্মৃতি বঁটা' লাভ কৰে।বি.এ. পাছ কৰাৰ পাছত ইংৰাজী ১৯১৫ চনত বাণীকান্তই কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাত ইংৰাজী বিভাগত নাম লগায়। তেতিয়াৰ অসমৰ শিক্ষা বিষয়া কানিংহাম চাহাবলৈ তেওঁ ইংৰাজীত এখন চিঠি লিখিছিল। চিঠিৰ ভাষা এনে মর্মস্পর্শী আছিল আৰু তাৰ প্ৰকাশৰ আকর্ষণীয় ভংগী দেখি কানিংহাম চাহাবে নিজৰ জেপৰ পৰাই মাহিলী এক নিৰ্ধাৰিত নিৰিখৰ টকা দিবলৈ গাত লৈছিল। অৱশ্যে, অসুস্থতাৰ কাৰণে তেওঁ ইংৰাজী ১৯১৭ চনত এম.এ. পৰীক্ষাত বহিব নোৱাৰিলে।১৯১৮ চনত ইংৰাজী ক শাখাত পৰীক্ষা দি দ্বিতীয় শ্রেণী লাভ কৰে।সুখ্যাতিৰে এম. এ. পাছ কৰি ১৯১৮ চনতেই কাকতিয়ে কটন কলেজত অধ্যাপক নিযুক্ত হয়। ইয়াৰ মাজতেই তেওঁ আকৌ ইংৰাজী খ শাখাত এম. এ. পৰীক্ষা দিবলৈ মন মেলে। ১৯২৩ চনত খ শাখাত পৰীক্ষা দি প্ৰথম শ্ৰেণীৰ প্রথম স্থান লাভ কৰে । কটন কলেজত কাম কৰি থাকোতে তেওঁ ভাষাবিজ্ঞানী সুনীতিকুমাৰ চেটাৰ্জীৰ তত্ত্বাৱধানত অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কত গৱেষণা কৰিবলৈ আৰম্ভ কৰে। তেখেতৰ গৱেষণা গ্ৰন্থখনৰ নাম হ'ল- 'Assamese : Its Formation And Development ১৯৫ চনত এই গৱেষণাৰ বাবে তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে। উল্লেখ্য যে ভাৰতীয় বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট পোৱা প্ৰথমগৰাকী অসমীয়া হৈছে বাণীকান্ত কাকতি।
কৰ্মজীৱন
১৯১৮ চনৰ ১৬ নবেম্বৰত কাকতিদেৱে ইংৰাজীৰ অধ্যাপক হিচাপে কটন কলেজত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে।কটন কলেজত অধ্যাপকৰ পদ পোৱা প্ৰথম অসমীয়া আছিল ড°সূৰ্য্যকুমাৰ ভূঞা আৰু দ্বিতীয় আছিল বাণীকান্ত কাকতি। ইয়াৰ মাজতে তেওঁ অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে ইণ্ডিয়ান হিষ্টৰিকেল ৰেকৰ্ডছ কমিছনৰ পেছোৱাত অনুষ্ঠিত দ্বাবিংশতিতম অধিৱেশনত যোগদান কৰে আৰু এবছৰ কালৰ বাবে এই কমিছনৰ সদস্য মনোনীত হয়। ১৯৪৭ চনত তেখেতে কটন কলেজৰ অধ্যক্ষ ৰূপে পদোন্নতি লাভ কৰে। ১৯৪৯ চনৰ জানুৱাৰী মাহলৈকে বাণীকান্ত কাকতিয়ে কটন কলেজৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়াই চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।সেই বছৰতে তেখেতে নতুনকৈ স্থাপিত হোৱা অসমৰ প্ৰথম বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰাধ্যাপক হিচাপে পুনৰ কামত যোগদান কৰে মৃত্যুৰ সময়লৈকে তেওঁ সেই পদতে থাকি সেৱা আগবঢ়াইছিল।কাকতি আছিল অসমীয়া বিভাগৰ প্ৰথমজন কলাগুক (Dean, Faculty Of Arts) ৰূপে নিৰ্বাচিত হৈছিল৷ তেওঁ বিশ্ববিদ্যালয়ৰ ক'ৰ্ট সভাৰো সদস্য আছিল।
সাহিত্যকৰ্ম
বাণীকান্ত কাকতিয়ে একেধাৰে ভাষাতাত্ত্বিক, সাহিত্য সমালোচক, সংস্কৃতি গৱেষক, নৃতত্ত্ববিদ,শিশু-সাহিত্যিক, অনুবাদক আদি একাধিক ৰূপেৰে স্ব-পাণ্ডিত্যক জ্ঞাপন কৰিছিল। তেখেতৰ জীৱদ্দশাত আৰু মৰণোত্তৰভাৱে মুঠ বাৰখন গ্ৰন্থ প্ৰকাশ পাইছে। তদুপৰি ভালেমান প্রবন্ধ আৰু গৱেষণাপত্রও লিখি থৈ গৈছে। অৱশ্যে কাকতিৰ সকলো প্ৰবন্ধই গ্ৰন্থিত আকাৰ লাভ কৰা নাই। প্রকাশিত গ্ৰন্থবোৰক তলত দিয়া ধৰণে শ্রেণীবিভাগ কৰিব পাৰি। অৱশ্যে এই বিভাজন পানী নসৰকা নহয়, মাত্ৰ প্ৰণালীবদ্ধ কৰণৰহে প্ৰয়াস——
(১) ভাষাতত্ত্বমূলক গ্রন্থ : Assamese, Its Formation and Development.
২) সাহিত্য আলোচনা : পুৰণি অসমীয়া সাহিত্য, সাহিত্য আৰু প্ৰেম, নতুন অসমীয়া সাহিত্য।
৩) সমাজতত্ত্ব বিষয়ক গ্রন্থ: The Mother Godess Kamakhyā, Visnuite Myths and Legends, পুৰণি কামৰূপৰ ধৰ্ম্মৰ ধাৰা, কলিতা জাতিৰ ইতিবৃত্ত।
(৪) জীৱনী সাহিত্য : Life and Teachings of Sankar Deva.
৫) শিশু সাহিত্য : পখিলা
(৬) সম্পাদিত সাহিত্য : চোৰধৰা আৰু পিম্পৰা গুছোৱা
৭) সংকলিত সাহিত্য :Aspects of Early Assamese Literature
(৮) অনুবাদ সাহিত্য : Songs of the Cell.
সন্মান লাভ
কলিকতা বিশ্ববিদ্যালয়ে বাণীকান্ত কাকতিক তেওঁৰ গৱেষণামূলক গ্রন্থ "অসমীয়া ভাষা:ইয়াৰ গঠন আৰু ক্ৰমবিকাশ"ৰ বাবে তেওঁক পি.এইচ.ডি. ডিগ্ৰী প্ৰদান কৰে।১৯৪৯ চনত ড° কাকতিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা-বিভাগৰ কলাগুৰু হিচাবে নিয়োজিত কৰে। ‘কলাগুৰু' পদ শুৱনী কৰি তেওঁৰ ব্যক্তিত্ব আৰু জ্ঞানৰ সন্মান উজ্জ্বলহৈ ৰয়।
মৃত্যু
১৯৫২ চনৰ ১৫ নৱেম্বৰ তাৰিখে শনিবাৰৰ দিনা গুৱাহাটীৰ ৰিহাবাৰীৰ নিজা বাসভৱনত প্রাত:ভ্ৰমণৰপৰা ঘূৰি অহাৰ পিছতেই ডক্টৰ বাণীকান্ত কাকতিয়ে অসুস্থতা অনুভৱ কৰি বিছনাত শুই পৰে আৰু ক্ষন্তেক পিছতেই শেষ নিশ্বাস ত্যাগ কৰে।৫৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।
তথ্য সংগ্ৰহ
১)বাণীকান্ত ৰচনাৱলী, ভূমিকা, সম্পা: মহেশ্বৰ নেওগ, অসম প্ৰকাশন পৰিষদ, ২০০৬, পৃঃ নং;১৯
২)সাহিত্যৰত্ন:এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া, পূনং ১৬৭, কিৰণ প্ৰকাশন,ধেমাজি ২০১৬
৩)ড° বাণীকান্ত কাকতি : জীৱন আৰু প্ৰতিভা,শ্ৰী চিত্তৰঞ্জন চৌধুৰী,বীণা লাইব্ৰেৰী কলেজ হোষ্টেল ৰোড, গুৱাহাটী
৪)ডক্টৰ কাকতিৰ সাহিত্য,ডঃ বিনোদ শর্মা,অধ্যাপক, অসমীয়া আৰু কলা বিভাগ ৰিজনেল ইনষ্টিটিউট অব ল্যাঙ্গুয়েজ, ভুবনেশ্বৰ, উৰিষ্যা,নিউ বুক স্টল গুৱাহাটী-১, অসম
৫)বাণীকান্ত কাকতিৰ গদ্যশৈলী, ড° মঞ্জু লস্কৰ, মনপুৰ মৌচন্দা, অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ স্মাৰক গ্ৰন্থ, পুঃনং ৪৮৫ ২৬। ৬)Assamese its formation and Development.
৭)পুৰণি অসমীয়া সাহিত্য
৮)কলিতা জাতিৰ ইতিবৃত্ত
১o) বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পুনঃ, ২১১, চন্দ্র প্রকাশ, ২০১৪ ৩৩। বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পূনং ২১০, চন্দ্র প্রকাশ, ২০১৪
১১) বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পূনং ২১১, চন্দ্র প্রকাশ, ২০১৪ ৩৬। ড° বাণীকান্ত কাকতি, অতুলচন্দ্র বৰুৱা, জীৱনী সংগ্রহ, পদ্মনাথ গোহাঞিবৰুৱা, পু:নং, ২১০, অসম প্ৰকাশন পৰিষদ, ২০০৩
১২) বাণীকান্ত কাকতিৰ জীৱন আৰু কৃতি, ড০ অনুৰাধা শৰ্মা,ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ্ ৭ লাচিত লেন, ৰাজগড় ৰোড, গুৱাহাটী-৭৮১০০৭,প্রথম প্রকাশ : ২০০৯।
প্ৰস্তুতকৰ্তা
জাহ্নৱী দাস ,ৰোল নং-১৬
জীনামনী বৰগোহাঁই ,ৰোল নং-১৭
জোনমণি মেধি,ৰোল নং-১৮ জোনমণি মেধি (বাৰ্তা) 17:14, 29 April 2023 (ইউ.টি.চি.)
ড° বাণীকান্ত কাকতিৰ 'সৌন্দৰ্যৰ প্ৰতাৰণা'-এক সমালোচনা
[সম্পাদনা কৰক]বাণীকান্ত কাকতিৰ এক উল্লেখযোগ্য প্ৰৱন্ধ সংকলন হ'ল "সাহিত্য আৰু প্ৰেম"।মানৱীয় প্ৰেমৰ অনুভূতিৰ স্বৰূপ বিশ্লেষণ কৰিবলৈ গৈ ইয়াত প্ৰাচ্য আৰু পাশ্চাত্য সাহিত্যৰ কেবাটাও প্ৰণয় কাহিনী বিশ্লেষণ কৰিছে।প্ৰেম যেনেকৈ কাৰোবাৰ বাবে প্ৰেৰণাদায়ক ঠিক তেনেকৈ কাৰোবাৰ বাবে খন্তেকৰ মোহ বা বেদনাদায়ক।তেনে প্ৰেমৰ প্ৰভাৱৰ কথাই বৰ্ণোৱা হৈছে 'সৌন্দৰ্যৰ প্ৰতাৰণা' নামৰ প্ৰৱন্ধটিত।
'সৌন্দৰ্যৰ প্ৰতাৰণা'ত বৰ্ণিত হৈছে প্ৰেম আধাৰিত এনে এক কাহিনী য'ত উন্মোচিত হৈছে প্ৰেমৰ এক ভিন্ন ৰূপ।এজন প্ৰতিভাৱান এণ্ড্ৰিয়াৰ কৰুণ জীৱনগাথাঁই দেখুৱাই দিছে প্ৰেম গৈ নিচাত পৰিণত হ'লে জীৱনলৈ অহা দুৰ্ভাগ্য,দুৰ্যোগৰ স্পষ্ট কৰুণ চিত্র।অৰ্থাৎ যদি ইন্দ্ৰিয় প্ৰেমে মানুহৰ পৰিচালিত কৰে তেন্তে তাৰ ফল যে সুখকৰ নহয় সেয়া দেখুৱাটোৱে হৈছে তেওঁৰ মুখ্য উদ্দেশ্য।আনকি এনে প্ৰেমৰ নিচাত পৰিলে মানুহ যে বেয়াকৈ প্ৰতাৰিত হ'ব পাৰে তাৰ উজ্জ্বল নিদৰ্শন এয়া। খ্ৰীষ্টিয় পঞ্চদশ শতিকাত ইটালী দেশত চিত্র বিদ্যাৰ চৰম উৎকৰ্ষৰ যুগ পাতনি হয়,যেতিয়া মাইকেল এঞ্জেলো,ৰাফেল,লিঅ'নাৰ্ডো আদি বিশ্ব-বিশ্ৰুত চিত্রকৰসকলে কবিৰ বিশ্বসপোনক দৃশ্য মুক্তি দিবলৈ আৰম্ভ কৰে,তেতিয়াই ১৮৪৬ খ্ৰী.ত এজন দৰ্জীৰ ঘৰত জন্ম হয় এণ্ড্ৰিয়াৰ।চিত্রবিদ্যাৰ প্ৰতি আগ্ৰহী এণ্ড্ৰিয়াই কছিমোৰ চিত্রশালাত ছবি শিকিছিল।মধ্যযুগৰ গীৰ্জাবোৰৰ বেৰত সেইসময়ৰ মহান চিত্রশিল্পীসকলেহে ছবি আঁকিবলৈ সুযোগ পাইছিল।ফ্লোৰেণ্স নগৰত গীৰ্জাঘৰ এটিৰ বেৰত চিত্র আঁকি সমসাময়িক চিত্রকৰসকলৰ মাজত এণ্ড্ৰিয়াও এজন লেখত ল'বলগীয়া কলা বিশাৰদ হৈ উঠিছিল।ৰেখাবিদ্যাত এনে সিদ্ধহস্ত আছিল যে তেওঁৰ নাম হ'ল অভ্ৰান্ত চিত্রকৰ(Faultless Painter)।ফ্লোৰেণ্স নগৰৰ লুক্ৰেজীয়া নামৰ ছোৱালী এজনীৰ ৰূপত মুগ্ধ হৈ এণ্ড্ৰিয়া তাইৰ সৈতে বিবাহপাশত বন্দী হৈছিল।লুক্ৰেজীয়া আছিল চঞ্চল মনৰ ,নগৰৰ আন আন ডেকাসকলৰ মন ধৰি খেলা কৰাত পাৰ্গতালি দেখুৱাইছিল।প্ৰেমৰ ছলনাত এণ্ড্ৰিয়া ভালকৈয়ে বিভোল হ'ল আৰু লুক্ৰেজীয়াৰ সৌন্দৰ্য আৰু চতুৰালিত বিমুগ্ধ হৈ শিল্পচৰ্চাৰ প্ৰতি আওহেলা কৰিছিল আৰু মাক বাপেকৰ প্ৰতি থকা কৰ্তব্যৰ পৰাও আঁতৰি আহিছিল।তেওঁ আনকি ফৰাছী ৰজা ফ্ৰাঞ্চিচৰ ৰাজসভাত ছবি আঁকিবলৈও সুযোগ পাইছিল আৰু তিনিশ সোণৰ মুদ্ৰাও লাভ কৰিছিল।কিন্তু লুক্ৰেজীয়াৰ প্ৰেমত পৰি তেওঁ ৰজাক প্ৰতাৰণাও কৰিছিল। প্ৰবন্ধটিত বাণীকান্ত কাকতিয়ে ৰবাৰ্ট ব্ৰাউনিঙৰ এটি কবিতাৰ কথাও উল্লেখ কৰিছে।'Andrea Del Sarto'-ৰবাৰ্ট ব্ৰাউনিঙে চিত্রকৰজনৰ আধাৰত লিখা এক স্বগোতোক্তি তথা dramatic monolouge।কাকতিদেৱে ইয়াৰ সাৰমৰ্ম প্ৰবন্ধটিত সুন্দৰকৈ বৰ্ণনা কৰিছে।হেমন্ত কালৰ এটি সন্ধিয়াত ৰাফেলৰ চিত্রৰ সন্মুখত পত্নীৰ সৈতে এন্ড্ৰিয়া চিত্রশালাৰ খোঁটালীত বহিছে।কবিতাটিত এন্ড্ৰিয়াই পত্নীৰ সৈতে হাতত হাত থৈ সন্ধিয়াটো নিবিড়ভাৱে উদযাপন কৰিব বিচাৰিছে।পত্নীক উদ্দেশ্যি কৈ তেওঁ আক্ষেপ কৰিছে যে পত্নীয়ে যদি তেওঁক অকণমানো অনুপ্ৰেৰণা যোগালেহেঁতেন;ৰাফেলৰ ওখ আসনত আজি তেওঁ বহি থাকিব পাৰিলেহেঁতেন।কিন্ত হাউলিনে কোৱাৰ দৰে ,His wife's beauty is without a soul,it's only a beauty on the outside which perfectly matches the state of Del Sarto's art,which is beautiful,but spiritually empty.কিয়নো লুক্ৰেজীয়াই কাহানিও এণ্ড্ৰিয়াৰ চিত্রশিল্পীৰ মাজত থকা সৌন্দৰ্যক অনুভৱ কৰিব পৰা নাছিল,পাৰ্থিৱ বস্তুৰ প্ৰতিহে আছিল তাইৰ দুৰ্বাৰ মোহ।এন্ড্ৰিয়াই নিজৰ চিত্রত আগৰ দৰে সৌন্দৰ্য ফুটাই তুলিব পৰা নাছিল।এই বিফলতাৰ কাৰণ নিজৰ পত্নী বুলি কৈছে।এইখিনিতেই এন্ড্ৰিয়াৰ পুৰুষতান্ত্রিক মানসিকতা ফুটি উঠিছে।কাৰণ তেওঁ নিজৰ ইচ্ছামতেই লুক্ৰেজীয়াৰ প্ৰেমত পৰিছিল,বিবাহপাশত আৱদ্ধ হৈছিল,সংসাৰৰ মোহপাশত সোমাই পৰিছিল।এই বিফলতাৰ দোষী আছিল এন্ড্ৰিয়া নিজেই।
চিত্রকৰ এন্ড্ৰিয়াই শেষত অনুশোচনাত ভুগিছিল যে ৰাফেল,মাইকেল এঞ্জেলো আদি চিত্রশিল্পীসকলে নিজৰ শিল্পকৰ্মৰ জৰিয়তে যুগৰ যি এক উচ্চ শিখৰত আহৰণ কৰিছিল,এণ্ড্ৰিয়াই নিজৰ প্ৰতিভা থকা স্বত্বেও সিমানখিনি পৰ্য্যায়লৈ নিজক দাঙি ধৰিব নোৱাৰিলে।সংসাৰৰ মোহত বন্দী নহৈ নিজৰ শিল্পচৰ্চা আগৰ দৰেই অব্যাহত ৰখা হ'লে তেওঁ ৰাফেল,মাইকেল এঞ্জেলোকো চেৰ পেলাব পাৰিলেহেঁতেন। সৌন্দৰ্যৰ প্ৰতাৰণাত পৰি তিল তিলকৈ ধ্বংস হৈ গ'ল মহান চিত্রকৰ এণ্ড্ৰিয়াৰ জীৱন।এণ্ড্ৰিয়াৰ জীৱন ঐশ্বৰ্য ছলনাময়ী নাৰী লুক্ৰেজীয়াই কাঢ়ি লৈ গ'ল।তেওঁ সকলো বুজিছিল,তথাপি সেই নাগপাশৰ পৰা নিজক মুক্ত কৰি আনিব নোৱাৰিলে। কাকতিয়ে বৰ্ণাইছে-ইন্দ্ৰিয়ৰ ক্ষোভ এনে মাদক বস্তু যে মদপীৰ মদৰ দৰেই;যিয়ে জাগ্ৰত আত্মচৈতন্যৰ বল সঞ্চাৰ হ'বলৈ নিদিয়ে।সৌন্দৰ্যই এণ্ড্ৰিয়াক আমুৱাবলৈ ধৰিলে।জীৱন পদ্ধতি তেওঁৰ পক্ষে দুৰ্বল হৈ পৰিল।নিজৰ ভুল নিজৰ চকুত ধৰা পৰিল,পৰিশ্ৰমৰ অনুপাতে যথেষ্ট আয় হয় যদিও এণ্ড্ৰিয়া অভাৱগ্ৰস্ত হৈয়ে পৰিল। মন কৰিবলগীয়া যে কাকতিয়ে এই প্ৰবন্ধৰ যোগেদি শিল্পী প্ৰতিভাৰ সুকীয়া স্বৰূপটো দাঙি ধৰিছে।তেওঁ ইয়াক আত্ম চৈতন্যৰ বল বুলি অভিহিত কৰিছে।অৰ্থ্যাৎ এই বিশিষ্ট চেতনাৰ প্ৰেৰণাতহে শিল্পীয়ে সৃষ্টিকৰ্মত মনোনিৱেশ কৰিব পাৰে।এই কথাষাৰি অলপ বহলাই আলোচনা কৰা দৰকাৰ।কাৰণ প্ৰশ্ন হ'ব পাৰে যে এণ্ড্ৰিয়াৰ জীৱন ঐশ্বৰ্যনো লুক্ৰেজীয়াই কিদৰে কাঢ়ি লৈ গ'ল?কাকতিয়ে কোৱা এই জীৱন ঐশ্বৰ্যৰ অৰ্থ হ'ল শিল্পীৰ অলৌকিক সত্তা,যাৰ দ্বাৰা শিল্পীয়ে জীৱন আৰু জগতৰ ৰহস্য উপলব্ধি কৰিব পাৰে। 'বুদ্ধি' (cosmic intelligence)'সত্বগুণ'ৰ দ্বাৰা শোধিত হ'ব লাগিব।তমোগুণৰ দ্বাৰা স্থূল-শৰীৰটো সৃষ্টি হোৱাত যি সাধাৰণতে ৰূপ,ৰস,গন্ধ,স্পৰ্শ আদি নিবিষ্ট হৈ থাকে।নাৰী দেহটো স্থূল শৰীৰৰ আকাৰ হ'লেও চিত্রকৰ বা শিল্পীয়ে সেই আকাৰৰ মাজত অলৌকিক সৌন্দৰ্যৰ সন্ধান পায়;যিদৰে এণ্ড্ৰিয়াই প্ৰথম অৱস্থাত লুক্ৰেজীয়াৰ মাজত বিচাৰি পাইছিল।কিন্তু যেতিয়াৰ পৰাইএণ্ড্ৰিয়াৰ মনত তমোগুণৰ প্ৰভাৱ বাঢ়ি গ'ল অৰ্থ্যাৎ ইন্দ্ৰিয় মোহ জাগ্ৰত হৈ উঠিল , তেতিয়াই তেওঁ সেই নৈৰ্ব্যক্তিক চেতনা (abstruct sense) হেৰুৱাই পেলালে।সেইবাবে লুক্ৰেজীয়াৰ ৰূপে তেওঁক পাছলৈ মোহিত কৰিব নোৱাৰা হ'ল।এই তিক্ততা বৃদ্ধি পোৱাত লুক্ৰেজীয়াৰ ছলনাপূৰ্ণ ব্যৱহাৰো দায়ী।এইদৰে কাকতিয়ে প্ৰবন্ধটোৰ জৰিয়তে শিল্পী সত্তা আৰু জৈৱিক সত্তাৰ দ্বৈত দিশলৈ আঙুলিয়াই দি পুনৰাই কৈছে-"আদৰ্শ আৰু আকাংক্ষাৰ সিদ্ধি লাভ কৰিব লাগিলে যি স্বৰ্গীয় সপোনত উটি ফুৰা তাৰ মনত থাকিব লাগে তাৰ ঠাইত তেওঁৰ মন সাংসাৰিক অভাৱৰ পঙ্কিলতাত পোট খালে।'স্বৰ্গীয় সপোন' বোলোতে তেওঁ উদাৰ মানৱীয় সুকুমাৰ বৃত্তি যেনে দয়া,মৰম আদিৰ কথাহে কৈছে।এইবোৰ সত্ত্বগুণৰ বিকাশ অৰ্থাৎ দাৰ্শনিকৰ ভাষাত বুদ্ধিৰ পৰিমাৰ্জিত ৰূপ।দৈনন্দিন জীৱনৰ জৈৱিক বাসনা পূৰণ আৰু ক্ৰুৰতাৰ মাজত এনে বুদ্ধিৰ বিকাশ হ'ব নোৱাৰে।সেইকাৰণে সাধক বা যোগীয়ে সাধনাত সিদ্ধি লাভ কৰিৱলৈ সংসাৰ ত্যাগ কৰে।শিল্পীৰ অতীন্দ্ৰিয় চেতনা আৰু যোগীৰ সুমহান ঈশ্বৰ সাধনাৰ মাজত সমন্বয় সাধন কৰি দেখুৱাইছে। উক্ত প্ৰবন্ধটি বিদেশী সমলৰ পৰা অনা।এই ৰচনা প্ৰেম কাহিনী যদিও ইয়াৰ মূলগত উদ্দেশ্য ৰোমাঞ্চকৰ প্ৰেম আৰু প্ৰেমৰ পৰিণতি দেখুৱাটোৱেই নহয়,সমূহীয়াভাৱে তাৰ মাজত এটি সুদূৰপ্ৰসাৰী সংজ্ঞা নিহিত হৈ হৈছে।বাণীকান্ত কাকতিৰ এই সুকীয়া দৃষ্টিভংগী সেই নিৰ্জন মনৰ অন্ত:সলিলা সূঁতিটিৰ অভিব্যক্তি মাথোন। এনেদৰেই আমি 'সৌন্দৰ্যৰ প্ৰতাৰণা' প্ৰবন্ধটিৰ সমালোচনামূলক বিশ্লেষণ দাঙি ধৰিব পাৰোঁ। জোনমণি মেধি (বাৰ্তা) 17:43, 29 April 2023 (ইউ.টি.চি.)