সদস্য বাৰ্তা:দেবীকা বুঢ়াগোহাঁই

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

আনন্দৰাম ঢেকিয়াল ফুকনৰ 'অসমীয়া ল'ৰাৰ মিত্ৰ'ৰ দ্বিতীয় আৰু তৃতীয় কাণ্ডৰ কেইটামান প্ৰৱন্ধৰ এক চমু অৱলোকন[সম্পাদনা কৰক]

আনন্দৰাম ঢেকিয়াল ফুকনৰ 'অসমীয়া ল'ৰাৰ মিত্ৰ'ৰ দ্বিতীয় কাণ্ড আৰু তৃতীয় কাণ্ডৰ কেইটামান প্ৰৱন্ধ আলোচনাৰ বিষয় হিচাপে লোৱা হৈছে।আধুনিক অসমীয়া ভাষা সাহিত্যৰ ভেটি প্ৰতিষ্ঠাত আনন্দৰাম ঢেকিয়াল ফুকনৰ অৱদান অতি গুৰুত্বপূৰ্ণ।তেওঁ অসমীয়া ভাষাৰ ত্ৰাণকৰ্তা। দুটা কাণ্ডত ৰচিত 'অসমীয়া ল'ৰাৰ মিত্ৰ' গ্ৰন্থখনে অসমীয়া ভাষাৰ উন্নতিৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে।

  'অসমীয়া ল'ৰাৰ মিত্ৰ'(দ্বিতীয় কাণ্ড)

আনন্দৰাম ঢেকিয়াল ফুকনৰ 'অসমীয়া ল'ৰাৰ মিত্ৰ'ৰ দ্বিতীয় কাণ্ডত তেখেতে বেছিভাগ উপদেশমূলক প্ৰৱন্ধই ৰচনা কৰিছে।অৱশ্যে তেওঁৰ গদ্যশৈলীলৈ মন কৰিলে আমি দেখো যে তেওঁৰ গদ্যৰ বেছিভাগতেই উপদেশমূলক বাক্যই পোৱা যায়।যিহেতু 'অসমীয়া ল'ৰাৰ মিত্ৰ' খনো ছাত্ৰৰ উদ্দেশ্যেই ৰচনা কৰি উলিয়াইছিল।গতিকে ছাত্ৰসকলৰ উপযোগী হোৱাকৈ পাঠবোৰ লিখিছিল।মন কৰিবলগীয়া কথা এইয়ে যে তেওঁ পাঠৰ শিৰোনামত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাৰ সমান্তৰাল প্ৰয়োগ কৰিছে।প্ৰথমে ইংৰাজী আৰু তাৰ পিছতহে অসমীয়াত শিৰোনাম লিখা হৈছে।'অসমীয়া ল'ৰাৰ মিত্ৰ'ৰ দ্বিতীয় কাণ্ডৰ কেইটামান প্ৰৱন্ধ তলত থূলমূলভাৱে আলোচনা কৰা হ'ল-

  SELECT SENTENCES নানা বচন
   'অসমীয়া ল'ৰাৰ মিত্ৰ' দ্বিতীয় কাণ্ডত থকা 'নানা বচন' এটা উল্লেখযোগ্য পাঠ।ওপৰত উল্লেখ কৰি অহা অনুসৰি আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যৰ বেছিভাগতেই উপদেশমূলক বাক্যই পোৱা যায়।গতিকে 'নানা বচন' পাঠটোৰ জৰিয়তে লেখকে অসমীয়ালোকসকলক বা ছাত্ৰসকলক বিভিন্ন দিশত ভিন্ন ধৰণে উপদেশ দিয়াৰ লগতে পৰামৰ্শও দিছে।যিহেতু সহজ-সৰল ,পোনপটীয়া বাক্য তেওঁৰ গদ্যৰ প্ৰধান বৈশিষ্ট্য।গতিকে এই পাঠটোতো লেখকে ছাত্ৰসকলে  সহজে বুজি পোৱাৰ উদ্দেশ্যে সৰল ,পোনপটীয়া বাক্য প্ৰয়োগ কৰিছে।উদাহৰণস্বৰূপে,

১/লেখকে ছাত্ৰসকলক উদ্দেশ্য কৰি কৈছে-ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিবা লাগে আৰু আনকো নিজৰ দৰেই ভাবিবলৈ কৈছে।২/নিজৰ পিতৃ-মাতৃক শ্ৰদ্ধা কৰিব লাগে আৰু তেওঁলোকৰ আজ্ঞা মানি চলিব লাগে। ৩/মিছা কথা ক'বলৈ মনা কৰিছে। ৪/আনৰ ভাল বস্তু দেখি লোভ কৰিবলৈ মনা কৰিছে লগতে চুৰ কৰিবলৈও বাধা দিছে। ৫/শিক্ষক শিক্ষয়ত্ৰীৰ প্ৰতি শ্ৰদ্ধাভাব ৰাখিবলৈ কৈছে। ৬/খেল ধেমালি আদিতকৈ পুথি অধ্যয়নৰ ওপৰত অধিক গুৰুত্ব দিবলৈ কৈছে। ৭/আনৰ লগত মৰা-মৰি,হাই-কাজিয়া লাগিব মনা কৰিছে কাৰণ সকলো নিজৰ ভাই-ককাইৰ দৰে। ৮ /তেওঁ কৈছে কোনো কাম নিশিকিলে বা শ্ৰম নকৰিলে কোনোধৰণৰ বিদ্যা আহৰণ কৰিব নোৱাৰে। ৯/পাপৰ পৰা ৰক্ষা পাবলৈ হ'লে তেওঁ লোভ ত্যাগ কৰিবলৈ কৈছে। ১০/এনেকোৱা কোনো কথা ক'ব নালাগে যাৰ দ্বাৰা তোমাৰ সন্মুখত থকাতমানুহজনে মনত অসন্তোষ পাই আৰু পাপ কাম কৰিবলৈ প্ৰবৰ্ত হয়। ১১/আনন্দৰামে ছাত্ৰসকলৰ জীৱটোক ফুলৰ লগত তুলনা কৰিছে কাৰণ ফুল যেনেকৈ ফুলে আৰু এটা সময়ত মৰহি যায়।ঠিকতেনেদৰে মানুহৰ জীৱনটোওৰ লগতো তেনেকুৱাই হয়। ১২/কোনোধৰণৰ বেয়া কথা পাতিবলৈ মনা কৰিছে কাৰণ যি মানুহৰ লাজ নাই তাৰ জ্ঞানো নাই। ১৩/অহংকাৰী ভাব মনৰ পৰা আঁতৰাবলৈ কৈছে কাৰণ অহংকাৰী মানুহক ঈশ্বৰেও ঘৃণা কৰে ১৪/নিজতকৈ আনক পাৰ্গত দেখি হিংসা নকৰিবলৈ কৈছে,বৰঞ্চ শ্ৰম কৰি নিজৰ গুণেৰে আনক জিকিউওৈ পুৰুষাৰ্থহে কৰিব লাগে। ১৫/কোনো মানুহৰ সুখ দেখি হিংসা নকৰিবলৈ কৈছে কাৰণ সেই মানুহজনৰ মনত বা আৰু কি দুখ আছে কোনেও নাজানে। ১৬/দুখীয়া মানুহক কেতিয়াও অপমান কৰিব মনা কৰিছে। ১৭/সময় অপচয় কৰিব নালাগে। ১৮/জীয়াই থকা দিনকেইটা সৎকৰ্ম কৰিবলৈ উপদেশ দিছে। ১৯/আনক নিন্দা কৰিব নালাগে। ২০/মিত্ৰক প্ৰশংসা কৰিবলৈ কৈছে। ২১/বেয়া মানুহৰ সৈতে সংগ কৰাতকৈ অকলেই থাকিবলৈ কৈছে। ২২/পৰাপক্ষত কাকো দুখ দিব মনা কৰিছে। ২৩/আনৰ গুণবোৰ বিচাৰ কৰিবলৈ কৈছে আৰু আনহাতে নিজৰ দোষখিনিহে বিচাৰ বিবেচনা কৰিবলৈ কৈছে। ২৪/যিকোনো কাম এবাৰতে কৰিয়ে শেষ কৰিবলৈ কৈছে। ২৫/দোষবোৰ শ্ৰম আৰু পুৰুষাৰ্থৰে আঁতৰাব কৈছে। ২৬/শেষত ঈশ্বৰক নাপাহৰিবলৈ কৈছে আৰু সদায় ভাল বেয়া সকলো সময়তে ঈশ্বৰক আৰাধনা কৰিবলৈ কৈছে।

    এইদৰে আনন্দৰাম ঢেকিয়াল ফুকনে 'নানা বচন' পাঠটোৰ জৰিয়তে সহজ সৰল বাক্যৰ প্ৰয়োগেৰে ছাত্ৰসকলক অনেক দিশত উপদেশ দিছে।
THE BOY AND THE CUCKOO এক ল'ৰা আৰু এক কুলি চৰাইৰ কথা
  অনাড়ম্বৰ আৰু যথাযথ উপস্থাপন আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য।কাৰণ সহজ-সৰল পোনপটীয়া উপস্থাপনেহে পাঠকৰ মনত সাঁচ বহুৱাই।আনহাতে জটিলতাবিহীন গদ্যবোৰ সকলো পাঠকৰ বোধগম্য।গতিকে 'অসমীয়া ল'ৰাৰ মিত্ৰ'ৰ দ্বিতীয় কাণ্ডত থকা 'এক ল'ৰা আৰু এক কুলি চৰাইৰ কথা' পাঠটোও অনাড়ম্বৰপূৰ্ণ আৰু সহজ-সৰল পোনপটীয়া বাক্য ব্যবহাৰ কৰিছে।লগতে পাঠটো খুব কম পৰিসৰৰ ভিতৰত লিখিছে।যিহেতু আনন্দৰামৰ গদ্য ৰচনাৰ প্ৰধান বৈশিষ্ট্য হ'ল উপদেশমূলক।গতিকে এই পাঠটোৰ জৰিয়তেওঁ তেওঁ ছাত্ৰসকলক উপদেশ দিছে।আৰু আনন্দৰামে ৰচনা কৰা বেছিভাগ লেখাৰ শেষত তাৎপৰ্য অন্তৰ্ভুক্ত কৰিছিল।সহজ বোধগম্য আৰু উচিত শিক্ষা প্ৰদানৰ উদ্দেশ্যেই তাৎপৰ্য অন্তৰ্ভুক্ত কৰা হৈছে।গতিকে এই পাঠটোৰ শেষটো তাৎপৰ্য অন্তৰ্ভুক্ত কৰা হৈছে।
      'এক ল'ৰা আৰু এক কুলি চৰাইৰ কথা'পাঠটোত এজন কটু ভাষী ল'ৰা আছিল সি আন ল'ৰাৰ সৈতে কাজিয়া কৰোঁতে বেয়া কথাৰে গালি গালাছ পাৰিছিল।এদিন সি বাপেকৰ লগত চৰাই বিক্ৰী কৰা ঠাইলৈ যাওঁতে এটা সজাত কুলি চৰাই এটা আৰু আন এটা সজাত কাঠ ঠোকোৰা এটা বিক্ৰী কৰিবলৈ অনা দেখিলে।দুয়োটা চৰাইয়ে মাজে মাজে মাত মাতিছিল।মাত শুনি মানুহজনে কুলি চৰাইটোহে কিনিলে কিন্তু সিটো চৰাইৰ মাতটো শুনিবলৈ বেয়া হোৱাৰ বাবে নিকিনিলে ।তাকে দেখি দেউতাকে কটু ভাষী ল'ৰাটোক উদ্দেশ্য কৰি ক'লে যে-কটুভাষী হোৱাৰ এইয়াই হৈছে দুগুণ।এইদৰে উপদেশ পাই ল'ৰাটো তেতিয়াৰে পৰা ভাল হ'বলৈ ধৰিলে ।
     গতিকে দেখা যায় যে কটুভাষী লোকক কোনেও ভাল নাপায় মিষ্টভাষীলোককহে সকলোৱে ভাল পায়।এইদৰে লেখকে পাঠটোৰ শেষত তাৎপৰ্য অন্তৰ্ভুক্ত কৰিছে।
  
   THE WHITE ANT উঁইৰ কথা
   'অসমীয়া ল'ৰাৰ মিত' দ্বিতীয় কাণ্ডৰ এটা অন্যতম পাঠ 'উঁইৰ কথা'।এই পাঠটোতো উপদেশমূলক বাক্যই ব্যবহাৰ কৰিছে।অৰ্থাৎ পাঠটোৰ যোগেদি লেখকে ছাত্ৰসকলক উপদেশ দিছে।লগতে 'উঁইৰ কথা' পাঠটোত কথোপকথন শৈলীও দেখিবলৈ পোৱা গৈছে।কথোপকথন শৈলী আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যৰ এক ঘাই বৈশিষ্ট্য।ক্ষুদ্ৰ জীৱ এটাৰ পৰাও যে আমি জ্ঞান আহৰণ কৰিব পাৰোঁ সেই কথাই পাঠটোৰ জৰিয়তে লেখকে বুজাব বিচাৰিছে।
      'উঁইৰ কথা' পাঠটোত এজন ল'ৰাই এগালমান কিতাপ দেখি পঢ়িবলৈ ভয় কৰিছিল কাৰণ ইমানবোৰ কিতাপ সি কেনেকৈ পঢ়িব বুজি পোৱা নাছিল।তাকে ভাবি ভাবি সি গাঁৱৰ ইটো মূৰলৈ গৈ থাকোতে হঠাৎ তাৰ চকু উঁইৰ মাটিৰ দম এটাত পৰিল।সি চিন্তা কৰিলে ইমান ক্ষুদ্ৰ প্ৰাণীটোৱে কেনেকৈ ইমান দম মাটি গোটালে আৰু সি লগে লগে উঁইক প্ৰশ্ন কৰিলে তুমি ইমান ক্ষুদ্ৰ হৈও কেনেকৈ ইমান দম মাটি গোটালা।তেতিয়া উঁইয়ে উত্তৰ দিলে যি লোকে জীৱনত এলাহ ভাব এৰি কামৰ কৰিবৰ বাবে যত্ন কৰে সি লাগিলে সৰু হ'লেও ডাঙৰ কাম কৰিব পাৰে।ক্ষুদ্ৰ উঁইটোৰ কথা শুনি ল'ৰাটোৱে পাছদিনাখনৰ পৰা পঢ়া শুনা কৰিবলৈ লয়।
      গতিকে দেখা যায় লেখকে ক্ষুদ্ৰ উঁই আৰু ল'ৰাটোৰ কথোপকথনৰ মাজেৰে ছাত্ৰসকলক উপদেশ আৰু জ্ঞান দিছে। 

INGENUITY AND INDUSTRY REWARDED চতুৰতা আৰু শ্ৰমৰ পুৰস্কাৰ

      'চতুৰতা আৰু শ্ৰমৰ পুৰস্কাৰ' পাঠটো 'অসমীয়া ল'ৰাৰ মিত্ৰ'ৰ দ্বিতীয় কাণ্ডৰ অন্তৰ্গত।আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যত ঘৰুৱা প্ৰকাশভংগী লক্ষ্য কৰা যায়।সেই সময়ছোৱাত যদিও অসমীয়া ভাষাই এটা সংকটাপন্ন অৱস্থাত আছিল তথাপিও বলিষ্ট ঘৰুৱা প্ৰকাশভংগী তেওঁ গদ্যত পোৱা যায়।তাৰ এক অন্যতম উদাহৰণ হ'ল -'চতুৰতা আৰু শ্ৰমৰ পুৰস্কাৰ' পাঠটো ।এই পাঠটোত তেখেতে ঘৰুৱা প্ৰকাশভংগী ব্যৱহাৰ কৰিছে।উদাহৰণস্বৰূপে-
    "সৰুটি ল'ৰা উপজিবৰ দিনা তেওঁ আপোনাৰ বাৰিৰ দুৱাৰ মুখত দুটি একে সমান আমৰ পুলি ৰুলে।"(চতুৰতা আৰু শ্ৰমৰ পুৰস্কাৰ,অ.ল.মি.,পৃষ্ঠা ১৯)
    পাঠটোৰ জৰিয়তে লেখকে অসমীয়া ছাত্ৰসকলক বুদ্ধিমান আৰু পৰিশ্ৰমী হ'বৰ বাবে জ্ঞান দিছে।কেনেদৰে চতুৰ আৰু পৰিশ্ৰমী লোকে জীৱনত আগুৱাই যাব পাৰে সেই কথা পাঠটোৰ মাজেৰে দাঙি ধৰিছে। গতিকে এই পাঠটোৱে অসমীয়া ছাত্ৰসকলৰ উন্নতিত যথেষ্ট সহায় কৰিছিল।
THE BLIND GIRL কনা ছোৱালীৰ কথা
                           
  আনন্দৰাম ঢেকিয়াল ফুকনৰ বেছিভাগ গদ্যই যিহেতু উপদেশমূলক গতিকে 'কনা ছোৱালীৰ কথা' পাঠটোও উপদেশমূলক।সহজ-সৰল বাক্যৰ প্ৰয়োগেৰে ছাত্ৰসকলৰ সুবিধা হোৱাকৈ পাঠটো ৰচনা কৰিছে।কথোপকথন শৈলীটোও এই পাঠটোত দেখিবলৈ পোৱা গৈছে।এই পাঠটোত এজনী সক্ষম আৰু এজনী অক্ষম ছোৱালীৰ মাজত হোৱা কথোপকথনৰ মাজেৰে লেখকে ছাত্ৰসকলক উপদেশ দিছে।
       'কনা ছোৱালীৰ কথা' পাঠটোত থকা এজনী ছোৱালীৰ নাম নাৰায়ণী।তাই অক্ষম অৰ্থাৎ তাই চকুৰে দেখে।তাই কোনোধৰণৰ কাম কৰি ভাল নাপাই আৰু পঢ়া -শুনা কৰিও ভাল নাপাই কেৱল সাধু কথাহে পঢ়ি ভাল পায়।এদিনাখন তাই ফুৰিবলৈ যাওঁতে এজনী কণা ছোৱালী দেখিলে ।কণা ছোৱালীজনীয়ে কাপোৰ বৈ থকা তাই দেখিলে আৰু নাৰায়ণীয়ে তাইক সুধিলে তুমি কণা হোৱাৰ আগতেই কাপোৰ ববলে শিকিলা নি?তেতিয়া ছোৱালীজনীয়ে ক'লে মই জন্মৰ পৰাই কণা।নাৰায়ণীয়ে কণা ছোৱালীজনীৰ কথা শুনি অনুশোচনা কৰিলে যে তাই কণা হৈও কাপোৰ বব জানে অথচ মোৰ সকলো থকাৰ পাছতো কাম কৰিবলৈ,পঢ়িবলৈ এলাহ কৰোঁ।সেইদিনাখনৰ পৰা নাৰায়ণীয়ে ভালদৰে পঢ়া-শুনা কৰিবলৈ ল'লে।শেষত তাই বিদ্যাৱতী আৰু জ্ঞানৱতী হৈ সকলোৰে মন জয় কৰিলে।
         গতিকে এই পাঠটোৰ জৰিয়তে লেখকে আমাক সহজ উপায়েৰে উপদেশ দি থৈ গৈছে।যাতে আমি কোনো কামৰ বাবে ভয় নকৰো বা এলাহ নকৰোঁ।
  অসমীয়া ল'ৰাৰ মিত্ৰ'(তৃতীয় কাণ্ড)
    আনন্দৰাম ঢেকিয়াল ফুকনে 'অসমীয়া ল'ৰাৰ মিত্ৰ'ৰ তৃতীয় কাণ্ডত বিভিন্ন জ্ঞান বিষয়ক প্ৰৱন্ধ লিখিছে।যাৰ দ্বাৰা অসমীয়া ছাত্ৰসকল শিক্ষিত হ'ব পাৰে।তেখেতে দেশী-বিদেশী নানা বিষয়ক লেখা প্ৰকাশ কৰিছে।উদাহৰণস্বৰূপে,পৃথিৱী কেন্দ্ৰিক,মনুষ্য জাতি,ধৰ্মৰ বিভিন্ন ভাগ,পৃথিৱীৰ বিভিন্ন দেশসমূহৰ বিৱৰ,দ্বীপ,নদ-নদী,পৰ্বতমালা,প্ৰত্যেক দেশৰ বুৰঞ্জী,মেপ বা পৃথিৱাৰ নক্সাৰ কথা ইত্যাদি।অসমীয়ালোকসকলে নিজৰ দেশখনৰ বিষয়ে জনাৰ লগতে যাতে ওচৰ-চুবুৰীয়া বিদেশী দেশসমূহৰ বিষয়েও জ্ঞান লাভ কৰিব পাৰে তাৰ উদ্দেশ্যেই আনন্দৰাম ঢেকিয়াল ফুকনে 'অসমীয়া ল'ৰাৰ মিত্ৰ'ৰ তৃতীয় কাণ্ডটো ৰচনা কৰি উলিয়াইছে।
  'অসমীয়া ল'ৰাৰ মিত্ৰ'ৰ তৃতীয় কাণ্ডটোৰ কেইটামান পাঠ তলত আলোচনা কৰা হ'ল-

OF THE SHAPE AND SIZE OF THE EARTH পৃথিৱীৰ আকৃতি আৰু পৰিমাণৰ কথা

  এই পাঠটোত লেখকে পৃথিৱীখনৰ আকৃতি আৰু পৰিমাণৰ কথা উল্লেখ কৰিছে।তেওঁ পৃথিৱীখনক ৰবাৱ টেঙাটোৰ নিচিনা ঘূৰণীয়া বুলি কৈছে আৰু লগতে পৃথিৱীখন যে ঘূৰণীয়া তাৰ প্ৰমাণসহ দাঙি ধৰিছে।আনন্দৰামে কৈছে-যেতিয়া আমি সাগৰৰ নিলগত এখন জাহাজ দেখা পাওঁ তেতিয়া কেৱল আমি জাহাজৰ আগটোহে দেখা পাওঁ।অৰ্থাৎ আমি গোটেই জাহাজখন দেখা নাপাওঁ।ইয়াৰ প্ৰধান কাৰণটো হৈছে পৃথিৱীখন ঘূৰণীয়া।ঠিকতেনেদৰে আৰু এটা প্ৰমাণ দাঙি ধৰিছে -সমতল বিশাল পথাৰ এখনৰ নিলগত গছ-গছনি বা আন বেলেগ বস্তু থাকিলে আমি কেৱল সিঁহতৰ মূৰবোৰহে দেখা পাওঁ,ওচৰলৈ গ'লেহে সম্পূৰ্ণ গছজোপা দেখা পাওঁ।ইয়াৰ প্ৰধান কাৰণটো হৈছে পৃথিৱীখন ঘূৰণীয়া ।এইদৰে লেখকে পৃথিৱীৰ আকাৰ আকৃতি সম্পৰ্কে কেইবাটাও প্ৰমাণ দাঙি ধৰিছে।
    এই পাঠটোৰ জৰিয়তে লেখকে পৃথিৱী সম্পৰ্কে থকা জ্ঞানসমূহ অসমীয়ালোকৰ আগত দাঙি ধৰিছে।
   MANKIND মনুষ্য জাতিৰ কথা
    আনন্দৰাম ঢেকিয়াল ফুকনে 'মনুষ্য জাতিৰ কথা' পাঠটোৰ জৰিয়তে পৃথিৱীত বসবাস কৰা সকলো মানুহ যে একে নহয় সেই কথা অসমীয়ালোকৰ আগত অৱগত কৰিছে।কাৰণ জ্ঞান প্ৰদানৰ উদ্দেশ্যেই 'অসমীয়া ল'ৰাৰ মিত্ৰ'তৃতীয় কাণ্ডটো ৰচনা কৰা হৈছে।
    তেওঁ পাঠটোত উল্লেখ কৰিছে পৃথিৱীৰ বিভিন্ন দেশৰ মানুহৰ গাৰ বৰণ,গঢ়,স্বভাব,বুদ্ধি আদি সকলোবোৰ বেলেগ বেলেগ।ইউৰোপ,এছিয়াৰ পশ্চিমে,আফ্ৰিকাৰ উত্তৰে থকা মানুহৰ গাৰ বৰণ অতি বগা ,জ্ঞানী আৰু স্বভাৱ চৰিত্ৰও ভাল।
     আকৌ আফ্ৰিকাৰ উত্তৰ দিশৰ বাহিৰে বাকী সকলো খণ্ডতে বসবাস কৰা মানুহবোৰ দেখিবলৈ অতি কলা ,প্ৰায় এঙাৰ নিচিনা,চুলি কেকোৰা ,দেখিবলৈ বেয়া আৰু অজ্ঞানী।
     এছিয়াৰ উত্তৰ আৰু পূব ফালৰ মানুহবোৰ দেখিবলৈ হেঁতা হালধীয়া,মুখবোৰ চেপেটা ,সভ্য আৰু স্বভাৱ চৰিত্ৰও ভাল।
     সাগৰৰ কিছুমান উপদ্বীপত বসবাস কৰা মানুহবোৰ কিছু কলা বৰণৰ ,চুলি দীঘল,বলিষ্ট আৰু অতিপাত অসভ্য।
     আমেৰিকা খণ্ডৰ আদি মানুহবোৰৰ বৰণ তাম বৰণীয়া ,স্বভাৱ সুলভ যদিও অসভ্য।মুঠতে পৃথিৱীত পব্বৈ কোটিতকৈ অধিক মানুহ আছেতগতিকে স্বাভাৱিকতেই পৃথিৱীৰ সকলো ঠাইৰ মানুহ একে নহয় ।
        ASIA আসিয়া
  এই 'আসিয়া' পাঠটোত লেখকে এছিয়া মহাদেশৰ পৰিচয় এটা দাঙি ধৰিছে।পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনেই হ'ল এছিয়া মহাদেশ।ইয়াৰ উত্তৰে হিমসাগৰ,পূবে প্ৰশান্ত মহাসাগৰ,দক্ষিণে ভাৰত মহাসাগৰ আৰু পশ্চিমে আফ্ৰিকা আৰু ইউৰোপ।
    এছিয়া মহাদেশৰ দীৰ্ঘ ৭৫০০ মাইল বা ৬৬৭৩ ক্ৰোশ,প্ৰস্থ ৫২৫০ মাইল বা ৪৬২০ ক্ৰোশ আৰু প্ৰায় ৬০ কোটি মানুহ আছে।গোটেই মহাদেশখনক তিনিটা জাতিয়ে শাসন কৰি আছে উত্তৰে ৰুচিয়া,দক্ষিণে ইংৰিজ,পূবে চীন অৱশ্যে এইসকলৰ বাহিৰেও মান,তুৰ্কীয়েও অধিকাৰ কৰি আছে।
      এছিয়াত ঘাইকৈ বাৰখন দেশ আছে উত্তৰে ৰুচিয়া,পূবে চীন ৰাজ্য আৰু জাপান ৰাজ্য,দক্ষিণে ভাৰতবৰ্ষ ,মান আৰু শ্যাম,পশ্চিমে আৰৱ আৰু তুৰুক দেশ,মধ্যত তিব্বত,পাৰসী আৰু কাবুল দেশ।
      এইদৰে এছিয়াৰ পৰ্বতমালা,নদ-নদী,দ্বীপ আৰু উপদ্বীপ,সাগৰ -মহাসাগৰ,হ্ৰদ আদিৰ বৰ্ণনাও পাঠটোত অন্তৰ্ভুক্ত কৰিছে।


      CEYLON সিংহল দ্বীপ
  আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যৰ প্ৰধান উদেশ্যই হৈছে জ্ঞান প্ৰদান কৰা।গতিকে লেখকে ত'সিংহল দ্বীপ'পাঠটোৰ জৰিয়তেওঁ সিংহল দ্বীপৰ বৰ্ণনা অসমীয়া লোকসকলৰ আগত দাঙি ধৰিছে।
     ভাৰতবৰ্ষৰ ওচৰে-পাজৰে অনেক দ্বীপ-উপদ্বীপ আছে যদিও আটাইতকৈ ডাঙৰ আৰু প্ৰধান দ্বীপটোৱেই হৈছে সিংহল দ্বীপ।ই ভাৰতবৰ্ষৰ দক্ষিণ ফালে অৱস্থিত ইয়াৰ ঠাইবোৰ বালিময় যদিও মধ্যত চাউল ইত্যাদি কিছু শস্য কৰিছিল।সিংহল দ্বীপত উৎপন্ন হোৱা প্ৰধান শস্য হৈছে ডালচেনী।ডালচেনীৰ গছবোৰ বৰ বেছি ওখ নহয় আৰু তাৰ চালবোৰ শুকাই গ'লেই ডাল চেনী হয়।সিংহল দ্বীপত নাৰিকল গছ বহু আছে।অনেক বনৰীয়া হাতীও পোৱা যায় কিন্তু সিঁহতক ৮/১০ দিনৰ ভিতৰতে ঘৰচীয়া কৰি ল'ব পাৰি সিংহল দ্বীপ ইংৰাজৰ অধীন আছিল।ৰাজধানী আছিও কলম্বো।দহ লক্ষৰো অধিক মানুহে বসবাস কৰে।তাৰে অনেক পতুৰ্গীজ আৰু ইংৰাজ আছিল।দ্বীপৰ মানুহবোৰ শিষ্টাচাৰী কিন্তু বিদ্যাত পাৰ্গত নহয়।তেওঁলোকে বৌদ্ধ ধৰ্ম মানি চলে 
    এইদৰে লেখকে সিংহল দ্বীপৰ বৰ্ণনা দাঙি ধৰিছে।
OF MAPS'মেপ অৰ্থাৎ পৃথিৱীৰ নক্‌চাৰ কথা'
   আনন্দৰাম ঢেকিয়াল ফুকনে 'মেপ অৰ্থাৎ পৃথিৱীৰ নক্‌চাৰ কথা' পাঠটোৰ জৰিয়তে মেপনো কি বস্তু,মেপৰ ব্যৱহাৰ আৰু উপকাৰ অপকাৰিতা সম্পৰ্কে দাঙি ধৰিছে।যিহেতু সেইসময়ত অসমীয়ালোকসকলৰ মাজত মেপ সম্পৰ্কীয় ধ্যান-ধাৰণা নাছিল।গতিকে বিশেষভাৱে অসমীয়া ছাত্ৰসকলৰ উপযোগী হোৱাকৈ এই পাঠটো তেওঁ লিখিছে।
      ভূগোল বিদ্যা বুজিবলৈ মেপ অতিকে আৱশ্যকীয় আহিলা।মেপত গোটেই পৃথিৱীখনৰ লগতে প্ৰত্যেকটো খণ্ডৰে নক্সা থাকে।এই মেপখন চাইয়ে কোন দেশ কোনফালে আছে কিমান ডাঙৰ,এইসকলোবোৰ কথা জানিব পাৰি ।

মেপৰ ওপৰৰ ফালে উত্তৰ,তলৰ ফালে দক্ষিণ,সোঁফালে পূব আৰু বাওঁফালে পশ্চিম ধৰা হয়।মেপত কেৱল দেশসমূহৰ নক্সাই নহয় অনেক ৰেখাও আছে।এই ৰেখাবোৰৰ নিজস্ব নাম আছে।ভূগোলবিদসকলে পৃথিৱীখনক সমানে দুটা ভাগত ভাগ কৰিছে।আৰু সেই ৰেখাডাওক ৰেখা ভূমি বোলে।এই ৰেখা ভূমিৰ পৰা উত্তৰে আৰু দক্ষিণে দুই খেন লৈকে যিডাল ৰেখা আছে তাক অক্ষাংশ ৰেখা বোলে আৰু প্ৰতিতঅক্ষাংশ ৬৯ মাইলৰ সমান।ৰেখাভূমিৰ পৰা উত্তৰে আৰু দক্ষিণে যি যি ঠাই আছে সেই ঠাইসমূহ কিমান আঁতঐত আছে সেই বিষয়ে জানিবলৈ অক্ষাংশ ৰেখাৰ সহায় লোৱা হয়।

      এইদৰে লেখকে 'মেপ অৰ্থাৎ পৃথিৱীৰ নক্‌চাৰ কথা' পাঠটোৰ জৰিয়তে মেপৰ জ্ঞান আৰু মেপত থকা বিভিন্ন ৰেখাসমূহৰ পৰিচয় দাঙি ধৰিছে।
সামৰণি
   আনন্দৰাম ঢেকিয়াল ফুকনৰ 'অসমীয়া ল'ৰাৰ মিত্ৰ'ৰ দ্বিতীয় আৰু তৃতীয় কাণ্ডটো যিহেতু  ছাত্ৰসকলৰ উদ্দেশ্যই ৰচনা কৰিছে ।গতিকে দুয়োটা কাণ্ডতে তেখেতে উপদেশমূলক আৰু বিভিন্ন জ্ঞান বিষয়ক প্ৰৱন্ধই ৰচনা কৰিছে।আৰু এই প্ৰৱন্ধসমূহে অসমীয়ালোকসকলক আগুৱাই যোৱাত যথেষ্টখিনি সহায় কৰিছিল।

সহায়ক গ্ৰন্থ

  • আনন্দৰাম ঢেকিয়াল ফুকনৰ অসমীয়া লৰাৰ মিত্ৰ,সম্পাদনা-ড° যোগেন্দ্ৰনাৰায়ণ ভূঞা

অৰুণোদই যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক আনন্দৰাম ঢেকিয়াল ফুকন[সম্পাদনা কৰক]

মিছনেৰীসকলৰ সাহিত্যিক প্ৰচেষ্টাত যিসকল অসমীয়ালোকে আন্তৰিকতাৰে যোগ দিছিল সেইসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন অন্যতম।তেখেতে আধুনিক যুগৰ অসমীয়া ভাষাৰ এজন অন্যতম লেখক।

জন্ম আৰু শিক্ষা জীৱন

 ১৮২৯ খ্ৰীষ্টাব্দৰ ২২ ছেপ্টেম্বৰত গুৱাহাটীত প্ৰসিদ্ধ ঢেকিয়াল ফুকনৰ ঘৰত আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হয়।তেখেতৰ পিতৃৰ নাম হলিৰাম ঢেকিয়াল ফুকন।আনন্দৰাম ঢেকিয়াল ফুকন দুবছৰীয়া হওঁতেই পিতৃৰ মৃত্যু হয়।পাঁচ বছৰ বয়সতে ফুকনে উমানন্দৰ সংস্কৃত টোলত নামভৰ্তি কৰে।ককাদেউতাক পৰশুৰামে আনন্দৰামৰ ইংৰাজী শিক্ষা গ্ৰহণত আপত্তি কৰিছিল।কিন্তু সেই আপত্তি নেওচি খুড়াক যজ্ঞৰামৰ উদ্যোগত ১৮৩৭ চনত তেখেতে গুৱাহাটীৰ প্ৰথমখন ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰে।জেমছ মেথিউ আৰু জেনকিন্সৰ তত্ত্বাৱধানত তেখেতে ইংৰাজী অধ্যয়ন কৰিছিল।১৮৪১ চনত এই দুগৰাকী ব্ৰিটিছ বিষয়াই খৰছ বহন কৰি তেখেতক ইংৰাজীৰ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ পঠিয়ায়।সেই সময়ত ভাপ-নাও বা ৰেল গাড়ী নাছিল বাবে ঢেকিয়াল ফুকনে বঠা মৰা নাৱেৰে ২৫ দিনীয়া নৌ যাত্ৰা কৰি কলিকতাত উপস্থিত হৈছিল।আৰু কলিকতাৰ হিন্দু কলেজত নামভৰ্তি কৰে।তেওঁ দুবছৰ অধ্যয়ন কৰাৰ পাছত শিক্ষা সম্পূৰ্ণ নকৰাকৈ ১৮৪৪ চনত ঘৰুৱা সমস্যাৰ বাবে গুৱাহাটীলৈ উভতি আহে।উভতি আহি গুৱাহাটীত ব্ৰেণ্ডচাহাবৰ ওচৰতে আকৌ ইংৰাজী পঢ়ে।তেওঁ কিছু সংস্কৃত আৰু ফাৰ্চী ভাষাও আয়ত্ত্ব কৰিছিল।

বৈবাহিক জীৱন

 গুৱাহাটীলৈ উভতি আহি ১৮৪৬ চনত আনন্দৰামে বিবাহ পাশত আৱদ্ধ হয়।পত্নী আছিল পশুপতি ফুকনৰ জীয়ৰী মাহেন্দ্ৰী দেৱী।বিয়াৰ পাছত আনন্দৰামে ঘৈণীয়েকক ঘৰতে নিজে লিখা-পঢ়া শিকাইছিল।১৮৪৯ চনত আনন্দৰামৰ প্ৰথম সন্তান ৰামেশ্বৰীৰ জন্ম হয় যদিও সন্তানটি অকালতে মৃত্যুমুখত পৰে।বৰপেটাত কাম কৰা কালত ১৮৫৩ চনত তেওঁৰ কন্যা পদ্মাৱতীৰ দেৱী ফুকননীৰ জন্ম হয়।
 চাকৰি জীৱন
    আনন্দৰাম ঢেকিয়াল ফুকনে গুৱাহাটীতে আইনৰ অধ্যয়ন আৰম্ভ কৰে আৰু প্ৰথম অসমীয়া আলোচনী অৰুণোদইত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰে।১৮৪৭ চনত ঢেকিয়াল ফুকনক খাটা পৰগণাৰ 'ডিম্মাদাৰ' লৈ নিযুক্তি কৰা হয়।পাছৰ বছৰত তেখেতক মুন্সিফ পদলৈ পদোন্নতি দি নলবাৰীলৈ বদলি কৰা হয়।আলবাৰীত থকা কালতে তেখেতে 'ইংলেণ্ড বুৰঞ্জী' নামৰ পুথি এখন প্ৰকাশ কৰে ১৮৪৯ চনত তেখেতে 'সহকাৰী আয়ুক্ত'ৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 'বিজনী ৰাজ এষ্টেট'ৰ 'দেৱান' পদত নিযুক্তি পায়।সেই পদত থাকোতেই তেখেতে 'Estate Administration'নামৰ পুথি এখন ৰচনা কৰে।ইয়াৰ পাছত তেখেতে নগাওঁ আৰু গোৱালপাৰা জিলাৰ সদৰৰ 'উপ-সহকাৰী আয়ুক্ত' হিচাপে কাম কৰে।১৮৫৩চনত অসমৰ অৱস্থা সম্পৰ্কে অনুসন্ধান কৰিবলৈ অহা মোফাত মিলচ চাহাবৰ আগত ফুকনে অসমৰ অৰ্থনৈতিক অৱস্থা সম্পৰ্কে সুন্দৰ বিবৃত্তি দিয়ে।

অসমীয়া ভাষা সাহিত্যলৈ অৱদান

       আনন্দৰাম ঢেকিয়াল ফুকনে ১৭ বছৰ বয়সতে লিখা-মেলা কৰিবলৈ লয়।তেওঁ প্ৰথমে 'অৰুণোদই'ৰ বাবে লিখিবলৈ লৈছিল।১৮৪৭ চনত অৰুণোদইত 'ইংলেণ্ডৰ বিৱৰণ'লেখাটি প্ৰকাশ কৰে।আৰু ইংৰাজী পাঠ্যপুথিৰ আধাৰত প্ৰায় চাৰিশ পিঠিয়া 'অসমীয়া ল'ৰাৰ মিত্ৰ'দুটা খণ্ডত ১৮৪৯ চনত প্ৰকাশ কৰে।এই কিতাপখন শিৱসাগৰত ছপা কৰি অসমৰ বিদ্যালয়লৈ প্ৰেৰণ কৰিছিল।তেতিয়া অসমৰ বিদ্যালয়ত শিক্ষাৰ মাধ্যম আছিল বঙালী ভাষা।আনন্দৰামে অসমীয়া বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ পৃষ্ঠপোষকতা কৰিছিল।১৮৫৩ চনত ব্ৰিটিছ গৱৰ্নৰ মোফাট মিলছ চাহাব অসমলৈ আহোঁতে ঢেকিয়াল ফুকনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ বাবে যুক্তি দাঙি ধৰি আবেদন কৰিছিল।১৮৫৫ চনত তেখেতে  ইংৰাজীত লিখা 'A few remarks on the Assamese language' নামৰ পুস্তিকাখন প্ৰকাশ কৰে।এই পুস্তিকাত অসমীয়া ভাষাৰ স্বতন্ত্ৰতা,বঙলা জাপি দিয়াৰ বিষময় ফল আদি আলোচনা কৰে।লগতে পুথিখনত অসমীয়া ভাষা যে বঙালী ভাষাৰ ঠাল নহয় সেই কথা নানা উদাহৰণেৰে ফঁহিয়াই দেখুৱাইছে।অসমত বঙালী ভাষাৰ  বিৰুদ্ধে আন্দোলন গঢ়ি তোলাত এই পুস্তিকাখনে বিশেষ বৰঙণি আগবঢ়াইছিল ।এইদৰে তেখেতে অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি আগবঢ়াই থৈ গৈছে।

মৃত্যু

   ১৮৫৯ খ্ৰীষ্টাব্দৰ ১১ জুন মাহত ত্ৰিছ বছৰ নৌহওঁতেই তেওঁৰ অকাল মৃত্যু হয়।

প্ৰকাশিত পুথি

  • 'A few remarks on the Assamese language' (১৮৫৫ চনত 'এ নেটিভ' ছদ্ম নামেৰে এই পুস্তিকা ৰচনা কৰে।)
  • অসমীয়া ল'ৰাৰ মিত্ৰ।

প্ৰস্তুতকৰ্তা ১/চয়নিকা হাতীমূৰীয়া(ৰোল নং-০৭) ২/দেৱীকা বুঢ়াগোহাঁই(ৰোল নং-০৮) ৩/ধৰিত্ৰী সোণোৱাল (ৰোল নং-০৯)