সমললৈ যাওক

সদস্য বাৰ্তা:নবীন বুঢ়াগোহাঁই

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

AdoroniBot (বাৰ্তা) 01:30, 30 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰেঙৰ দুৱাৰ

[সম্পাদনা কৰক]

আহোম যুগত ৰজাৰ ৰাজধানীবোৰত বসবাসৰ বাবে আৰু ৰাজ্য শাসন কৰিবলৈ কাৰেংঘৰ নিৰ্মাণ কৰা হৈছিল৷ সেই কাৰেংঘৰবোৰত কাঠ আৰু ধাতুৰ দৰ্জা লগাইছিল৷ উল্লেখযোগ্য যে আহোম ৰজাৰ স্থায়ী ৰাজধানী পাঁচখন আছিল৷ সেইসমূহ একাদিক্ৰমে চৰাইদেও, চৰগুৱা, গড়গাঁও, ৰংপুৰ আৰু যোৰহাট৷ ইয়াৰ উপৰি বহুকেইখন অস্থায়ী ৰাজধানীও চাওফা [ৰজা] সকলে পাতিছিল৷ চাওলুং ছ্যুকাফাই তিপাম, অভয়পুৰ, শালগুৰি, হাবুং আৰু শিমলুগুৰিত অস্থায়ী ৰাজধানী স্থাপন কৰাৰ পিছত চৰাইদেওত স্থায়ী ৰাজধানী নিৰ্মাণ কৰিছিল৷ সেই ৰাজধানীৰ পৰা তাও-খাম-থিলৈকে ৭ জন ৰজাই দেশ শাসন কৰাৰ পিছত ছ্যুডাংফা বা বামুণী কোঁৱৰে চৰগুৱাত স্থায়ী ৰাজধানী পাতিছিল৷ চৰগুৱাৰ পৰাও ৭ জন ৰজাই দেশৰ শাসন কাৰ্য চম্ভালিছিল৷ চৰগুৱাৰ পৰা দেশ শাসন কৰা অন্তিমজন চাওফা ছ্যু-হুং-ম্যুং বা দিহিঙীয়া ৰজাই বকতা, অভয়পুৰ, হালধিবাৰীকে ধৰি কেইবা ঠাইতো অস্থায়ী ৰাজধানী পাতিছিল৷ তেখেতৰ পুত্ৰ ছ্যু-ক্লেন-ম্যুঙে ৰাজধানী চৰগুৱাৰ পৰা গড়গাঁৱলৈ তুলি আনিছিল৷ গড়গাঁৱৰ ৰাজধানীৰ পৰা ১৫ জন ৰজাই দেশ শাসন কৰিছিল৷ গড়গাঁৱৰ অন্তিমজন ৰজা গদাধৰ সিংহই অৱশ্যে ৰাজধানীৰ কাষতে বৰকলা নগৰতহে ৰাজ-হাউলি নিৰ্মাণেৰে বসবাস কৰি আছিল৷ গদাধৰ সিংহৰ বৰপুত্ৰ ৰুদ্ৰ সিংহই ৰাজধানী মেটেকালৈ তুলি আনি ৰংপুৰ নাম দিছিল৷ ৰংপুৰত ৬ জন ৰজাই ৰাজত্ব কৰাৰ পিছত মোৱামৰীয়া বিদ্ৰোহীয়ে তলাতল কাৰেংঘৰটো জ্বলাই ভস্মীভূত কৰাত গৌৰীনাথ সিংহই ৰাজধানী যোৰহাটলৈ তুলি নিছিল৷ যোৰহাটৰ ৰাজধানীত আহোমৰ শেষৰজন ৰজা পুৰন্দৰ সিংহলৈকে শাসন কাৰ্য চলিছিল৷

এই সকলোবোৰ স্থায়ী আৰু অস্থায়ী ৰাজধানীত ৰাজকাৰেং আৰু হাউলি নিৰ্মাণ কৰা হৈছিল৷ তদুপৰি ৰজাসকলে বহু ঠাইত একাধিক বাহৰ পাতিছিল৷ ৰাজধানী, হাউলি আৰু বাহৰবোৰত অৱধাৰিতভাৱেই দুৱাৰ আছিল৷ ইয়াৰে গড়গাঁও আৰু ৰংপুৰ ৰাজধানীত নিৰ্মাণ কৰা কাৰেংঘৰকেইটা চাওফা ৰাজেশ্বৰ সিংহই পকীকৰণ কৰিছিল৷ এই পকী কাৰেংঘৰবোৰত ধাতুৰ দৰ্জা স্থাপন কৰা হৈছিল৷ বৰ্তমান সময়ত এই কাৰেংকেইটাত দুৱাৰৰ ঠাই দেখা গ’লেও ক’তো দৰ্জা দেখিবলৈ পোৱা নাযায়৷ ইয়াৰ কাৰণ হ’ল মূল্যবান ধাতুৰ দুৱাৰসমূহ মানুহে নি সাং কৰিছিল৷ এই পকী কাৰেংঘৰকেইটাত জাপ-দুৱাৰ আৰু দুপলীয়া দুৱাৰ আছিল৷ জাপ-দুৱাৰ ৰংপুৰৰ কাৰেংঘৰটোত থকাৰ বিপৰীতে দুয়োটা কাৰেংঘৰত একাধিক দুপলীয়া দুৱাৰ আছিল৷

উল্লেখযোগ্য যে বৰদোৱা সত্ৰত ৰাজেশ্বৰ সিংহই দিয়া এখন পিতলৰ দুৱাৰ আছে৷ দুৱাৰখনত এটা ড্ৰেগন খোদিত কৰি থোৱা হৈছে৷ গড়গাঁও আৰু ৰংপুৰৰ কাৰেংঘৰকেইটা ৰাজেশ্বৰ সিংহই পকীকৰণ কৰালৈ চাই বৰদোৱা সত্ৰৰ পিতলৰ দুৱাৰখনৰ নিচিনা দুৱাৰ এইকেইটা কাৰেংঘৰতো লগাইছিল বুলি ধাৰণা কৰিব পাৰি৷ প্ৰণিধানযোগ্য যে আহোম ৰজা লক্ষ্মী সিংহই শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ চালখন সম্পূৰ্ণকৈ তামেৰে পতা কৰি দিছিল৷ এই তথ্য আহোমৰ ‘চাংৰুং ফুকনৰ বুৰঞ্জী’ত উল্লেখ আছে৷ আনহাতে, কামাখ্যা মন্দিৰৰ তামৰ বাটচ’ৰাটো এতিয়াও দেখিবলৈ পোৱা যায়৷ এই বাটচ’ৰাটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল৷

এতিয়ালৈকে পোৱা তথ্য-প্ৰমাণৰ পৰা আহোম যুগৰ কাৰেঙৰ দুৱাৰবোৰ অতি অপূৰ্ব কাৰুকাৰ্যপূৰ্ণ আৰু পিতলৰ আছিল বুলি জানিব পৰা গৈছে৷ বুৰঞ্জীবিদ ভুবন চন্দ্ৰ সন্দিকৈৰ মতে, আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনত কাঁহ, পিতল আৰু তামৰ বাচন-বৰ্তন তিৰ্বত, চীন আদি দেশলৈ ৰপ্তানি কৰা হৈছিল৷ তদুপৰি ৰজাৰ কাৰেংঘৰৰ বেৰত পিতল, ৰূপ আৰু আদধতুৱা ধাতুৰ ডাঙৰ দাপোন লগোৱা হৈছিল৷ এই দাপোনবিলাকত বেলিৰ পোহৰ পৰি জকমকাই আছিল৷

উল্লেখযোগ্য যে আহোম ৰজাৰ ৰাজ-কাৰেংসমূহ পকীকৰণ কৰাৰ আগতে কাঠ-বাঁহৰ কাৰেংবোৰৰ বেৰত পিতলৰ দাপোন ব্যৱহাৰ কৰিছিল৷ ১৬৬২ খ্ৰিষ্টাব্দত মীৰজুমলাৰ লগত অহা ৰণ-কাকতি চিহাবুদ্দিন তালিচৰ ‘তাৰিখ-ই-আশ্বাম’ গ্ৰন্থত গড়গাঁৱৰ কাৰেঙৰ সন্দৰ্ভত এই বিষয়ে এনেদৰে উল্লেখ আছে : “ৰাজ-কাৰেঙৰ ধুনীয়া কাঠৰ বেৰ আৰু মূধচৰ অপূৰ্ব কাৰুকাৰ্য চালে চকুৰোৱা৷ এনে ধৰণৰ কাঠৰ বেৰত পিতলৰ দাপোন খটুওৱা হৈছিল৷ দাপোনবোৰ ঘঁহি চিক্‌চিকি্‌য়াকৈ ৰাখিছিল, য’ত বেলিৰ পোহৰ পৰাৰ লগে লগে চকু চাট্‌ মাৰি ধৰিছিল৷”

এইখিনি বিৱৰণৰ পৰাও বুজিব পৰা যায় যে ৰাজ-কাৰেঙত পিতলৰ দুৱাৰ লগোৱাটো সম্ভৱ; কাৰণ কাৰেঙৰ বেৰবোৰত ডাঙৰ ডাঙৰ পিতলৰ দাপোন লগাব পৰা প্ৰযুক্তিৰ প্ৰয়োগ হৈছিল৷ কিন্তু সেই সময়ত তাম এবিধ বিৰল পদাৰ্থ আছিল৷ তামৰ দুৱাৰ নিৰ্মাণ কৰিবলৈ প্ৰযুক্তি থাকিলেও পৰ্যাপ্ত কেঁচামালৰ অভাৱৰ কথাটো বিভিন্ন সূত্ৰসমূহে আঙুলিয়াই দিয়ে৷[1]

  1. বুঢ়াগোহাঁই,, নবীন, (২৬ মাৰ্চ). "কাৰেঙৰ দুৱাৰ". দৈনিক অসম খণ্ড ৫৮.