সদস্য বাৰ্তা:পূজা শইকীয়া
= বেণুধৰ শৰ্মাৰ নিৰ্বাচিত দুটা প্ৰৱন্ধৰ বিশ্লেষণ =
[সম্পাদনা কৰক]আধুনিক অসমীয়া গদ্য সাহিত্যৰ বুৰঞ্জীত বেণুধৰ শৰ্মাই এখন বিশেষ আসন অধিকাৰ কৰি আছে । তেওঁ প্ৰৱৰ্তন কৰা অসমীয়া গদ্যৰীতিক বেণুধৰী গদ্য বুলি নিঃসশয়ে ক'ব পাৰি । বেণুধৰ শৰ্মাৰ সাহিত্যৰ বিষয়বস্তু আৰু গদ্যৰীতিৰ মূলতে আছিল গভীৰ দেশপ্ৰেম । বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই যথেষ্টসংখ্যক প্ৰৱন্ধ ৰচনা কৰিছিল । তাৰে কিছুমান আহোমযুগ বিষয়ে , কিছুমান স্বাধীনতা সংগ্ৰামৰ বিষয়ে আৰু কিছুমান নৱনাস্য যুগৰ বিষয়ে । আৰু এই প্ৰৱন্ধসমূহ বিভিন্ন কাকত ,আলোচনীত প্ৰকাশ হৈছিল । বেণুধৰ শৰ্মাই লিখি থৈ যোৱা বুৰঞ্জীমূলক প্ৰৱন্ধসমূহ সংগ্ৰহ আৰু সম্পাদনা কৰি তাৰে ভিতৰত ৪৫ টা প্ৰৱন্ধ গোটাই লৈ তেখেতৰ দ্বিতীয় ৰচনাৱলী ‘বুৰঞ্জী সঁফুৰা’ গ্ৰন্থত প্ৰকাশ কৰে । ‘বুৰঞ্জী সঁফুৰা’ ত সংকলিত হোৱা দুটা উল্লেখযোগ্য প্ৰৱন্ধ হৈছে ‘অসম দেশ সোণৰ সঁফুৰা' আৰু ‘অসমীয়া সমাজ :সোতৰ শতিকাৰ’ । এই প্ৰৱন্ধ দুটা বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰা হৈছে ।
‘অসম দেশৰ সোণৰ সফুঁৰা’ এই প্ৰৱন্ধটোৰ প্ৰকাশ হৈছিল ১৯৫৩ চনত ‘মাতৃভূমি’ ১ বছৰ স্বাধীনতা সংখ্যাত । 'অসম দেশ সোণৰ দেশ ’ প্ৰৱন্ধটোত বেণুধৰ শৰ্মাই সপ্তদশ শতাব্দীৰ অসমখন কেনেকুৱা আছিল কি কি সম্পদ অসমত পোৱা গৈছিল , কেনেকৈ অসমত পোৱা সম্পদ সমূহ সমৃদ্ধিশালী কৰিব পাৰি , লগতে বৰ্তমান সময়ত বৈজ্ঞানিক পদ্ধতিৰে হেৰাই যোৱা বস্তুবোৰ উদ্ধাৰ কৰিব লাগে , লো, লোণ, কয়লা, সোণ ,পেট্ৰল আগতে ক'ত কেনেকৈ পোৱা গৈছিল সেই সম্পৰ্কে আভাস দাঙি ধৰিছে ।
ইংৰাজী সপ্তদশ শতাব্দীত মীৰজুমলাৰ লগত অহা জীন বেপ্টিষ্ট টেৱানীয়াৰে অসমৰ সমৃদ্ধি দেখি সেই সম্পৰ্কে কৈ গৈছিল যে অসমৰ দৰে এখন দেশ সমগ্ৰ এছিয়াতে নাই । সপ্তদশ শতাব্দীত অসমত নাই কি? লোণৰ আকৰ, সোণৰখনি,লোণৰপুং,ৰূপৰ পৰ্বত, আছিল । লগতে কৈছে যে সোণ বৰণীয়া মুগা আৰু ধকধকীয়া বগা পাটৰ পলু- সূতা কাপোৰ সকলো অসমতেই পায়। অসমৰ পৰুৱা-লা চীন, জাপানলৈকো গৈছিল। সেই লাৰে সেই দেশবোৰত আহিলা-পাতি, আসন- ভূষণ, পেৰা-পেটাৰি, মিনা কৰোৱা হয় । সপ্তদশ শতাব্দী আৰু আগৰ পাছৰ যুগটোত অসম দেশ । সকলোফালৰ পৰাই জয়- জয় ময় -ময় হৈ আছিল। সেইবাবে তেতিয়া ৰজা -প্ৰজা সকলোৱে অসমখনক নাম দিছিল “সুণীয়া সফুঁৰা অসম দেশ।” এনেকুৱা এখন দেশত একেদিনাই যুদ্ধত বাৰহেজাৰ অসমীয়া সেনাই মগলী তৰোৱালৰ আগত বুকু পাতি দিছিল । সেইসময়ত সৌমাৰপীঠৰ পৰা স্বৰ্গদেৱে যেতিয়া ৰত্নপীঠ কামপীঠৰ হিয়াজালী গুৱাহাটীখন নাযাওঁ বুলি কোৱাত অসমীয়া প্ৰজাই গুড়ি পৰুৱাৰ দৰে লাডু বান্ধি দেশৰ সন্মান সমৃদ্ধি ৰক্ষাৰ নিমিত্তে শত্ৰুৰ ছাউনীত জপিয়াই পৰিছিল । বেণুধৰ শৰ্মাই এই প্ৰৱন্ধটোৰ জৰিয়তে সপ্তদশ শতাব্দীত অসমীয়া মানুহে নিজৰ দেশখন ৰক্ষা কৰিবলৈ কিদৰে সকলোৱে ওলাই আহিছিল সেই সম্পৰ্কে এই প্ৰৱন্ধটোৰ জৰিয়তে আভাস দাঙি ধৰিছে । এতিয়া অৱশ্যে সেই দিন নাই । সময়ৰ লগত সকলো সলনি হ'ল । বেণুধৰ শৰ্মাই এই প্ৰৱন্ধটোৰ জৰিয়তে সেই সময়ত অসমখন যে আত্মনিৰ্ভৰশীল আছিল তাৰ আভাস দাঙি ধৰিছে । সেই সময়ত সকলো মানুহৰ অৰ্থাৎ ধনী দুখীয়া সকলোৰে মনত স্বদেশপ্ৰেম থকা বাবে নিজকে দেশৰ কাৰণে জলাঞ্জলি দিব পাৰিছিল । আৰু সেই অনুপ্ৰেৰণাৰ পৰাক্ৰম নিৰ্ভৰ কৰিছিল দেশৰ স্বনিৰ্ভৰশীলতা ওপৰত । অৰ্থাৎ সেই সময়ত ৰাষ্ট্ৰীয় স্বাধীনতা ৰক্ষা কৰিবলৈ অস্ত্ৰ- শস্ত্ৰৰ যি আহিলা আৰু সাধাৰণ জীৱন নিৰ্বাহ কৰিবলৈ যি বস্তুৰ আৱশ্যক হৈছিল সেই সকলোবোৰ অসমতেই উৎপন্ন হৈছিল । তেতিয়া টেৱানীয়াৰে উল্লেখ কৰা খনিজ বস্তুৰ বাহিৰেও এইবিলাক বস্তু ওচৰচুবুৰীয়া পৰ্বতীয়া জাতিৰ যোগেদি পোৱা গৈছিল । বৰখামতিৰ পৰা কেঁচা ৰূপ ; লামা দেশৰ পৰা কাৰঁৰ আগত দিয়া বিচা বিহ, বৰ বিহ আৰু কণী বিহ; চিংফৌৰ পৰা সীহ, তাম আৰু ৰূপ; মানদেশৰ পৰা জাংফাই ; গাৰোৰ পৰা দা; নগাৰ যাঠি ,মিৰিৰ পৰা জিম কাপোৰ , মেজাংকৰী ; খামতিৰ পৰা দা ; মিচিমি মজিঠা বা মাজাঠী ; আবৰ পৰা জিম , চূণ আৰু গন্ধকলাই । বেণুধৰ শৰ্মাই লগতে কৈছে যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত সম্বন্ধসূত্ৰ হোৱাৰ পৰা অসমত হোৱা বস্তুবোৰৰ ব্যৱহাৰ অসমীয়া মানুহে কৰিবলৈ এৰি দিলে । ফলত সেইবোৰ আপুৰুগীয়া বস্তুৰ আজিকালি নাম শুনিবলৈ নোহোৱা হ'ল। কিন্তু এতিয়া আকৌ সেই বস্তুবোৰ ঘূৰি আহিছে । এতিয়া সেইবোৰ বৈজ্ঞানিক উপায়েৰে উদ্ধাৰ কৰাটো অৱশ্যক আহি পৰিছে । সেই সম্পৰ্কে অসমীয়া মানুহক শুৱৰাই দিছে । বৰ্তমান যান্ত্ৰিক যুগ। এই যান্ত্ৰিক যুগত যন্ত্ৰৰ সহায় নললে প্ৰাচীন পদ্ধতি কেতিয়াও যে উন্নত কৰিব নোৱাৰি । যদি তেনে কৰা নহয় তেনেহলে বৈজ্ঞানিক জগতৰ লগত প্ৰতিদ্বন্দিতা কৰাটো যে অসম্ভৱ সেই সম্পৰ্কে তেওঁ উপদেশমূলক মন্তব্য আগবঢ়াইছে। লগতে বেণুধৰ শৰ্মাই কৈছে যে “আমাৰ দেশখন সমৃদ্ধিশালী কৰিবলৈ হ'লে সমৃদ্ধিৰ আকৰ ক'ত ক'ত আছে আৰু সেই সমৃদ্ধি আগৰ দিনত কেনেকৈ ব্যৱহাৰৰ উপযোগী কৰা হৈছিল তাৰ আতিগুৰি জানিব লাগিব ।”(বু.স পৃষ্ঠা ২১) বেণুধৰ শৰ্মাই এই প্ৰৱন্ধটোত লো ক'ত আৰু লোৱেৰে কি কি প্ৰস্তুত কৰিছিল সেই সম্পৰ্কেও
আভাস দাঙি ধৰিছে । সপ্তদশ শতাব্দীত ‘লো’ শিৱসাগৰ জিলাৰ দক্ষিণে থকা জয়পুৰৰ পৰা আৰম্ভ কৰি গাৰো হাটলৈকে এই গোটেই অঞ্চলতে পোৱা গৈছিল। আগৰ দিনত লোৱেৰেই হাতনলীয়া ৰামচাঙ্গী ,পহলঙ্গী ,গঠিয়া,জুমুৰ,মিঠাহোলোং, বাঘমৰা, টুবুকী,হাটীমূৰীয়া আদি হিলৈ ,বৰতোপ কৰা হৈছিল। তাৰ উপৰিও নিত্যনৈমিত্তিক ব্যৱহাৰত লগা সা-সজুলিও প্ৰস্তুত কৰা হৈছিল। বেণুধৰ শৰ্মাই লগতে উল্লেখ কৰিছে যে ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰাই আধুনিক ভূতত্ববিদসকলে কৃত্ৰিম লো তৈয়াৰ কৰিব পাৰিলেও দেশতে থকা খনিজ লো আৱিষ্কাৰ কৰা পুৰণি প্ৰণালীটোলৈ আওকাণটো কৰা উচিত নহ'ব ।
বেণুধৰ শৰ্মাই এই প্ৰৱন্ধটোত অসমত লো উলিওৱা পুৰণি নিয়ম আৰু লো পৰা কি কি প্ৰস্তুত কৰিছিল ,লোণ কেনেকৈ প্ৰস্তুত কৰা হৈছিল ,শীতাতেল বা পেট্ৰলিয়াম কেনেদৰে ওলিয়াইছিল , সোণ ক'ত কেনেকৈ পোৱা গৈছিল এই সম্পদসমূহৰ সম্পৰ্কে এটি আভাস দাঙি ধৰিছে এনেদৰে — লো উলিওৱা পুৰণি নিয়ম :— বাৰিষা ঢল উঠিলে দৈয়া নৈৰ বাঢ়নি পানীয়ে পৰ্বতৰ গাৰপৰা লোৱাচুৰ মিহলি খেচ-খেচীয়া মাটি খহাই আনি ঠায়ে ঠায়ে একো ডোখৰ ডাঙৰ ডাঙৰ চট বা বলুকা পেলায় । সেই চটবোৰ পাচত পলশে ছাটি ধৰে ;শুকাই টান মাৰিলে খৰালি দিনত লোণ শলীয়া মানুহে ঠাই বুজি বুজি ১০/১২ হাত দলৈকে খান্দি খেচ-খেচীয়া মাটি পোৱা যেন গম পালেই এটা ওজা আৰু পাঁচোটা পালীৰে একোটা জুম বান্ধি চাৰি পাঁচ দিন কাম কৰে । এনেদৰে সিহঁতে কাম কৰি দহ দিনৰ পাছত হেজাৰ মোৰ লোৱা মাটি খানি উলিয়ায় । খানি মাটিখিনি ইকৰা খৰিৰ জুই মাৰি পুৰে । পুৰি অঁতাই থালি এটাত সেইখিনি বহাই দিয়ে আৰু টানকৈ জুই মাৰিবলৈ ধৰে । জুইৰ তাৰ ভবেৰবোৰ ফেন কাঢ়ি ওলায় যায় । আৰু লো মিহলি মাটিখিনি লেটু- সেতু হৈ লদা বান্ধে । লৰণিৰে লৰাই কাঢ়নীৰে কাঢ়ি গোটা গোটা লো ডোখৰাবোৰ ধুৰমছ এডলেৰে খুন্দি নাইবা সাঁচত পেলাই দীঘল চেপেটা কৰি গঢ় লগায় । এই লোৰে নাঙলৰ ফাল ,গজাল, বৰশী ,বিন্ধনা , বালি , বাইছ, ঢেকীৰ গুল ,পুতলৰ কাঁইট আৰু হিলৈৰ শলা কৰি লৈছিল । আৰু ইয়াৰ পৰাই অসমীয়া কমাৰে কোৰ ,কুঠাৰ,ক্ষুৰ, তৰোৱাল, হিলৈ,বৰতোপ, তীখা আৰু ইস্পাত তৈয়াৰ কৰিছিল ।(বু.স পৃষ্ঠা ২২) আমি যেতিয়া পঢ়ো যে মীৰজুমলাই উলটি যাওঁতে অসমৰ পৰা ৬৭৫ টা হিলৈ ,৩৪৩ টান জম্বুৰ তোপ ,১২০০ৰমচাঙ্গী তোপ, ৬৫৭০টা হাতনলীয়া বন্দুক আৰু ১৮২৮ খন তৰোৱাল লৈ গৈছিল । তেতিয়া স্বাভাবিকতে মনলৈ প্ৰশ্ন আহে যে যিখন দেশত আজি বেছি এটাৰ কাৰণে বিদেশৰ ওচৰত হাত পাতিব লাগে সেইখন দেশৰ মানুহেনো তাহানিখন ইমানবোৰ অস্ত্ৰ - শস্ত্ৰ কেনেকৈ তৈয়াৰ কৰিছিল । ইয়াৰ পৰাই জানিব পাৰি যে আগৰ দিনত মানুহৰ কৰ্মপ্ৰতি আগ্ৰহ আছিল আৰু আত্মনিৰ্ভৰশীল হোৱাৰ বাবে নিজে সকলোবস্তু প্ৰস্তুত কৰিব পাৰিছিল । বৰ্তমান সময়ত মানুহৰ কৰ্ম প্ৰতি স্পৃহা লাহে হেৰাই যাবলৈ ধৰিছে ।
লোণ নগা পৰ্বতৰ দাঁতিত থকা বৰহাট আৰু নামচাং পৰ্বতৰ পৰা অঞ্চলত পোৱা গৈছিল । য'ত লোণ পোৱা নগৈছিল তাত কলখাৰ আৰু পুণিধাৰ ব্যৱহাৰ কৰা হৈছিল । ৰজাদিনত লোণপুঙৰ পৰা লোণ উলিয়াবলৈ শলাল গোহাঁইৰ ওপৰতেই ভাৰ দিয়া হৈছিল । লোণপুঙৰ লুনীয়া পানীখিনি বাঁহৰ চুঙাত ভৰাই আলীৰ বা ঘৰাৰ ওপৰত দি পগায় ।পগাওঁতে অলপ টান মাৰিলেই ওচৰতে থৈ দিয়া বাঁহৰ চুঙাত টান মাৰি লোণখিনি বাকী থয় । একেলগে এশটামান চুঙাত লোণখিনি সিজোৱা হয় । এশ ডেৰশ চুঙাৰ পানী সিজালে ২০/৩০ সেৰমান লোণ ওলায় ।(বু.স পৃষ্ঠা ২৩)
কেপ্তেইন ৱেলছৰ লগত অসমত ৰজাই সন্ধি কৰাৰ পাছৰ পৰাই অসমত পৃবালি লোণ ,ডুখৰীয়া লোণ , ওলাবলৈ ধৰিলে । তেতিয়াৰ পৰাই অসমীয়াই লোণ তৈয়াৰ কৰা দূৰৰে কথা ব্যৱহাৰ কৰাটোও অপমানজনকৰ চিন বুলি গণ্য কৰা হ'ল । বেণুধৰ শৰ্মাই লগতে কৈছে যে কি কি উপাদানেৰে লোণ তৈয়াৰ কৰিব পাৰি আৰু অসমতে থকা সেই উপাদানবোৰ কেনেকৈ বৈজ্ঞানিক উপায়েৰে লোকৰ ওপৰত আশা নকৰাকৈ ব্যৱহাৰত লগাব পাৰি সেই সম্পৰ্কে বুদ্ধিৰে দিহা পৰামৰ্শ লোৱাটো চিন্তাশীল ছাত্ৰৰ কৰ্তব্য বুলি মন্তব্য কৰিছে।
কেৰাচিন বা পেট্ৰলক অসমীয়া মানুহে শীতাতেল বুলি কৈছিল । এই তেল গোলাঘাটৰ শীতলীয়া আৰু শীতল নিঘেৰীত পোৱা গৈছিল । নগা পৰ্বতৰ নামনিতো সেই তেলৰ আকৰ আছিল । যেতিয়া তলৰপৰা তেল ওলাই বাৰিষা পানীৰ ওপৰত বিৰিঙি উঠে তেতিয়াই সেই ঠাই ডোখৰ চিনি থয় । আৰু খৰালি হ'লে তাকে খান্দি তলৰ পৰা তেলখিনি উলিয়ায় । সেই তেলৰ নাম মাটিতেল বা শীতাতেল ।(বু.স পৃষ্ঠা ২৩) কেৰাচিন বা পেট্ৰল নহ'লে বৰ্তমান সময়ত আজি সভ্য জগতত এটা খোজো চলাব নোৱাৰি । সভ্যতাৰ শীৰ্ষলৈ আমি যিমানেই গৈ আছোঁ সিমানেই শীতাতেলৰ আৱশ্যকতা এৰাব নোৱাৰা হৈ গৈছে । ‘সুণীয়া সফুঁৰা’ অসম দেশই ইয়াৰ গৃহস্থ ।
অসম নাগমাটি বা কয়লাৰো আগাৰ । কয়লাও শীতাতেলৰ দৰেই সভ্যতাৰ একান্ত আৱশ্যকীয় পদাৰ্থ ।
সোৱণশিৰি , দিছৈ, সোমদিৰী ,দীবং, ভৰলী, ধনশিৰি আদি প্ৰায় নৈতেই সোণ পোৱা যায় । সেই সোণ অতীজৰ অসমীয়া সোণোৱালেই কমাইছিল।
স্বৰ্গদেৱ জয়ধবজসিংহ দিনত (খৃঃ১৬৪৮- ১৬৬৩ লৈকে) কুৰি হেজাৰ পৰ্য্যন্ত অসমীয়া সোনোৱালৰ উপজিৱ্য আছিল এই সোণ কমোৱা ব্যৱসায়েই । বৃটিছে দেশ লোৱাৰ আগলৈকে অসমৰ নৈত বছৰি কমোৱা সোণ চাৰি হেজাৰ তোলাতকৈ কম নাছিল । নৈত উটি অহা বালি ধুবলৈ দুৰুলী ,লেহেতী, কৌপাত ,নাহৰ খাৰ ইত্যাদি সঁজুলিৰ আৱশ্যক হৈছিল । বালি ধুই সোণ উলিওৱা নিয়ম আজি কোনেও নাজানে কিন্তু সেই সোণ ক'ত ক'ত পায় তাক জনা উচিত ।(বু.স পৃষ্ঠা ২৪)
সোণধনে ধনী শস্য শ্যামলা অসমৰ ধৰিত্ৰীৰ বুকুত বিপুল অৰ্থ সম্পদৰ অনন্ত আকৰ তন্দাৱস্থাত তল পৰি আছে । বেণুধৰ শৰ্মাই অসমৰ ডেকা শক্তিয়ে সেই সম্পদৰ সজাল ধৰাব এই বুলি আশা পোষণ কৰি অসমৰ অৰ্থ সম্পদৰ সম্পৰ্কে এটি আভাস দাঙি ধৰিছে ।
বুৰঞ্জীৰ সত্য ঘটনাই বেণুধৰ শৰ্মাৰ সাহিত্যৰ মূল বিষয়বস্তু হ'লেও ৰচনাশৈলী বৈচিত্ৰ্যৰ বাবেই এইবোৰ অতি ৰসাল আৰু সৌন্দৰ্য্যপূণ । ঐতিহাসিক, সামাজিক তথ্যক সাহিত্যৰ ৰূপত উপস্থাপন কৰিব পৰাটো তেওঁৰ গদ্য ৰীতিৰ অন্যতম গুণ । ভাষাশৈলী আৰু প্ৰকাশভঙ্গীৰ বৈশিষ্ট্যই বেণুধৰ শৰ্মাৰ গদ্যক এনে এক সুকীয়া ৰূপ প্ৰদান কৰিছে যে তাক দূৰৰ পৰাই চিনি উলিয়াব পাৰি । শব্দচয়ন , বাক্যগঠন অলংকাৰ , লয় , জতুৱা ঠাঁচ , বৰ্ণনাশৈলী আদি সহযোগত বেণুধৰ শৰ্মাৰ গদ্যৰীতিয়ে এক বিশেষ ৰূপ লাভ কৰিছে । বেণুধৰ শৰ্মাৰ ‘ অসম দেশৰ সোণৰ সফুঁৰা’ এই প্ৰৱন্ধটোত শব্দচয়নৰ ক্ষেত্ৰত হেৰাই যাবলৈ ধৰা পুৰণি থলুৱা শব্দৰ উপৰিও অসমীয়া মানুহে সাধাৰণভাৱে কথা কওঁতে ব্যৱহাৰ কৰা কথিত শব্দ আৰু ঘৰুৱা শব্দৰো ব্যৱহাৰ কৰিছে । যেনে — লোণ ,তাহানিখন ,শীতাতেল ,নাগমাটি ,পেৰা-পেটাৰী, ডুখৰীয়া , আওকাণ,এশটামান হাতনলীয়া ,সেৰমান ইত্যাদি । সন্ধিযুক্ত শব্দ - তন্দ্ৰাৱস, যৎকিঞ্চিৎ, সন্ধি , সম্বন্ধসূত্ৰ ইত্যাদি । বেণুধৰ শৰ্মাই পৰিৱেশপযোগী কৰি সৰল , জটিল, চুটি , দীঘল,ভাববোধক, প্ৰশ্নবোধক আদি বিভিন্ন বাক্য ব্যৱহাৰ কৰিছে । বেণুধৰ শৰ্মাই এই প্ৰৱন্ধটোও দীঘল , চুটি, প্ৰশ্নবোধক বাক্য ব্যৱহাৰ কৰিছে । দীঘলবাক্য -‘ আমাৰ দেশখন সমৃদ্ধিশালী কৰিবলৈ হ'লে সমৃদ্ধিৰ আকৰ ক'ত ক'ত আছে আৰু সেই সমৃদ্ধি আগৰ দিনত কেনেকৈ ব্যৱহাৰৰ উপযোগী কৰা হৈছিল তাৰ উহ বা আতিগুৰি জানিব লাগিব ।’
চুটি বাক্য — “এতিয়া অৱশ্যে সেই দিন নাই”
“সোঁতত সকলো হৰিল”
প্ৰশ্নবোধক —“ যিখন দেশত আজি বেজী এটাৰ নিমিত্তে বিদেশৰ ওচৰত হাত পাতিব লাগে সেইখন দেশৰ মানুহনো তাহানিখন ইমানবোৰ অস্ত্ৰ - শস্ত্ৰ কেনেকৈ তৈয়াৰ কৰিছিল ? “অসমত নাই কি?"
বেণুধৰ শৰ্মাৰ গদ্যত মাজে মাজে লয় অনুভৱ কৰা হয় । নিজৰ উদ্দেশ্য পূৰণ হোৱাকৈ বক্তব্য বিষয় সুন্দৰ শ্ৰুতিমধুৰ আৰু পাঠকৰ হৃদয়গ্ৰাহী ৰূপত দাঙি ধৰিবলৈ যাওঁতে তেওঁৰ গদ্য কোনো কোনো ঠাইত লয়যুক্ত হয়। ‘অসম দেশৰ সোণৰ সঁফুৰা' এই প্ৰৱন্ধটোতও লয়যুক্ত বাক্য ব্যৱহাৰ কৰিছে । যেনে — ‘সৌমাৰপীঠৰ পৰা স্বৰ্গদেৱে যেতিয়াই মাত লগালে , ৰত্নপীঠ , কামপীঠৰ হিয়াজালী গুৱাহাটীখন ঈশ্বৰে আমাক দিছে,তাক এৰি আমি ক'ত মৰিমগৈ , তেতিয়াই অসমীয়া প্ৰজাই উৰি পৰুৱাৰ দৰে লাডু বান্ধিলে আৰু দেশৰ সমৃদ্ধি ৰক্ষাৰ নিমিত্তে শত্ৰু ছাউনীত জপিয়াই পৰিলগৈ '
বেণুধৰ শৰ্মাই ‘অসম দেশৰ সোণৰ সঁফুৰা' এই প্ৰৱন্ধটোৰ জৰিয়তে অসমখনত লোণৰ আকৰ , ৰূপৰ পৰ্বত ,সোণৰ খনিৰ পৰা আদি কৰি মুগা , পাটৰ কাপোৰ পৰা আদি কৰি সকলো ফালৰ পৰাই যে জয় জয় ময় ময় । অসমখন যে সকলোৰ ফালৰ পৰাই চহকী তাৰ আভাস দাঙি ধৰা হৈছে । লগতে লো ক'ত ক'ত পোৱা যায় , লো কেনেকৈ উলিয়ায়,লো পৰা কি কি প্ৰস্তুত কৰিব পাৰি ।আগতে অসমতে অস্ত্ৰ-শস্ত্ৰ নিজে তৈয়াৰ কৰিছিল। তাৰ বিষয়ে এটি ধাৰণা দিছে । ঠিক তেনেদৰে লোণ কেনেকৈ প্ৰস্তুত কৰা হয় ক'ত ক'ত লোণ পোৱা গৈছিল সেই সম্পৰ্কে আভাস দাঙি ধৰা লগতে বৈজ্ঞানিক উপায়েৰে লোণ প্ৰস্তুত কৰিবলৈ উপদেশ দিছে এই প্ৰৱন্ধটোৰ জৰিয়তে। আৰু পেট্ৰল কেনেকৈ উলিওৱা হয়, কেনেকুৱা মাটিৰ পৰা পেট্ৰল ওলায় তাক দাঙি ধৰে । সোণৰ সম্পৰ্কেও বৰ্ণনা দাঙি ধৰিছে। ক'ত কেনেকৈ সোণ পোৱা গৈছিল । মুঠৰ ওপৰত বেণুধৰ শৰ্মাই এই প্ৰৱন্ধটোৰ জৰিয়তে অসমৰ সম্পদসমূহৰ সম্পৰ্কে আভাস দাঙি ধৰিছে যাতে নতুন প্ৰজন্মই হেৰাই যাবলৈ ধৰা সেই সম্পদসমূহ বৈজ্ঞানিক পদ্ধতিৰে নতুন ধৰণেৰে উৎপাদন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। সোণধনে ধনী ‘শস্য শ্যামলা অসম’ ধৰিত্ৰীৰ বুকুত বিপুল অৰ্থ সম্পদৰ অনন্ত আকৰ তন্দ্ৰাৱস্তাত তল পৰি আছে। অসমৰ নতুন প্ৰজন্মই সেই সম্পদৰ সমৃদ্ধিশালী হোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে সেই আশা পোষণ কৰিয়ে অসমৰ সম্পদসমূহৰ সম্পৰ্কে এটি থূলমূল আভাস দাঙি ধৰিছে। লগতে সম্পদসমূহৰ সংৰক্ষণৰ সম্পৰ্কেও উপদেশমূলক মন্তব্য আগবঢ়াই থৈ গৈছে ।
বেণুধৰ শৰ্মাৰ আন এটা উল্লেখযোগ্য প্ৰৱন্ধ হৈছে ‘অসমীয়া সমাজ :সোতৰ শতিকাৰ ’ এই প্ৰৱন্ধ ১৯৭৬ চনত প্ৰকাশ পায় । এই প্ৰৱন্ধটোৰ জৰিয়তে বেণুধৰ শৰ্মাই সোতৰ শতিকাৰ সপ্তদশকৰ সময়ত অসমৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক অৱস্থা আৰু ব্যৱস্থা কেনেকুৱা আছিল তাৰ সম্যক আভাস দাঙি ধৰিছে । তেতিয়াৰ পৰা আজিলৈকে প্ৰায় সূদীঘ সময়ৰ ভিতৰত প্ৰাকৃতিক দুৰ্যোগ আৰু বিভিন্ন জাতিৰ লগত আদান প্ৰদান হোৱাৰ ফলত অসমখন সকলো ফালৰ পৰাই সলনি হৈছে। তাৰে কিছুমান সময়ৰ প্ৰভাৱত আৰু কিছুমান মানুহৰ ইচ্ছা আকাংক্ষাত ।
সেই সময়ছোৱালৈ যদি চোৱা হয় তেতিয়া প্ৰথমে চকুত পৰে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ আমোলালৈ । এই আমোলতে অসমত দুটা সভ্যতাৰ সংঘাত হয় । তেতিয়া পৰাই অসমীয়া সমাজৰ বান্ধনি লৰক ফৰক । ইয়াৰ মূল কাৰণ হ'ল মোগল সম্ৰাট ঔৰংজেৱৰ মিৰজুমলাৰ আক্ৰমণ । আৰু তেতিয়াৰ পৰাই অসমীয়া সমাজৰ জীৱনলৈ নানা পৰিবৰ্তন আহিল আৰু তেতিয়াই অসমীয়া সমাজে ইছলাম কৃষ্টিকো সামৰি লৈছিল । সেই সংকট কালতে অসমীয়া ভাষাৰ শব্দাৱলী সমৃদ্ধিশালী হ'ল ।
বেণুধৰ শৰ্মাই এই প্ৰৱন্ধটোৰ জৰিয়তে সেই সময়ৰ অসমীয়া সমাজ জীৱনৰ কেনেকুৱা আছিল। সেই সম্পৰ্কে আভাস দাঙি ধৰিছে । এনেধৰণে —
সোতৰ শতিকাৰ এই সময়ছোৱাত অসমীয়া নাৰী প্ৰকৃত দেশ প্ৰেমত কেনেকৈ তিতিবুৰি আছিল সেইকথা জয়ধ্বজ সিংহই দিল্লী বাদছাহলৈ দিয়া ৰমণী গাভৰুৰ চিঠিৰ পৰা আমি উপলদ্ধি কৰিব পাৰোঁ। আৰু সেই সময়ৰ অসমীয়া নাৰী আ-অলংকাৰ পাতি কেনেকুৱা আৰু কি কি আছিল সেই বিষয়ে স্বৰ্গদেৱে ৰমণী গাভৰুলৈ দিয়া উপহাৰবোৰৰ জৰিয়তে অলংকাৰবোৰৰ আভাস বেণুধৰ শৰ্মাই দাঙি ধৰিছে । সোণৰ কংকালি , সোণৰ ফুলি, সোণ খাৰু, সোণৰ আঙুঠি, সুৰমালা, ডিঙিৰ মণি ,হাতমণি, ইত্যাদি ।
সেই সময়ত খেতি-বাতি , বেপাৰ-বাণিজ্য আদি আৰ্থিক উন্নতি সম্পৰ্কীয় নীতি নিয়ম মোমাই তামুলী বৰবৰুৱাই পাতি থৈ যোৱা দৰে চলোৱা হৈছিল । “দেশৰ মানুহক বাছি উত্তম মাধ্যম প্ৰকৃত বুজি পাইকান, চমুৱা , কাড়ী, বিলতীয়া এই চাৰিবিধ কৰিলে। প্ৰথমে কাকতী , কটকী,দলৈ,দওধাই,মহন, বাইলুং , সভাপণ্ডিত, ইত্যাদি । ৯ বিধ চমুৱা কৰিলে । চমুৱা ফুকন পাইক আৰু মেলদগীয়া ফুকন বৰুৱা ভাগৰ যিখিনি মানুহ তাক পাইকান চমুৱা কৰিলে ।বৰুৱাকে আদি কৰি চ'ৰাৰ ফুকন ৰাজখোৱা এওঁলোকৰ অধীন মানুহখিনি কাড়ী পাইক কৰিলে । সেইখিনি মানুহৰ ভিতৰতে আপোন আপোন ভাগত শয়েক কৰি প্ৰভেদ কৰিলে আৰু মূল , দেৱাল, তেৱাল এই তিনিবিধৰ তিনিপোৱাক এক গোট কৰি প্ৰতি পোৱাই ৰাজঘৰত ৪ মাহকৈ খাটনিৰ নিবন্ধ কৰিলে । যদি এপোৱা পাইকেই বছেৰেক খাটে সি দুপোৱাই খটা পাইকটোৰ ঘৰৰ বন বাৰী খেতি-পথাৰ কৰি দিতাৰ গৃহস্থী ৰক্ষা কৰিব পায় ।”(বু.স পৃষ্ঠা ১৬৫) সেই সময়ত অসমৰ শস্য মৎস্য কেনেকুৱা তাৰ আভাস এটি ১৬৭৬ চনত ফৰাচী ভ্ৰমণকাৰী জন বেপ্টিষ্ট টেৱাণীয়ে লিখি থৈ যোৱা লিখাটো জৰিয়তে দাঙি ধৰিছে ।“ ‘অসম দেশ সুণীয় সঁফুৰা' মনুষ্য জীৱনত উপভোগ কৰিব পৰা সকলো বস্তু অসম আছে। এছিয়াৰ ভিতৰত এখনি উৎকৃষ্ট দেশ । ইয়াৰ মানুহে ওচৰ চুবুৰীয়া কোনো দেশৰ ওচৰত একো বস্তুৰ নিমিত্তে হাত পাতিব নালাগে । সোণৰখনি ,ৰূপৰ পৰ্বত ,শীতাতেল হিৰ আৰু লো খনিয়ে ভৰপূৰ হৈ আছে ।”(বু.স পৃষ্ঠা ১৬৬)
সোতৰ শতিকাত অসমীয়া মানুহৰ সাজপাৰ, মাজত নাৰী স্থান কেনেকুৱা তাকো বৰ্ণনা কৰিছে । খেতিয়কবিলাকে চুৰীয়া এডোখৰ আৰু গাত কাপোৰ এখন আৰু মুৰত গামোচা একোখন মেৰিয়াই থাকে । চোলা খুব কমসংখ্যকে ব্যৱহাৰ কৰিছিল তাকো ঘৰত থকা সময়হে । মাইকীবিলাকে কাণত জাংফাই,কেৰু আৰু বুকু ককালত ৰিহা -মেখেলা পিন্ধিছিল , কোনো কোনোৱে ৰিহা সলনি পাটনী আৰু মেখেলাৰ সলনি মেঠনি মাৰি ফুৰিছিল।কপালত সেন্দুৰৰ জুৰীয়া ফোঁট লৈছিল। বিয়া ,আই সবাহ,তিথি, জন্মাষ্টমী, সুবচনী সবাহ এইবিলাক উৎসৱত জীয়ৰী - বোৱাৰী সকলোৱে নাম গাইছিল । আৰু নাম দিয়া সকলক নামতী বুলিছিল । ঘৰৰ তিৰোতাসকলয়েই গৃহলক্ষমী ৰূপে নীতি-নিয়ম, সদাচাৰ, সৎকৰ্ম পালন কৰিব লাগিছিল ।
বেণুধৰ শৰ্মাই এই প্ৰৱন্ধটোৰ জৰিয়তে সোতৰ শতিকাৰ অসমীয়া সমাজৰ আৰ্থিক , ৰাজনৈতিক আৰু সামাজিক অৱস্থা কেনেকুৱা আছিল তাৰে সম্যক আভাস দাঙি ধৰিছে। যাতে এই প্ৰৱন্ধটোৰ জৰিয়তে নতুন প্ৰজন্মই সোতৰ শতিকাৰ অসমীয়া সমাজৰ বিষয়ে এটি ধাৰণা কৰি ল'ব পাৰে । বেণুধৰ শৰ্মাই এই প্ৰৱন্ধটোত শব্দচয়নৰ ক্ষেত্ৰত হেৰাই যাবলৈ ধৰা পুৰণি থলুৱা শব্দৰ উপৰিও অসমীয়া মানুহে সাধাৰণভাৱে কথা কওঁতে ব্যৱহাৰ কৰা কথিত শব্দ আৰু ঘৰুৱা শব্দৰো ব্যৱহাৰ কৰিছে । যেনে — গণ্ডা, কেৰু মণি, একুৰিমান এডোখৰ , চৈধ্যটা, শীতাতেল ইত্যাদি।
ঠিক তেনেদৰে সন্ধিযুক্ত বাক্যও ব্যৱহাৰ কৰিছে ।যেনে - জন্মাষ্টমী ,সন্ধি আদি ।
বেণুধৰ শৰ্মাই তেওঁৰ গদ্যত পৰিৱেশপযোগী কৰি সৰল , জটিল, চুটি , দীঘল,ভাববোধক, প্ৰশ্নবোধক আদি বিভিন্ন বাক্য ব্যৱহাৰ কৰিছে । বেণুধৰ শৰ্মাই এই প্ৰৱন্ধটোও দীঘলবাক্য , চুটিবাক্য, ব্যৱহাৰ কৰিছে। দীঘলবাক্য -‘ যি দেশ বিস্তীৰ্ণ সমৃদ্ধিশালী দুৰ্ভেদ্য, আপদ -বিপদেৰে পৰিপূৰ্ণ য'ৰ আলি -পদূলি বাধা বিঘিনিৰে ভৰা —যি দেশ জয় কৰিবলৈ গ'লে অসংখ্য বিপদে জুমুৰি ধৰেহি য'ৰ মানুহবো মৰ সাহসী ,নিভীক — য'ত অগণন বনুৱা বোৰ ৰাণ কৰিবলৈ উৎকণ্ঠিত হৈ থাকে —য'ৰ মানুহে আঁৰৰ পৰা শত্ৰু আক্ৰমণ কৰিব পাৰে — যি দেশৰ আকাশলংঘা সুৰক্ষিত থোৱা সমলেৰে পৰিপূৰ্ণ হৈ আছে — য'ত সাঁচি থোৱা বস্তুবোৰ নি অন্ত কৰিবলৈ হ'লে বহুত দিন লাগে — সেইখন দেশত যে ইছলাম ধৰ্মৰ বিজয় ধবজা পোৱা হ'ব ভাবিলে সঁচাকৈয়ে স্তম্ভিত হ'ব লাগে।”
চুটি বাক্য — ‘তেওঁ ইয়াত এবছৰ থাকিল' ‘আচলতে দিঠক হ'লেও অতিৰঞ্জিত' ইত্যাদি ।
বেণুধৰ শৰ্মাই ‘অসম দেশ সোণৰ সঁফুৰা' আৰু 'অসমীয়া সমাজ: সোতৰ শতিকাত ' এই প্ৰৱন্ধ দুটা। জৰিয়তে অসমৰ সম্পদসমূহৰ আভাস দাঙি ধৰা লগতে সেইবোৰ বৈজ্ঞানিক পদ্ধতিৰে নতুন ধৰণেৰে উদ্ভাৱন কৰিবলৈ মন্তব্য আগবঢ়াইছে আৰু লগতে সোতৰ শতিকাৰ অসমীয়া সমাজৰ আৰ্থিক ৰাজনৈতিক আৰু সামাজিক অৱস্থা কেনেকুৱা আছিল সেই সম্পৰ্কে আভাস দাঙি ধৰিছে । যাতে নতুন প্ৰজন্মই । তাৰ পৰা উপকৃত হ'ব পাৰে ।