সমললৈ যাওক

সদস্য বাৰ্তা:বুবু দাস

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 11 দিন পূৰ্বে by বুবু দাস in topic ফুটপাথৰ স্বপ্ন

AdoroniBot (বাৰ্তা) 13:24, 26 October 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

ডুখৰীয়া স্মৃতি

[সম্পাদনা কৰক]

@ বুবু দাস (বাৰ্তা) 12:34, 11 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

                         ডুখৰীয়া স্মৃতি
কাকো নোসোধাকৈ, নেদেখাকৈয়ে বৈ যায় নদীখন
গৈ গৈ কেকুৰীয়েদি আলিমুৰ হৈ
কাষৰ বকুলজোপা খহায়
কেতিয়াবা বলুকা পাতে
কেতিয়াবা ৰৈ ৰৈ মূৰ ডাঙি জুমি জুমি সাথঁৰ ভাঙে
সেই সলসলীয়া, স্পষ্ট, ৰসাল কথাবোৰ মলঙি তলসৰে
কথাবোৰ যেন আকাশৰ জোনটিলৈ চাই শুনি থকা আইতামুখৰ সুধা
বুকুখনত কিবা এটাই হেচা দিয়ে
জীৱন এনেকুৱাই
অবিৰাম চলিত কণ্টকী পথৰ এক যাত্ৰা
সহযাত্ৰী আমিবোৰ... বুবু দাস (বাৰ্তা) 12:37, 11 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

ইতিহাসে গৰকা পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় মাধ্যমিক বিদ্যালয় আৰু ভৱিষ্যৎ সম্ভাৱনা

[সম্পাদনা কৰক]

     ইতিহাসত এক জীৱন্ত দলিল সময় l সময়ৰ দুপাখিত ধৰি ইতিহাসে পোখা মেলে, সেই পোখা এদিন ডালে পাতে বিকশিত হৈ জাতিষ্কাৰ হৈ পৰে l  বসন্তৰ কোমল পৰশত গছে বৰণ সলাই, শৰতে যৌৱনোদ্দীপ্তা শেৱালীক ন কইনাৰ নৱ ৰূপেৰে উদ্ভাসিত কৰাই তোলে l তদনুৰূপ সময়ৰ অবিৰত যাত্ৰাত ১৯৬৬ চনৰপৰা পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চামে চামে জ্ঞানবৃক্ষৰ নিকুঞ্জত ভাগৰুৱা পথিকক অমৃত ছাঁ প্ৰদান কৰি আহিছে l এই জ্ঞানগৰ্ভা অমৃত পান কৰি হেজাৰজনৰ আত্মাক মহীয়ান কৰি তুলিছে l বিদ্যালয়ৰ ইতিহাস ৰোমন্থন কৰিলে এই বটবৃক্ষৰ পাতে পাতে এনে জাতিষ্মৰ,বিদ্বান তথা অনেক মানৱ দৰদী লোকৰ কথাই মনলৈ আহে l বানপানীকে প্ৰমুখ্য কৰি সময়ে সময়ে হোৱা প্ৰাকৃতিক দুৰ্যোগে প্ৰীড়িত যিটো অঞ্চলত  সত্তৰ দশকতে এখন বিদ্যালয় প্ৰতিষ্ঠাৰ বাবে ৰাইজ সদলবলে ওলাই আহিছিল l দিনৰ দিনটো কপালৰ ঘাম মাটিত পেলাই বাঁহ,বেত,খেৰ,কাঠ ইত্যাদিৰে বিদ্যালয় গৃহনিৰ্মাণ কৰি অঞ্চলটিৰ ভৱিষ্যৎ সম্ভাৱনাৰ বাট মোকলাই দিছিল l

      সময় বাগৰাৰ লগে লগে বিদ্যাল়য়খনি অঞ্চলৰ বাবে শিৰৰ মণিকূট হৈ পৰিল । আৰম্ভণিৰ সময়ছোৱাত শিক্ষকৰ বাবে সমস্যাৰ সৃষ্টি হৈছিল যদিও পিছলৈ ইয়াৰ সমাধান কৰিছিল অঞ্চলবাসীয়ে । মূল প্ৰবেশদ্বাৰত উপস্থিত হ’লেই শ্ৰবণেন্দ্ৰিয়ত ঘনীভূত হৈছিল পক্ষীৰ অজস্ৰ কলৰৱ । ভোমোৰা,মৌ মাখি ইত্যাদিৰ গুঞ্জনে চৌফালে মুখৰিত কৰিছিল । সেই সময়ত গুৰুগম্ভীৰ খোজে চাইকেল চলাই আগমন হয় স্বৰ্গীয় হৰেন বৰুৱা ছাৰৰ । ছাৰ অহাৰ জাননী পাই ছাত্ৰ ছাত্ৰীৰ মাজত খন্তেক গুজৰৱ চলাৰ পাছত বিদ্যালয়ৰ উগ্ৰ কোলাহলৰ মাত্ৰা হ্ৰাস পায় কেউফালে নিৰ্জন হৈ পৰে । গুৰু শিষ্যৰ অপূৰ্ব মিলনত অনাগত ভৱিষ্যতে প্ৰান পাই।

        বিদ্যালয়ৰ সম্প্ৰতি বত্ৰিশ গৰাকী শিক্ষক (Teaching) আৰু আঠ গৰাকী কাৰ্যালয় সহায়কৰে পৰিবেষ্টিত শৈক্ষিক পৰিবেশ মনোমোহা । উচ্চ শিক্ষাৰ অনুকূল বাতাবৰণৰ মাজেদি ভৱিষ্যতৰ অনেক সম্ভৱনা উলিয়াই দিয়াত বিদ্যালয়ৰ শিক্ষক সকল বদ্ধপৰিকৰ । পাঁচৰপৰা সাত কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ গাওঁসমূহৰ লোকসকলৰ ফচল স্বৰূপ জ্ঞান মন্দিৰটিৰ অনেক সম্ভাৱনাময় ভৱিষ্যত জাতিষ্কাৰ হৈ বৰ্তমান ভাৰতৰ চুকে কোনে সিঁচৰতি হৈ আছে । এই কৰ্মস্থলীৰ সোণসেৰীয়া ইতিহাসত অনাগত দিনবোৰত সামগ্ৰিক বাতাবৰণ অধিক উজ্জ্বল কৰি তুলিব পৰাকৈ শিক্ষক , শিক্ষাৰ্থী আৰু অভিভাৱকৰ ত্ৰিকোণ মহামিলন ইতিবাচক । এই ত্ৰিকোণত সিংহভাগ লাভ কৰে অনুষ্ঠানৰ পৰিচালকস্বৰূপ প্ৰধানজনে । বিদ্যাল়সমূহত সম্প্ৰতি কলাসুলভ শিক্ষণ বিষয়টি বিভাগীয় এক মাইলৰ খুঁটিত পৰিণত হৈছে । শৈক্ষিক নীতিৰ প্ৰায়োগিক ক্ষেত্ৰত, বিদ্যায়তনিকৰ লগতে সহ বিদ্যায়তনিক দিশৰ পদ্ধতিগত তথা কাৰিকৰী কলাসুলভ জ্ঞান অতীৱ প্ৰয়োজন । এই ক্ষেত্ৰত নৱ প্ৰজন্মৰ শিক্ষকসকল কৃত্ৰিম বুদ্ধিমত্তা (Artificial intelligence) ৰ লগত বেছি পৰিচিত । তেওঁলোকৰ ওপৰত সমাজখনৰ পূৰ্ণ আশা আছে আৰু সেই আশাক সাকাৰ ৰূপ প্ৰদান কৰি বৰ্হিবিশ্বৰ লগত সমানে সমানে খোজ পেলাই তাক বিশ্বমুখী কৰি তোলাটো আমাৰ সকলোৰে ওপৰত দায়িত্ব আহি পৰিছে ।

                        ~2025-41249-78 (talk) 16:28, 16 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

ফুটপাথৰ স্বপ্ন

[সম্পাদনা কৰক]

ফুটপাঠৰ ঢেকুৰা কুকুৰকেইটাই কামুৰি থকা লেকেটা চামৰা সদৃশ শুকান ৰুটিৰ টুকুৰা কেইটা চেলেকে, সিহঁতৰ মুখৰ ভিতৰৰ তেজমিশ্ৰিত লেলাউটি বাগৰে

এটা সময়ত বগা মুখমণ্ডল তেজগোৰা দুস্বপ্ন কৰাল গ্ৰাসত জীৱৰ কিৰিলি । মিথ্যা জগতৰ নিনাদত হেজাৰ প্ৰেতাত্মা সাৰ পাই

  সিহঁতৰ কিলকিলনি, চাতি ফুটি যোৱা চিৎকাৰে লহপহকৈ বাঢ়ি আহে
কলিৰ স্বপ্নবোৰ দুঃস্বপ্নৰ কংক্ৰিটৰ দেৱালত অৱৰুদ্ধ ,

একলা দুকলাকৈ বাঢ়ি অহা তাৰ শিপাই ৰসাতলৰ দুৱৰীৰ সৈতে হোৱা তৰ্কই চূডান্ত সীমা চেৰাই সেই নিনাদৰ উত্তাল তৰঙ্গ গলি গলি গৈ থাকে ক্ৰমে তাৰ বুকুখন ক্ৰমে সাগৰ হৈ পৰে

শান্ত সমাহিত  ফুটপাথৰ স্বপ্নবোৰ বুবু দাস (বাৰ্তা) 13:47, 3 April 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক