সদস্য বাৰ্তা:ভাগ্যশ্ৰী দত্ত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

AdoroniBot (বাৰ্তা) 05:45, 23 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আঙঠি লোকোৱা খেল[সম্পাদনা কৰক]

অসমীয়া বিবাহ অনুষ্ঠানত এটি এৰাব নোৱাৰা খেল হ'ল আঙঠি লুকুৱা খেল। অতি আমোদজনক খেল হিচাপে বিয়াৰ দিনা দৰা-কইনা উভয়ৰে ঘৰতে এই খেলবিধ গণ্য কৰা হৈ আহিছে।বিৱাহৰ অন্তত কইনা ঘৰত দৰা-কইনাক ঘৰত বহুৱাই কইনাৰ ভনীয়েক -মাহীয়েক-ভতিজা ছোৱালীহঁতে এই খেল পাতে। এটা খৰাহী বা দুণিত চাউল ভৰাই লৈ দৰা-কইনা দুয়োৰে দুটা আঙঠি চাউলৰ মাজত ভৰাই দিয়া হয়। দৰাই লুকুৱালে কইনাক আৰু কইনাই লুকুৱালে দৰাক চাউলৰ মাজত আঙঠি বিচাৰিবলৈ দিয়া হয়। আঙঠি লুকুৱা খেলৰ অৰ্থ হ'ল "গাৰ্হস্হ্য জীৱনত ঘৰুৱা সা-সম্পত্তি বা ধন বিতৰ একোটা অংশ লুকুৱাই ৰাখি ঘৰুৱা জীৱনটো স্বচ্ছল কৰি ৰখাটো"। দৰা-কইনা দুয়োয়ে আঙঠি লুকুৱাই ঘৰুৱা জীৱনত সুখ-শান্তি অনাৰ লগতে সম্পত্তিৰ ওপৰতো লক্ষ্য ৰাখে। কইনা ঘৰৰ দৰে দৰা ঘৰতো ন-কইনা ঘৰ সোমোৱাৰ পিছত এই খেল চলে। অসমীয়া বিবাহ অনুষ্ঠানত এই খেল অতি আমোদজনক।এই আঙঠি লুকুৱা খেলৰ মাজেৰে দাম্পত্য জীৱনৰ সুখ-শান্তি আৰু স্বচ্ছল পাৰিবাৰিক জীৱনৰ কামনা কৰা হয়।এই অনুষ্ঠান চলি থাকোঁতে দৰা ঘৰে কইনাঘৰক আৰু কইনা ঘৰে দৰা ঘৰক লৈ নানান ৰগৰ কৰা দেখা যায়। কেতিয়াবা ৰগৰৰ মাত্ৰা চৰি গৈ দুয়োপক্ষৰ মাজত কাজিয়াৰো সূত্ৰপাত হয়। তথাপি প্ৰাচীন কালৰেপৰা এই খেল আমাৰ সমাজত চলি আছে।ই কোনো বৈদিক বা শাস্ত্ৰ সন্মত অনুষ্ঠান নহয়।বৰং ইয়াক এটা স্ত্ৰী লোকাচাৰ বুলিহে ক'ব পাৰি। আঙঠি লুকুৱা খেলৰ অন্তত দৰাই কইনাক আঙঠিটো পিন্ধাই দিয়ে আৰু কইনাই সেৱা জনাই দৰাক আঙুঠিটো ঘূৰাই দিয়ে। কোনো কোনো ঠাইত আজি-কালি ইয়াৰ লগতে দৰা-কইনাক হাতেৰে তামোল বা নাৰিকল ফালিবলৈও দিয়া হয়। তথ্য সংগ্ৰহ -দাস নাৰায়ণ, ৰাজবংশী পৰমানন্দ (সম্পাদনা) পৃষ্ঠা নং-৮৩,৮৪ অসমৰ সংস্কৃতি -কোষ জ্যোতি প্ৰকাশন । পানবজাৰ,গুৱাহাটী-১

ভাগ্যশ্ৰী দত্ত (বাৰ্তা) 16:04, 2 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰ্বি সকলৰ সাজপাৰ[সম্পাদনা কৰক]

কাৰ্বি পুৰুষ-মহিলা সকলে পৰিধান কৰা সাজ-পাৰ সমূহ সৰল হ'লেও বৈশিষ্ট্যপূৰ্ণ। পুৰুষসকলে সাধাৰণতে গাত "চই হংখৰ" আৰু "চয় আপং" নামৰ চোলা,প'হনামৰ "পাগুৰি "আৰু "ধুতি" পৰিধান কৰা দেখা যায়। তিৰোতাসকলে কঁকালৰ পৰা ভৰিৰ কলাফুলৰ ওপৰত পৰাকৈ "পিনি" নামৰ ক'লা মেখেলা পিন্ধে। এইখনি মেখেলা আহি পাজাংৰে,আফিদপ,আচান্তক কিজক,হনকি ৰানচম প্ৰভৃতি ভিন্ন চানেকিৰে বোৱা হয়। মেখেলা খনক ৱামকক নামেৰে সৰু টঙালি এখনেৰে কঁকালত বান্ধি লোৱাটো উল্লেখযোগ্য।আগৰ দিনত কাৰ্বি মহিলাসকলে বুকুত জিছ'চেপেৰ অৰ্থাৎ মেথনি মাৰিছিল। গাত মেৰাই লৈছিল ৰং-বিৰঙৰ সূতাৰে বোৱা পোছেলং আৰু পেকক। তেওঁলোকে কটাৰী এখন চুই নামৰ সৰু মোনা এখনিত ভৰাই লৈ ফুৰাটো এটা অংগৰাগ ৰূপে গণ্য কৰে।

তথ্য সংগ্ৰহ -দাস নাৰায়ণ,ৰাজবংশী পৰমানন্দ (সম্পাদনা) অসমৰ সংস্কৃতি -কোষ , পৃষ্ঠা নং-১৩৬

 জ্যোতি প্ৰকাশন পানবজাৰ,গুৱাহাটী-১ভাগ্যশ্ৰী দত্ত (বাৰ্তা) 20:18, 2 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অপৰাজিতা পূজা[সম্পাদনা কৰক]

অপৰাজিতা পূজা

অপৰাজিতা দেৱী দুৰ্গাৰ এটা নাম (কুৰ্ম পুৰাণ)। অপৰাজিতা হ'ল এবিধ ঔষধিযুক্ত লতাৰো নাম । আজিও শাৰদীয় দুৰ্গাপূজাৰ দশমী তিথিৰ দিনা দেৱীক বিসৰ্জন দিয়াৰ ঠিক পিছতে ঈশান কোণত অষ্টাদশ বিশিষ্ট পদুম আঁকি লৈ তাৰ ওপৰত এডাল অপৰাজিতা লতা ৰাখি অপৰাজিতা পূজা কৰাৰ পদ্ধতি অব্যাহত আছে।অপৰাজিতা দেৱীৰ নীলপদ্মৰ পাপৰিৰ দৰে শ্যাম বৰ্মা,সৰ্প অলংকাৰেৰে উজ্বলা। মূৰ-চন্দ্ৰ কলা শোভিতা,ত্ৰিনয়ন সমন্বিতা,শংখ-চক্ৰ তাৰিণী, বৰদান আৰু অভয় দাত্ৰী পীনোন্মত পয়োধৰা, শ্যামা আৰু পদ্মমালা ভূষিতা। এই মূৰ্তিৰ ৰূপ কল্পনাত বিষ্ণু-মায়া লক্ষ্মী আৰু শিৱ শক্তি শিৱানীৰ ৰূপ বৈচিত্ৰ্য সান-মিহলি হৈ পৰা বুলিব পাৰি। অপৰাজিতাদেৱীৰ নামেৰে লতা জাতীয় অপৰাজিতা নামৰ সাদৃশ্যৰ ভেটিত অপৰাজিতা লতাই পূজাৰ স্হান পোৱা বুলি কোনো কোনোৱে মন্তব্য আগবঢ়ায়। আনহাতে তান্ত্ৰিক পদ্ধতিত যোনিৰূপা অপৰাজিতাৰ বুকুত লিংগৰূপী কৰবীৰ স্হাপনাৰে এই পূজা ভাগ সম্পন্ন কৰাটো উল্লেখযোগ্য। তথ্য সংগ্ৰহ -দাস নাৰায়ণ,ৰাজবংশী পৰমানন্দ (সম্পাদনা) পৃষ্ঠা নং-৪ অসমৰ সংস্কৃতি -কোষ জ্যোতি প্ৰকাশন,পানবজাৰ,গুৱাহাটী -১ ভাগ্যশ্ৰী দত্ত (বাৰ্তা) 20:23, 2 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]