সদস্য বাৰ্তা:Dr. Sisir Kumar Rajbongshi

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

কাঠৰ হিচাপ[সম্পাদনা কৰক]

কাঠৰ হিচাপ

কাঠ জোখা ইউনিট হ'ল কেবি (KB)। KB ৰ Full Form হ'ল- Kilobar (কিলোবাৰ)। মাটিৰ হিচাপৰ দৰে কাঠৰ হিচাপ জনাটোও খুবেই দৰকাৰী। আমি যদি দোকানত কাঠ কিনিব যাওঁ‌ কি হিচাপত কিনিম? যদি কাঠৰ পইচা দিওঁ‌, কিহৰ হিচাপত দিম? এই সকলোবোৰ আমি আলোচনা কৰাৰ চেষ্টা কৰিম। কাঠ এডাল ত্ৰিমাত্ৰিক (three dimension)। চিত্ৰত দিয়াৰ দৰে সেই তিনিটা অংশ হ'ল- কাঠডালৰ দৈৰ্ঘ্য(length), কাঠডালৰ প্ৰস্থ(breadth)আৰু কাঠডালৰ উচ্চতা (height)। প্ৰস্থ আৰু উচ্চতা সদায় ইঞ্চিত থাকে আৰু দৈৰ্ঘ্য সাধাৰণতে ফুটত ধৰা হল।এতিয়া আহক কাঠৰ জোখ কেবি কেনেকৈ উলিওৱা হয়-

নিয়মঃ যদি কাঠডালৰ দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা পূৰণ কৰিলে 144 পোৱা যায় তেতিয়া হলে কাঠডাল 1 কেবিৰ হব। তাৰমানে 1 কেবি=দৈৰ্ঘ্য(ফুট)×প্ৰস্থ(ইঞ্চি)×উচ্চতা(ইঞ্চি)=144 144 তকৈ বেচি হোৱা মানে 1 কেবিতকৈ বেচি, কম মানে 1 কেবিতকৈ কম।

উদাহৰণস্বৰূপে 2 ইঞ্চি প্ৰস্থ, 3 ইঞ্চি উচ্চতা (2 by 3) আৰু 24 ফুট দৈৰ্ঘ্যৰ কাঠএডাল 1 কেবিৰ হ'ব।( কাৰণ, 2×3×24=144)।তেনেকুৱা 20 ডাল কাঠৰ জোখ 20 কেবি হ'ব।।।

তেনেকৈ 4 ইঞ্চি প্ৰস্থ, 4 ইঞ্চি উচ্চতা (4 by 4) আৰু 9 ফুটৰ কাঠএডালো 1 কেবিৰ হ'ব।( কাৰণ, 4×4×9=144)।

ঠিক একেদৰে আমি যদি তক্তা এখন লও যিখনৰ 2 ইঞ্চি প্ৰস্থ, 12 ইঞ্চি উচ্চতা (2 by 12) আৰু 6 ফুট দৈৰ্ঘ্য। তেতিয়া তক্তাখনও 1 কেবিৰ হ'ব।( কাৰণ, 2×12×6=144)।

আমি কৈছো যে কাঠডালৰ দৈৰ্ঘ্য ফুটত থাকে। আমি ফুটক ইঞ্চিলৈ নিও হিচাপটো কৰিব পাৰো।আমি জানো যে- 1ফুট=12 ইঞ্চি 12 ফুট=144 ইঞ্চি গতিকে, 1কেবি=12×144=1728 ইঞ্চি। তাৰমানে 1 কেবি কাঠ হ'বলৈ 1728 (ইঞ্চি×ইঞ্চি×ইঞ্চি) হবই লাগিবই। দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা যিকোনো হব পাৰে কিন্তু তিনিওটা পূৰণ কৰিলে 1728 হবই লাগিব।

উদাহৰণস্বৰূপে 2 ইঞ্চি প্ৰস্থ, 3 ইঞ্চি উচ্চতা (2 by 3) আৰু 24 ফুট( বা 24×12=288 ইঞ্চি) দৈৰ্ঘ্যৰ কাঠএডাল 1 কেবিৰ হ'ব।( কাৰণ, 2×3×288=1728 ইঞ্চি×ইঞ্চি×ইঞ্চি)।

প্ৰশ্নঃ যদি কাঠ এডাল 4 ইঞ্চি প্ৰস্থৰ, 7 ইঞ্চি উচ্চতাৰ (4 by 7) আৰু 24 ফুট দৈৰ্ঘ্যৰ হয়, কাঠএডাল কিমান কেবিৰ হ'ব???? উত্তৰঃ দৈৰ্ঘ্য(ফুট)×প্ৰস্থ(ইঞ্চি)×উচ্চতা(ইঞ্চি)=4×7×24=672. এতিয়া 672÷144=4.67 কেবি।।

আজিৰ দিনত এক কেবি শাল কাঠৰ দাম প্ৰায় 1500 টকা। চেগুনৰ দাম প্ৰায় 1000 টকা। যদি আমাক 50 কেবি চেগুন কাঠ লাগে 50 ৰে 1000 ক পূৰণ কৰি দিলেই হ'ল।

ড° শিশিৰ কুমাৰ ৰাজবংশী ফোন নংঃ 9707721185 Dr. Sisir Kumar Rajbongshi (talk) 01:45, 28 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মাটিৰ হিচাপ[সম্পাদনা কৰক]

মাটিৰ হিচাপ

মাটিৰ হিচাপ জনাতো অতিকৈ দৰকাৰী। সোণৰ দাম উঠা নমা হৈ থাকে। কিন্তু মাটিৰ দাম সদায় বাঢ়ি গৈ থাকে। কোনোদিন নকমে। আজিকালি মাটিৰ লেন দেন বহুত হয়।সকলোৱে মাটিৰ হিচাপ জানিব লাগে। বহুতেই মাটি-বাৰী সম্পৰ্কীয় লেঠাত সোমাবলৈ ইচ্ছা নকৰে ৷ কিন্তু কেতিয়াবা কোনোবা এদিনতো ইয়াৰ মুখামুখি হবই লাগিব ৷ গতিকে থোৰতে মাটিৰ জোখৰ হিচাপটো আলোচনা কৰো আহক ৷ জনাবোৰে নপঢ়িলেও হ’ব ৷

পুৰণি বা বৃটিছ পদ্ধতি- চৰকাৰীভাৱে এইটো পদ্ধতি অচল যদিও আমাৰ মাজত আজিও ই জনপ্ৰিয় পদ্ধতি।এই নিয়মমতে- 12 ফুট=1 নল ১৪৪ বৰ্গফুট = এক লেচা মাটি=1নল×1নল (মানে 12 ফুট×12 ফুট বা 6ফুট×24ফুট ইত্যাদি) 20 লেচা=1 কঠা=20×144=2880 বৰ্গফুট, 100 লেচা=5 কঠা=1বিঘা=100×144=14400 বৰ্গফুট, গতিকে, 1বিঘা=14400 বৰ্গফুট, আকৌ 4 বিঘা=1পুৰা=4×14400=57600 বৰ্গফুট, এক একৰ= 3 বিঘা 2.5 লেচা, এক হেক্টৰ=107639.1042 বৰ্গফুট।।। হিচাপবোৰ ফুটত কৰা গৈছে যদিও বৰ্গমিটাৰতো নিব পাৰি। মনত ৰাখিলে হ'ল এক ফুট=0.3048 মিটাৰ।

উদাহৰণঃ ধৰাহ'ল এডোখৰ মাটিৰ পূবদিশৰ দৈৰ্ঘ্য 60 ফুট,উত্তৰ দিশৰ দৈৰ্ঘ্য 20 ফুট.পশ্চিম দিশৰ দৈৰ্ঘ্য 50 ফুট আৰু দক্ষিণ দিশৰ দৈৰ্ঘ্য 40 ফুট। মাটি কিমান আছে আমি উলিয়াব পাৰো এনেকৈ- পূব আৰু পশ্চিমৰ দৈৰ্ঘ্যৰ গড়=(60+50)÷2=55 ফুট তেনেকৈ উত্তৰ আৰু দক্ষিণৰ দৈৰ্ঘ্যৰ গড়=30 ফুট এতিয়া, মাটিখিনিৰ কালি=55×30=1650 বৰ্গফুট আমি যদি লেচালৈ নিব লাগে 144 ৰে হৰণ কৰি দিলেই হ'ল। গতিকে মুঠ মাটি হব=1650÷144= 11.45 লেচা গতিকে মুঠ মাটি হ'ল= 11 লেচা 65 বৰ্গফুট(যিহেতু .45×144=65).

চৰকাৰী পদ্ধতি বা মেট্ৰিক পদ্ধতি- এইটো চৰকাৰীভাৱে এতিয়া প্ৰচলন গৈ থকা পদ্ধতি। এই পদ্ধতিমতে- ১০০ বৰ্গ মিটাৰ = ১ আৰ্=100 চেন্টিআৰ্

উদাহৰণ হিচাপে যদি আমি এক পুৰা মাটিক চৰকাৰী হিচাপত নিব লাগে, তেতিয়াহ'লে-

প্ৰথমতে 1 পুৰাক বৰ্গফুটলৈ নিব লাগিব ৷ তাৰ পিছত সিমান বৰ্গফুটক বৰ্গ মিটাৰত কিমান হ’ব হিচাপ কৰিব লাগিব ৷

এই পদ্ধতিতঃ এক লেচা মাটি = ০.১৩৪ আৰ্ দহ লেচা = ১.৩৪ আৰ্ পোন্ধৰ লেচা = ২.০১ আৰ্ এক কঠা = ২.৬৮ আৰ্ এক বিঘা = ১০.৭২ আৰ্ ইত্যাদি।। (ভুল হলে শুধৰাই দিয়ে যেন)

ড° শিশিৰ কুমাৰ ৰাজবংশী ফোন নংঃ 9707721185 Dr. Sisir Kumar Rajbongshi (talk) 01:49, 28 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.