সদস্য বাৰ্তা:Khirod Moni Mohan

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

কামৰূপ ৰ ৰজা ভগদত্ত[সম্পাদনা কৰক]

নৰকাসুৰ ৰ পুত্ৰৰ নাম ভগদত্ত ।ভগদত্তৰ জীয়েক ভানুমতীক কৌৰৱৰাজ দুৰ্যোধনলৈ বিয়া দিছিল। সেয়ে তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত জোঁৱায়েক দুৰ্যোধনৰ পক্ষ লৈ যুদ্ধ কৰিছিল।তেওঁ চীন আৰু কিৰাত সৈন্য সহ লগত বহুত হাতী লৈ যুদ্ধত যোগ দিছিল। সেই সময়ত তেওঁ বুঢ়া আছিল। তেওঁৰ চকুৰ ভ্ৰূ উলমি পৰাত পাটৰ কাপোৰৰ সৰু পটিৰে সেই ভ্ৰূ বান্ধি লৈ তেওঁ হাতীৰ ওপৰৰ পৰা ৰণ কৰিছিল।কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত তেওঁ পাণ্ডৱৰ অৰ্জুনৰ লগত যুদ্ধ কৰিছিল। ভগদত্তই অৰ্জুনক বধ কৰিবলৈ প্ৰতিৰোধ কৰিব নোৱাৰা অস্ত্ৰ “বৈষ্ণৱবস্ত্ৰ” নিক্ষেপ কৰিছিল।কিন্তু কৃষ্ণই সময় মতে ইয়াক প্ৰতিৰোধ কৰি অৰ্জুনক মৃত্যুৰ পৰা বচায়। অৱশেষত শ্ৰী কৃষ্ণৰ কথা মতে, অৰ্জুনে কাঁড় মাৰি ভগদত্তৰ ভ্ৰূ পটি কাটি দিয়ে আৰু তেওঁৰ ভ্ৰূ ওলমি পৰি চকু ঢাকি ধৰাত তেওঁ দৃষ্টিহীন হয়। তেতিয়া অৰ্জুনে তেওঁক বধ কৰে।

ভগদত্ত যে সমকালীন ভাৰতৰ এক অন্যতম প্ৰসিদ্ধ আৰু প্ৰতাপী ৰজা আছিল সেই সম্পৰ্কত কোনো সন্দেহ নাই। মহাভাৰতত তেওঁক প্ৰদান কৰা গুৰুত্ব‌ই সমসাময়িক কালৰ ৰজাসকল ৰ মাজত তেওঁৰ মৰ্য্যাদা পূৰ্ণ স্থানেৰে প্ৰমাণ দাঙি ধৰিছে।


Khirod Moni Mohan (বাৰ্তা) 01:53, 27 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]