সদস্য বাৰ্তা:MHAPURUS SRI SRI DEV DAMODR SANGHA
নমস্কাৰ, MHAPURUS SRI SRI DEV DAMODR SANGHA
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
মহাপুৰুষ শ্ৰীশ্ৰীদেৱদামোদৰ দেৱ
[সম্পাদনা কৰক]মহাপুৰুষ শ্ৰীশ্ৰীদেৱদামোদৰ দেৱ উত্তৰ-পূৱ ভাৰতৰ এগৰাকী মহান বৈষ্ণৱাচাৰ্য। অসমৰ এটি প্ৰাচীন গৌতম গোত্ৰীয় ব্ৰাহ্মণ পৰিয়ালত ১৪৮৮ খ্ৰীষ্টাব্দৰ ফাগুন মাহৰ গোবিন্দ (শুক্লা) একাদশী তিথি বৃহস্পতিবাৰে বৰ্তমানৰ নগাওঁ জিলাৰ নলচা গ্ৰামত বিষ্ণু অংশ স্বৰূপ মহাপ্ৰভু শ্ৰীশ্ৰী দেৱদামোদৰ দেৱৰ জন্ম হয়। দেৱদামোদৰ দেৱৰ পিতৃ পণ্ডিত সদানন্দ দ্বিজ আৰু মাতৃৰ নাম আছিল সুশীলা দেৱী। পিতৃ সদানন্দ দ্বিজ এগৰাকী তীক্ষ্ণ মেধাসম্পন্ন, সংস্কৃত ভাষা সাহিত্য দৰ্শনাদিৰ সুপণ্ডিত আছিল। দেৱদামোদৰ দেৱৰ পিতৃপুৰুষ সকল আদিতে হাজোৰ ৰত্নেশ্বৰ গ্ৰামত বাস কৰি বৈষ্ণৱ মহাপীঠ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুৰোহিত কাৰ্যত নিয়োজিত আছিল যদিও দ্বিজ সদানন্দক আহোম ৰজাই বৈদিক শিক্ষা বিস্তাৰৰ অৰ্থে হাজোৰ পৰা সপৰিয়ালে নি নগাওঁৰ নলচা গ্ৰামত সংস্থাপিত কৰিছিল। সদানন্দ দ্বিজৰ তিনিপুত্ৰ ক্ৰমে সৰ্বেশ্বৰ, ৰত্নাকৰ আৰু দেৱদামোদৰৰ ভিতৰত দেৱদামোদৰ আছিল কনিষ্ঠ।
বৈদিক বৈষ্ণৱ গুৰুগৰাকীৰ পিতৃপ্ৰদত্ত নাম #দেৱদামোদৰ আছিল যদিও কালক্ৰমত তেখেত দামোদৰদেৱ নামেৰেহে জনসমাজত অধিক জনপ্ৰিয় হৈছিল। ৮ (আঠ)বছৰ বয়সলৈ ৰং-ধেমালি কৰি ফুৰা দামোদৰদেৱক পিতৃয়ে উপনয়ন কাৰ্য সম্পন্ন কৰি নিজ সংস্কৃত টোলতে প্ৰাথমিক শিক্ষা প্ৰদান কৰি উচ্চ শিক্ষাৰ্থে সেইসময়ত নগাওঁতে থকা বংগদেশৰ নৱদ্বীপৰ "কলাপ বল্লভ ভট্টচাৰ্য" নামৰ এগৰাকী অগাধ পাণ্ডিত্য সম্পন্ন ব্ৰাহ্মণৰ ওচৰত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। কিন্তু অসাধাৰণ স্মৃতি শক্তিৰ অধিকাৰী দামোদৰদেৱে ১৬বছৰ বয়সৰ ভিতৰতে গীতা-ভাগৱত আদিত "চাৰি বেদ-চৈধ্য শাস্ত্ৰ"ত পণ্ডিত হৈ উঠিছিল। শিক্ষা সমাপ্ত কৰি দেৱ দামোদৰদেৱে সতী নামৰ এগৰাকী গুণৱতী ব্ৰাহ্মণ কন্যাৰ লগত বিবাহ পাশত আবদ্ধ হৈ নতুন জীৱনৰ পাতনি মেলিছিল। কিন্তু হঠাৎ কিছু বছৰৰ ভিতৰতে পিতৃ সদানন্দৰ লগতে দুই ভাই, এগৰাকী ভতিজা আৰু মাতৃৰ বিয়োগ হোৱাত তেখেত ম্ৰিয়মান হৈ পৰিছিল। এনে বিপৰ্যয়ত দেহ-মন অশান্ত হৈ দামোদৰদেৱে অৱশিষ্ট পৰিয়ালক লৈ কুলদেৱতাৰ নগৰী হাজোৰ পূৰ্বপুৰুষৰ পুৰণি ভিঠা ৰত্নেশ্বৰ গ্ৰামলৈ উভতি আহে। ৰত্নেশ্বৰ গ্ৰামত সংস্থাপিত হৈ গুৰু দেৱদামোদৰে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত দৈনিক ভাগৱত পাঠৰ পাঠক হিচাপে নিয়োজিত হয়। এনেদৰে ভাগৱত পাঠ কৰি থাকোতে এদিন তীৰ্থ ভ্ৰমণলৈ অহা পশ্চিমৰ বৈষ্ণৱচাৰ্য নাৰদাচাৰ্য বা নাৰদ পুৰী নামৰ এগৰাকী সন্যাসীৰে সাক্ষাৎ হয় আৰু তেখেতৰ পৰা দীক্ষা মন্ত্ৰ গ্ৰহণ কৰে। দীক্ষাতত্ব লাভ কৰি দেৱদামোদৰে সম্পূৰ্ণ নিজস্ব জ্ঞান গৰিমাৰে মুক্তি মাৰ্গৰ সন্ধানৰ অৰ্থে বৈদিক আচাৰ-নীতিৰে এক ধাৰাৰ শুভাৰম্ভ কৰি প্ৰথমে নিজ পৰিয়ালৰ সদস্যসকলক উক্ত ধাৰাত দীক্ষিত কৰি লাহে লাহে হাজোৰ লগতে বিভিন্ন স্থানৰ জনতাক শৰণ-ভজন দি অসমত বৈদিক বৈষ্ণৱ জাগৰণৰ পাতনি মেলে। কিন্তু তদানিতন হাজোৰ ধৰ্মীয় আৰু ৰাজনৈতিক পৰিবেশত গুৰুৰ সনাতনী ধৰ্ম পন্থাৰ মুকলি বিকাশৰ আশা নেদেখি সেইসময়ৰ কামৰূপৰ বৌদ্ধিক বিকাশৰ কেন্দ্ৰস্থল বৰপেটালৈ সপৰিয়ালে নৌকাৰে যাত্ৰা আৰম্ভ কৰে। প্ৰথমে নন্দগ্ৰাম, তাৰ পৰা গয়াজানেৰে আগবাঢ়ি ধনুখুন্দা বিলৰে উজাই গৈ "ৰামৰায় ঘাট"ত নাও ৰাখে। দামোদৰদেৱে ধনুখন্দা বিলৰ পূৱ পাৰে বাউসী পৰগণাৰ অন্তৰ্গত ব্যাসপাৰা নামৰ ঠাইত থাকিবলৈ স্থিৰ কৰে। এই ব্যাসপাৰাতে গুৰুজনাই ১৪৬২ শকত বিশ্বৰ প্ৰথমখন পূৰ্ণাঙ্গ সত্ৰ "শ্ৰীশ্ৰীপাটবাউসী সত্ৰ"স্থাপন কৰে। সত্ৰ স্থাপনৰ পিচতে ব্যাসপাৰাৰ নাম সলনি হৈ বাউসীৰ পাট বা পাটবাউসী হয়। দেৱদামোদৰৰ গুণ-গৰিমা চৌদিশে বিয়পি পৰাত লাহে লাহে ভক্তি, মুক্তি আৰু জ্ঞান পিপাসু ভক্তৰ সোঁতে ঢৌৱাই তোলে পাটবাউসী। দেৱদামোদৰ ধৰ্মীয় আৰু সামাজিক দিশত বৰ উদাৰ আছিল। তেখেতে ভক্তি দুৱাৰ সৰ্বজনৰ বাবে মুক্ত কৰি দিছিল। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ আদি চৌত্ৰিশ জাতিক দামোদৰদেৱে বৈদিক ভক্তি পন্থাত শৰণ দিয়াইছিলে। গুৰুজনাই বৈদিক বৈষ্ণৱ পন্থাৰ জৰিয়তে বৰঅসমৰ মাজত সংযোগ আৰু সমন্বয় স্থাপনৰ অৰ্থে চাৰিগৰাকী ধৰ্মাচাৰ্যক চাৰিদিশত সংস্থাপিত কৰি সকলো স্তৰৰ জনসাধাৰণক সনাতনৰ জ্যোতিৰে জ্যোতিস্মান কৰাৰ প্ৰয়াস কৰিছিল আৰু সফল হৈছিল। শিক্ষাক সমাজৰ নিম্নস্তৰলৈ লৈ যোৱাৰ গুৰুজনাৰ যি হাবিয়াস সেয়া তেখেতৰ ভক্তি হীৰাৰ অধিকাৰী ভট্টদেৱক শ্ৰীমদ্ভাগৱত পুৰাণ কথাবন্ধে স্ত্ৰী-শূদ্ৰ আদিয়ে সহজে বুজিব পৰাকৈ মাতৃভাষাত অনুবাদ কৰিবলৈ নিৰ্দেশ দিয়া কাৰ্যই প্ৰমান কৰে। তেখেতক আমি এগৰাকী সমাজ বিজ্ঞানী হিচাপেও অভিহিত কৰিব পাৰোহক। ৰাজ আজ্ঞাত কামৰূপ ত্যাগ কৰি কোচবেহাৰ গমন কৰা গুৰু দোদামোদৰে কোচবেহাৰৰ সত্ৰত এটি বিশাল পুথিভঁৰাল তৈয়াৰ কৰিছিল। বৰ্তমানলৈ গুৰুজনাৰ দ্বাৰা ৰচিত ভালেকেইটা সংগীত উদ্ধাৰ হোৱাৰ লগতে তেখেতে লিখা "গীতাৰ দামোদৰীয় টীকা", বানীভূষন" , "কীৰ্তন গ্ৰন্থ" আৰু "দণ্ডীপৰ্ব" নামৰ চাৰিখন গ্ৰন্থৰ সম্ভেদ পোৱা গৈছে। মহাপুৰুষ দামোদৰ দেৱ আছিল পৰম গহন পণ্ডিত। তেখেতে ইচ্ছা কৰাহেঁতেন সংখ্যাধিক গীত পদ কাব্য-বাচিক ৰচনা কৰিব পাৰিলেহেঁতেন, কিন্তু তেখেতে নিজে এইবোৰ ৰচনা কৰাত হয়টো গুৰুত্ব দিয়া নাছিল কাৰণ তেখেতৰ জীৱন আৰু কৰ্মই তেখেতৰ গ্ৰন্থ, কাব্য-গীত। প্ৰকৃতাৰ্থত গুৰুৰ আদৰ্শ, ধৰ্ম, দৰ্শন, তত্বালোচনা আদিক বাঙ্ময় ৰূপ দিয়ে তেখেতৰ শিষ্যসকলেহে। স্বৰ্গদেউ চুকাফাৰ বৰঅসমৰ সমন্বয়ৰ প্ৰকৃত প্ৰাণ সঞ্চাৰকাৰী এইগৰাকী মহান বৈদিক বৈষ্ণৱ গুৰুৰ ১৫৯৮ খ্ৰীষ্টাব্দৰ বহাগ মাহৰ শুক্লা প্ৰতিপদ তিথিত কোচবেহাৰৰ বৈকুণ্ঠপুৰ সত্ৰত মহাজীৱনৰ নাট সামৰি বৈকুণ্ঠ গমন হয়।
(হৰ্ষবৰ্দ্ধন কাশ্যপ) MHAPURUS SRI SRI DEV DAMODR SANGHA (বাৰ্তা) 07:04, 22 February 2021 (ইউ.টি.চি.)