সদস্য বাৰ্তা:Moushum hazarika

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

AdoroniBot (বাৰ্তা) 08:54, 28 February 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কৃষক মুক্তি সংগ্ৰাম সমিতি(KMSS)[সম্পাদনা কৰক]

তেজপুৰৰ ত্যাগবীৰ হেম বৰুৱা ভৱনত ২০০৫ চনৰ ২০ জুলাইত গঠন হয় "কৃষক মুক্তি সংগ্ৰাম সমিতি"।সংগঠনটোৰ প্ৰথম সভাপতি "মোলান লস্কৰ" আৰু সম্পাদক আছিল "অখিল গগৈ"। সাধাৰণ মানুহবোৰৰ সমস্যা আৰু অসমৰ জলন্ত সমস্যাৰ ক্ষেত্ৰত মাত মাতি সংগঠনটোৱে জনপ্ৰিয়তা অৰ্জন কৰিছিল । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মূল লক্ষ্য আছিল অসমৰ ভূমিত থলুৱা মানুহৰ অধিকাৰ প্ৰতিষ্ঠা, সম্পদৰ ওপৰত অসমীয়াৰ অধিকাৰ সাব্যস্ত আৰু দুৰ্নীতি নিৰ্মূল । সংগঠনটোৰ বিভিন্ন সংগ্ৰামৰ ভিতৰত বৃহৎ নদীবান্ধৰ বিৰোধিতা আৰু থলুৱাক ভূমি পট্টা প্ৰদানৰ ওপৰত কৰা আন্দোলন উল্লেখযোগ্য। ২০১৫ চনৰ ১৪ অক্টোবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হয় এখন অৰ্কিড উদ্যান । জৈৱ বৈচিত্ৰ্য সংৰক্ষণ তথা সংবৰ্ধনৰ বাবে মুকলি কৰা এইখনেই অসমৰ প্ৰথমখন অৰ্কিড উদ্যান ।।। Moushum hazarika (বাৰ্তা) 15:39, 10 March 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]